তীখৰৰ তাবিজ – মৃদুস্মিতা অংকুৰ ৰাজ
আন একো কৰিব নোৱাৰি নতুনকৈ গানৰ প্ৰেমত পৰি গান লিখি গাবলৈ লোৱা ন-যুৱক এজন আকৌ আমাৰ তীখৰৰ পাল্লাত পৰিল৷ মনত থকা ক্ষোভ বোৰ তীখৰৰ আগত উজাৰি থাকোতেই তীখৰে মাত দিলে যে,” আপোনাৰ দৰে কলাকাৰৰ প্ৰতিটো কথাতে ক্ষোভ।প্ৰকৃততে নিজৰ প্ৰতিভা অনুসৰি সন্মান নাপাই আপোনালোক হীনমন্যতাত ভূগে।মই আপোনাক কিবা এটা দিম।দেখিব সুৰে নিজে নিজেই আপোনাৰ কাণত বাজিবহি,আপুনি শব্দকেইটা মান সুৰৰ লগত মিলাই বহাই দিলেই হ’ল, বেছি অৰ্থপূৰ্ণ শব্দ মাৰ্কেটত নচলে,অলপ পাতলীয়া ধৰণৰ বহাই দিব আৰু চাব আপুনি গানেৰে জগত নিজিনিলেও বিহু মঞ্চ জিনিব।”
কথা মতেই কাম।এটা তাবিজ দিলে তীখৰে।আৰু নিজে নিজেই তিনিটামান গানৰ সুৰ সুৰকাৰে পাই গ’ল।ৰাতিৰ ভিতৰতে তেওঁ বিখ্যাত হ’ল।তেওঁ গো- গোঁৱনি শব্দ শুনে আৰু সুৰটোতে কিছুমান শব্দ যেনে, ” ভাত খাব মন গৈছে, শুবৰো মন গৈছে, গা ধুবৰ মন গৈছে, ফুৰিবৰো মন গৈছে” বহাই দিলে অসমৰ নৱপ্ৰজন্মই তেওঁলোকক আঁকোৱালি ল’লেই, যিহেতু অসমত গান আৰু চিনেমা সকলোৱে বনাব পাৰে,একো ট্ৰেইনিং নালাগে, একো চেন্সৰ বৰ্ড নাই..
তীখৰে কোৱা মতে, তলডোখৰ স্কাৰ্ট (থৈলা বস্তা কাঁটি তীখৰে বনাই দিলে), ওপৰতে হাফ পেণ্ট (চুপাৰ মেন টাইপৰ) আৰু ওপৰত কিমভূত্ কিমাকাৰ ছবি থকা চাৰ্ট , মূৰত গামোছা ডিজাইনৰ টুপি, ডিঙিত তীখৰৰ মাকে পুৰীৰ পৰা পৰ্দাত বান্ধিবলৈ অনা শামুকৰ ডাঙৰ মণিডাল পিন্ধি তেওঁ ইটোৰ পাছত সিটো বিহু প্ৰগ্ৰেম কৰিলে ।শাওণত শেষৰ বিহু ফাংছনখন কৰি ভাগৰ মাৰি উঠি তীখৰক লগ কৰি ক’লে যে, “আজিকালি তেওঁৰ দেখোন সুৰবোৰ কাণলৈ নাহে।”বেছি চিন্তা নকৰি তীখৰে ক’লে আকৌ পাছৰ বিহুলৈ আনি দিম ।এতিয়া তাবিজটো দিয়ক।”
বৰ্ত্তমান বিখ্যাত হৈ পৰা আগৰ সেই অখ্যাত গীতিকাৰ, সুৰকাৰ, গায়ক মানে এক কথাত দুদিন আগলৈকে “ধৰতি কা ব’জ” আৰু বৰ্ত্তমান মাল্টি টেলেণ্টেড জন যোৱাৰ পাছত তাবিজটোৰ কাগজৰ থিলাটো খুলি তীখৰে গোবৰুৱাটো উলিয়াই আনিলে…খাবলে নাপালেনো সি ক’ত এসপ্তাহতকৈ বেছি দিন জীয়াই থাকিব ! মনতে ভাবিলে, “অহাবাৰ বিহুলৈ তাবিজৰ ভিতৰত জিলি এটাকেই ভৰাই দিব লাগিব”।
☆★☆★☆