ফটাঢোল

সপ্তাহৰ বাৰ – হিমাংশু ৰাজখোৱা

দেওবাৰ।
দেওবাৰ মানে গাহৰি,
বেলেগ ভাবিবলৈ নাই আহৰি!
কেনেবাকৈ যদি বহিলো তিনিটা,
আজি আৰু নাহে বেলেগ একো চিন্তা!

সোমবাৰ।
সোমবাৰ সদায় গহীন,
কামলৈ ওলাই যায় নবীন প্ৰবীণ!
কামৰ চিন্তাই মাথা খায় খুলি,
ভাগৰত জিভা ওলাই সদায় গধূলি!

মংগল বাৰ।
মংগলবাৰ বৰ সাধাৰণ,
বিশেষ হোৱাৰ একো নাই কাৰণ!
দেখাক দেখি কোনোৱে ৰাখে উপবাস,
দগৰা খানা পালে সিয়ো হয় বিনাশ!

বুধবাৰ।
বুধৰ অকণ level আছে,
সপ্তাহৰ মাজত আছে!
শনিবাৰ ওচৰ চাপে,
পাই যাম একে জাপে!!

বৃহস্পতি।
অন্য নাম গুৰুবাৰ,
আমাৰ বাবে একাকাৰ!
খেনোৱে নকটাই দাঢ়ি চুলি,
আমি কওঁ মাৰ গুলী!!

শুক্ৰবাৰ।
শুকুৰৰ বেয়া চ্চাল,
চিনেমা ওলায় ভাল ভাল!
শ্ৰীমতীয়ে কয় বলা যাওঁ,
ৰবাহে Salary পাওঁ!!

শনিবাৰ।
হেপাঁহৰ শনিবাৰ,
সকলো একাকাৰ!
কত আছিলি অ ইমান দিন?
মনত বাজে তাক ধিনা ধিন!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *