ফটাঢোল

অসম-ট্ৰেক্টৰ – ৰক্তাভ কুমাৰ

” বিউটি বেটাৰা অ’ মাই ডাৰ্লিঙ য়ু চেন্দ মি লেটাৰা….” ট্ৰেভেলাৰখনৰ এফ. এম.ৰ কোনোবা এটা ষ্টেচনত বাজি থকা সীমান্ত শেখৰৰ কণ্ঠৰ এই গীতটো প্ৰথম শুনাৰ দিনাখনৰ পৰাই কিবা এটা বিতৃষ্ণা ভাব আছিলেই, তাতে আৰু মই গীতটোত সৱতকৈ বেয়া পোৱা অংশখিনি, ” আই এম ফ্ৰম চিমলা এণ্ড য়ু আৰ ফ্ৰম শ্বিলং,তোৰে মোৰে মাজত আছে শৰাইঘাটৰ দলং…”, যেতিয়া হেণ্ডিমেনটোৱে কাউৰীৰ নিচিনা মাতত চিঞৰিব ধৰিলে মই আৰু থাকিব নোৱাৰিলোঁ।
” বন্ধু, অনুগ্ৰহ কৰি ৰেকৰ্ডাৰটোকেই বেবাই থাকিব দিয়া, তোমাৰ কণ্ঠই মগজুত বৰ বেয়াকে খুন্দা মাৰে..!”
বেচেৰাটোৰ গান গোৱা মুডটোকেই নষ্ট কৰি পেলোৱা কাৰণে সিও খঙত নে লাজত ঠিক ধৰিব নোৱাৰিলোঁ, ৰেকৰ্ডাৰটোকেই বন্ধ কৰি থৈ চাধা মাৰিব ধৰিলে। মইও বুলো, ‘শান্তি দে’।
এইবুলি মোৰ লগৰজনে “লিংকিং পার্ক” বেণ্ডটোৰ “নাম্ব” শীৰ্ষক গীতটো ইয়েৰফোনত শুনি শুনি লিপছিং কৰি থকাত মইও ক’লো, “গানটো খুব ভাল লাগে, মোক দে চোন!”
তেনেকে ক’বলৈ পালোঁ কি নাই হেণ্ডিমেনজনে মোৰ পিনে পেন্দোৱাকৈ মুখখন ঘূৰাই যিটো চাৱনি দিলে নহয়,চাগে সিও ভাবিছিলে, ” ইহ! একেবাৰে ইংলিছ গান শুনাটো, অসমীয়া শুনিব লাজ লাগে? আৰু অসমীয়া গালেও তোৰ মূৰত লাগে? ইংৰাজ গুচি গ’ল আৰু তহঁতৰ নিচিনাবোৰক আমাৰ শান্তি ভাঙিব এৰি থৈ গ’ল! ইমান ধুনীয়াকৈ গান গাই আছিলোঁ গোটেই মুডটোকেই খাৰাব কৰি পেলালি!”
তাৰ চাৱনি দেখি মোৰো অনুভৱ হ’ল, “ছেঃ কামটো ভাল নকৰিলোঁ! এতিয়া ই বপুৰাই মোক এনেদৰে চাই থাকিলে কি হয় ঠিক নাই, ইয়াৰ পৰা উঠি পিছফালে বহাটোৱেই ভাল হ’ব।” এইবুলি বগলীৰ নিচিনাকৈ মূৰটো উলিয়াই পিছফালে ছিট বিচাৰিব ধৰোঁতেই হেণ্ডিমেন জনে মাত দিলে,” পিছফালে বহিব নেকি! ছোৱালী এজনী আছে তাত, তেখেতক ইয়াত বহিব দিওঁ, বৰ হাল্লা কৰি আছে!”
ৰক্ষা! যাৰ পৰা আঁতৰত যাব ওলাইছিলোঁ সিয়ে যেতিয়া সুবিধাকণ কৰি দিলে ভালেই হ’ল, তাৰো চাগে মোৰ মুখখন চাই থাকিব ইচ্ছা নোযোৱা হৈছিলে!
সুবিধাটো পাই মই পিছফালৰ ছিটলৈ উঠি আহিলোঁ, লগৰজনে প্ৰথমতে আচৰিত হৈছিলে ঠিক, কিন্তু কাষৰ ছিটত ছোৱালী আহি বহা দেখা পাই মোৰ ফালে চাই চকুৰ টিপ এটা মাৰি সন্তোষমনে তেজপুৰীয়া যাত্ৰাৰ আমেজ ল’বৰ বাবে সাজু হ’ল।
” খুব ভাল কৰিলা বুজিছা, ছোৱালী মানুহ পিছৰ ছিটত এনেকৈ কষ্ট কৰি যাব টানো পায় দিয়াচোন, উঠাৰ পৰাই কিবা এটা অশান্তি কৰি আছে! আমাৰো ভাল নালাগে নহয় তেনেকে..” মোৰ ওচৰৰ ছিটটোত বহি থকা আদবয়সীয়া মানুহজনৰ কথাত মই মূৰ দুপিয়ালোঁ আৰু ইয়েৰফোনডাল মোবাইলত লগাই গান শুনিব ধৰিলোঁ।
“বিষাদ বিষাদ কোঠালি, অৱসাদে আগুৰি….সোঁৱৰণি সোঁৱৰণি…” জীৱনৰ গোটেই ট্ৰেজেদীসোপা গানটোৰ লগে লগে মনত পাগুলিয়াই থাকোঁতেই কাগজ কল পাৰ হৈ ৰাস্তাৰ কাষৰ সৰু দোকান এখনত গাড়ীখন চাহ খাবলৈ বুলি ৰখোৱাত ট্ৰেজিক ভাব সাগৰত ডুব গৈ থকা মইজনক মোৰ ওচৰতে বহা মানুহজনে হেঁচুকি মাতি উঠাই দিলে, “ব’লা ভাইটি, চাহ একাপ একাপ খাই লওঁ!” মই সন্মতিসূচক প্ৰতিক্ৰিয়া দেখাই একেবাৰে আগফালৰ ছিটটোলৈকে চালোঁ, বাঃ! আমাৰ হিৰো দেখোন তামাম ফাষ্ট, তাৰ হাঁহি কি চাবা! ছোৱালী পাই মোক পাহৰিয়েই গ’ল! যি কি নহওঁক বাৰু, মই ঠাই সলনি কৰাত মোৰ লগতে আৰু চাৰিজন মানুহ সন্তুষ্ট হৈছে তাকেই ভাল লাগি গ’ল কিবা এটা।
” ৰঙা চাহকে বনাই দিয়া ভাইটি।আদা অকণ পিচি দিবা আৰু নেমু টেঙা আছে যদি অলপ চেপি দিবা।” দোকানী ল’ৰাটোক চাহৰ অৰ্ডাৰ দি মানুহজনে মোক সুধিলে,” তুমিও ৰঙা চাহেই খাবানে?”
“অ খুড়া! ৰঙা চাহেই হৈ যাব।” মোৰ পৰা উত্তৰটো পাই তেওঁ ল’ৰাটোক ক’লে,” ভাইটি দুই কাপ দিবা।”
এইবুলি কৈ তেওঁ মোৰ লগত বাঁহৰ চাংখনৰ ওপৰতেই বহি ল’লে।
” তোমাৰ নাম কি?”, মই স্বভাৱসুলভ কথনশৈলীৰে নিজৰ নামটো স্পষ্টকৈ উচ্চাৰণ কৰিলোঁ (বহুতৰে প্ৰথমাৱস্থাত মোৰ নামটো শুনাৰ পিছত শুদ্ধকৈ মতাত ভুল হয় কাৰণে) । নামটো শুনাৰ পিছত তেওঁৰ পৰৱৰ্তী প্ৰশ্নত পিছে মই বৰ বেছি আচৰিত নহলোঁ কাৰণ এইটো মোৰ কাৰণে এটা পৰিচিত প্ৰশ্ন আছিলে, ” মুছলমান নেকি?” মই হাঁহি এটা মাৰি ক’লো,” খুড়া উপাধিটো দাসেই লিখো!”
“অঃ বেয়া নাপাবা দেই, নামটোত ধৰিব নোৱাৰি!”
“নাই নাই খুড়া, এম ফেমিলীয়াৰ টু দিছ!” মোৰো পোনপটীয়া উত্তৰ।
এনেদৰে চাহ খাই খাই কিছুসময় ভিন্ন বিষয়ত কথা পাতি সহজ হোৱাৰ পিছত তেখেতে মোক ক’লে, “মই আহোম মানুহ, শিৱসাগৰত ঘৰ। এতিয়া গুৱাহাটীতে থাকোঁ। এই বয়সতো চফল ডেকাৰ দৰে ঘূৰি ফুৰিছো। তুমিও ডেকা ল’ৰা, কিন্তু ইমান লেহুকা কিয়! খোৱা লোৱা কৰানে নাই ঠিকমতে?”
” খাওঁ, কিন্তু অলপ কম!” মোৰ উত্তৰত তেখেতে এইবাৰ সুধিলে, ” মাংস-চাংস খোৱানে নাই? ট্ৰেক্টৰ খোৱা?”
মই ভাবিলোঁ– ট্ৰেক্টৰ আক’ কি বস্তু? অঁকৰাৰ দৰে মুখখন মেলি ভাবি থাকোঁতে তেখেতে নিজেই তাৰ উত্তৰটো মোক দেখুৱাই দিলে, ” সৌটো চোৱা টয়লেটৰ পিছফালে, মাটি খান্দি আছে দেখিছানে? সেইটোৱেই ট্ৰেক্টৰ, “অসম ট্ৰেক্টৰ” ।
মই ভাবিলোঁ- ভাল বস্তু এটা শিকিব পালোঁ দে আজি, ঘৰত মাহঁতে বুজি নোপোৱাকৈ ক’বলৈ ভাল হ’ব। এইবুলি গাড়ীৰ হৰ্ণ বজাত চাহৰ পইচা দি গাড়ীলৈকে উভতি আহিলোঁ।
ছোৱালীজনীলৈ কেৰাহিকৈ চালো, তেতিয়াও বন্ধুজনে হাঁহি হাঁহি কথাই পাতি আছিল ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *