ফটাঢোল

লিমাৰিক – ৰাজীৱ শৰ্ম্মা

(১)
সাদিনীয়া বিহু আমি মাহ জুৰি পাতো
হিন্দী গীত গায়কৰ কাণ ফাটো ফাটো
সম্পাদক হোৱা কিযে মস্তি
টকা খাই শোওঁ মাৰি ফস্তি
বাৰমাহ চলিবলৈ দুমাহতে ঘটো

(২)
বিয়া পাতি গম পালো তিৰোতাৰ মন
আঙুলিৰ ঠাঁৰত নাচিলেহে ধইন্
হাতীৰ ভোজন
তিৰোতাৰ মন
হাৰিবা ভৰাব খুজি পেট আৰু মন

(৩)
বৰুৱাৰ পত্নী থাকে সাজি ৰাজৰাণী
মুখৰ কথা যেন তাইৰ দৈৱবাণী
বৰুৱাৰ আহৰি নাই
খোৱা পিন্ধা যতনাই
লেবেজান বৰুৱাৰ সুখ হ’ল পানী

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *