ফটাঢোল

ব্যৰ্থ ছাত্ৰৰ ভৱিষ্যৎ – ঋতুপর্ণা মহন্ত

ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই লেখাটো প্ৰকাশ হোৱা পৰ্যন্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো ঘোষিত হ’ব। প্ৰাপ্ত তথ্য মতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ ৮.১০% বৃদ্ধি পাইছে। নিঃসন্দেহে ই এটা ভাল খবৰ। পৰীক্ষাৰ এনে ফলাফলে মনত আশাৰ সঞ্চাৰ কৰে। উন্নতিৰ আশা, সমৃদ্ধিৰ আশা, মানৱ সম্পদ বিকশিত হোৱাৰ আশা। উল্লেখযোগ্য যে এসময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যজুৰি হতাশাৰ সৃষ্টি কৰিছিল। তথ্য অনুসৰি ১৯৮৫ চনত ৰাজ্যখনত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ আছিল ২৯%। সেই অৱস্থাৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিতভাৱে ইতিবাচক ইংগিত। ক্ৰমাগতভাৱে এই ধাৰা অব্যাহত থাকিলে উত্তীৰ্ণৰ শতকৰা হাৰ ৭০, ৮০% লৈ বৃদ্ধি পোৱাটোও অসম্ভৱ নহয়। কিন্তু এই আশাব্যঞ্জক খবৰৰ আঁৰতো আছে অন্য এখন ছবি।
ধৰা হওক এটা পৰীক্ষাত ৮০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ’ল। তাৰে ৬০% ই সুখ্যাতি অৰ্জন কৰিলে। চৰকাৰৰপৰা সাধাৰণ ৰাইজলৈকে সকলোৰে দৃষ্টি কেৱল এইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰতে কেন্দ্রীভূত হৈ থাকিল। সেই ৪০% ছাত্ৰ ছাত্ৰীৰ প্ৰসংগটো তল পৰি থাকিল যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ’বৰ জোখাৰে প্ৰয়োজনীয় নম্বৰকেইটা পাব নোৱাৰিলে বা পালেও সেয়া যেনে তেনে উত্তীৰ্ণ হোৱা জাতীয়হে হ’ল। এতিয়া সমস্যাটো হৈছে পৰীক্ষাৰ নম্বৰৰ তালিকাৰ ওপৰত ভিত্তি কৰি এইসকল ছাত্ৰ ছাত্ৰীক ‘ব্যৰ্থ’ বা ‘বিফল’ বুলি চিহ্নিত কৰা কথাটোক লৈ। কাৰণ ‘ব্যৰ্থতা’ শব্দটোৱে নেতিবাচক ইংগিত বহন কৰে, যাৰ ফলত আত্মবিশ্বাস কমি যোৱা বা ভৱিষ্যতে আকৌ এবাৰ চেষ্টা কৰি চোৱাৰ মানসিকতা বা স্পৃহা নোহোৱা হৈ যোৱাটোও অস্বাভাৱিক নহয়।
প্ৰতিবছৰে পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীৰ আত্মহত্যাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰে। কিমান হতাশাগ্ৰস্ত হ’লে এজন ছাত্ৰ বা এগৰাকী ছাত্রীয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পন্থা এটা বাচি ল’ব পাৰে সেয়া সহজেই অনুমেয়। তেওঁলোকৰ বয়স কম। ভৱিষ্যৎ জীৱনত কিবা এটা কৰিব পৰাকৈ শক্তি, সামৰ্থ্য থকাটো নিশ্চিত। কিন্তু পুথিগত বিদ্যাত ব্যর্থ হোৱা কথাটোৱে তেওঁলোকৰ আত্মবিশ্বাসক হয়তো তচনচ কৰি পেলায়। এনে পৰিস্থিতিত অভিভাৱকসকল সবাতোকৈ বেছি সচেতন হোৱা প্ৰয়োজন। অৱশ্যে নিজ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হোৱাটো আচৰিত কথা নহয়। তদুপৰি এয়া প্ৰতিযোগিতাৰ যুগ। তেনেস্থলত শিক্ষাৰ্থী, অভিভাৱক উভয়ৰে চিন্তা, উদ্বিগ্নতা বৃদ্ধি পোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। তথাপি এনে উদ্বিগ্নতাৰ ফলস্বৰূপে জীৱনটো শেষ কৰি দিব খোজা মানসিকতা এটা গঢ় লৈ উঠা কথাটো নিশ্চিতভাৱে উলাই কৰি চলিব পৰা বিষয় নহয়। আমি মনত ৰখা ভাল যে, প্ৰত্যেকৰে মেধা শক্তি সমান নহয়, হ’ব নোৱাৰে। পুথিগত বিদ্যাত দুৰ্বল বহু ছাত্ৰ ছাত্ৰীৰ মৌলিকতা বা সৃজনীশক্তি হয়তো আন কেতবোৰ দিশতহে আছে। অভিভাৱকে সন্তানক এনেবোৰ দিশত উৎসাহিত কৰি উপযুক্ত পৰিবেশ তথা সা সুবিধা দিব পাৰিলে প্ৰতিভাৰ পূৰ্ণ বিকাশ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে। দৰাচলতে এখন সুন্দৰ নম্বৰ তালিকাই এটা সফল জীৱন গঢ়াৰ শেষ চাবিকাঠী হ’ব নোৱাৰে। ডিগ্ৰীধাৰী বহু ছাত্ৰ ছাত্ৰীও নিবনুৱা হৈ বহি থকাৰ উদাহৰণ দেধাৰ আছে। তদুপৰি চাকৰিৰ মহঙা বজাৰখনত ভাল নম্বৰসহ উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীয়েও সুবিধা কৰিব পৰা নাই। তেনেস্থলত কম মেধাবী ছাত্ৰসকলৰ ভৱিষ্যত কি হ’ব-এই বিষয়টো নিশ্চয় চিন্তনীয়।
স্বামী বিবেকানন্দই কৈছিল, “আমি এনে শিক্ষা বিচাৰো, যি শিক্ষাই আমাক চৰিত্রবান হ’বলৈ শিকাব, মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত নিজে থিয় হ’বলৈ সক্ষম কৰাব।” দৰাচলতে মেধা জোখা কঠিন কাম। তিনিঘণ্টীয়া পৰীক্ষা এটাৰে মানুহৰ জ্ঞান বা কৰ্মদক্ষতা বিচাৰ কৰাটো উচিতনে বুলি সময়ে সময়ে প্ৰশ্ন উত্থাপিত হৈ আহিছে যদিও সম্প্ৰতি গোটেই ব্যৱস্থাটো এইদৰে গঢ় লৈ উঠিছে যে ভাল মাৰ্কশ্চিট এখনৰ গুৰুত্বক আমি উলাই কৰি চলিব নোৱাৰো। তদুপৰি ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰ্ণয় কৰিব পৰা বহু দিশ এই ফলাফলবোৰেই নিৰ্ধাৰণ কৰে। গতিকে কিতাপত থকা কথাবোৰ মুখস্থ কৰি পৰীক্ষাত লিখি নম্বৰ গোটোৱা প্ৰক্ৰিয়াক আমি শিক্ষাৰ সাফল্য বুলি ধৰি লোৱাৰ বাদে আন উপায় এইমুহূৰ্তত নাই। কাৰণ প্ৰকৃত যোগ্যতা, কৰ্মদক্ষতা, উদ্ভাৱনা, শিক্ষাৰ ব্যৱহাৰযোগ্যতা আদি আহৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিবেশ এটা এই পৰ্যন্ত গঢ় লৈ উঠাগৈ নাই। কিন্তু তাকে কৰিবলৈ যাওঁতে এটা কথা পাহৰিব নালাগে যে পৰীক্ষাৰ নম্বৰৰ তালিকাই কম মেধাবী বুলি চিহ্নিত কৰা সেই ছাত্ৰবোৰো আমাৰ ভৱিষ্যত। তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্বও সমানেই থকা উচিত। আমি মনত ৰখা ভাল যে সমাজত চিকিৎসক, অভিযন্তা, উচ্চপদস্থ চৰকাৰী বিষয়াৰ প্ৰয়োজন যেনেকৈ আছে, কৃষক, দোকানী নতুবা মিস্ত্ৰী এজনৰ প্ৰয়োজনীয়তাও সমানেই আছ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *