ফটাঢোল

চোৰ – অনুৰূপ মহন্ত

মোৰ একেবাৰে সৰু কালৰ কথা৷ অলপ বুজা হোৱাত দেউতা মাৰ মুখৰ পৰাহে শুনা।

মা দেউতা দুয়োজনেই শিক্ষা বৃত্তিৰ লগত জড়িত৷ কৰ্মসূত্ৰে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত চৰকাৰী আৱাস গৃহত থাকিছিলো আমি৷ ওচৰ পাজৰৰ মানুহ প্ৰায়বোৰেই দেউতা মাক চিনি পাইছিল আৰু যথেষ্ট সন্মানো কৰিছিল৷

মই কেঁচুৱা বাবে মা তেতিয়া ছুটিত আছিল৷ দেউতা অফিচলৈ ওলাই গৈছে৷ পিয়ন জনে আহি মাক খবৰ দি গ’ল, বোলে, ছাৰৰ এতিয়া ক্লাছ নাই বাবে টাউনৰ ফালে ওলাই গৈছে, চিন্তা নকৰিবলৈ কৈ পঠিয়াইছে৷ মায়েও ঘৰুৱা কামত লাগি আছে৷

তেনেকুৱাতে অচিনাকি মানুহ এজন আহি ওলালেহি৷ হাতত লৈ আহিছে এটা প্ৰায় দুই কিলো মান ওজনৰ ৰৌ মাছ৷ মাক নমস্কাৰ জনাই ক’লে, বোলে, ‘বাইদেউ, ছাৰ বজাৰৰ ফালে ওলাই গৈছিল। মাছটো দেখি পছন্দ হ’ল যদিও হাতত পইচা লৈ যাবলৈ পাহৰিলে বোলে৷ সেই বাবে মোৰ হাততে মাছটো দি পঠিয়াইছে আৰু আপোনাক মাছৰ বাবদ ২০০ টকা আৰু ছাৰৰ বেলেগ বজাৰ কৰিবলৈ ১০০ টকা দি পঠিয়াবলৈ কৈছে৷ একদম লোকেল আৰু তাটকা মাছ বাইদেউ, খাই বৰ ভাল পাব৷

মা অলপ আচৰিত হৈছিল ইমান ডাঙৰ মাছটো দেখি। কাৰণ তেতিয়া মাত্ৰ দুজন মানুহে খাবৰ বাবে দুই কিলো ওজনৰ মাছৰ কোনো প্ৰয়োজন নাছিলেই৷ আজি কালি হোৱা হ’লে মোবাইলত ফোন কৰিয়েই সুধিব পাৰিলেহেঁতেন, তেতিয়া সেইটোৰো সুবিধা নাছিল৷

দেউতাই মাছ খাই বৰ ভাল পাইছিল, ভাল মাছ পালে যেনে তেনে কিনিছিলেই৷ আৰু মাৰ ডাঙৰ মাছৰ ওপৰত ইমান অভিজ্ঞতা নাছিল৷ কোনটো ভাল কোনটো বেয়া মায়ে ইমান নাজানিছিল৷ মায়ে মানুহ জনৰ কথাই হয় বুলি ভাবিলে আৰু মাছটো ৰাখি টকা তিনিশ মানুহজনৰ হাতত দি দিলে৷

ইফালে মানুহজনৰ সেইবাৰ চকু পৰিল দেউতাই নতুনকৈ কিনা ৰেলি চাইকেলখনৰ ওপৰত৷ তেওঁ ক’লে, “বাইদেউ সময়ো যথেষ্ট হৈছে, ছাৰৰ চাইকেলখনকে লৈ যাওঁ নে? ছাৰেও ঘূৰি আহোঁতে ইমান দূৰ খোজ কাঢ়ি আহিব নালাগিব৷ আৰু ৰ’দটোও বৰ চোকা, ছাতিটোও দিয়ক নহ’লে, ছাৰৰ কষ্ট নহ’ব আহোঁতে৷”

মায়েও ইমান নাভাবি মানুহজনৰ কথাতে সন্মত হ’ল আৰু মানুহজনক চাইকেল, ছাতি দি পঠিয়ালে৷ মানুহজন যোৱাৰ দুঘণ্টামানৰ পাছত দেউতা খোজ কাঢ়ি আহি ওলালহি৷ মায়ে বোলে চাইকেল কি হ’ল? দেউতা আচৰিত, তেখেতেতো চাইকেল নিয়াই নাছিল!

তেতিয়াহে মায়ে সমস্ত কাহিনীটো ক’লে৷ লৰা লৰিকৈ দেউতাই মাছটো চালেগৈ৷ একেবাৰে তাটকা মাছ বুলি মানুহটোৱে কোৱা মাছটো ইতিমধ্যেই অলপ গেলিবলৈ ধৰা চালানী মাছহে আছিল যিটোৰ দাম পঞ্চাশ টকাও নহ’লহেঁতেন৷

মোৰ আজলী মায়ে তেতিয়াহে বুজি পালে যে তেওঁক চোৰে পালে৷ পঞ্চাশ টকাৰ গেলা মাছটো দি নগদ ধন তিনিশ, এক হাজাৰ টকাৰ নতুন চাইকেল আৰু এশ টকাৰ ছাতি সৰকালে চোৰটোৱে৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *