ফটাঢোল

বুজনি – অঞ্জন সাধনীদাৰ

বিভিন্ন সমস্যাই গা-কৰি উঠা দেশখনত প্ৰজাগণৰ আপত্তিৰাজি শুনি ৰাইজৰ হৈ মন্ত্ৰীয়ে ৰজাক বুজাবলৈ যাঁওতেই ৰজাই এটা কাহিনী ক’লে। শুনোঁচোন আহক,-
এজন মানুহে এহাল বলধ কিনিবলৈ বজাৰলৈ গ’ল। আৰু বাচি বাচি কম দামত পাই এহাল গৰু কিনি ঘৰলৈ আহি আছিল। আহি থাকোঁতে ৰাস্তাত বিভিন্নজনে প্ৰশ্ন কৰে,- “বোলো দত্ত, গৰুহালত কিমান দিলা?”
দত্তই হাঁহি মাৰি উত্তৰ দিয়ে দাম এটা কৈ….
লগে লগে সোধাজনে কয়…
“অলপ বেছি দিলা নেকি বাৰু,?
এনেকৈ কৈ কৈ আহি যেতিয়া ঘৰ পালেহি গৰুহাল চাবলৈ দত্তৰ ঘৰলৈ গাঁৱৰ ৰাইজৰ সোঁত ববলৈ ধৰিলে।
সকলোৰে মাত্ৰ এটাই কথা, দত্তই গৰুহালত দাম বেছি দিলে।
ইপিনে নতুন গৰুৰ পাৰ্টি খুৱাই দত্তনিৰ অৱস্থা তথৈবচ।
একেবাৰে শেষত আহিল গাঁৱৰ আটাইতকৈ টেঙৰ মানুহ দুজন।
সকলোৱে কোৱাৰ দৰে তেওঁলোকেও যেতিয়া ক’লে যে দত্তই গৰু হালত অলপ দাম বেছি দিলে নেকি বুলি, দত্তৰ এইবাৰ খং মূৰৰ চুলি পালে গৈ আৰু ক’লে,-
“হেৰা তোমালোকে যদি প্ৰমাণ কৰিব পাৰা দাম বেছি দিলো বুলি তেন্তে মই গৰু হালকে দি দিম।”
কথাটো শুনি দত্তনিৰ হুচ হেৰাল। লৰালৰিকৈ দত্তক ভিতৰলৈ মাতি ক’লে যে সেই টেঙৰ কেইজনে ঠগি গৰু হাল লৈ যাব দেখোন!
তেতিয়া দত্তই ক’লে,-
” হেৰা মোক কিবা অকৰা পাইছা নেকি?  মোক তেওঁলোকে বুজাইয়ে থাকক বুজাইয়ে থাকক মই নুবুজিলেই হ’ল”

☆★☆★☆

One comment

  • অভিজিৎ কাশ্যপ (চিকু শৰ্মা)

    হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *