ফটাঢোল

কবিজনক লগ পোৱা নহ’ল – অনন্ত বৰা

আমাৰ শ্ৰীমতীৰ লগৰ ছোৱালী এজনীৰ বিয়া । যাবলৈ মোৰ মন নাই । কিন্তু যেতিয়া গম পালো মই প্ৰায়ে শ্ৰীমতীৰ আগত আওৰাই থকা কবিতাৰ শাৰী কেইটামানৰ লিখক মোৰ প্ৰিয় কবি জনৰ ঘৰৰ বিয়া । কইনাবোলে মোৰ প্ৰিয় কবিজনৰ একেবাৰে নিকট আত্মীয় । মনটো ভাল লাগি গ’ল । বিয়াখনলৈ গ’লে কবিজনক লগ পাম । চিনাকি হম , কথা পাতিম । আই , পিতাই , নাঙল পথাৰৰ বিষয়ে ইমানবোৰ সুন্দৰ কবিতা তেওঁ কেনেকৈ লিখে , সুবিধা পালে সুধিব লাগিব । একেবাৰে মাটিৰ মানুহ চাগে দেই মোৰ প্ৰিয় কবিজন । সেই পিতাইক হেৰুৱাই ভাগি পৰা শাৰীটো উস , একেবাৰে বুকুৱেদি সৰকি যায় । এনেকুৱা সুবিধা ক’ত পাম । মানুহ জনক ওচৰৰ পৰা এবাৰ লগ পালে কিমান ভাল লাগিব ।

বিয়াৰ দিনা দুই মান বজাত গৈ বিয়া ঘৰ পালোগৈ । বৰ ডাঙৰ বিয়া নহয় । পিছে বৰ সৰুও নহয় । বিয়াৰ ৰভাত বহি আছো । মোৰ উদ্দেশ্য বিয়া খোৱা নহয় , কবিক লগ কৰা । পাৰিলে চিনাকি হোৱা । কইনাই আহি মাত দিলেহি । মোৰ চকু দুটাই বিয়া ঘৰৰ চুকে কোণে কবিক বিচাৰি ফুৰিছে । এপাকত শ্ৰীমতীয়ে দেখুৱাই দিলে কবিক । সেই জন , সেই জন । উৱা , সেইজনকটো মই অত দেৰি কেমেৰামেন বুলিয়েই ভাবি আছিলো । হালধীয়া টি চাৰ্ট এটাৰ লগত এসোপা মান জেপ থকা হাফ পেণ্ট এটা পিন্ধি আছে কবিয়ে । ডিঙিত ক’লা ফিটাৰে যথেষ্ট ডাঙৰ কেমেৰা এটা আঁৰি শান্ত হৈ একাষৰীয়াকৈ বহি আছে কবি । ভাবিলো এইটোৱেই চাঞ্চ । শ্ৰীমতীক তাতে এৰি অলপ ওচৰ চাপি গ’লো । কবিৰ ফালে মুখ কৰি অলপ হাঁহিমুখিয়াকৈ বহি আছো । নাই কবিয়ে মোলৈ চোৱা নাই । মাজে মাজে কবিয়ে কেমেৰাটো টোঁৱাই ক্লিক ক্লিক ফটো মাৰে । কেমেৰা মানে সেইটো কমেও লাখৰ ঘৰৰ দামী কেমেৰা হ’ব । মই মাজে মাজে কবিৰ মুখলৈ চাই মিচিকিয়াই আছো । নাই কবিয়ে মোৰ ফালে চোৱা নাই । এনেতে এজনে খাবলৈ খোৱা ঠাইলৈ যাব লাগে বুলি ক’লে । খাবলৈ বুলি উঠি আহিলো । শ্ৰীমতীয়ে লগৰ দুজনীমানৰ লগত কথা পাতি আছে । খোৱা ঠাই পাই বহিলো । মনতে ভাবিলো আজি কবিক লগ কৰা ন’হবগৈ নেকি ? ইমানকৈ কবিৰ ফালে চাই মিলিক মিলিক হাঁহি মাৰি থাকিলো এবাৰো গুৰুত্ব নিদিলে দেখুন । আকৌ ভাবিলো এইবাৰ দাইৰেক্ট চিনাকি হ’ব লাগিব । কবি মানুহ চিন্তা ভাৱনাবোৰ অলপ বেলেগ । মিচিকিয়া হাঁহিৰে অভিবাদন জনাই থাকিলে ন’হব । গাঁৱৰ ডেকা ল’ৰাবোৰেই খোৱা বস্তু বিলাই আছে । বৰ এটা ভালকৈ কামটো কৰিব পৰা নাই । কোনোবাই ভাত পাইছে দাইল পোৱা নাই , কোনোবাই পানী বিচাৰিছে , একবাৰে বেবেৰিবাং কাৰবাৰ দেখোন । খাই উঠি উলাই আহিব খোজোতেই এজনে বোলে খাই হ’ল যদি এই দাইলৰ টিংটো লোৱাচোন , সেইফালে মহিলা সকলে দাইল পোৱাই নাই । দাইলৰ বাচনটো হাতত দি মানুহজন আঁতৰি গ’ল । উপায় নাই লাগি গলো । কোনোবাই ভাজি পোৱা নাই , কোনোবাই দাইল পোৱা নাই , দি আছো । গিলাচত পানী বাকি দিছো , জলকীয়া দিছো । মুঠতে কবিৰ ঘৰৰ বিয়াত লাহে লাহে লিড ৰ’ল এটাই প্লে কৰিব লগা হ’ল দেখোন ।
এনেতে দেখিলো কবিও আহি খাবলৈ বহিছে । লগত সম্ভ্ৰান্ত মহিলাগৰাকী চাগে কবিয়নী । পানী অলপকে বাকি দিওঁ বুলি ওচৰ চাপি গলো । পাৰিলে ইয়াতে চিনাকিটোও হৈ লওঁ । নাই কবিয়নীয়ে বেগত লৈ অহা ব্ৰিচলেৰী পানী বটলৰ সাঁফৰ খুলি কবিৰ গিলাচত ঢালি দিছে । আঁতৰি আহিলো ,দাইলৰ বাচনটো হাতত লৈ কাৰোবাৰ লাগিব নেকি সুধি আছো ।
: বাইদেউ দাইল অলপ দিম নেকি ?
ভালকৈ চাই দেখিলো । বাইদেউ মানে সেইয়া আমাৰ শ্ৰীমতী । মোৰ ফালে খঙেৰে চাই আছে ।
: কি আচৰিত মানুহ আপুনি । কি কৰিছে এইবোৰ !
হাঁহি এটা মাৰি আঁতৰি আহিলো । এইবাৰ এজনে লগ ধৰিলে তিনিআলিৰ পৰা তেওঁৰ লগত গৈ মাছ অলপ আনি দিব লাগে । মাছ কমি গৈছে বোলে । তিনিআলি পালোগৈ এইবাৰ ।
এনেতে শ্ৰীমতীৰ ফোন ।
: ক’ত আছে আপুনি । সোনকালে ঘৰলৈ ব’লক ।
: মাছ আনিবলৈ এজনৰ লগত তিনিআলিলৈ আহিলো ।
: কাম নাই আপোনাৰ । সোনকালে আহক ।
আহি পাই দেখিলো । শ্ৰীমতীয়ে মুখ ফুলাই আছে । মোৰ প্ৰিয় কবিয়ে দামী কেমেৰাৰে ক্লিক ক্লিক ফটো মাৰি আছে । কবিক লগ কৰা আৰু ন’হল সেইদিনা । কথাটো মনত পৰিলে মোৰ এতিয়াও হাঁহি উঠে।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *