ফটাঢোল

হাঁহি – পৰীস্মিতা দাস

ধুনীয়া এখনি মুখ
যদিহে নাথাকে হাঁহি
ওফোন্দাই বহি থাকিবা
কোনেও নাচায় আহি ৷
হাঁহি থাকা ঘটি যাব
অতি চমৎকাৰ
দুখ বেদনা নহৈ হ’ব
আনন্দ অপাৰ ৷
হাঁহিৰ আছে অনেক প্ৰকাৰ
নহয় নিৰাকাৰ
দুটি ওঁঠত দুটি চকুত
অৱস্থিতি তাৰ ৷
অট্টহাস্য, কৃত্ৰিম হাস্য,
মৃদু মধু হাস্য,
কুটিল হাস্য, ব্যংগ হাস্য,
প্ৰাণখোলা হাস্য ৷
খিলখিলাই মিলমিলাই
মিচিকিয়াই হাঁহা
হোঁহোৱাই খুকখুকাই
হাঁহা মাথোঁ হাঁহা ।
থিয়ৈ থিয়ৈ বহি বহি
বাগৰি বাগৰি হাঁহা
চকুপানী ওলাই যোৱাকৈ
হাঁহা মাথোঁ হাঁহা ৷
পেট যদি বিষাই গৈছে
পেটত ধৰি হাঁহা
মুখ যদি বিষাই গৈছে
মুখ টিপি হাঁহা ৷
হাঁহিয়েই অলংকাৰ
ওঁঠত পিন্ধি লোৱা
জীৱন কিযে সুন্দৰ হ’ব
এবাৰ হাঁহি চোৱা৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *