ফটাঢোল

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব – হীৰকজ্যোতি দাস

এই যে সদায় আমি দোষাৰোপ কৰি থাকোঁ যে অসমত বহিৰাগতে আহি চাকৰি ল’লে, আমি অসমীয়াবিলাকে নাপাওঁ৷ কেন্দ্ৰই আমাক মাহীআইৰ দৃষ্টিৰে চায়, সঁচা কথাত ক’বলৈ গ’লে কথাবোৰ এনেকুৱা হয় জানো? আমি কিমান অধ্যয়নশীল, আমি কিমান পৰিশ্ৰমী৷ নিজকে চিকুটি চাই যদি এবাৰ সোধো সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতাত ভাগ লব পাকৈ আমি সক্ষমনে? সেই মানসিক উদ্যম আৰু শক্তি আছেনে যে আমি দীৰ্ঘসময়লৈ প্ৰতিযোগিতাত টিকি থাকিব পাৰোঁ৷

প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ মূল লক্ষ্যই হৈছে শ্ৰেষ্ঠতমজনক নিৰ্বাচন কৰা৷ তাৰ বাবে লক্ষজনৰ লগত প্ৰতিযোগিতা কৰাৰ বাবে উদ্যম, অধ্যয়ন, জ্ঞান আৰু প্ৰতিযোগিতামূলক মনোভাৱ থাকিব লাগিব৷ লগতে নিৰ্দিষ্ট লক্ষ্য, সুস্পষ্ট পৰিকল্পনা আৰু মানসিকভাবে ধৈৰ্যশালী হ’ব লাগিব।
প্ৰতিযোগিতামূলক ক্ষেত্ৰখনৰ ভিতৰত বৰ্তমান সময়ত আটাইতকৈ বেছি খালী পদ ওলোৱা বিভাগকেইটা হ’ল বেংকিং, ইন্সুৰেন্স, ষ্টাফ ছিলেকচন কমিচন, ইউ পি এচ চি, আৰু ৰাজ্যৰ ভিতৰুৱা অসামৰিক সেৱাৰ পৰীক্ষাবোৰ৷ এই সকলো পৰীক্ষাৰে পৰীক্ষাৰ চিলেবাচ আৰু প্ৰশ্নশৈলী বেলেগ বেলেগ হয়৷ প্ৰতিটো বিভাগৰ বিষয়ে নিৰ্দিষ্টকৈ এই কম পৰিসৰত আলোচনা কৰা সম্ভৱ নহয় কিন্তু সকলোৰে বাবে প্ৰয়োজনীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ, অনলাইন ‘ষ্টোৰ’ৰ পৰা অধ্যয়নৰ আৰু অভ্যাসৰ শৈলী কেনে হোৱা উচিত তাৰ বিষয়ে আলোচনা কৰিম৷

প্ৰায় বেছিভাগ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে স্নাতক ডিগ্ৰী হ’লেই যথেষ্ট৷ সকলোৱে ভবাৰ দৰে এই পৰীক্ষাসমূহৰ বাবে একো একোজন চানক্য হব নালাগে৷ যদি আপুনি ভাবিছে যে আপোনাৰ কেৰিয়াৰৰ বাকী পৰীক্ষাবোৰত আপোনাৰ নম্বৰ কম, নিৰাশ নহ’ব৷ সঁচা ক’বলৈ গলে প্ৰতিযোগিতামূলক পৰীক্ষাত বহাৰ পিছত নম্বৰ বা গ্ৰেড একেবাৰেই মূল্যহীন৷ যিহেতু এটা নিৰ্দিষ্ট পৰীক্ষাসূচীৰ দ্বাৰা যোগ্যতা নিৰূপণ কৰা হয় সেয়ে পুৰণি গ্ৰেডক লৈ চিন্তিত নহ’ব৷ পৰীক্ষাটোৰ বাবে নিজক মানসিক আৰু বৌদ্ধিক দিশৰ পৰা শক্তিশালী কৰক, শেষ মুহূৰ্তলৈকে নিজক শক্তিশালী কৰি ৰাখক, জয় আপোনাৰেই৷

কি পৰীক্ষা দিবঃ

প্ৰশ্ন আহিল আপুনি এই পৰীক্ষাসমূহৰ কোনটো পৰীক্ষাত বহিব? মই সাধাৰণতে সহায় হ’ব পৰা বা সকলো শ্ৰণীৰ লোকে বহিব পৰা পৰীক্ষাকেইটাৰ কথা আলোচনা কৰিছো৷ এজন সাধাৰণ স্নাতকে বেংকিং, ইন্সুৰেন্স, ষ্টাফ চিলেকচন কমিচন, অসামৰিক সেৱাৰ পৰীক্ষাসমূহ দিব পাৰে৷

প্ৰতিটো পৰীক্ষাত গণিত, ইংৰাজী, যুক্তি সক্ষমতা, আৰু সাধাৰণ জ্ঞান এই বিষয়কেইটা মূল বিষয় হিচাপে থাকে৷ ধৰক আপুনি অংক ইংৰাজীত চোকা কিন্তু সাধাৰণ জ্ঞানত অলপ কেঁচা, দীৰ্ঘ সময়লৈকে আপুনি পঢ়িব নোৱাৰে, বা আপোনাৰ হাতত বহুত সময় নাই এটা কামৰ বাবে তেন্তে বেংক, ইন্সুৰেন্স বা ষ্টাফ চিলেকচন কমিছন আপোনাৰ বাবে সহজ হ’ব৷

আনহাতে আপুনি যদি দীৰ্ঘ সময় পঢ়াৰ বাবে দিব পাৰে, সাধাৰণ জ্ঞানত চোকা, দেশ বিদেশৰ বাতৰি আপুনি নিয়মীয়াকৈ পঢ়ে তেন্তে অসামৰিক সেৱাৰ ক্ষেত্ৰখনত আপুনি যাবলৈ পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একেলগে গোটেইকেইটা পৰীক্ষা বাচি নল’ব, এটা নিৰ্দিষ্ট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওক, কাৰণ একেলগে অধিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে বিষয়বস্তুৰ সামঞ্জস্যহীনতাৰ বাবে অসুবিধাত ভোগা নিশ্চিত৷ সেয় নিজৰ শক্তিশালী বিষয়খিনি বুজি লৈ নিজৰ পছন্দৰ পৰীক্ষাত বহিব।

কি কি কিতাপ পঢ়িবঃ

প্ৰতিটো পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ধৰণ বেলেগ বেলেগ, তথাপি যিহেতু কেইটামান নিৰ্দিষ্ট বিষয় সকলো পৰীক্ষাতে প্ৰয়োজনীয় সেইখিনিৰ কথা আলোচনা কৰা যাওক৷ প্ৰতিটো পৰীক্ষাত থকা মূল বিষয় কেইটা হৈছে, গণিত, ইংৰাজী, ৰিজনিং এবিলিটি, কাৰেণ্ট এফেয়াৰ, সাধাৰণ জ্ঞান৷ আজিকালি কম্পিউটাৰকো কোনো কোনো পৰীক্ষাত বিষয় হিচাপে লোৱা হয়৷ কেৱল প্ৰতিটো বিষয়ৰ পুৰণা প্ৰশ্নকাকত লৈ চাব লাগিব যাতে বিষয়বোৰৰ পঢ়াৰ ধাৰাটো সেই পৰীক্ষাৰ সমানুপাতিক হয়, যেনে বেংকৰ বাবে গণিতৰ জ্ঞান এচ এচ চি পৰীক্ষাৰ সমান নহলেও হয়৷
আগতেই কোৱা হৈছে যে বিষয়বোৰৰ সমস্ত জ্ঞান লৈ পৰীক্ষা দিবৰ প্ৰয়োজন নাথাকে, বিশেষকৈ প্ৰতিটো পৰীক্ষাৰ নিজা সূচী আছে, সেই সূচীমতে সেই বিষয়টোৰ সেই টপিককেইটাহে পঢ়া উচিত৷ তলত প্ৰতিটো বিষয়ৰ কেইটামান কিতাপৰ নাম দিয়া হল৷

গণিতঃ

গণিতৰ প্ৰস্তুতিৰ সবাতোকৈ ডাঙৰ কথা হল অভ্যাস (প্ৰেকটিচ)৷ যিমানেই অভ্যাস কৰিব গণিত সিমানেই সহজ হ’ব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ইমান সময় কম থাকিব যে প্ৰশ্ন চাই উত্তৰ মুখতে দিব পৰা হ’ব লাগিব যিটো দীৰ্ঘদিনীয়া অভ্যাসৰ দ্বাৰাহে সম্ভৱপৰ হয়৷ চুটি নিয়মবোৰ শিকি লৈ নিয়মিত চৰ্চা কৰিব লাগে৷ অনলাইনত বিচাৰিলে বিনামূলীয়াকৈ পাব পৰা ‘প্ৰেকটিচ চেট’ পোৱা যায়৷ প্ৰতিদিনে তাৰে অভ্যাস কৰিব পাৰে৷ ইউটিউবতো আজিকালি ভিডিঅবোৰ সহজলভ্য, য’ৰপৰা সহজতে শিকি লব পৰা যায়৷
গণিতৰ কিতাপৰ ক্ষেত্ৰত প্ৰথমতে নাম লব পাৰি, Magical book on Quicker Maths By M Tyra
ইয়াৰোপৰি Quanttative aptitude for competitive Examnatons by R S Agarwal
খনো পৰীক্ষাৰ্থী সকলে ল’ব পাৰে৷ গণিতৰ ক্ষেত্ৰত মনত ৰাকিবলগীয়া কথাসমূহ হৈছে,
১)অভ্যাস, অভ্যাস আৰু অভ্যাস৷ যিমানেই অভ্যাস কৰিব সিমানেই ভুল হোৱাৰ সম্ভাৱনা আৰু অংক কৰাৰ গড় সময় কমি আহিব৷

২)সূত্ৰবোৰ মনত নাৰাখিব৷ সুত্ৰবোৰ বুজি লওক৷

৩)চুটি নিয়ম কিছুমান বাছি লওক, নিজে বুজি পোৱা চুটি নিয়মটো লৈ অভ্যাস কৰক৷

৪)এটাৰ পিছত এটা অধ্যায় বাছি ল’ব৷ একেলগে দুটা অধ্যায়ৰ গণিতৰ অভ্যাস নকৰিব৷

৫)নিজৰ কঠিন অধ্যায়টো বিচাৰি উলিয়াওক, ইউটিউবত চাই তাৰ মূল কথাখিনি বুজি লওক, এখন কাজত লিখি বেৰত আঁৰি লওক৷

৬)দৈনিক জীৱনৰ লগত গণিতক সংযোগ কৰি অভ্যাস কৰাৰ চেষ্টা কৰিব৷

ইংৰাজীঃ

ইংৰাজী ব্যাকৰণৰ বাবে প্ৰথমতেই নাম ল’ব পাৰি Wren and Martinৰ ইংৰাজী গ্ৰামাৰখনৰ কথা৷ তাৰে দুয়োটা খণ্ড প্ৰথমতে বিশদভাবে পঢ়ি, ব্যাকৰণৰ প্ৰশ্নবোৰৰ উত্তৰৰ অভ্যাস কৰি তাৰ পিছত তলৰ কিতাপকেইখন চাব পাৰে, Word Power made easy by Norman Lewis,
Objective General English by RS Agarwal,
English is Easy by BSC Publication,
Selected Contemporary Essays by Saumitra Mohan.
ইংৰাজীৰ ব্যৱহাৰিক জ্ঞান উন্নত কৰিবৰ বাবে তলৰ পদক্ষেপকেইটা ভাল হয়৷

১)দৈনিক বাতৰি কাকত এখন পঢ়ি তাৰ যিকোনো বাতৰি এটা নিজৰ ভাষাৰে লিখা৷

২)দৈনিক ১০টা নতুন শব্দ শিকা

৩)ভাললগা বিষয়ৰ ইংৰাজী কিতাপ পঢ়ক৷ যেনে, ইংৰাজ ৰোমাণ্টিক উপন্যাস বা চুটিগল্প পঢ়িব পাৰে৷

৪)দিনে ১ ঘণ্টা ইংৰাজী বাতৰি শুনক আৰু সেই কথাখিনি নিজে আইনাৰ সন্মুখত কোৱাৰ অভ্যাস কৰক৷

৫)প্ৰথমতে পঢ়াৰ গতিৰ ওপৰত গুৰুত্ব দিয়ক, এবাৰ পঢ়াৰ গতি আহি গ’লে শুদ্ধতাৰ ওপৰত নজৰ দিয়া আৰম্ভ কৰিব৷

ৰিজনিং এবিলিটিঃ

এই অধ্যায়টো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এই বিষয়টো সময় লৈ ঘৰতে কৰিলে সহজ যেন লাগে, কিন্তু কম সময়ৰ ভিতৰত বেছি সংখ্যক উত্তৰ কৰিব লাগে বাবে নম্বৰ পোৱাত কঠিন হয়৷ এইকেইখন কিতাপৰ পৰা অভ্যাস কৰিব পৰা যায়৷

Analytical Reasoning By M K Pandey, Verbal and Non Verbal Reasoning By R S Agarwal,
New Approach to Reasoning, Verbal, Non-Verbal, Analytical by B S Sijwal, Indu Sjwal.

কাৰেণ্ট এফেয়াৰঃ

শেষৰ এটা বছৰৰ অৰ্থনীতি, ৰাজনীতি, ক্ৰীড়া, বিত্ত, ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় সকলো ক্ষেত্ৰৰে জ্ঞান এইটো বিষয়ৰ ভিতৰত পৰে৷ ইয়াৰ বাবে দৈনিক এখন বাতৰি কাকত পঢ়াটো প্ৰয়োজনীয়৷ ‘দা হিন্দু’ কাকতখন লৈ তাৰ সম্পাদকীয় পৃষ্ঠা দৈনিক পঢ়াৰ অভ্যাস কৰাটো ভাল হয়৷ ইয়াৰ উপৰিও মাহেকীয়া আলচনী Pratiyogita Darpan, Competition Success Review, Yojana, Kurukshetra, Banking Services Chronicle আদি আলোচনীৰ যিকোনো দুখনমান মাহিলী লব লাগে৷ দৈনিক বাতৰি কাকত পঢ়ি ঘটা ঘটনাবোৰ লিখি যাব লাগে৷ আৰু সেই পইণ্টবোৰ মাজে মাজে পঢ়ি থাকিব লাগে৷ মনত ৰাখিব কাৰেণ্ট এফেয়াৰ আৰু সাধাৰণ জ্ঞান একে নহয়৷

সাধাৰণ জ্ঞানঃ
সাধাৰণ জ্ঞানৰ ক্ষেত্ৰখন বহুত বহল৷ পৰীক্ষা অনুযায়ী পৰীক্ষাৰ্থীয়ে ইয়াৰ সীমাৰেখা টানি ল’ব৷ সাধাৰণ জ্ঞানৰ বিভাগৰ ভিতৰত আহে, বুৰঞ্জী, অৰ্থনীতি, ভুগোল, ৰাজনীতি, ক্ৰীড়া, বৈদেশিক জ্ঞান, বিজ্ঞান৷ যিকোনো সাধাৰণ পৰীক্ষাৰ বাবে এন চি আৰ টি ইৰ কিতাপ, ইণ্ডিয়া ইয়েৰ বুক, লুচেণ্ট জেনেৰেল নলেজ হলেই যথেষ্ট৷
কিন্তু অসামৰিক সেৱাৰ পৰীক্ষাসমূহৰ বাবে সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত দীৰ্ঘসময় কৰি অধ্যয়ন প্ৰয়োজনীয়৷ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু অধ্যয়নৰ দ্বাৰাহে সফলতা পাব পাৰি৷ প্ৰতিটো বিষয়ৰ গভীৰ জ্ঞানৰ প্ৰয়োজন যাৰ বাবে প্ৰতিটো বিষয় বিশদভাবে পঢ়িবলৈ দৰকাৰ৷ তলৰ কিতাপকেইটা এই বিষয়টোৰ ক্ষেত্ৰত সহায় হিচাপ লব পাৰে৷

১) এন চি ই আৰ টিৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সমাজ বিজ্ঞানৰ কিতাপ৷

২) History of Modern India By Bipan Chandra (History)

3)India’s Struggle for Independence By Bipan Chandra (Hstory)

4)India’s ancient Past By R S Sarma (History)

5)Geography of India By Majid Husain(Geography)

6)Oxford School Atlas- Oxford (Geography)

7)Indian Polity for Civil Services examination By M Laxmikant Survey ( Polity)

8)Indian Economy By Ramesh singh (Economy)

9)Economic Survey (Economy)

10)Science and Technology in India By TMH (Science and Technology)

11)Pax Indica By Sashi Thakur(Foreign Policy)

বৰ্তমান সময়ত এই কিতাপবোৰৰ কেইটামান পিডিএফ আকাৰত ডাউনলোড কৰিব পাৰিব৷ মাহিলী অনলাইন মেগাজিন বিনামূলীয়াকৈ পঢ়িব পাৰে৷ পুৰণি প্ৰশ্নকাকতবোৰ লৈ সেইবোৰৰ ধাৰা অধ্যয়ন কৰি পঢ়িব লাগে৷ ইয়াৰোপৰি অনলাইন ‘মক টেষ্ট’ দি নিজৰ অগ্ৰগতিৰ পৰীক্ষা লৈ থাকিব লাগে৷

ইণ্টাৰভিউঃ
পৰীক্ষাসমূহৰ একেবাৰে শেষ আৰু গুৰুত্বপূৰ্ণ পৰ্য়ায়টো হ’ল ইণ্টাৰভিউ৷ মনত ৰাখিব যে যোগ্যতা পৰীক্ষাত আপুনি উত্তীৰ্ণ হৈছেই৷ সেয়ে ইণ্টাৰভিউত বৰ্ডে আপোনাৰ জ্ঞানৰ পৰীক্ষা নলয়, লয় ব্যক্তিত্ব, প্ৰত্যুপন্নমতিতা, বুদ্ধিমত্তা আৰু ব্যৱহাৰৰ পৰীক্ষা৷ সেয়ে উত্তৰ নাজানিলে আপুনি নাৰ্ভাছ হৈ নাযাব, ভুল উত্তৰ নিদিব আৰু অন্য অপ্ৰাসংগিক কথাৰে উত্তৰ নিদিব৷ নম্ৰতাৰে নাজানো বুলি ক’ব পৰাটোও সু ব্যক্তিত্বৰ পৰিচায়ক৷ কেইটামান ইণ্টাৰভিউ টিপচ তলত দিয়া হল-

১)অতি চোকা ৰঙৰ পোচাক নিপিন্ধিব৷ ফৰ্মেল চাৰ্ট-পেণ্ট, জোতা, চেলোৱাৰ কামিজ পিন্ধা বাঞ্ছনীয়৷

২)অতি বেছি চিন্তিত নহ’ব৷ অতি বেছি ৰঙীয়াল নহ’ব৷ স্বাভাৱিক থাকিবলৈ যত্ন কৰিব৷

৩)নিজৰ অতীত, নিজৰ ঠাইখন, পঢা বিষয়টো, নিজৰ হবি, লক্ষ্য, চাকৰিটো কিয় লাগে, নিজৰ দুৰ্বলতা আদি কেইটামান প্ৰচলিত প্ৰশ্ন-এইকেইটাৰ অভ্যাস কৰি যাব৷

৪)নাজানিলে ভুল উত্তৰ নিদিব৷

অনলাইন অধ্যয়নঃ

হাতৰ মুঠিত পৃথিৱী৷ হাতৰ মুঠিত জ্ঞান৷ সকলোৰে হাতে হাতে ইণ্টাৰনেট৷ কিন্তু বেছিভাগে অধ্যয়নৰ পৰিবৰ্তে অন্য কামতহে ইয়াৰ বহুল প্ৰয়োগ কৰে৷ ইণ্টাৰনেটত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ সহায়ৰ বাবে অধ্যয়নৰ বস্তু অতি সহজলভ্য হৈ পৰিছে৷ যিকোনো বিষয়ৰ জ্ঞান ইণ্টাৰনেটৰ জৰিয়তে সহজতে ল’ব পৰা যায়৷ কেৱল উৎসটো যাতে বিশ্বাসযো্গ্য হয় সেইটো চাই ডাউনলোড কৰি ল’ব লাগে৷ এই চাইটসমূহত সমূহত সকলো বিষয়ৰে প্ৰশ্ন উত্তৰ পোৱা যায়, আলোচনাও কৰিব পাৰি, মক টেষ্ট দিব পাৰি, যিয়ে পৰীক্ষা হলৰ আগতে নিজৰ চৰ্চাৰ গতি দিয়াত সহায় কৰে৷ তলত তেনেকুৱা কেইটামান ৱেবচাইটৰ নাম দিয়া হ’ল৷

১) http://sarkarinaukrcareer.in

২) http://talensprint.com

৩) http://www.ibpsexam.org

৪) http://www.indgovtjobs.in

৫) http://www.bankexamsindia.com

৬) http://www.ibpsexamguru.in
৭) http://www.careeradda.co.in

৮) http://www.jagranjosh.com

৯) http://www.gktoday.in

১০) http://www.gkduniya.com

১১) http: //www.Indiabix.com

১২) http: //www.unacademy.com

১৩) http: //www.clearias.com

১৪) http: //www.civilsdaily.com

১৫) http: //www.mrunal.org

ইমান কম পৰিসৰত প্ৰতিটো বিষয় সামৰি লিখা সম্ভৱ নহয় তথাপি চমু আভাস এটা দিবলৈ যত্ন কৰা হ’ল৷ পাঠকে বিচাৰিলে আগলৈ সবিশেষ লিখা হ’ল। এটা কথা ঠিক যে, সফলতাৰ কোনো চুটি পথ নাই৷ এটাই মূলমন্ত্ৰ কঠোৰ পৰিশ্ৰম আৰু নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত অধ্যয়ন৷ যদি লক্ষ্য সঠিক হয়, সেই লক্ষ্যৰ বাবে লোৱা পথ সঠিক হয়, লক্ষ্যজনৰ লগত প্ৰতিযোগিতা কৰিও সফলতা আহিবই৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *