ফটাঢোল

ফটা-প্ৰেম – মিৰাজুল ৰছিদ

প্ৰেমগুটি ওলোৱাৰ বয়স তেতিয়া৷ প্ৰেমত পৰিলে হেনো গালে-মুখে প্ৰেমগুটি ওলায়৷ অৱশ্যে মোৰ ক্ষেত্ৰত ওলোটা হৈছিল৷ আগতে প্ৰেমগুটি ওলাইছিল আৰু তেতিয়া মোক দানা দিবলৈ কোনো ছোৱালী নাছিল জীৱনত৷ লগৰ বোৰে সান্তনা দিছিল, “আৰে ভাই! টেনচন নল’বি, চাই থাক তোৰ যিমানটা প্ৰেমগুটি ওলাইছে গালত সিমানজনী গাৰ্লফ্ৰেণ্ড পাবি৷ ১০০ শতাংশ গেৰেণ্টি”৷ মই ল’ৰাটো বৰ পজিটিভ, আফটাৰঅল মোৰ ব্লাড গ্ৰুপো ‘বি’ পজিটিভ৷ ভাৱিলোঁ হয়, নিশ্চয় এনে এটা দিন আহিব যিদিনা মিৰাজৰ গাৰ্লফ্ৰেণ্ড আঙুলিৰ মূৰত কোনো কাৰণত গণনা কৰি শেষ কৰিব পৰা নাযাব৷ দিন বাগৰিল৷ নাই নাহেহে নাহে৷ গাৰ্লফ্ৰেণ্ড পাবলৈ কি কি কৰা নাছিলোঁ হায়! তেতিয়া ফেচবুক হোৱাটচএপ নাছিল আৰু সেই দিনতে ১৩ টকাৰ মেচেজ পেক ভৰাই “ সপোনত পূজাৰীয়ে এটা সাপ দেখিলে, সাপটোৱে ক’লে এই মেচেজটো ৭ জন বন্ধুক পঠাওক ভাগ্য পৰিবৰ্তন হ’ব…“ ইত্যাদি ধৰণৰ কিবা লিখা থকা মেচেজ এটা ৭ টা ফোন নম্বৰত পঠাই দিলোঁ৷ মনতে ভাৱিলোঁ, এই নম্বৰ কেইটাৰ এটা নম্বৰ অন্তত ধুনীয়া ছোৱালী এজনীৰ হওক৷ ভাগ্য পৰিৱৰ্তনৰ দিন আছিল হয়তো সেইদিনা৷ এটা নম্বৰৰ পৰা ফোন আহিল৷ মোক ৰাখে কোনে, লগে লগে ফোন ৰিচিভ কৰি মিহিকৈ ক’লো- ‘হেল্লো! ’ বুকুত ৰাজধানী এক্সপ্ৰেছ দৌৰিছে; এটাই আশা আনটো ফালে ছোৱালীৰ মাত শুনো যেন৷ “হেল্লো! ” মনতে, আইল্লা, সঁচাকৈ ছোৱালীৰ কণ্ঠ বে৷ মই আৰু অলপ মিহি হ’লো, “হয় কওঁকচোন৷ “ “হয় মোৰ নম্বৰত মেচেজ এটা আহিছিল, কোন হয় আপুনি? ” “হয়, আচলতে এই মেচেজটো ৭ জনক পঠাব লাগে, মোৰ তাত পঠাবলৈ ৬ জন বন্ধুহে আছিল, গতিকে এটা নম্বত এনেই মাৰি দিলোঁ আৰু আপোনাৰ তালৈ গ’ল মেচেজটো৷ বেয়া নাপাব দেই”৷ উফ! লগে লগে সিফালৰ পৰা মিঠা হাঁহিৰ মৃদু সুৰ এটা ভাঁহি আহিল৷ তাইয়ো চাগে মোৰ দৰে ইমান দিনে প্ৰেমৰ খেতি কৰিবলৈ মাটি বিচাৰি আছিল৷ মানে একে নাওৰ যাত্ৰী৷ তাই ক’লে, আপুনি মোক তুমি বুলি ক’ব দেই৷ অ’ আপোনাৰ নামটো কি নো? মই- মিৰাজ৷ তাই- কি কোৱা (তাইয়ো আপুনিৰ পৰা তুমিলৈ নামিলে )? মোৰ জানা বেষ্ট ফ্ৰেণ্ড স্কুলৰ দিনৰে তাৰ নাম মিৰাজ আছিল৷ কিন্তুু বহু বছৰ হ’ল তাৰলগত কোনো যোগাযোগ নাই৷ তুমিয়ে নেকি সেইজন মিৰাজ? মই- নাই দেই মই সেইজন নহয়৷ তাই- হ’ব বাৰু আজিৰ পৰা তুমিয়ে মোৰ একমাত্ৰ ল’ৰা বন্ধু৷ মোৰ জানা কোনো ল’ৰা বন্ধু নাই৷ ৰাইজ, আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ কেতিয়াবা আপুনি অচিনাকি ঘৰ এখনত প্ৰথমবাৰ যাওঁতে যদি আপোনাক পানী দিয়ে জানিব যে বৰ ভাল মানুহঘৰ৷ যদি আপোনাক চাহ যাচে তেন্তে জানিব মানুহঘৰে মানুহক তৎক্ষণাত বিশ্বাসত লয় আৰু সন্মান কৰে৷ কিন্তুু … কিন্তুু, যদিহে অচিনাকি মানুহ এঘৰলৈ যোৱাৰ পিছতে আপোনাক টিভি ৰুমত বহিব দি মূৰ্গী মাৰি ভাত খাবলৈ দিয়ে তেন্তে জানিব যে, দালি মে কুচ কালা আছে৷ মোৰ ক্ষেত্ৰতো তেনেকুৱা হ’ল৷ চিনাকি হোৱাৰ দিনাখনেই ৰাতি তাই মোক ক’লে- আমি আজি একে সময়তে ভাত খাম দিয়া হা, ফোনটো লাইনত থ’বা, পাৰ্টি কৰা যেন লাগিব৷ আৰে মৰতীজনীয়ে কি বুজিব বৰলাৰ ৰূমত কিহৰ তৰকাৰী চলে৷ তাই সিফালে মাংস চুপি চুপি শব্দ শুনাই আছে আৰু মই আলু পিতিকাৰে দিনৰে ঠাণ্ডা ভাত খাই আছোঁ৷ কেনে এক পৰিবেশ ভাৱকচোন৷ তথাপি এইজনীক হাতৰ পৰা যাব দিব নোৱাৰি৷ প্ৰথমে এবাৰ লগ কৰিব লাগিব, থৌপৰাটো কেনে চাব লাগিব নহ’লে ইমানসোপা চেনি এনেই যাব৷ আমি ভৰলুত লগ হলোঁ৷ সেয়া মোৰ প্ৰথম ডেট৷ তাইক লগ পালোঁ৷ ৰক্ষা ছোৱালীজনী দেখাত ধুনীয়া । মানে দেখিলেই গম পায় মোতকৈ ভাল ল’ৰা আৰামত পাব৷ মই তেতিয়া আচলতে এনে এটা ৰেঞ্জত আছিলোঁ যে, যিজনী মোৰ গাৰ্লফ্ৰেণ্ড হ’ব, সেইজনীয়ে বহুবাৰ বহু ল’ৰাৰ দুৱাৰত টোকৰ দি দি ক’তো পাত্তা নাপালে৷ মানে একেবাৰে ৰিজেক্টেডজনীহে মোৰ লগত মিলে৷ আপুনকা থৌপৰা হি এইচা থা… যি কি নহওক, তাই যে মোতকৈ দেখাত বহুত ভাল সেইটোৱে একমাত্ৰ কাৰণ আছিল যাৰ বাবে মই মনতে ভাৱি লৈছিলোঁ-তাই যি বিচাৰে তাকেই কৰিম তথাপি এৰিব নিদিওঁ ৷ তাই কবিতা ভাল পাইছিল আৰু তেতিয়া মই কবিতা মানে “ প্ৰিয়তমাৰ চিঠি “ বা “ মোৰ দেশ“ এইবোৰৰ বিষয়েহে জানিছিলোঁ৷ তাই মোক সুধিছিল, “মিৰাজ তোমাৰ প্ৰিয় কবি কোন? ” মইনো কি জানো, আজিকালি যে নতুন নতুন কবি ওলাইছে, মই কিতাপত পোৱা নাম এটা মানে নৱকান্ত বৰুৱা বুলি কৈ দিলোঁ৷ তাই খিলখিলকৈ হাঁহি কলে, “ধেৎ, এতিয়াৰ দিনৰ কোৱা অ’৷ ” মই পৰি গ’লো বিপাঙত৷ কাকো চিনিয়েই নাপাওঁ, আৰে মই কবিতা নপঢ়োৱেই আকৌ, কি নাম কওঁ৷ বৰ লাজ পালোঁ৷ তাৰ পিছতহে যেনিবা লগৰ এক্সপাৰ্ট কেইজনৰ এজনৰ পৰা গম পালোঁ কিবা নিলীম কুমাৰ বুলি বৰ পপুলাৰ কবি এজন আছে হেনো ৷ অলপ ৰিচাৰ্চ কৰি দুটামান কবিতা পঢ়িলোঁ সেইজনা কবিৰ৷ যি কি নহওক নেক্সট ডেটত নিজৰ এটিটিউদক জীয়াই ৰাখি ওলোটাই সুধিলোঁ তাইক, ঐ তুমি নিলীম কুমাৰৰ “ৰুবী গুপ্তা“ কবিতাটো পঢ়িছানে? তাই- অহ্! নাই পঢ়া, কিন্তুু শুনিছোঁ কবিতাটোৰ নামটো৷ অহ্ মিৰাজ তুমিও মানে কবিতা ভাল পোৱা ন? মই– কি কথা কোৱা, কবিতা নপঢ়িলে মোৰ দিনটো পাৰ নহয় অ৷ বৰ ভাল পাওঁ কবিতা৷ “ৰুবী গুপ্তা“ কবিতাটোত কবিয়ে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ লগত ৰুবী গুপ্তাৰ জীৱনৰ যি সংযোজন কৰিছে, উফ, মানিব লাগিব৷ তাই মোৰ কথা শুনি ‘ইমপ্ৰেচড’ হৈ গ’ল৷ ভাৱিলে, মিৰাজ এক্কেবাৰে কবিতাৰ বিষয়ে বহু কথা জনা ল’ৰা দেই৷ দিন বাগৰিল৷ আমাৰ প্ৰেম আগবাঢ়িল৷ কেতিয়া দুয়োৰে মাজত ভালপোৱাৰ জন্ম হ’ল গমেই নাপালোঁ৷ এবাৰ ‘ডেট’ত তাই লগৰ ‘বেষ্টি’জনীক লৈ আনিলে৷ উদ্দেশ্য মোৰ লগত চিনাকি কৰাই দিব৷ তাইৰ বান্ধৱীয়ে মোক দেখি হাঁহো নাহাঁহো কৈ হাঁহি এটা মাৰি দিলে৷ লগে লগে মোৰজনীৰ কাণে কাণে ক’লে, ( যিখিনি ক’লে ফুচফুচাই, তাৰ ‘ফ্ৰিকুৱেনচি’ ইমানেই তীব্ৰ আছিল যে, মই স্পষ্টকৈ শুনা পালোঁ) “ঐ তই ল’ৰা নাপালি আৰু হা? এইডালতকৈ দেখোন আমাৰ লগৰ ভকচেলেই বহুত ভাল অ’৷ “ মোৰ জনীৰ ইগো’ত লাগিল চাগে৷ তাই ক’লে, “তই এনেকৈ কোৱাৰ সাহস ক’ত পালি হা? ” মই ভাৱিলোঁ, “বাঃ মোৰজনীয়ে মোক ইমান চাপোৰ্ট কৰে! ” তাই আকৌ ক’লে, “তই নেক্সট মিৰাজক লৈ বেয়াকৈ একো নক’বি৷ সি দেখাত বেয়া হ’লে কি হ’ব হা? ? তাৰ মনটো কিমান ভাল তই জাননে? ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে”৷ উফ! মোৰজনীৰ এনে চাপোৰ্টে মোৰ বুকুখন হানি-খুচি থেৰথেৰিয়া কৰি দিলে ঔ, কি যে ক’ম! মই জানো দেখাত ঠিক নাছিলোঁ মই, পম যোৱা জনি লিভাৰ যেন আছিলোঁ চাগে দেখাত৷ কিন্তুু হ’লেও এনেকৈ মোৰ আগত ক’ব লাগেনে বাৰু? এইখিনি হোৱাৰ পিছত নিজৰ আত্ম-সন্মানৰ কথাও আহে দিয়কচোন৷ সেইদিন ধৰি এইজনী ছোৱালীৰ লগত থকা সকলো বৈধ-অবৈধ, অপেন-ক্লোজ সব ৰিলেচন শেষ কৰি দিলোঁ৷ মনটোক সান্ত্বনা দিলোঁ, ‘আল ইজ ৱেল! আল ইজ ৱেল! মিৰাজ তোৰ ষ্টেণ্ডাৰ্দৰ ছোৱালী আছে, চিন্তা নকৰিবি পাই যাবি এদিন৷ এইজনী এনেও অলপ লগাতকৈ বেছি ধুনীয়া আছিল আৰু অত্যধিক বেছি সকলোতে বেয়া’ ৷ ৰাইজ, তেতিয়াৰ পৰা চিংগল পৰি আছোঁ৷ না ঘাট কা না…… এ পাহৰিলোঁ কি আছিল ডায়লগটো৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *