ফটাঢোল

আপদীযা পদ্য – সোমকান্ত শইকীয়া

 

১) নীলা চকুৰ ৰহস্য

” তোমাৰ দুচকুত দুচামোচ সাগৰৰ নীলা”
“ছিঃ ছিঃ দেখিলি সপোন মিছাই কল্পনা”
এয়া যে এক নিৰ্মম প্ৰতাড়ণা ;
নহয় সাগৰৰ নীলা —
কাপোৰত দিওঁতে চিটিকি আহি পৰা
মাথোন দুচামোচ উজালা —উজালা ॥

২) “ৰঙা – চকুৰ অনুভৱ”

মোৰ হেনো ৰঙা চকুক সমীহ কৰে কোনোবাই —
ভাবিলেই কথাটো হিয়া মন শাঁত পৰি যায় ।
মোৰ কিন্তু চকু দুটা নিস্তেজ – নিৰ্বাক
সেই বাবেই আজিও মই হওঁ অবাক
এনেকুৱা দিবা স্বপ্ন জানো সঁচাই ফলিয়ায় ?

৩) “ফটা -ঢোলৰ আৱাজ”
নামটোৱেই যেতিয়া ফটা – ঢোল
কেনেকৈ উঠিব সুৰীয়া বোল ;
ঢুলীয়াও সাজু নাচনীও সাজু
ইজনতকৈ সিজন কাজু
মাজতে মাথোঁ মেধীয়ে লগায় গণ্ডগোল ॥

৪)” মায়ঙৰ যাদু”

যদু গ’ল মধু আহিল তাৰ পাছত আহিল সাধু
নদাই -ভদাই একেই থাকিল খাই কঠালৰ বাদু ;
দেশ ডাঙৰ নে ভেশ ডাঙৰ
এইবোৰ কথা ধোঁৱা চাঙৰ
আসাম দেশৰ কোনে কি কৰিব , আছে মায়ঙৰ যাদু॥

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *