পৰিৱৰ্তন – ৰিমঝিম বৰঠাকুৰ
পৰিৱৰ্তন এক :
পিন্ধনত এটা হলৌ-মলৌ চোলা, ওপৰৰপৰা ক্ৰমান্বয়ে তললৈকে চেপা মাৰি অহা এটা পেণ্ট, চকুত চাৰিচুকীয়া নীলা ৰঙৰ এখন চছমাৰে নঙলাডাল খুলি ল’ৰা এটা সোমাই আহিল৷ ওচৰ পাওঁতেহে দেখিলে ল’ৰাটোৰ চুলিকেইডাল আৰু পকাই থোৱা মোচৰ সৈতে ভোবোকাৰ দাড়িখিনি৷ কাষৰখিনি কোনোবা কাঠমিস্ত্ৰীয়ে ৰাণ্ডা মাৰি সমান কৰি থোৱাৰ দৰে আৰু মাজৰখিনিত একেবাৰে জোপোহা গছডালৰ নিচিনা চুলি৷ ওপৰৰপৰা তললৈ চকু যাঁওতেহে চকুত পৰিল, কাণত বগা ৰঙৰ হেডফোন এডাল, ডিঙিত ব্লেড আকৃতিৰ লকেট এটাৰ সৈতে এডাল শিকলি, ভৰিত আকৌ নিজতকৈ দুই-তিনি আঙুলমান দীঘল চেণ্ডেল৷ ‘কৃষ্ণ, এইটো কোন জপৰা মোৰ ঘৰলৈ সোমাই আহিল’ বুলি ভাবোঁতেই চছমাযোৰ খুলি যেতিয়া বাপুকণে ‘দেউতা’ বুলি মাত দিলে, তেতিয়াহে দেউতাকৰ সম্বিত ঘূৰি আহিল৷
হেৰৌ ঘৰৰপৰা যাওঁতে তেল-টেঙা সানি চুলিখিনি কাষেদি সেওঁতা ফালি চিকচিকাই থকা মুখখনৰে এযোৰ সাধাৰণ কাপোৰ পিন্ধি হোষ্টেলত থাকি কলেজত পঢ়িবলৈ বুলি ওলাই যোৱা ল’ৰাটোৰ আজি দেখোন ছমাহৰ ভিতৰত অন্য এটা ৰূপ৷
এইবোৰেই পৰিৱৰ্তন হ’বলা! পুতেকৰ এই নতুন ৰূপ দেখি দেউতাকৰ বহুত কথাই সুধিবলৈ মন গৈছিল যদিও কোনখিনিৰপৰা আৰম্ভ কৰিব বুলি ভাবি থাকোঁতেই পুতেকে কপালৰ আগলৈ হাওলি অহা চুলি দুডালমান ফুঁ মাৰি ওপৰলৈ উৰুৱাই ভিতৰ পালেগৈ৷ তথাপিও পুতেকৰ পিছ নেৰি পিছে পিছে সোমাই অহা বাপেকে এটাই মাথোঁ ক’ব পাৰিলে, ’ডিঙিত ওলমাই থোৱা বিলেডখনৰে (ব্লেড) দাড়িকেইডালকে চুঁচি ল’ব পাৰিলিহেঁতেন৷ বাকীবোৰৰ ব্যৱস্থা বাৰু পিছে পৰে কৰিম’৷
পৰিৱৰ্তন দুই :
“মাজনী তোৰ এতিয়ালৈকে ওলোৱা হোৱাই নাই নেকি অ’? সাউৎকৈ মই চিলাই থোৱা কূৰ্তাটোকে পিন্ধি ওলাই আহচোন,” বুলি বাহিৰত সাজি-কাচি ৰৈ থকা মাকে কেইবাবাৰো মতাৰ পিছত ওলাই অহা জীয়েকৰ নতুন ৰূপত মাক হতভম্ব৷
টপ নে কি বুলি যে কয় জীনছ পেণ্টৰ ওপৰত পিন্ধাটো গোটেইটো দেখোন ফটা৷ হাত বুলিবলৈ নাইয়ে এখন ফটা কাপোৰ ওলমিহে আছে৷ লাহে লাহে যেতিয়া তললৈ চকু গ’ল মাকৰ মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল৷ পেণ্টটোৰ তলৰখিনি নায়েই দেখোন৷ আঁঠুৰ তলৰপৰা গোটেইটো ফাটি উঁৱলি গৈছে৷ জীয়েকৰ এই অৱস্থা কোনো মাকৰে সহ্য নহয় দেই৷ এনেহেন ফটা কাপোৰ জীয়েকে পিন্ধি আছে তাতে আকৌ বেলেগ বেলেগ ডিজাইনত কাপোৰ চিলোৱা মাকৰ জীয়েক৷ জীয়েকক দেখিয়েই মাকে সজোৰে চিঞৰি উঠিল, “যা যা এইটো খুলি থৈ দে। পিছত সময় পালে টাপলি মাৰি দিম পেণ্টটোত৷ এতিয়াৰ কাৰণে সেই কূৰ্তাটোকে পিন্ধি ল গৈ৷”
আগতে পিঠি পেট ক’ৰবাত কেনেবাকৈ ওলাইছে নেকি ভালকৈ নিৰীক্ষণ কৰি কাপোৰ পিন্ধা জীয়েকে মাকক কেনেকৈ বুজাব যে ফটা কাপোৰ পিন্ধাটো আজিকালিৰ ষ্টাইল, এতিয়া চলি থকা ট্ৰেণ্ডৰ মাজৰ এটা৷
পৰিৱৰ্তন তিনি :
জোঁৱায়েকে নতুনকৈ লোৱা ফ্লেটটো চাবলৈ শাহুৱেক-শহুৰেক বাট কুৰি বাই আহিছে৷ নাহিবনো কিয়? এতিয়াৰ দিনত এনেকৈ ফ্লেট এটা লৈ লোৱাটো সাধাৰণ কথা নেকি? নিজেই সেই পুৰণিকলীয়া আছাম টাইপৰ ঘৰটোত থাকোতেই জীৱনৰ এছোৱা গ’ল৷ এতিয়া মৰাৰ আগমুহূৰ্তত অন্ততঃ নিজৰ ন’হলেও জী-জোঁৱাইৰ ফ্লেটটোকে চাবলৈ পাইছে৷ কথাটোত পিছে শহুৰেকেহে বৰ এটা সন্মতি দিব পৰা নাই৷ যিমান যি হ’লেও এখন আহল-বহল চোতালেৰে পিছফালে প্ৰকাণ্ড এখন বাৰীৰে সৈতে থকা ঘৰটো বেচি দি বৰ এটা ঠিক নকৰিলে৷ কিন্তু প্ৰকাণ্ড বাৰীখন নামতহে । ধোদ জোঁৱায়েকে কুটা এগছো নলৰায়৷ যিহওক পৰিৱৰ্তন সকলোকে লাগে, কিমাননো একঘেয়ামী জীৱনটোকে টানি-আঁজুৰি থাকিব৷ শহুৰেক-শাহুৱেকে ফ্লেটৰ ওচৰ পালে কি নাপালে গেটৰ ওচৰতে ৰৈ থকা জোঁৱায়েকে হাঁহি হাঁহি তেওঁলোকক আদৰিলেহি৷ ফ্ল’ৰটো হওঁতে এক নম্বৰতে যাওঁ বুলিলে খোজ কাঢ়িয়েই যাব পাৰি, তাকে নকৰি জোঁৱায়েকে লিফ্টখন অহালৈ ৰৈ আছে৷ সেইখন অহা মাত্ৰকে তাত উঠি তিনিও গ্ৰাউণ্ড ফ্ল’ৰৰপৰা এক নম্বৰ ফ্লৰ পালেগৈ৷ ‘ধোদ জোঁৱায়েক মানে আৰু ধোদ হৈছে’ বুলি ভাবোঁতেই জীয়েকৰ হাঁহিমুখীয়া মুখখন দেখি দেউতাকৰ বুকুৰ মাজৰপৰা ডাৱৰ এচপৰা সৰি পৰা যেন লাগিল৷
চাহ-তাহ খাই থাকোঁতেই জোঁৱায়েকে আহি শহুৰেকক মাত লগালেহি, “ব’লক দেউতা মই কৰা খেতি চাব৷” জোঁৱায়েকৰ কথাত শহুৰেকৰ মুখত থকা চাহ ফিচিককৈ মুখৰ বাহিৰ হৈ অহা যেন লাগিল৷ কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰি জোঁৱায়েকৰ কথাত সন্মতি দি তেওঁৰ পিছে পিছে আহিবলৈ ধৰিলে৷ ইমান ডাঙৰ বাৰীখন থাকিও জলকীয়া পুলি এটা নোৰোৱা ল’ৰাটোৱে ক’তনো কি খেতি কৰিছে চাবলৈ মানুহজন উৎসুক হৈ উঠিল৷ ‘এইয়া চাওক মই কৰা খেতি’ বুলি বেডৰুমৰ লগতে লাগি থকা বেলকনিখনত থকা মাছ বেপাৰীয়ে মাছ থোৱা বগা ৰঙৰ কুহিলাৰ বাকচকেইটালৈ আঙুলিয়াই দিলে৷ শহুৰেকে ভালকৈ চাই দেখিলে এটা বাকচত জলকীয়া কেইজোপামান, এটাত ভেন্দি আৰু দুটামানত বেলেগ কিবা-কিবি পুলি লগাই থৈছে৷ হওক তেও ইমান ডাঙৰ বাৰী থাকোতে খেতিৰ ’খ’টোকে নজনা জোঁৱায়েকক যে ফ্লেটটোৱে খেতিৰ আওভাও অলপ বুজাবলৈ সক্ষম হৈছে, মানে পৰিৱৰ্তন আহিছে সঁচাকৈয়ে৷
☆★☆★☆