বিহু কোন ঢালে – বিনয় কৃষ্ণ তামুলী ফুকন
দৃশ্য -১
নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল৷ লোৰ জপনাখনৰ ফালে পিছফালটো দি এখন বিলাসী গাড়ী৷ ডিকিটো খোলা৷ ডিকিত এটা “ডিজে”৷ উচ্চস্বৰত বিহুসুৰীয়া গীত বাজিছে৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল’ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জ’কাৰৰ দৰে হাত- ভৰি জোকাৰিছে৷ অলপ পৰ পাছত ঘৰৰ ভিতৰৰপৰা মানুহ এজন ওলাই আহিছে৷ মানুহজনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোত কামকৰা মানুহ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰ আকাৰৰ নোট এখন দিছে, চফদানীত৷ অলপ পৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিছ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল৷ টকাৰ পৰিমাণটো কম হৈছে৷
সিহঁতে বিহু মাৰিছে৷
দৃশ্য -২
মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ৷ দোকানৰ বাৰান্দাত ছটামান ল’ৰা-ছোৱালী৷ এটাৰ ডিঙিত ঢোল৷ এটাৰ হাতত তাল৷ ঢোল-তাল লোৱা দুটা আগত৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে৷ দোকানীজনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে৷
সিহঁতে বিহু মাৰিছে৷
দৃশ্য-৩
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা৷ চিৰালৰ বাকলি এৰুৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু গাঁত হৈছে৷ ফলা শিলবোৰে ইটোৱে সিটোৰ মুখলৈ চাই দাঁত নিকটাই হাঁহি আছে৷ চহৰৰ ফালৰপৰা বিলাসী গাড়ী এখন ঢলং পলংকৈ গাঁতবোৰ পাৰ হৈ হৈ আগবাঢ়িছে৷ হঠাৎ পথৰ মাজত গামোছা দুখন গাঁঠি দি ছোৱালী দুজনীয়ে পথ ভেটি ধৰিছে৷ সিহঁতৰ গাত মুগাৰ সাজ৷ হাতত জেতুকা৷ খোপাত কপৌফুল৷ লগৰ কেইজনীও দুই ভাগত বিভক্ত হৈ পথৰ দুই কাষে ৰৈ আছে৷ উপায়ন্তৰ হৈ বিলাসী গাড়ীৰ চালকজনে কেৰেচ্ কৈ ব্ৰেক মৰাৰ লগে লগে গোটেইজাক পথৰ সোঁ-মাজত থিয় হৈছে। দলটোৰ ভিতৰৰ আটাইতকৈ চটফটীয়াজনীয়ে চালকৰ ফালৰ গাড়ীৰ খিৰিকীখনত ঢকিয়াইছে৷ চালকে ধুনীয়া ছোৱালীজনী দেখি পাৱাৰ উইণ্ডৰ বুটামটো টিপি গ্লাচখন তললৈ নমাই দিছে৷ তাই হাত পাতিছে৷ চালকে মানিবেগৰপৰা টকা এশ উলিয়াই দিছে৷ তাই টকা শ লগৰবোৰক দেখুৱাৰ লগে লগে গোটেইজাক মৌ-মাখিৰ জাক এটাৰ দৰে খিৰিকীখনৰ কাষলৈ আহি চিঞৰিছে, “নহ’ব, নহ’ব আৰু দিয়ক, ইমান দামী গাড়ী লৈ আহিছে”৷ চালকে এশ টকাটো ঘূৰাই লৈ পাঁচশ টকীয়া নোট এখন আগবঢ়াই দিছে৷ উৎপতীয়া ছোৱালীজনীয়ে টকাটো থপিয়াই লৈ মোনাত ভৰাই চালকক হেণ্ডচেক কৰিছে৷ চালকে তাইৰ কোমল হাতখন জোখতকৈ অলপ সময় ধৰি ৰাখিছে৷
সিহঁতে বিহু মাৰিছে।
উপৰোক্ত তিনিওটা দৃশ্য সাম্প্ৰতিক সময়ত অসমত চলি থকা বহাগ বিহুৰ সুলভ দৃশ্য৷
প্ৰকৃততে বিহু এনে আছিলনে? ক’লৈ গৈ আছে বিহু?
“বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা,” কথাষাৰ যেন মানিবলৈ টান হৈ আহিছে৷ বিহুৱে বাট এৰি আওবাট লৈছে৷ কিয় এনে হৈছে? এই কথা জানিবলৈ আমি অলপ পিছলৈ ঘূৰি চাব লাগিব৷ বিহুনো কি? ক’ৰপৰা আহিল, কেনেকৈ হাবিৰ বিহু স্বৰ্গদেউৰ বাকৰি, দেউতাৰ পদূলি পালেহি আৰু শেষত চাং (মঞ্চ) পালেহি এইবোৰ কথাও মন কৰিব লাগিব৷
সংস্কৃত ‘বিষুবত’ শব্দৰপৰা বিহু শব্দৰ উদ্ভৱ হৈছে বুলি জনা যায়৷ আন কোনোৰ মতে, বিহু শব্দটো টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) (অৰ্থাৎ গৰুৰ উপাসনা) এই শব্দ দুটাৰপৰা উৎপত্তি হৈছে৷
বিহু আছিল কৃষিজীৱি ৰাইজৰ প্ৰাণৰ উৎসৱ৷ ঋতুৰ লগত এই বিহুৰ সম্বন্ধ৷ বাৰিষাৰ আগমনৰ লগে লগে যিহেতু ৰাইজ শালি খেতিৰ বাবে পথাৰত নামিব লাগে গতিকে তাৰ আগতে অলপ ৰং ৰহইচ কৰি গা-মন টঙাই লোৱাটোও বিহুৰ অন্যতম উদ্দেশ্য আছিল৷ বিশেষকৈ কৰ্মঠ ডেকা-গাভৰুৰ প্ৰেমে আগ স্থান পাইছিল বিহুত৷ খেতি-খোলাত সহায় কৰিবলৈ সৰহ মানুহ হ’লে ভাল৷ এই বিহুতে বহু ডেকাই মনৰ মানুহজনী বিহুতলীৰপৰাই নি ঘৰ সোমোৱাইছিলগৈ৷ বিহু নামবোৰো আছিল প্ৰেম গন্ধী, যৌন গন্ধী৷
দ কৈ পথাৰত ধানে দাই আছিলো
বাউলি বতাহে পালে
কাঁচি দলিমাৰি হাবিতে সোমালো
ওঁঠতে বৰলে খালে৷
যৌৱনৰ বাউলি বতাহে পাইছিল, ওঁঠত বৰলে খাইছিল৷ সেয়ে প্ৰাক- শংকৰী যুগ বা তাৰ আগতে বিহুক সেই সময়ৰ বয়সীয়াল লোকসকলে বৰ ভাল চকুৰে নাচাইছিল বুলি কোনো গ্ৰন্থত উল্লেখ আছে৷ পৰৱৰ্তী সময়ত অসমত বৃটিচ ৰাজত্ব চলাৰ সমান্তৰালভাৱে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত বহু লোকে বিহুক “ইতৰ প্ৰাণীৰ নাচ গান” বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়৷ সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহুক বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে৷ তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল৷ গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেঁপাহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে এক সামাজিক ভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে৷
কিন্তু লাহে লাহে বিহুৱে ৰূপ সলাবলৈ আৰম্ভ কৰিলে৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়াকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়। তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে৷ তদুপৰি এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মূৰ দোঁৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে৷ ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল৷ বিহু বাটে বাটেহে গৈছিল৷ কিন্তু স্বৰ্গদেউৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়৷ পিছলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ ভাগৱতী ধৰ্মৰ প্ৰসাৰৰ লগে লগে বিহুও সেই ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয়৷ বিহুত প্ৰেম-পিৰীতিৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ পৰিল৷ হুঁচৰিৰ গীত-পদবোৰে ভকতীয়া ৰূপ ল’লে৷ গৃহস্থৰ চোতাললৈ বিহু আহিল৷ গাঁৱৰ বুঢা-মেথা, ডেকাসকল মিলি প্ৰথমে নামঘৰৰ বাকৰিত, তাৰ পাচত গাঁৱৰ মুখিয়াল ব্যক্তিৰ চোতালত হুঁচৰি আৰম্ভ কৰি পৰ্যায়ক্ৰমে গাঁৱৰ সকলোৰে ঘৰত হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশল কামনা কৰি আশীৰ্বাদ দিয়াৰ নিয়ম প্ৰচলিত হ’ল৷ গৃহস্থয়ো সাধ্যানুসৰি হুঁচৰি দলক গুৱা-পাণৰ লগতে অৰ্থ-বস্ত্ৰৰে মান ধৰি সেৱা লোৱাৰ নিয়ম হ’ল৷ এনেদৰে হুঁচৰি গাই সংগ্ৰহ কৰা ধনৰ কিছু অংশ ৰাইজে প্ৰীতি- ভোজ খাই বাকী ৰাহি ধনেৰে নামঘৰটো মেৰামতি কৰা বা সজা, অহাবেলি বিহু গাবলৈ ঢোলটাে চাৱনি কৰা আদি কামত খৰচ কৰে৷ অসমত স্থাপন হোৱা বহুবোৰ ভেন্সাৰ স্কুলৰ প্ৰতিষ্ঠাৰ আঁৰত এনেধৰণৰ হুঁচৰি মাৰি মূলধন সংগ্ৰহ কৰাৰ কাহিনী আগৰচামে জানে৷ কিন্তু অতি দুখ লগাকৈ লাহে লাহে এই সুন্দৰ প্ৰথাটোৰ বিলোপ হ’বলৈ ধৰিছে৷ হুঁচৰিও হৈ পৰিছে ধন ঘটাৰ মাধ্যম৷ সৰহকৈ ধন দিব নোৱৰা লোকৰ ঘৰলৈ আজিকালি হুঁচৰি নাযায়৷ ধন দিবৰ ভয়ত গৃহস্থয়ো ফুট গধূলিতে গেটত তলা লগাই এনে সমস্যাৰপৰা পৰিত্ৰাণৰ উপায় অৱলম্বন কৰে৷ ইয়াতকৈয়ো এখোপ ওপৰলৈ গৈ অতি সম্প্ৰতি বিহু (হুঁচৰি নহয়) ৰাজপথ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত উঠিছেহি৷ কেইটামান পিলিঙা ডেকা-গাভৰু লগ হৈ বাট আগছি বিহু মাৰি পথচাৰীক অতিষ্ঠ কৰাৰ নিয়ম উজনি অসমৰ প্ৰায় কেইখন জিলাতে আৰম্ভ হৈ গ’ল৷ তদুপৰি বিহু-মেলা, বিদায়-উৎসৱ আদি নামেৰে অনুষ্ঠিত কৰা অনুষ্ঠানবোৰৰ নামত হাতে হাতে ৰচিদ-বহী লৈ গাড়ী মটৰচাইকেল আগচা দলবোৰৰ কথা আছেই৷
ইয়াৰ পাছতে আৰম্ভ হ’ল চাঙত উঠা বিহু বা মঞ্চ বিহু৷ ১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়৷ ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ লতাশিল খেল পথাৰত বিহুক চাঙলৈ তোলা হয়৷এই চাং বিহুৱে অসমীয়াৰ মাজত ইমানেই জনপ্ৰিয়তা লাভ কৰে যে তাৰ উৎপাতত সম্প্ৰতি বিহুক বচাবলৈ ‘বিহু সুৰক্ষা সমিতি’ পৰ্যন্ত গঠন কৰিব লগা হৈছে৷ বিহু প্ৰাকৃতিক উৎসৱ হৈ নাথাকি প্ৰতিযোগিতামুখী হৈ পৰিল৷ বিহুৱতী, বৰ বিহুৱতী, সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাৰ উপৰি মুকলি বিহু, জেং বিহু, হুঁচৰি, ঢোলবাদন, পেঁপাবাদন আদি প্ৰতিযোগিতাবোৰৰ আয়োজন কৰিবলৈ ল’লে৷ আগে বিহু আছিল গছৰ তলত, মুকলি পথাৰত৷ ভৰযৌৱন প্ৰাপ্তসকলৰ প্ৰণয় প্ৰকাশৰ মাধ্যম আছিল বিহু৷ হ’লেও ডেকা-গাভৰুৱে একেলগে বিহু মৰাৰ নিয়ম নাছিল৷ ওচৰা ওচৰিকৈ বিহু মাৰিছিল, যোৰা নাম গাইছিল৷ বিহু স্বতঃস্ফূত আছিল৷ কোনেও কাকো বিহু শিকাব লগা নহৈছিল৷ দেখাক-দেখি নিজে নিজে শিকিছিল৷ বিহু তেজত আছিল৷ কিন্তু প্ৰতিযোগিতা সৰ্বস্ব হোৱাৰ লগে লগে বিহুৰ বিচাৰৰ বাবে নিয়ম ওলাল৷ বিহু শিকিব লগা হ’ল৷ আজিকালি গাঁৱৰ নাচনীৰ নাচ এলাগী হ’ল৷ চহৰৰ পৰা ওলোটাই বিহু শিকাবলৈ নাচনী মাতি চ’তলৈ ছমাহ থাকোঁতেই বিহুৰ কৰ্মশালা পাতিব লগা হ’ল৷ বিহুৱে স্বকীয়তা হেৰুৱা অন্যতম কাৰক হ’ল অসমত ইটোৰ পিচত সিটোকৈ মুকলি কৰা টিভিৰ চেনেলসমূহ৷ বিহু হৈ পৰিল কেমেৰামুখী৷ যদিও বহাগ বিহু চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হৈ সাতদিনীয়াকৈ পালন কৰা নিয়ম, টিভিচেনেলসমূহে বছৰটোৰ বাৰ মাহেই বিহু পাতিবলৈ লোৱা বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ বিহুলৈ কেইবামাহ থাকোঁতেই এনে চেনেলসমূহে ‘সম্ৰাজ্ঞী’ ‘ৰাণী’ আদি প্ৰতিযোগিতাবোৰৰ দ্বাৰা নাচনী নিৰ্বাচন (অডিচন) আৰম্ভ কৰি একেবাৰে ব’হাগ পাৰ হৈ জেঠ আহাৰলৈকে ধুম-ধামেৰে চলাই থাকে৷ কেৱল সেয়াই নহয় বিহুৰ লগত সাঙোৰ খাই থকা ৰীতি-নীতিবোৰ গাঁৱৰ লগতে চহৰতো লোপ পাই আহিছে যদিও টিভিত ওলাবলৈকে দোকানৰপৰা কিনি অনা চিৰা-পিঠা-সান্দহ সাজি লোৱা আখল নাইবা ঢেঁকীৰ আগত ৰৈ দামীতকৈয়ো দামী সাজ-গহনা পিন্ধি বিউটি পাৰ্লাৰত মেকআপ ঘঁহি টিভিৰ আগত ভাও দিয়ে৷
এইখিনিতে এটা কথা নক’লে ভুল হ’ব যে, হুঁচৰি, মুকলি বিহু, জেং বিহু, টকা বিহু আদি দলীয় বিহুবোৰ গাঁৱৰ ডেকা গাভৰুৱে জীয়াই ৰাখিছে৷ পুৰস্কাৰ লাভৰ আশাতেই হওক বিহুটোক ভালপোৱাৰ বাবেই হওক এইচাম বিহুবলীয়া ডেকা ডেকেৰীৰ মাজত বিহুৰ চৰ্চা অব্যাহত আছে৷ পদ্ধতিগতভাৱে ঢোল, পেঁপা, গগনা, সুতুলী বজাবলৈ শিকিছে৷ ন ন বিহুৱা-নাচনী-নামতী ওলাইছে৷ সেইদৰে এনে বাদ্য যন্ত্ৰবোৰৰ চাহিদাও বাঢ়িছে আৰু থলুৱা লোকে এইবোৰ সাজি দুপইচা অৰ্জনৰ সুবিধা পাইছে৷ অৱশ্যে ঢোল বাদ্যটো সাজিব জনা থলুৱা শিল্পী নগণ্য৷ এইটো ব্যৱসায় অনা-অসমীয়াৰ হাততে আছে৷
এতিয়া আহোঁ সাম্প্ৰতিক মঞ্চ বিহুৰ কথালৈ৷ সেই যে ৰাধাগোবিন্দ বৰুৱা, মহেশ্বৰ নেওগদেৱ যদি আজি জীয়াই থাকিলহেঁতেন মূৰে-কপালে হাত দি ক’লেহেঁতেন, “হায় কি কাৰণত বিহুক মঞ্চলৈ আনিছিলো৷” প্ৰথমতে গুৱাহাটীৰ লতাশিলত, তাৰ পাছত জিলাই জিলাই, মহকুমাই মহকুমাই, চহৰে চহৰে আৰু সম্প্ৰতি একেখন মফচলীয় ঠাইতে তিনি চাৰিখন বিহু অনুষ্ঠিত হ’বলৈ ধৰিলে৷ এই বিহুমেলাবোৰ সংস্কৃতি সাধনাৰ মঞ্চৰ সলনি এচাম লোকৰ সহজলভ্য ধন ঘটাৰ আহিলা হৈ পৰিল৷
অৱশ্যে সকলো বিহু সমিতিক এই শাৰীত ধৰিলে ভুল কৰা হ’ব৷ বহু সংখ্যক বিহু সমিতিয়ে আন্তৰিকতাৰে এনে বিহু উদযাপন কৰি আহিছে যদিও সৰহসংখ্যক সমিতিৰে মনোবৃত্তি দুখ লগা৷
বিহু মেলাৰ নামত চান্দা উঠাই নিজৰ জেপ গধুৰ কৰাৰ লগতে ফূৰ্তি-পানীকণ যোগাৰ কৰাই যেন উদ্দেশ্য৷ এনে সমিতিসমূহেই ৰচিদ বহী
ছপা কৰি ৰাজপথ আগচি ধন তোলাৰ উপৰি ব্যৱসায়ীসকলকৰ মূৰত ৰাম-টাঙোন মাৰি বিহু পাতি অহা পৰিলক্ষিত হয়৷ বিশেষকৈ অনা অসমীয়া ব্যৱসায়ীসকলক ডকা- হকা দি বুজন পৰিমাণৰ চান্দা (আচলতে বলপূৰ্বক) ধন সংগ্ৰহ কৰে৷ সেইসকল ব্যৱসায়ীয়ে উপায়ন্তৰ হৈ শকত ধন দিয়ে ঠিকেই৷ কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ কিনা দামৰ লগত এই অংকটো যোগ কৰে৷ মাৰটো আওপকীয়াকৈ পৰে আপোনাৰ-মোৰ মূৰত৷
ইয়াৰোপৰি জাতীয় কৃষ্টি বুলি বুকু ফিন্দাই কোৱা চেনেহৰ বিহু পাতিবলৈ বহুৰাষ্ট্ৰীয় কোম্পানীবোৰৰ ‘স্পন্সৰশ্বিপ’ লয়৷ ফলত বিহু মঞ্চত ওলমি ৰয় বিলাতী সুৰাৰ বিজ্ঞাপন পৰ্যন্ত৷ ‘স্পন্সৰশ্বিৰ’ যদি লয়েই তেনে ইমান ধন তোলে কেলৈ? তাৰকা শিল্পী মাতি সাংস্কৃতিক সন্ধিয়া (সাংঘাতিক সন্ধিয়া বোলাহে যুগুত) নাপাতিলে যেন বিহু সম্পূৰ্ণ নহয়৷ তাতে এনে “সাংঘাতিক সন্ধিয়া”বোৰত বিহুৰ সলনি বিহুসুৰীয়া বা হিন্দী গান নাগালে চমঝদাৰ (?) দৰ্শকৰ ৰোষত পৰে শিল্পী৷ বিশেষ কৈ মুখত ফূৰ্তি পানীকণৰ গোন্ধ লৈ ফুকলীয়া ল’ৰাই মৰা অশালীন চিঞৰবোৰ এই ‘সাংঘাতিক সন্ধিয়া’ৰ অবিচ্ছেদ্য অংগ৷
ধনৰ কথালৈ আহোঁ৷ এইযে ডকা- হকা দি ৰাইজৰ ধন তোলা সমিতিবোৰ, তেওঁলোকে বিহুৰ শেষত হিচাপ দাখিল কৰেনে? ৰাইজক জনাই নে কিমান ধন উঠিল কিমান ব্যয় হ’ল? নিদিয়ে৷ ৰাইজেও নিবিচাৰে৷ বিনা প্ৰতিবাদে ঘূৰিটো বছৰ আকৌ চান্দা দিয়ে৷ ফলত সমিতিৰ বিষয়ববীয়াসকলে নিজৰ জেপ গধুৰ কৰিবলৈ সুবিধা পায়৷
ঘূৰিবেলি কোন সভাপতি সম্পাদক হ’ব তাৰ প্ৰতিযোগিতা চলে৷
এতিয়া আহোঁ এই বিহুতলীৰ গতি-গোত্ৰলৈ৷ কি হয় এনে বিহুত? লাখ টকা খৰচ কৰি অত্যাধুনিক পদ্ধতি তথা উন্নত মানদণ্ডৰ কাগজত সমিতিৰে বিয়য়ববীয়া নহ’লে বা অঙহী-বঙহীৰ ফটো দি একোখন কাৰ্যসূচী ছপা কৰা হয় যদিও সেইখনৰ মতে একো নচলে৷ এই ধৰক, পুৱা সাত বজাত বৃক্ষৰোপণ হয়গৈ দুপৰীয়া বাৰ বজাত৷ গছপুলি ৰোৱে ঠিকেই তেনে গছপুলি ডাঙৰ হোৱাৰ উদাহৰণ বিৰল৷ ইফালে যিমানে দ্ৰুত গতিৰ বাহন নিকিনক শামুকৰ পিঠিত উঠি ভালপোৱা খাৰখোৱা অসমীয়া দৰ্শক, প্ৰতিযোগীসকল সন্ধিয়াৰ ফালে বিহুতলীত প্ৰৱেশ কৰে৷ দুপৰ নিশা বাদেই পুৱতিলৈকে এনে বিহুতলীত চলি থকা প্ৰতিযোগিতা আৰু ঢোল পেঁপাৰ মাত উচ্চ ক্ষমতা সম্পন্ন শব্দ যন্ত্ৰৰে উফৰি গৈ কেইবা কিল’মিটাৰ নিলগৰ মানুহৰ টোপনি খতি কৰে৷ সেইদৰে কাৰ্যসূচীত মুকলি সভা বুলি দফা এটা থাকে যদিও তেনে সভা অনুষ্ঠিত নহয়৷ বঁটা বিতৰণী বুলি অনুষ্টুপীয়া সভা এখন হয়৷ তাত বঁটাবোৰ স্পন্সচৰ কৰাসকলে আগস্থান পায়৷ বিহু সম্পৰ্কীয় কোনো আলোচনা অনুষ্ঠিত হোৱা দেখা নাযায়৷ ৰাইজেও নিবিচাৰে৷ সকলোৰে ধাণ্ডা ‘সাংঘাতিক সন্ধিয়া’ৰ তাৰকা-শিল্পীৰ প্ৰতিহে৷
এনে বিহুৰ আচৰিত প্ৰাণীবিধ হ’ল বিচাৰক কেইজন৷ এই কেইজন নহ’লে বিহুৰ কোনো প্ৰতিযোগিতা সম্ভৱ নহয়৷ সেয়ে বহু দিন আগৰেপৰা এনে বিজ্ঞ লোকক সমিতিৰ বিষয়ববীয়াই এনে সন্মানেৰে মাতে যে নগৈ নোৱাৰে৷ যায়৷ ঘণ্টা ঘণ্টা ধৰি সমিতিয়ে সম্বৰ্ধনা জনোৱা আমদানীকৃত জেলজেলীয়া গামোচা কান্ধত আৰু সন্মুখত কিনা পানীৰ বটল এটা লৈ বিচাৰ কৰে৷ দুই ঘণ্টা গান গাই তাৰকা শিল্পীয়ে লাখ টকা লৈ যায়৷ বেচেৰা বিচাৰকে বিচাৰৰ শেষত পাৰিতোষিক দূৰৈৰে কথা সুদা পেটে বা নিশা দুই তিনি বজাত চেঁচা পৰা ভাত এসাঁজ খাই পেটৰ গুৰ- গুৰণি লৈ ঘৰ পাব লগা হয়৷
কিমান ক’ম? কৈনো কৈ থাকিলে ওৰকে নপৰে৷
বিহু যদি এই গতিত গৈ থাকে আৰু বছৰ চেৰেক পাছৰ বিহুটো কল্পনা কৰক৷
আগতে গাইছিল,
“লাহে লাহে বান্ধৈ ঐ
বিহু কোনে ঢালে আহে৷
পূবে পশ্চিমে
উতৰে দখিনে
বিহু চাৰিও ঢালে আহে৷”
এৰা বিহু আহোঁতে ঠিকেই আহিছিল৷ এতিয়া যায় বা ক’লৈ! সেয়ে আপোনাকে সুধিছোঁ, বিহু কোন ঢালে?
☆★☆★☆