গাখীৰ চাহ – মনজিৎ বৰা
দিগু কাইৰ ঘৰলৈ গৈছিলো বি এছ এন এলৰ চিম বেছিবলে,চিমো ল’লে চাহো খুৱালে। মইতো হতচকিত যে কৃপণৰ ঘৰত এইয়া কেনেকৈ সম্ভৱ? আলহীক গাখীৰ চাহ? তাকো ফুল কাপ। চিন্তা এটা থাকিলেও পাইচো যেতিয়া খাই দিওঁ বুলি দুহোপা মাৰোঁতেই শিলগুটি এটাই দাঁতত খুন্দা মাৰিলেহি। মই খঙত ঘোপাকে চালো দিগুলে। সি মোৰ খং উঠা যেন পাই মৰমেৰে মোক শান্ত কৰিবলে মৰম সনা মাতেৰে কব ধৰিল–
: চা, তই মোৰ পুৰণি ফেৰেন্দ মোক ঘৰত আহি ফিৰি চিম দিছ। গতিকে তোক চাহ কাপ খুওৱাটো মোৰ দায়িত্ব। মোক মানুহে কৃপণ বুলি কব পাৰে কিন্তু তোৰ লগত কৃপণালি নকৰো আৰু দেচোন। কালি সকামৰ পৰা অনা পায়স খিনি চেপি ওলোৱা চাউল ভাগ ভাত বুলি খালো কিন্তু চেপি উলিওৱা গাখীৰ খিনি তই আহিবি বুলি থৈ দিছো তোক গাখীৰ চাহ খুৱাম বুলি। এওঁ আজি এমাহ আগৰ পৰা আলহীয়ে এৰি যোৱা চাহ কাপৰ তলত পৰি ৰোৱা চাহ খিনি গোটাই গৈছে যেতিয়া যেনেকৈ পাৰে। পুৱাৰে পৰা ৰ’দত গৰম কৰিছে তোক চাহ কাপ গৰমে গৰমে খুৱাম বুলি। মাছৰ কেচা চাহৰ চেঁচা বেয়া পাৱ বুলি তাই জানে। পুৱা ৰ’দত থাকি থাকি ফুল চাহ কাপ আধা হৈ গ’ল ইফালে তয়ো আহি পালি কি কৰোঁ কি নকৰোঁ কৈ সেই কাউৰীৰ কাহিনীটো মনত পৰিল সেয়ে শিল এটা ধুই পখালি কাপটোত ভৰাই তোৰ চাহ কাপ ফুল কৰি দিলো। দেখিলি আমি দুয়োটাই কিমান ভাবো তোৰ বাবে। তই আকৌ ওলোটাই খংহে কৰিছ আমাক। ……
মোলে কবলে একো নথলেই, তাক সেৱা এটা কৰি ঘৰ মুৱা হলো জিভাত পায়সৰ গাখীৰে বনোৱা চাহৰ জুতি লৈ৷
☆★☆★☆