দুটি ৰসপূৰ্ণ কাহিনী – চিত্তৰঞ্জন বৰুৱা
১)
বেছি দিন হোৱা নাই, এমাহমানৰ আগৰ কথা৷ বজাৰলৈ যাবলৈ ওলাই বাইকখন ষ্টাৰ্ট দিছোঁহে, তেনেতে কামকৰা বাইজনীয়ে চিঞৰি কিবা এটা ক’লে৷ ভালকৈ নুশুনিলো যদিও অনুমানতে বুজিলো যে বজাৰৰ দীঘল লিষ্টখনত আৰু এবিধ বস্তু যোগ হ’ল৷ যিকণ শুনিছিলো সেয়া অনুমান কৰিছিলো এটা ’চিট্ৰল’ (Citrol) লাগে৷ মনতে ভাবিলো, দানী তিৰোতা, ওচৰঘৰীয়া কাৰোবাৰ দৰকাৰ হ’ল চাগে৷ মোৰ ঘৰততো ’চিট্ৰল’ খাব লগাকৈ কাৰো বৰ্তমান অসুখ-অশান্তি নাই৷ যি কি নহওক বজাৰৰ লিষ্টত যোগ দিলো সেইপদো৷
বজাৰৰপৰা আহি প্ৰফুল্ল বদনে শ্ৰীমতীৰ হাতত মোনাসহ বস্তুখিনি গতাই দিলো। এনে দেখুৱালো যেন মুক্তহস্তে বজাৰৰ সামগ্ৰীবোৰ বিনা দ্বিধাই লৈ আহিছোঁ৷ যদিও ভিতৰি অৱস্থা তথৈবচ আছিল, কাৰণ অন্য একো নহয়, অলপ আগলৈকে পূৰ হৈ থকা পকেটটো খালি কৰি তন মন একেবাৰে শুকাই আহিছে! উপায় নাই, সাপ্তাহিক বজাৰ৷ তাতে পত্নীৰ মন ফৰকাল মানেই পৰিৱেশ ফৰকাল৷
তাৰ ঠিক এমাহমানৰ পাছত এদিন সন্ধ্যা সময়ত মই মোবাইলটো লৈ বিছনাত পৰি আছিলো। তেনেতে শ্ৰীমতীয়ে আহি কিবা এটা পেনপেনাই আছিল, মই বৰ গুৰুত্ব দিয়া নাছিলো। কাৰণ, মই অকণমান আৰাম কৰা দেখিলেই মানুহজনীয়ে আহি সদায় কিবা নহয় কিবা এটা বাহানা লগাই কামৰ সহায় বিচাৰে৷ (সেইটো তেওঁৰ যৌতুকত অহা গুণ)
মই অন্যমনস্ক হৈয়ে ক’লো,
: কি কোৱা সোনকালে কোৱা। লেনিয়াই নাথাকিবা। (কথা কওঁতে লেনিয়াই কোৱাটো এওঁৰ আধুনিক স্বভাৱ) মই ফেচবুকত দিবলৈ কিবা এটা লিখি আছোঁ৷
শ্ৰীমতীয়ে আন দিনাতকৈ অলপ কম লেনিয়াই ক’লে,
: হেৰা আমাৰ কাম কৰা বাইজনীয়ে আজিকালি কামবোৰ ভালকৈ নকৰা হৈছে, বুজিছা? মই যোৱা মাহত তোমাক আনিবলৈ কোৱা সেই বস্তু, মানে ঔষধটোৰে মজিয়াবোৰ ভালকৈ মচিবলৈ কওঁ, তাই কি মচে জানো, ঔষধটোৰ গোন্ধেই বেলেগ হৈ যায়৷ তাইক মই ইমান কওঁ যে পানী কমাই ঔষধটো জোখমতে ল’বি, তাই নুশুনে৷ তাইৰ মতেহে তাই কামবোৰ কৰে৷ তাইক আৰু বেছিদিন ৰাখিব নোৱাৰি বুজিছা, হেৰা শুনিছানে?
মই মূৰ দুপিয়াই সন্মতি জনালো৷ মনতে ভাবিলো, ’কাম কৰা মানুহ পাবলৈ কিমান টান, তোমাৰ দৰে ঠেঙৰ ওপৰত ঠেং তুলি খোৱা তিৰোতাই কি বুজিবা?’
: হেৰা সেইটো ডেট্ পাৰ হোৱা ঔষধ আনিলা নেকি বাৰু তুমি? গোন্ধটো কিন্তু কিবা বেলেগ ধৰণৰহে৷ হেৰা, মই কি কৈ আছো শুনিছানে নাই?
: শুনি আছোঁ। নুশুনিলে জানো তুমি সুদাই এৰিবা? পিছে কিহৰ ঔষধৰ কথা কৈ আছা মই সেইটোহে বুজা নাই৷
: যোৱা মাহত যে কাম কৰা বাইজনীয়ে তোমাক বজাৰৰপৰা আনিবলৈ কৈছিলে, সেইটো৷ নামটো ক’বলৈ বেয়া লাগে অ’। তোমাৰ নামৰ লগত একে যে৷
এইবাৰ মই বিছনাত উঠি বহিলো৷ আচৰিত হ’লো, কি বা মোৰ লগত মিলা নামৰ বস্তু!
: হেৰা কোৱাচোন কোৱা, মোৰ লগত একে নামৰ কিনো বস্তু আছিল সেইটো? মই পাৰ্মিচন দিছোঁ, কোৱা৷
: নকওঁ পাই, বেয়া লাগে৷
: হেৰা মোক সৰৱজানৰ পুতেক পাইছা? নক’লে মই কেনেকৈ জানিম?
: মই নকওঁ, নিজৰ মানুহটোৰ নাম, মানুহটোৰ মুখৰ আগতে কাঢ়িব পায় নেকি কিবা? তুমি মনত পেলোৱাচোন বাৰু, কামকৰা বাইজনীয়ে যে….
: হেৰা কাম কৰা বাইজনীয়ে এদিন মোক চিট্ৰল এটাহে আনিবলৈ কৈছিল।
: কি? অ’ মই ক’তে মৰো!
: ৰ’বাচোন, মৰিব নালাগে এতিয়াই৷
: নহয় ৰ’বা, তাৰমানে মই ইমান দিনে ঘৰ মোচাই থকা ঔষধটো সেইটোহে আছিল? হে প্ৰভু! তুমিও যে কাম কিছুমান কৰা নহয়! কোনো এটা কাম খেলি মেলি নোহোৱাকৈ কৰিব নোৱাৰা৷ বজাৰৰ পৰা আনিবলৈ কওঁ এটা, আনে এটা৷ তুমি সদায়ে তেনেকুৱা কৰা।
শেষ, এইবাৰ মোৰ মৰাৰ পাল৷ এতিয়া চিত্ৰ ক’ত মৰ মৰ৷ এতিয়া মইহে দোষ কৰিলো৷ আৰু মাইকী মানুহৰ এই স্বভাৱটো বিধাতাই জন্মতে দি পঠিয়াই হ’বলা। মতাবোৰে দোষ নকৰাকৈয়ে নিজকে দোষী সাজি বহি থাকিব লাগে! মোৰ খং উঠিছিল যদিও পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰ আশংকা কৰি ধৈৰ্য ধৰি ক’লো,
: হেৰা, মই বাৰু আনিলোৱেই; তুমিতো নামটো পঢ়ি চাব পাৰা৷ আৰু আজি এমাহে বাইয়ে সেইটোৰেই ঘৰ মচি আছে, গোন্ধটোও বেলেগ অথচ তোমাৰ বস্তুটোৰ ওপৰত এবাৰো সন্দেহ নহ’ল; কিন্তু মই ফেচবুকত অচিনাকি ছোৱালী এজনীৰ ফটোখনত লাইক এটা মাৰিলেও তোমাৰ সন্দেহ হয়? এতিয়া দোষ মোৰহে হ’ল, হয়নে?
: ৰ’বাচোন, সেই বাজে কথাবোৰ নক’বা৷
: নকওঁ বাৰু৷ এতিয়া তুমি কোৱা বস্তুটোৰ নামটো কি আছিল?
: মই আনিবলৈ কোৱা বস্তুটোৰ শেষৰ দুটা আখৰ ’নলা’ হে আছিল৷ তোমাৰ নামটোৰ লগত নলা যোগ দিলে যিটো হ’ব সেইটোহে৷
: কি? তাৰমানে তুমি ’চিত্ৰনলা’ আনিবলৈ কৈছিলা? আৰু চিত্ৰনলা বুলিয়েই এই এমাহে মজিয়াখন চিট্ৰলেৰে মচাই আছা? ধিক্ মোৰ অৰ্দ্ধাংগিনী, ধিক্!
দেখিলে বান্ধৈসৱ, মোৰ সংসাৰৰ জ্বালা!
এইবোৰ কাহিনী নিজৰ হ’লে লীলা,
আনৰ হ’লে ধৰি বান্ধি কিলা!
(মোৰ নাম চিত্ত যদিও সকলোৱে চিত্ৰ বুলিয়ে মাতে)
2)
শৈশৱৰ ৰঙা বেলি
মই তেতিয়া সৰু আছিলো। এল.পি. স্কুলৰ শেষৰ শ্ৰেণীৰ ছাত্ৰ৷ আমাৰ ঘৰৰ কাষৰে মণ্ডলৰ পুতেকৰ এখন বৰ ধুনীয়া চাইকেল আছিল৷ মণ্ডলৰ পুতেকে চাইকেলখন মোক চুবলৈকে নিদিছিল৷ মই আমাৰ চোতালৰপৰাই সি চাইকেল চলোৱা একান্ত মনে চাই থাকো৷ চাই চাই ভাবো, মোৰো যদি তেনেকুৱা এখন ধুনীয়া চাইকেল থাকিলহেঁতেন!
আমাৰ ককাই এবাৰ কুঁহিয়াৰ খেতি কৰিছিল৷ লহপহকৈ বাঢ়ি অহা কুঁহিয়াৰডৰা সেইবেলি বৰ ভাল হৈছিল৷ ককাই কোৱা মোৰ আজিও মনত পৰে, “এইবাৰ কুঁহিয়াৰ খেতিত বহুত টকা পাম অ’ ল’ৰা। তোক এইবাৰ চাইকেল এখন কিনি দিম দে৷”
মোক আৰু কোনে পায়! মই সেইদিনাৰপৰা ককাৰ লগেই নেৰা হ’লো৷
ঘৰৰ পিছফালেই কুহিয়াৰ পেৰাৰ শাল বহুৱালে৷ মই সদায় ককাৰ লগে লগেই থাকো৷ কুঁহিয়াৰবোৰ মানুহ লগাই কটাই দ’ম কৰি থৈ দিছে৷ কুঁহিয়াৰৰ বৃহৎ দ’মটো চাই চাই মই এখন ধুনীয়া চাইকেলৰ সপোন ৰচো৷
লাহে লাহে আমাৰ কুঁহিয়াৰ খেতি ভাল হোৱাৰ কথাটো গোটেই গাঁৱতে বিয়পি পৰিল৷ গাঁৱৰ মানুহবোৰে দেখি নোপোৱা মানুহৰ দৰে সদায় সদলবলে কুঁহিয়াৰ খাবলৈ আহে৷ ককাই কাকো বিমুখ নকৰে৷ দিওঁতে দিওঁতে কুহিয়াৰৰ দ’মটোৰ আধামান খহিল৷ বাকী থকাখিনি পেৰিবলৈ আৰম্ভ কৰাৰ দিনৰেপৰা গাৱঁৰ মানুহবোৰে আকৌ কুঁহিয়াৰৰ ৰহ খাবলৈ অহা হ’ল৷ প্ৰথমে দুই চাৰিজনমান আহিছিল৷ তাৰ পিছৰপৰা সংখ্যাত বাঢ়িল৷ মুঠতে ৰাতিপুৱা কুঁহিয়াৰ পেৰিবলৈ নাপায়েই, মানুহ আহি হাজিৰ হৈ যায়হি৷ ক’লো নহয়, ককাই কাকো বিমুখ নকৰে৷ যাক যিমান পাৰে দিয়ে, সিহঁতেও খাইলৈ পেট মোহাৰি মোহাৰি আঁতৰি যায়গৈ৷ কুঁহিয়াৰৰ যিখিনি অৱশিষ্ট ৰৈছিলগৈ, সেইখিনি পেৰি গুৰ কৰিলেও যথেষ্ট গুৰ পোৱাৰ আশা আছিল৷ সেয়ে মই ককাৰ লগ এৰাই নাছিলো।
সেইদিনাও আন দিনাৰ দৰে কাউৰী পুৱাতে ককাৰ লগত মই কুহিয়াৰ শাললৈ গ’লো৷ ঘৰৰপৰা ওলায়েই মই ককাক সুধিলো, “ককা, তুমি মানুহবোৰক সদায় সদায় কিয় কুঁহিয়াৰৰ ৰহবোৰ দি দিয়া?”
তেতিয়া ককাই কৈছিল, “বোপাই অ’, মানুহে খাই ঢুকুৱাব নোৱাৰে নহয়। কিমাননো খাব? আজি আৰু আহিবলগীয়া মানুহ নাই দে৷ গাঁৱৰ সকলোৱেই আহি কম বেছি পৰিমাণে ‘ৰহ’ খালেহি৷ আৰু নাহে বোপাই, তই চিন্তা নকৰিবি৷ এতিয়াও যিখিনি কুঁহিয়াৰ আছে, সেইখিনিৰে তোৰ চাইকেল এখন কিনিব পাৰিম অ’৷ মুঠতে তই চাইকেল পাবি দে৷”
ককাৰ কথা শুনি মনে মনে ককাৰ দুভৰি ধিয়াই মই সেৱা এভাগ জনাইছিলো। ককাৰ মহানুভৱতা দেখি মোৰ মূৰটো আপোনা আপুনি দোঁ খাই গৈছিল৷
পিছে কুঁহিয়াৰ শাল পায়েই আমাৰ চকু কপালত উঠিল! কুঁহিয়াৰ শালৰ ওচৰত মানুহৰ লানি দেখি মই উচপ্ খাই উঠিলো৷ গাঁৱৰ সৰহ সংখ্যক মানুহেই হাতে হাতে জাৰ, মগ, চৰিয়া, বাল্টি লৈ কুঁহিয়াৰ শালত লাইন পাতি ৰৈ আছে৷ যেন সিহঁতে চিনেমা হলত টিকেট কাটিবলৈহে শাৰী পাতি আছে! হাতত বাল্টি, চৰিয়াবোৰ দেখি মই মানুহবোৰৰ মতলব বুজি পাই গ’লো৷ সিহঁতে শালত ৰহ ওলালেই ধৰি ধৰি খাব আৰু ঘৰৰ আহিব নোৱাৰা প্ৰাণীকেইটালৈ লৈয়ো যাব!
আমাক দেখিয়েই সিহঁতে ঠেলা হেঁচা লগালে৷ সকলোকে আগত হ’বলৈ লাগে৷
মোৰ শৈশৱৰ কালচোৱাত সেইদিনাই ককাই প্ৰথমবাৰৰ বাবে মোৰ চকুলৈ বৰ কৰুণভাৱে চোৱা মোৰ মনত আছে৷ ককাই হয়তো বুজি পাই গৈছিল, মোক চাইকেল দিয়াটো আৰু এইবেলি সম্ভৱ নহ’ব! তথাপি কেতিয়াও কাকো নিৰাশ কৰি নোপোৱা ককাই এটা সময়ত সকলোকে কুঁহিয়াৰৰ ৰসবোৰ মগ এটাৰে বিলাই দিছিল৷ সকলোৱে ঘৰতে সাজু কৰি লগত লৈ অহা আদা, নেমু, নিমখ আদি মিহলাই ৰহবোৰ গো-গ্ৰাসে পান কৰিছিল৷ পিছলৈ মানুহৰ সংখ্যা আৰু বাঢ়িছিল!
ক্ৰমাৎ কমি কমি আহি থকা কুঁহিয়াৰ কেইদাললৈ চাই চাই মই মোৰ কণমানি বুকু খনত অজানিতে এটা মৃদু বিষ অনুভৱ কৰিছিলো!
এটা সময়ত ককাক মাত নিদিয়াকৈয়ে মই সেমেকা চকুৰে এখোজ দুখোজ কৈ ঘৰলৈ উভতিছিলো!
☆★☆★☆