ফটাঢোল

অণুগল্প – মৃদুস্মিতা অংকুৰ ৰাজ

১) তীখৰ-পুৰাণ
দুপৰীয়া ভনীয়েকক শুৱাবলৈ লওঁতেই ওচৰৰ খুড়া শহুৰেক সোমাই অহা দেখি মাকে তীখৰক ককাকক অলপ সময় বহিবলৈ ক’বলৈ পঠিয়ালে। তীখৰে মাকক ক’লে,-“তাতকৈ আবেলি আহিবলৈ কওঁ নি..তুমি নাই বুলি কওঁ!”
শুবলৈ লোৱা মাকেও ভাবিলে, আবেলি লুচি ভাজি বনাই খুড়াক মাতি দিম। খুড়াই লুচি খাই ভাল পায়। পিচে সদায় টান টান আখৰ জোঁটনিবোৰ সুধি থকা ককাকক তীখৰে যিষাৰহে ক’লেগৈ, তেওঁ আৰু তীখৰহঁতৰ ঘৰলৈ নহাই হ’ল। সি গৈ ক’লেগৈ,-” ককা, মায়ে মা নাই বুলি কৈ পঠিয়াইছে”।
মাকৰো ভুল আছিল, তীখৰকনো বিশ্বাস কৰিব লাগেনে!

২) তীখৰ – পুৰাণ
তীখৰে পূজাত পূজা মন্দিৰৰ সন্মুখতে জেলেপিৰ দোকান দিবলৈ পাঙিলে। তাকে ধৰি সেইখিনিত জেলেপিৰ চাৰিখন দোকান হ’ল। প্ৰথম দিনাই দেখিলে এখনত টিঙতে চূণেৰে লিখি দিছে,-” ইয়াত যোৰহাটৰ ভিতৰতে সুস্বাদু জেলেপি পোৱা যায়”।
এক ঘণ্টা মানৰ পাছত দেখিলে, আনখনত লিখিছে,-” ইয়াত অসমৰ ভিতৰতে ভাল জেলেপি পোৱা যায়”।
আকৌ অলপ সময়ৰ পাছতে দেখিলে বাকী থকাখনত লিখিছে,-” ইয়াত উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ ভিতৰতে সুস্বাদ যুক্ত জেলেপি পোৱা যায়”।
এইবাৰ আমাৰ তীখৰৰ পাল। সকলোৱে ভাবিছে তীখৰেতো ভাৰতৰ ভিতৰত ভাল বুলিয়ে লিখি দিব। তীখৰেও চূণ টিং গোটাই লিখি দিলে, -” এই ৰাষ্টাত থকা আটাইতকৈ সুস্বাদু জেলেপিৰ দোকান।”

৩)চুঙা চাই সোপা
মিচেছ দৰৱধৰানিৰ ভাড়াঘৰলৈ সম্বন্ধীয়া খুড়ী শাহুৱেক আহিল খবৰ নিদিয়াকৈ। স্বামী তথা নিজৰ শাহুৱেকে আপত্তি নকৰাত দিনত নাইটিকে পিন্ধি থাকে বাবে খুড়ী শাহুৱেকেও নাইটিতে দেখিলেহি। লগে লগে মুখ চোকা খুড়ী শাহুৱেকে ক’লে,- “জোৰোণত ইমান দামী দামী পাটৰ চেটবোৰ এনেই দিলো। তম্বুৰ নিচিনা এইটো পিন্ধিবলে ল’লাইচোন!”
জোকৰ মুখত চূণ দিয়াত উস্তাদ মিচেছ দৰৱধৰানিয়েও ক’লে,- “ এইমাত্ৰ পাটৰ কাপোৰ খুলিছিলোহে..ভাত বনাবলৈ যাওঁতে মেইন চেটযোৰ পিন্ধি লওঁ আৰু ৰাতি শুওঁতে ডিজাইনাৰৰ পৰা কিনা সেই মণি লগোৱা যোৰ পিন্ধি লওঁ।”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *