ফটাঢোল

নাম বিভ্ৰাট – বৰ্ণালী গগৈ

গুৱাহাটীত ভাৰাঘৰ লৈ থাকিম বুলি স্থিৰ কৰাৰ পিছত দেখিলো মোৰতো পঢ়া টেবুল, আলমাৰি এটা আৰু বেতৰ ঝুলা চকী এখনৰ বাহিৰে একোৱেই নাই৷ গতিকে বিছনা এখন আৰু গেছ এটা লৈ দিয়াৰ দায়িত্ব ভাইটিক (সি আগৰে পৰাই গুৱাহাটীত থাকে) দি মই ড্ৰয়িং ৰুমত থ’বলৈ চকী টেবুলৰ চেট এটা আৰু এখন ডাইনিং টেবুল লোৱাৰ চিন্তা কৰিলো৷ ঘৰৰ পৰা মোক প্লাষ্টিকৰ চকী দুখনমানকে কিনি কাম চলাবলৈ কৈছিল। কিন্তু মোৰ সেইবোৰত একেবাৰে মন নাখাইছিল৷ মোৰ পছন্দৰ বস্তু হ’ল বেতৰ ফাৰ্ণিচাৰ আৰু মই ঠিকেই কৰি লৈছিলো যে কিনিলে মই বেতৰ চকী-টেবুলহে কিনিম৷ সেইমতে এদিন দেওবাৰে মেৰাজ নামৰ মোৰ মৰমৰ ভাইটোক লৈ ওলালো৷ মেৰাজ মোৰ কাৰণে ’আলাদীনৰ জিন’৷ মোৰ কিবা দৰকাৰ হ’লেই মেৰাজৰ ডাক পৰে – ’মেৰাজ, অমুকলৈ যাব লাগে, মেৰাজ, তমুকটো আনিব লাগে’। সেইদিনাও তাৰ ব্যতিক্ৰম নহ’ল৷
হুকুম মাফিক মেৰাজ হাজিৰ হ’ল তাৰ বগা স্কুটিখন লৈ৷ ফাৰ্ণিচাৰৰ দোকান বিচৰাৰ দায়িত্বও মেৰাজৰে আছিল৷ সি ক’লে, ‘ভেটাপাৰাৰ ফালে এখন আছে, ব’লক’।
দুয়োটা ওলালো৷ গৈ পালো৷ চালো৷
কাম ভালেই৷ ফিনিচিং আছে৷
দুখন চোফাৰে সৈতে এখন গ্লাচটপ টেবুলৰ চেট এটা মোৰ পছন্দ হ’ল৷ তাৰ লগত মোৰ আৰু দুটামান দৰকাৰী বস্তু ল’বলৈ আছিল৷ কিতাপ থোৱা এটা বেতৰ আলমাৰি আৰু পাকঘৰৰ টিপট, স্নেকচৰ প্লেট এইবোৰ থ’ব আৰু ইফালে-সিফালে নিব পৰাকৈ এখন ট্ৰলি৷ টেবুলখনৰ ওপৰত গ্লাচ লগাবলৈ আছিল বাবে আৰু লগতে এক কোট বাৰ্ণিচ মাৰি দিব বুলি কোৱাৰ বাবে মই চোফা আৰু টেবুল থৈয়েই আহিলো৷ লগত আনিলো দোকানৰ ঠিকনা, ফোন নাম্বাৰ থকা কাৰ্ডখন, যাতে বস্তুকেইটা ৰেডি হোৱাৰ খবৰ কৰি আনিবলৈ যাব পাৰো৷
দোকানৰ ল’ৰাটো আছিল জনজাতীয় গঢ়ৰ৷ নিজৰ সৈতে মিল পাওঁ বাবে এনে মুখৰ সৈতে মই অতি সোনকালে সহজ হৈ পৰো৷ প্ৰথমে তুমি বুলি কৈছিলো যদিও দুষাৰমান কথাৰ পিছতে সম্বোধন চিধা ’তই’ লৈ নামি আহিল৷

’নাম কি অ’ তোৰ?’
আহিবলৈ ওলাই মই সুধিছিলো৷

’স্বপন।’
কাৰ্ডখন মোৰ হাতত দি ল’ৰাজনে ক’লে৷

চকী-টেবুলৰ ব্যবস্থাটো বাৰু হ’ল কিন্তু কিতাপৰ আলমাৰিটো মোৰ কাৰণে তাতকৈও জৰুৰী আছিল৷ গতিকে পিছদিনা আবেলি কাৰ্ডত থকা নাম্বাৰটোলৈ ফোন কৰিলো,
’ঐ স্বপন, টেবুলত গ্লাচ লগালি নে নাই?’

’কোন? কোনে কৈছে?’

’আৰে, কালি তোৰ দোকানলৈ গৈ অৰ্ডাৰ দি অহা নাই নে মই চোফা দুখন আৰু টেবুলৰ?’

’অঁ বাইদেউ, টেবুলৰ ওপৰত গ্লাচ লগোৱা হৈ আছে।’

’অঁ সোনকালে লগা৷ আৰু শুন আলমাৰিটোৰ কথা যে কৈছিলো কাম আৰম্ভ কৰিছনে?’

’কি আলমাৰি বাইদেউ?’

’আৰে, তই ইমান পাহৰ নে কথাবোৰ!’
স্বপনে দমেই খালে মোৰ পৰা। ‘কালি তোক কোৱা নাছিলো বেতৰ কিতাপ থোৱা আলমাৰি এটা বনাব লাগে’

’আচ্ছা, কিমান ডাঙৰ হ’ব বাইদেউ?’

’হে ভগৱান, তোৰ মেম’ৰি বুলি কিবা আছে নে নাই স্বপন? কালি দেখোন তোক মই সব জোখ-মাখ দি থৈ আহিছিলো৷ ড্ৰয়িঙৰ লগত দেখুৱায়৷ ছফুট ওখ, তিনিফুট বহল, পাঁচটা ৰেক হ’ব।’

’ঠিক আছে বাইদেউ হৈ যাব।’

’আৰু ট্ৰলিখনৰ দাম কিমান হ’ব বুলি কৈছিলি?’

’কি ট্ৰলি বাইদেউ?’

’স্বপন, তই পাগল কৰিবি দেই৷ কালি দোকানত চাই অহা বেতৰ ফুলকটা ট্ৰলিখন আকৌ।’

’অ’ সেইখনতো অৰ্ডাৰৰ ট্ৰলি বাইদেউ।’

’জানিছো, তেনেকুৱা এখন বনালে কিমান পৰিব কালি সোধা নাছিলো জানো? কিমান বুলি কৈছিলি?’

’তিনিহাজাৰ পৰিব বাইদেউ।’

’তিনিহাজাৰ? কালি দেখোন পঁচিশশ নে কিবাহে কৈছিলি!’

সিফালে স্বপনৰ কিবা হৈছিল নে নাই নাজানো, মোৰ হ’লে এইফালে মূৰ আচন্দ্ৰাই কৰিব খুজিছিল৷ ফোনটো থৈ টেবুলত থকা পানী গিলাচ ঘোট ঘোটকৈ পি পেলালো৷ দুদিনৰ পিছত চোফা আৰু টেবুল অহাৰ কথা আছিল৷ সিফালৰ পৰা একো খবৰ নহা দেখি ময়ে ফোন লগালো৷

’হেলো’

’ঐ স্বপন, কি মানুহ অ’ তই!’

’কওক বাইদেউ।’

’কি কওক বাইদেউ! আজি তই ফাৰ্ণিচাৰ পঠিওৱাৰ কথা নাছিল?’

‘আছিলে বাইদেউ।’

‘তেতিয়াহ’লে? কি হ’ল?’

‘আপোনাৰ আলমাৰিটোও একেলগে দি দিম বুলি ভাবিছো, সেইকাৰণে তাৰ কাম কৰোৱাই আছো৷ আপুনি এবাৰ আহি চাই যাব নেকি বাইদেউ?’

’হুঁহ! যি গতি দেখিছো তহঁতৰ কামৰ, এবাৰ যাবই লাগিব।’

এইবাৰ আৰু মই মেৰাজলৈ নৰ’লো৷
আলাদীনৰ জিন নোহোৱাকৈয়ে ভেটাপাৰালৈ ওলালো৷ আলমাৰি ডেলিভাৰি দিলে মই তাৰ পেমেণ্টো কৰিব লাগিব৷ সেয়েহে আবেলি ৰিক্সা এখন লৈ চিধাই দোকান পালোগৈ৷ গৈ দেখিলো স্বপন কামত ব্যস্ত৷ মূল দোকানৰ কাষৰ ফাৰ্ণিচাৰ বনাই থকা ঠাইকণত সি নিবিষ্টমনে বেতৰ কাম কৰি আছে৷ ৰিক্সাৰ পৰা নামিয়েই মই তাক দম দিলো,
’ঐ স্বপন, মোৰ আলমাৰি ক’ত? আৰু ট্ৰলিখন বনাইছ নে নাই?’

স্বপনে তলমূৰকৈ কাম কৰি আছিল, মোৰ কথা শুনিও মূৰ নুতুলিলে৷

’তোৰ নিচিনা বকৱাচ মানুহ আৰু মই দেখা নাই বুজিছ।’

’আপোনাৰ আলমাৰি হৈ আছে বাইদেউ।’

চিনাকি মাতটো শুনি মই মূৰ দাঙি সোঁফালে চালো৷ অফিচ কোঠাৰ দৰে সজোৱা ঠাইখিনিৰ পৰাই মাতটো আহিছিল৷ মই দেখিলো তাত বিনম্ৰভাবে থিয় হৈ আছে এজন পঞ্চাশোৰ্দ্ধ ব্যক্তি৷ ফৰ্মেল পেণ্টৰ সৈতে ফুলশ্লীভ চাৰ্ট পৰিহিত৷ চকুত চশমা৷ মূৰৰ প্ৰথমভাগ কেশৰহিত৷ ওঁঠত সৌজন্যৰ স্মিত হাঁহি৷
’আপুনি কোৱা মতে হৈছে নে নাই চাওকচোন। ছফুট ওখ, তিনিফুট বহল, পাঁচটা ৰেক।’
স্বয়ংক্ৰিয়ভাবে চালিত হৈ ’অফিচ চেট আপ’টোলৈ মোক লৈ যোৱা ভৰিকেইটা গৈ আলমাৰিটোৰ সমুখত ৰৈ গৈছিল৷

আলমাৰি চালোঁ নে নাচালোঁ ক’ব নোৱাৰো, চকু ঘূৰাই মই সমুখৰ মানুহজনলৈ চালো, ’আপুনি? ’

’বাইদেউ, মই স্বপন।’

’স্বপন?’
যোৱা চাৰি-পাঁচদিনে ফোনত কথা পাতি থকা আৰু হোৱাই-নোহোৱাই মৰমৰ ধমকৰূপী দম দি থকা স্বপনটো এই আদবয়সীয়া মানুহজন!
যিজনতকৈ ক’ব নোৱাৰো মই কিমান সৰু হ’ম!
’হয় বাইদেউ৷ স্বপন দাস৷ দোকানৰ মালিক।’

মই আৰু থিয় হৈ থাকিব নোৱাৰি অফিচ টেবুলখনৰ সন্মুখৰ চকীখনতে বহি পৰিলো৷ স্বপনক মানে স্বপন দাসক সন্মুখৰ ফালে চাই মূৰ নোতোলাকৈ কাম কৰি থকা সেই ল’ৰাটোক কোৱা শুনিলো,
’দিপুল, বাইদেউৰ চোফা দুটা আৰু টেবুলটো উলিয়াই এবাৰ ভালকৈ মচি দেচোন।’

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *