ফটাঢোল

ডুৱেল চিম বনাম ডুৱেল চেহেৰা – লখিমী হাজৰিকা

“ফটাঢোল” আলোচনীৰ সম্পাদকৰ মেচেজ আহিল,-
:কি লিখিছা?
:মেছেজ আকৌ।
:কালৈ?
:তোমাৰ লগতে পাতি আছো দেখোন!
:এহ নহয় অ’, আলোচনীলৈ লিখাৰ কথা কৈছো।
:আলোচনী? ক’ৰ আলোচনী? অনলাইন নে অফলাইন?
:অহ হো, তুমিও যে, “ফটাঢোল”ৰ আকৌ!
:মানে মই দিনে তিনিখন মান আলোচনী, সাতটামান গোটত লিখোতো! নিজৰ ৱাল বা কমেন্টছৰ ৰিপ্লাই আছেই। সময়ে নিমিলে জানা।
ৱাহ! পাৰা কিন্তু।
:হেঃ হেঃ হেঃ নাই নাই এইবোৰকে অলপ চেষ্টা কৰি চলি আছো আৰু!
:লিখা লিখা, সোনকালে লিখি দিয়া।
:অ’ বা, তুমি যেনেকৈ কৈছা যেন কাপোৰৰ বজাৰৰ লিষ্টখনহে লিখিবলৈ দিছা।
(মনতে বোলো, -“হেৰৌ গেলামালৰ বজাৰৰ লিষ্ট লিখিবলৈ হ’লেও অলপ টেমা-চেমা জাৰি জোকাৰি চাব লগা হয় ন! হুহ! তোমাৰ দৰে সৰিয়হফুলীয়া হাঁহি, জিকাফুলীয়া হাঁহি জাতীয় কিবা অলপ লিখি আৰু ৰোমান্টিক বুজোৱা মানুহ নহয়তো মই। দস্তুৰমত মাল্টিটেলেন্টেড নাৰী।অ’ৰ অলপ ত’ৰ অলপ নেটৰ পৰা লৈ কিবাকিবি কৰি কেনেকৈ মিলাওঁ মইহে জানো! টাইম লাগেতো! আজিকালি আকৌ ধন সোণতকৈও সাহিত্য, গান, সুৰহে বেছি চুৰ হয়। ধৰা পৰি স্ক্ৰীনশ্বট হৈ উৰি ফুৰাৰ মন নাই বাৰু।”)

: তুমি আজিকালি বেছি অনলাইন নাহাই চোন!
:এহ টাইমেই নাপাওঁ বা। আমাৰ স্কুলৰ কাষৰ বিহুত সমবেত আই মিন কোৰাছ এটা লিখি দিবলৈ কৈছিল। তাতেই ব্যস্ত আছো অ’। জানাই ন! ৰাজহুৱা কামত কিমান দিগদাৰ! স্কুলৰ দিনত বিহু ৰচনাত দহৰ ভিতৰত চাৰি নোপোৱাটোৱে আজি বিহু কমিটিৰ মেম্বাৰ হৈ মোক পইছা দাবী কৰিছে এহেজাৰ। টেনচন বুইছা বা! চাৰিওফালে টেনচন। লমই আজিকালি বহু কথা ভাবিহে থাকো। নামাতো। কাৰণ চেগ্ বুজি চেনেলত মাত মাতিলেহে বুদ্ধিজীৱীৰ সন্মান অক্ষুন্ন থাকে। যেনে, ধৰক কালি স্কুলত কালি চান্দা বিচাৰি আহিল। গাইপতি এহেজাৰকৈ ধৰি দিছে। অথচ সৃষ্টিশীল নৃত্যৰ প্ৰথম পুৰস্কাৰ পাঁচশ টকা। ভাৱিছে নেকি, কোনোবা ডাঙৰ নামী-দামী গায়ক আহিব বুলি? ডাঙৰেইতো! কিবা জৰ্জ মাইকেল আৰু এঞ্জেল অৰুণিমা আহিব। কিবা বোলে ‘জাতিলাও জাতিলাও’ শীৰ্ষক গীতেৰে ৰাইজৰ মন জয় কৰা ন কোনোবাহে। দেখিয়ে গম পাইছে ন শিল্পী বুলি? গীতগোৱা পেছালৈ বাকী সলনি হওক নহওক, নামটো প্ৰথমতেই সলনি কৰি লোৱাটো অতি জৰুৰী।

মই বোলো, -“তোমালোকে এতিয়া এহেজাৰ ধৰিছা হয় পিচে আমি ইমান নাপাওঁ নহয়।”- কেলেই আপোনালোকৰ দেখোন দৰমহা বাঢ়িয়ে থাকে। আৰু আমাৰ ইয়াতে আমাৰ ল’ৰা-ছোৱালীকে পঢ়াই খাই আছে। তাকে চাই আৰু……..। এৰা! দৰমহা বঢ়াটো দেখে! বৰ্ধিত দৰমহা কোনে কোনে পাই তাৰ কেটেগৰীবোৰ নেদেখে। হৰহৰাই বাঢ়ি থকা পেট্ৰল-ডিজেলৰ দাম নেদেখে। গেলামালৰ দোকানত চৰ্ট-শ্বাৰ্কিট নোহোৱাকৈ জ্বলে জুই। মূল্যবৃদ্ধিৰ জুই। কিন্তু নামাতিলো মই বিশেষ। কথা শুনিছেনে? ৱআমাৰ ইয়াতে খাই আছে। যেন সিহঁতৰ ল’ৰা-ছোৱালীকেইটা একোজনী খীৰতীগাই। আমি সদায় স্কুলত খিৰাই খিৰাই গাখীৰ বেচি চলি আছো। মোৰ মূৰটো বেয়া লাগে। মনটো ভাল নালাগে। বিহুৰ বিষয়ে এষাৰ ভালকৈ ক’ব নোৱাৰা, এপইচা নিজে ইনকাম নকৰাকেইটাই মোক কৈ গ’ল। পাঁচশ টকাই কি হ’ব? সিহঁতৰ বিহুত মোৰ পাঁচশটকাই একো নহ’ব পাৰে, কিন্তু মোৰ সংসাৰখনত বহু কিবাকিবি হ’ব। নকওঁ। একো নকওঁ। অ’ আৰু এটা কথা জানেনে নাই? এখন কাগজ ছপাই লৈ তাত পৃষ্ঠপোষকৰ পৰা আৰম্ভ কৰি সদস্যলৈকে নামবোৰ ভৰাই তেওঁৰ পৰা পইচা উঠোৱা অতি উত্তম। আফটাৰ অল, মানুহ দৌৰে নেইম ফেইমৰ পিচে পিচে। পিচে মই একো নামাতো। চেগ বুজি মাত মতাটো, ডুৱেল মিনিঙ থকা কথা কোৱাটো বৰ প্ৰতিভাৱান মানুহৰ লক্ষণ দেখা নহয়। কিদৰে জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ ওলোৱা মানুহে সিপাৰ পায়ে জাতি বেচোঁ, মাটি দিওঁ, ভেটি কোনটো আছিল বুলি ৰঙ সলাব পাৰে! জাতি বচাম বুলি কৈছিল। কোনটো বচাব সেইটোতো কোৱা নাছিল ন! পিচে এইবোৰ কথাকে লৈ কিছুমানে বৰ মাথা ঘমাই থাকেহে। মিছামিছি হাল্লা কৰি থাকে। কি হ’বহে!
জাতি কি কিনো দৰকাৰ! পেট ভৰিলেই হ’ল। মাটি কাৰ কিনো দৰকাৰ! অট্টালিকা সজাব পাৰিলেই হ’ল। ভেটি কাক লাগে। পিতৃ পিতামহৰ ভেটি এৰি কোন কাহানিতে ফ্লেট পালোহি। এতিয়া আৰু ক’ৰ ভেটিৰ দৰকাৰ। নে কি কয়! এনিৱে।ট্ৰাই কৰিম দিয়া।
:অকেই। বাই। চেষ্টা জৰুৰ কৰিবা দেই।
স্মাইলী এটা দি থ’লো।
*********
(ঘ ত এ কাৰে ঘেএএএএএ…….চালা শিৱসাগৰ সন্মিলনলৈ নোযোৱাৰ পৰা মোক কোনেও পাত্তাই নিদিয়া হ’ল। তাতে আলোচনীতো ডট এটাও ওলোৱা নাই মোৰ নামত। গোটতটো চুৰি টাৰি কৰি লিখিব নোৱাৰো। কাৰণ ব্যংগ বা ৰস ৰচনা চুৰ কৰিবলৈও থাকিব লাগিবতো। তাতে বৰ অভাৰ চিৰিয়াছ মানুহ এগাল আছে। ছেহ! এতিয়া মান-সন্মানো ৰাখিব লাগিল।লিখিবলৈও নাজানো।কিযে মস্কিল এই ডুৱেল চেহেৰা মেইনটেইন কৰা।একদম ফিঅ’ ছিম টাইপৰ।
অপাৰ সুবিধা কিন্তু দুইখনে একেলগে কাম নকৰে বে’। ডুৱেল চিম, ডুৱেল চেহেৰা (এটা ফটোচপৰ আনটো আচল আকৌ), ডুৱেল ভাৱমূৰ্ত্তি, ধেত তেৰিকা, আই মিন টু চে ডুৱেল ইমেজ ৰাখিবলৈ কি কঠিন! ডুৱেল মেইনটেইন কৰি কৰি ভাগৰি গৈছো।যি হ’ব হ’ব সম্পাদকে যে মোৰ লেখা বিচাৰিছে, এইটো কি মামূলি কথা? ইয়াৰ উপৰিও প্ৰতিবাৰে গোটৰ আলোচনীৰ প্ৰতি সম্পাদক/সম্পাদিকাই মোক কৰা অনুৰোধসোপাই মোৰ এফ আৰ পি কম বঢ়াবনে! এই কথাই কথা নহয়। মাছ ধৰিব নোৱাৰিলেও পানীত নামি চেল্ফি ল’মেই,ফেচবুকত দিমেই টাইপ কথা।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *