ফটাঢোল

কলিকালৰ দৈত্য – বিকাশ নাথ

আদিতে দুজন দৈত্য, প্ৰভূ নাৰায়ণৰ মহান ভক্ত আছিল,তেওঁলোকে ভগৱানৰ পৰা বৰ লৈছিল যে যেতিয়াই জগত তাৰন মাহাপ্ৰভূ বিষ্ণুৱে অৱতাৰ ধাৰন কৰি মৰ্ত্যত লিলা কৰিব তেতিয়াই তেওঁলোকেও তাত স্থান পাব (ভিলেইন ৰূপে)…

সেইমতে…
সত্য যুগত – হিৰণ্যকশিপুৰ আৰু হিৰণাক্ষ্য
ত্ৰেতা যুগত – ৰাৱণ – কুম্ভকৰ্ণ
দ্বাপৰ যুগত – শিশুপাল আৰু জৰাখণ্ড ৰূপে অৱতাৰ লৈছিল

দ্বাপৰৰ শেষত দুই ভক্তই প্ৰভূক সুধিলে যে “কলি কালত আমি কি ৰূপে অৱতাৰ লম,তাৰ বিষয়ে একো নকলে”

তেতিয়াই প্ৰভূৱে কলে___

“কলিযুগত মই মানৱ অৱতাৰ ধাৰণ নকৰো,কিন্তু তোমালোক দ্বয়ৰ অবিহনে কলিৰ লিলা আধৰুৱা হব.,সেয়েহে তুমালোকে কলিত #ডিজেল আৰু #পেট্ৰল ৰূপে অৱতাৰ লবা আৰু তোমালোকৰ অৱিহনে কোনো চলিবও নোৱাৰিৱ… আৰু তোমালোকৰ প্ৰতাপ ইমানেই বৃদ্ধি হব যে পৃথিৱীৰ কোনোৱেই শান্তিত থাকিব নোৱাৰিব,সি ৰজাই হওক কিম্বা প্ৰজাই হওঁক.. আৰু শেষলৈ যেতিয়া পৃথিৱীত অন্যায় অপৰাধে ভয়ংকৰ ৰূপ লব., তেতিয়াই তোমালোকে অন্তৰ্ধ্যান হবা, তাৰ পিচৰ অধ্যায় মই লিখি আছো ”
আৰু সেয়েহে এতিয়া এই দুই মহাদৈত্যই পৃথিৱীত ত্ৰাসৰ সৃষ্টি কৰি আছে |

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *