ফটাঢোল

কম্প’জিচন – কংকন বৰা

আমাৰ গাঁৱৰ এজন বৰ একাচেকা, অন্য সাধাৰণ মানুহতকৈ কিছু পৃথক ব্যক্তিৰ কথা ক’বলৈ লৈছোঁ৷ গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠ ব্যক্তি কাৰণে তেখেতক সকলোৱে বৰদেউতা বুলিয়েই সম্বোধন কৰে৷ এদিন বৰদেউতা ফাৰ্মাচী এখনলৈ গৈ তাত থকা ফাৰ্মাচিষ্টজনক সুধিলে, ‘’তোমাক কথা এটা সোধো বেয়া পাবা নেকি?”

ফাৰ্মাচিষ্ট : কি কথা বৰদেউতা? বেয়া নাপাওঁ, সোধক৷

বৰদেউতা : তুমি বিয়া বাৰু কৰালানে?

ফাৰ্মাচিষ্ট : নাই, এতিয়ালৈকে কৰা হোৱা নাই, ছোৱালী চাই চিতি থকাহে হৈছে৷

বৰদেউতা : অঁ। বাৰু হেৰি নহয়, ধৰি লোৱা তুমি ছোৱালী এজনী চাই চিতি পছন্দ কৰি বিয়া বাৰু সকলো ঠিক ঠাক কৰি থৈ আহিলা আৰু তুমি নিৰ্দিষ্ট দিন মতে বিয়া কৰাবলৈ বুলি সেই ছোৱালীৰ ঘৰত গৈ উপস্থিত হ’লা৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু তুমি তাত গৈ গম পালা যে তুমি পছন্দ কৰি অহা ছোৱালীজনীৰ সলনি বেলেগ এজনী ছোৱালীহে তোমাৰ লগত বিয়া হ’বলৈ কইনা সাজি আছে৷ তেতিয়া তুমি বিয়া কৰাবা নে?

ফাৰ্মাচিষ্ট : কি কয় বৰদেউতা! সেইটো কেনেকৈ সম্ভৱ?

বৰদেউতা : কিয়? অসম্ভৱ বুলিবলৈনো কি আছে? তুমি পছন্দ কৰাজনীও ছোৱালী আৰু আনজনীও ছোৱালী৷ দুয়োজনীৰে দেহৰ গঠনকে আদি কৰি সকলো একেই৷ ইজনীয়ে যি কৰিব, সিজনীয়েও একেই কামেই কৰিব৷ তোমালোকৰ ভাষাত ক’বলৈ গ’লে কম্প’জিচন (COMPOSITION) একেই৷ তেনেহ’লে তুমি কিয় বিয়া নকৰাবা?

ফাৰ্মাচিষ্ট : তথাপিও, সকলো একে হ’লেও তাতো কিছু পাৰ্থক্য থাকে দিয়কচোন বৰদেউতা৷

বৰদেউতা : অ’, হয় নেকি? তুমি যদি দুটা একে বস্তুৰ মাজত পাৰ্থক্য থাকে বুলি জানাই, তেনেহ’লে মই ল’ৰাটোৰ আগত কৈ পঠিওৱা টেবলেটটোৰ সলনি ‘একে কাম কৰিব, কম্প’জিচন একেই’ বুলি এই বেলেগ টেবলেটটো দি পঠিয়াইছিলা কিয়?

বৰদেউতাৰ কথা শুনি ফাৰ্মাচিষ্টৰ মুখৰ মাত হৰিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *