ফটাঢোল

থোলোক আৰু জাপানী সাহিত্যিকৰ পত্ৰালাপ – জ্যোতিৰূপম দত্ত

জাপানৰ প্ৰখ্যাত সাহিত্যিক হাৰুকি মুৰাকামি আৰু আমাৰ থোলোকৰ মাজত হেনো প্ৰায়েই চিঠি-পত্ৰৰ মাজেৰে মধুৰ ভাৱৰ আদান প্ৰদান চলি থাকে৷ মই প্ৰথমে কথাটো মুঠেও বিশ্বাস কৰা নাছিলো৷ পিছে সিদিনা একেবাৰে চকুৰ সমুখতে প্ৰমাণ পালো৷ কথাটো হয়, সঁচা৷

পিছে ডাঙৰ কথাটো হ’ল যে মুৰাকামিয়ে অসমীয়া, হিন্দী, ইংৰাজী নাজানে, কেৱল জাপানী ভাষাহে জানে আৰু থোলোকে হেনো নজনাৰ ভিতৰত কেৱল জাপানী ভাষাটোহে নাজানে! তথাপিও দুয়োৰে মাজত চিঠিপত্ৰৰ আদান প্ৰদান? কেনেকৈ বাৰু?

উৰহীৰ ওৰ বিচাৰি গৈ থোলোকৰ ঘৰ পালো৷ সুধিলো ‘কিবা বোলে জাপানী সাহিত্যিকৰ সৈতে চিঠিৰ কাৰবাৰো চলাই আছা? কথাটো হয়নে?’

থোলোকৰ মুখত ছমাহলৈ ঘৰৰ পানীপতাত গেৰাই থোৱা বুঢ়া তামোল এফাল আৰু এলেপা চূণেৰে সৈতে এখিলা প্ৰকাণ্ড পকা পাণৰ ‘মিক্সাৰ’! আধাচোবোৱা তামোলৰ লদাটো মুখৰ ভিতৰতে জিভাখনেৰে ইফালৰ পৰা সিফাললৈ ঠেলি সালৌপ সালৌপকৈ চোবাই থাকিয়েই মোক হাতেৰে ইংগিত দিলে যে এইখিনি সময় বৰ মূল্যবান, যদিহে ‘মিক্সাৰ’টো ভালকৈ পাগত নুঠে তেনেহলে পৃথিৱী শেষ হৈ যাব!

ময়ো সেই দৃশ্যটো দেখি অলপ পৰ ৰোৱাটোৱেই ভাল হ’ব বুলি ভাবি চোতালতে অলপ একাষৰীয়াকৈ ৰৈ থাকিলো৷ থোলোকে বীৰদৰ্পে সোঁহাতৰ তৰ্জনী আঙুলীত লাগি থকা চূণখিনি কাষৰ বেৰখনতে মচিলে৷ ইতিমধ্যে বেৰখন চুণৰ প্ৰলেপেৰে ভৰি পৰি ‘ভিনচেণ্ট ভেন গঘ’ৰ ‘ষ্টাৰী নাইটছ’ৰ দৰে আন এক অনুপম সৃষ্টি হোৱাৰ পথত ভৰি দিছিল৷ তামোলৰ চোবাটো খৰখৰকৈ চোবাই যাওঁতে কাটাতাঁৰৰ ফাঁকেৰে বাংলাদেশী পাৰ হোৱাৰ নিচিনাকৈ থোলোকৰ আগদাঁত দুটাৰ ফাঁকেৰেও মাজে মাজে তামোলৰ টুকুৰা পুৰুক-পুৰুককৈ বাহিৰ ওলাই আহিছিল৷ থোলোকে এইবাৰ পিৰালিৰ পৰাই পিৰিককৈ এসোপা পিক কাষৰে ফুলজোপালৈ মাৰি পঠিয়ালে৷ এটাও কলি নধৰাকৈয়ে ফুলজোপা পিকেৰেই ফুলাম হৈ পৰিল! তাৰ পাছত মিহিকৈ কটা মুখত খোৱা ধপাঁত অকণমান হাতেৰে মোহাৰি লাড়ু কৰি দাঁতৰ ফাঁকেৰে সুমুৱাই দি আকৌ এবাৰ গোটেই মিশ্ৰণটো জিভাৰে মুখৰ এফালে ঠেলি মোক সুধিলে –

: কি? বিবাব বোবা বাই বেকি?!!

মই একো নুবুজিলো৷ এইবাৰ থোলোকে আগদাঁত দুটাৰ মাজেৰে চোতাললৈ আকৌ এবাৰ এসোপামান পিক মাৰি পঠিয়ালে৷ এইবাৰ মুখৰ ভিতৰত জেগা খালী হৈ যোৱাৰ পাছত আকৌ দোহাৰিলে –

: কি? বিশ্বাস হোৱা নাই নেকি?

মই ক’লো, ‘কথাটো ভালকৈ কোৱাচোন!’

: কৈ আছো, শুনক৷ মানে আমাৰ গোটৰ আলোচনীখনৰ বাবে পৃথিৱীৰ বহু লেখকে লেখা পঠিয়াবলৈ ইচ্ছা কৰিছে৷ মই পিছে সকলোকে প্ৰথমে না বুলিহে কৈ দিওঁ৷ তাৰ পাছত কওঁ যে লেখাৰ মান ভাল হ’লেহে আলোচনীত প্ৰকাশ হ’ব৷ নহলে নহয়৷ এনেয়ে বাৰেবিংকৰা এসোপা লিখি পঠিয়ালেই নহ’ব৷ এনেদৰেই মুৰাকামিৰ সৈতে চিনাকী হ’ল৷ তেওঁ আকৌ ফোন, ইমেইল, হোৱাটছএপ এইবোৰতকৈ চিঠিহে লিখে৷ ময়ো তেনেদৰেই চিঠিৰেই উত্তৰ দিওঁ৷

: মানে? তুমি …জাপানী ভাষা..

: ৰ’ব, দেখুৱাইছো৷

এইবুলি থোলোকে ঘৰৰ ভিতৰলৈ সাউৎকৈ সোমাই গৈ দুখন কাগজ লৈ আহি মোৰ হাতত দিলে৷

: এইখন মুৰাকামিয়ে মোলৈ লিখা চিঠি আৰু এয়া এইখনত মোৰ উত্তৰ৷ আজি এইখন ডাকত দিম৷ পঢ়ি চাওক৷

মুৰাকামিয়ে থোলোকলৈ দিয়া চিঠিখন তুলি ললো৷

?

এটা প্ৰকাণ্ড প্ৰশ্নবোধক চিহ্নৰ বাহিৰে কাগজখনত আন একো লিখা নাছিল৷ থোলোকে মোলৈ চাই লাহেকৈ কলে – “চুটি চাপৰ জাপানী মানুহ, হাইকু কবিতাৰ দৰে কথা-বতৰাও একেবাৰে কম৷ মোৰ খবৰ বাতৰি সুধি চিঠিখন লিখিছিল৷ মানে ‘কি খবৰ থোলোক’ এই টাইপৰ৷ ময়ো উত্তৰ দি চিঠিখন লিখিলো৷”

!

থোলোকৰ চিঠিখনত এটা প্ৰকাণ্ড ভাববোধক চিহ্ন! মই সুধিলো, “ইয়াৰ মানে কি?”

থোলোকে লাহেকৈ ক’লে – ‘তামাম’!

☆★☆★☆

One comment

  • অনুৰূপ মহন্ত

    থোলোক তামাম!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *