ফটাঢোল

লটি-ঘটি – মৃদুল শইকীয়া

নতুন বছৰৰ বিদ্যাৰম্ভ উৎসৱৰ পোন্ধৰ দিন পাছতো বিদ্যালয়ৰ ওচৰৰে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা কাৰ্তিক নামৰ ছাত্ৰজন বিদ্যালয়লৈ নহাৰ বাবে তেওঁৰ ঘৰলৈ খবৰ এটা কৰি আহো বুলি গৈছিলো৷ বিদ্যালয়খনৰ কাষতে লাগি থকা চাহ বাগানখনৰ আনটো মূৰে থকা লেজুৱাবস্তিৰ ওচৰা ওচৰিকৈ থকা কেইবাটাও ঘৰৰ মাজত থকা ছাত্ৰজনৰ ঘৰৰ আগচোতালত উপস্থিত হৈ দেখিলো বাৰাণ্ডাত টোপনিত লালকাল দি শুই আছে কাৰ্তিকৰ দেউতাক মঙলু৷ কাষতে পৰি থকা অমূল্য বৰুৱাদেৱৰ কবিতাত বৰ্ণনা কৰাৰ দৰে খাবলৈ নোপোৱা এটা নিম্ন বংশজাত কুকুৰ। হাঁড়ে ছালে লগা পেটটো আন্তৰ্জাতিক খাৰুৱা তেলৰ বজাৰৰ সমান্তৰালভাৱে উঠা-নমা কৰি থকা পেট্ৰলৰ দামৰ দৰে উঠানমা কৰি আছে৷ ওচৰতে থকা কাৰ্তিকৰ ডেৰ বছৰীয়া ভনীয়েকে কুকুৰটোৰ পেটত হেঁচা মাৰি দি পুনৰ এৰি দিয়াত কৰ্ণাটকৰ নিৰ্বাচনৰ আগত কিছুদিনৰ বাবে স্থিৰ হৈ থকা পেট্ৰলৰ মূল্যৰ দৰে অলপ সময়ৰ বাবে স্থিৰ হৈ থকা পেটটো দুগুণ উৎসাহেৰে ফুলি আহিল৷
হঠাৎ মোক দেখি ছোৱালীজনী ভিতৰলৈ লৰ দিলে আৰু কুকুৰটো উচপ খাই কাঁইটীয়া তাঁৰৰ মাজেৰে পাৰ হৈ অসমৰ মাটিত হেৰাই যোৱা বাংলাদেশীবোৰৰ দৰে পলকতে ক’ত নোহোৱা হৈ গ’ল মই গমেই নাপালো৷

মই অহাৰ গম পাই ইতিমধ্যে মঙলুৱে চকু মেলিলে আৰু উঠি আহি মোক বহিবলৈ প্লাষ্টিকৰ ভঙা চকী এখন আগবঢ়াই দিলে যিখনৰ একমাত্ৰ নালটোৱে নিউইৱৰ্কৰ ‘ষ্টেচু অৱ লিবাৰ্টি’ৰ প্ৰসাৰিত হাতখনলৈ মনত পেলাই দিলে৷ মই কাৰ্তিকৰ বিষয়ে সোধাত তেওঁ নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে ল’ৰাটোক বাগানৰ কাম কৰিবলৈ যোৱাৰ কথা ক’লে৷ মই কাৰ্তিকক বিদ্যালয়লৈ পঠোৱাৰ কথা কৈ উভতিব খোজোতেই মঙলুৱে ক’লে, “আমাৰ ঘৰলৈ আহি একো এটা নোখোৱাকৈ যাবনে? অলপ বহকচোন!”
সেই বুলি কৈ তেওঁ ভিতৰলৈ গৈ গাখীৰৰ বটল এটা আৰু দুটা গিলাচ উলিয়াই আনিলেগৈ আৰু ক’লে “আজি বিচাৰি বিচাৰি ওচৰৰ গাঁওখনৰপৰা এইখিনি আনিছিলো৷ আপুনি আহিছে যেতিয়া অকণমান খাই যাওক৷”
বটলৰ সাঁফৰটো খোলাৰ লগে লগে অলপ টেঙা টেঙা গোন্ধ এটা পোৱা যেন লাগিল আৰু মই গাখীৰখিনি বেয়া হৈছে বুলি বুজিব পাৰি নোখোৱাৰ সিদ্ধান্ত লৈ কি বুদ্ধিৰে নোখোৱাকৈ থাকিম ভাবিবলৈ ধৰিলো৷ পিছমুহূৰ্ততে গিলাচটোত বাকী দিয়াৰ লগে লগে দেখিলো এইয়া দেখোন গাখীৰ নহয়, কুঁহিয়াৰৰ ৰসহে৷ কিন্তু আকৌ মনত পৰিল ওচৰৰ গাঁওবোৰত দেখোন কোনেও কুঁহিয়াৰৰ খেতি নকৰে৷ হয়তো কোনোবাই দূৰৰ পথাৰত এই খেতি কৰিবও পাৰে৷ এই বিষয়ে সোধো বুলি ভাবোতেই লগত নিজৰ ছবছৰীয়া সন্তানটো লৈ অহা মঙলুৰ পত্নী বুধুনীক দেখা পালো৷

“ছাৰ আপুনি কেতিয়া আহিলে?”, এইবুলি কৈ মোৰ উত্তৰলৈ বাট নাচাই তাই কৈ গ’ল, “এখেতক আজিকালি বেছিকৈ এইবোৰ খাবলৈ নিদিওঁ৷ আজি আপুনি আহিছে যেতিয়া অলপমান কমকৈ খাওক বাৰু৷ কালি ক’ৰবাত এসোপামান খাই আহি মোৰ সন্মুখতে মোৰ ডিঙিটো কোনোবাই কাটি নিলে বুলি ৰাওচি জুৰি বহু সময়লৈকে কান্দি আছিল৷ পিছত নিচা ফাটিলতহে গম পালে যে ইমান সময়ে মোৰ গলধন বুলি সাৱটি ধৰি কান্দি থকাটো আছিল পানী ভৰাই থোৱা কলহটোহে৷”
বুধনীৰ কথাৰপৰা তেতিয়াহে মই বুজি পালো যে মোৰ সন্মুখত থকা গিলাচটোত সেয়া কুঁহিয়াৰৰ ৰস নহয়, ওচৰৰ গাঁওখনৰপৰা বিচাৰি অনা সাঁজপানীহে৷ নিচাজাতীয় বস্তুৰ নামত অসমীয়া সংস্কৃতিৰ লগত ওতপ্ৰোতভাৱে জড়িত তামোলখনো মুখত দি নোপোৱা মানুহটোক সাঁজপানী আগবঢ়াই দিয়া প্ৰথমজন মানুহ মঙলুৱে মোৰ মানসিক অৱস্থা অনুধাৱন কৰিব পাৰিলে আৰু চিলনীৰ দৰে থাপ মাৰি সন্মুখত থকা দুয়োটা গিলাচৰ পানীয়খিনি গলাধকৰণ কৰি খালী কৰি মোক ক’বলৈ ধৰিলে, “মোৰ উপাৰ্জনৰ পথ হিচাপে থকা চুলাই মদৰ ব্যৱসায়টো কিছুদিনৰ আগতে বন্ধ কৰিব লগা হ’ল৷ কিছুদিন আগলৈকে মই লাইনৰ বনুৱাবোৰৰ উপৰিও দাঁতিকাষৰীয়া গাঁওবোৰত এই ব্যৱসায় কৰি ছয়জনীয়া পৰিয়ালটো চলাই আছিলো আৰু ল’ৰা দুটাকো পঢ়াই আছিলো৷ কেইদিনমান আগত কোনোবা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত বেচৰকাৰী সংস্থাই আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা মাদকদ্ৰব্য নিবাৰণী সভাৰ শেষত আয়োজক দলৰ কেইজনমান সদস্যই মোৰ ঘৰত চুলাই খাবলৈ বিচাৰি আহিছিল৷ মই দিব নোৱৰা বাবে সিহঁতে মোৰ ব্যৱসায় বন্ধ কৰি দিলে৷”

তেনেতে দেখিলো ওচৰতে থকা ছবছৰীয়া ল’ৰাটোৱে বাপেকে ইতিমধ্যে খালী কৰা বটলটোৰ আধা ফটা লেবেলটোৰ ইংৰাজী আখৰকেইটা পঢ়়িবলৈ চেষ্টা কৰি আছে৷ মঙলুৱে তেতিয়া খঙেৰে ক’লে, “হেৰৌ অসমীয়া যুক্তাক্ষৰ নিশিকাকৈ ইংৰাজী আখৰলৈ চকু নিদিবি৷ যিটো ভাষাত দুটা আখৰ একেলগ হ’ব নাজানে প্ৰথমেই সেইটো ভাষা পঢ়ি দুটি মন ক’ত একে হ’ব? দেখাত সৰল বস্তুত মৰম নাথাকে৷ মৰম পূজাত ওলোৱা সেই জিলাপীটোৰ নিচিনা বৰ পাকলগা, তথাপি মিঠা৷ দেখা নাই কালি মাৰে মৰমতে আঁঠু কাঢ়ি হ’লেও মোৰ নিচা কেনেকৈ আঁতৰাইছিল? আঁঠু কাঢ়ি যেনেকৈ মৰমত কৈছিল পুৰুষ হয় যদি বিছনা তলৰপৰা এতিয়াই ওলাই আহক তেতিয়াই মোদী চৰকাৰৰ ভাল দিনৰ সপোনবোৰৰ দৰেই মোৰ নিচা উৰি গৈছিল৷ তথাপিও আমি চাহগছৰ যত্ন লোৱাৰ কাৰণেহে তেওঁ চাহ বেচি বেচি প্ৰধানমন্ত্ৰী হ’ব পাৰিলগৈ, সেই বুলি বুকুফিন্দাই ক’ব পাৰো৷ ডিজিটেল ভাৰতৰ সুবিধা মোৰ নামতো আহিছে। মোৰ পৰা ভোটাৰ কাৰ্ড নি সিখন গাঁৱৰ উচ্চশিক্ষিত ল’ৰা এটাই তাৰ নিজৰ আঙুলিৰ চাপ বহুৱাই মোৰ নামত খোলা চি এচ পি একাউণ্টত সোমোৱা মোৰ জবকাৰ্ডৰ পইচা কেইটাৰে মাক বাপেকক এৰি নতুন ঘৰ এটি সজাইছে৷ মই নাপালেও বেলেগে হ’লেওতো পাইছে সেয়াই আমাৰ সন্তুষ্টি৷”
মঙলুৱে আকৌ আৰম্ভ কৰিলে, “কাৰ্তিকক আৰু নপঢ়াও বুলিহে ভাবিছো৷ সি জীৱনৰ প্ৰস্তুতিৰ বাবেই পঢ়াৰ নামত জীৱনৰ আধাখিনি সময় পাৰ কৰি দিয়াতো নিবিচাৰো৷ চান্স নেভাৰ কামচ দুবাৰ৷ এইবছৰ বাগানত সোমোৱাৰ সুবিধাতো পিছত নাপাবও পাৰে৷ স্কুলত এসাঁজহে ভাত পাব৷ তাকো অকলে পাব, আমি কি খাম? দুবেলা দুসাঁজ খাবলৈ হ’লে সি কাম কৰিবই লাগিব৷ ৷ সি উপাৰ্জন কৰিলে সৰুটোকে ভালদৰে পঢ়াব পাৰিম৷ ই বহুত কথা জানে৷ সেই জোনবাইলৈ যোৱা মানুহৰ নামো জানে৷ সিহে নঙলা এডাল গোটাব নোৱাৰা বাপেকক বঙলা কিনি দেখুৱাব পাৰিব৷”

মই ল’ৰাটোক এনেই সুধি চালো, “কোৱাচোন বাৰু চন্দ্ৰত প্ৰথম কোনে ভৰি দিছিল?”

সি টপৰাই উত্তৰ দিলে, “নীল আৰ্মষ্ট্ৰং৷”

মই কৌতুহলবশতঃ আকৌ সুধিলো, “তাৰপিছত কোনে ভৰি দিছিল?”
“সেইটো সুধিবলগা কথানেকি! ইমান দূৰৰপৰা গৈ নীল আৰ্মষ্ট্ৰঙে এটা ভৰি ডাঙি এনেকৈ জঁপিয়াই থাকিবনেকি?” এনেদৰে কৈ দেও দি দি ল’ৰাটো ৰাস্তালৈ ওলাই গ’ল৷
সেইদিনা মই নিজকে ছাত্ৰ আৰু মঙলুৰ পৰিয়ালৰ সকলোকে শিক্ষক যেন লাগিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *