ফটাঢোল

দুগৰাকী মহিলাৰ ইনবক্সত হোৱা কথোপকথন – ৰূপালী ভৰালী বৰুৱা

১ম মহিলা : ঐ আছ নে? কি খবৰ তোৰ? বহুত দিন ফেচবুকত দেখা নাই যে আৰু একেখন পিক কেলেই দি থৈছ?

২য় মহিলা : এহ নক’বি আৰু! এক সপ্তাহৰ পৰা একেখন প্ৰ-পিকেই আছে। সলাওঁ বুলিও সলাব পৰা নাই। তাকেই মানুহটোক পতাই আছোঁ‌ অ’ ফটো মাৰি দিবলৈ!

১ম মহিলা : মই কালি সলালো তোৰ লাইক কমেণ্ট পোৱা নাই। বোলো কি হ’ল, কিবা গা চা বেয়া নেকি?

২য় মহিলা : নাই অ’, গা ভালেই। কালি শাহু আহিলে যে ফেচবুক চাবলৈ সময়ে পোৱা নাই! দি আছো ৰ ধুনীয়া কমেণ্ট এটা। তোৰ পিকবোৰ এনেও ধুনীয়া হয় দেচোন। তাতে ডিএছএলআৰ আছে! বাই দ্য ৱে’ তই কোনটো এপ ব্যৱহাৰ কৰ কচোন। স্কিন ইমান গ্ল’ কৰি থাকে।

১ম মহিলা : নাই অ’ ডিএছএলআৰৰ কথাই বেলেগ দেচোন আৰু মোৰ ফটোবোৰ চব হাবিয়েই ঠিক কৰি দিয়ে। কিবা এপ ব্যৱহাৰ কৰে যদি ময়ে নাজানো অ’। মই খালি প’ষ্টহে কৰো। (মনতে, “মোৰ আৰু কাম নাইহে জানিবা এপটোৰ নাম ক’বলৈ”)

২য় মহিলা : উম তোৰে ভাল দে! মোৰ আকৌ এটাক কম পতাব লাগে নি, সি ফটো বুলি শুনিলেই ভয়ে খায়। ৰেষ্টুৰেণ্টৰ কথা আছেতো। তাতে হেনো তাৰ ফটো উঠাই উঠাই কঁকাল বিষ হয়গৈ। চাচোন তাৰ কথা। মুঠেই ৪০-৫০ খন ফটো তোলোতেই তাৰ এই অৱস্থা। মোৰ আকৌ গোটেই দিনটো প’জ মাৰি থাকিও ভাগৰ নালাগে! এখন ফটোৰ বাবে কিমান প’জ দিব লগীয়া হয়। এংগোলবোৰো মিলিব লাগিব ন! তাৰ আকৌ ক্লিক কৰোঁতেই ভাগৰ লাগে।

১ম মহিলা : মানে তোৰ পিক কাইলৈ দেখিবলৈ পাম ফেচবুকত!

২য় মহিলা : ধুৰ! কাইলৈ ক’ত হ’ব! গধূলি ওলাই যামহে ঘৰ আহি পাওঁহি মানে ৰাতিয়ে হ’ব। তাৰপিছত ফটো চিলেক্ট কৰি এখন এখন কৈ এদিত কৰোঁতে ৰাতি বাৰমানেই বাজিব। আকৌ কোনখন ভাল হৈছে চাওঁতেও সময় যাব! মাজনিশা আপলোদ কৰি লাভ নাই, লাইকচ নাহেই!

১ম মহিলা : হুমম। ঠিক আছে, মৰ্ণিঙত দিবি। তথাপি চাবি, একেবাৰে সোনকালে দিবি। নহ’লে ১০ বা ১১ মানত। তেতিয়া মানুহবোৰ অফিচ পাই লৈ ফেচবুক খুলি বহি যায়তো!

২য় মহিলা : সেয়ে তই ইমান লাইকচ পাৱ।

১ম মহিলা : নাই অ’। আচলতে মোৰ ফল’ৱাৰচ বহুত আছে! মোলৈ যিমান ৰিকুৱেষ্ট আহে সব একচেপ্ত নকৰোতো, পেণ্ডিঙত ৰাখি দিওঁ।‌ ফল’ৱাৰচ হৈ যায় আৰু ভাল লিখা মেলা কৰা মানুহ সবক মই নিজেই পঠাওঁ, সিহঁ‌তে যি নিদিয়ক তাত লাইক কমেণ্ট দিওঁ‌ কাৰণ চবেই দিয়ে যে। প’ষ্টবোৰ কোনে পঢ়েনো? ওপৰৰ কমেণ্ট চায়ে কিবা এটা লিখি দিওঁ‌ আৰু।

২য় মহিলা : অ’হ এনেকুৱা কথা নেকি! আজিৰপৰা মইও কৰিম তেনে।

১ম মহিলা : ঐ এতিয়া বাই, মোৰ তাত দিবলৈ নাপাহৰিবি আৰু তোৰ হাবিৰ একাউণ্টৰ পৰাও দিয়াই দিবি।

২য় মহিলা : ঔকে, দি আছোঁ বাৰু। বাই বাই।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *