ফটাঢোল

ফটা-সাক্ষাৎকাৰ – অভিজিত কলিতা

এই পৰী বোলা ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লওঁ বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়, বোলে এই সংখ্যা আলোচনীৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেওঁ নাচোৰবান্দা। মোক তামাম জেক মাৰিলে,বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটো কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে। কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেও সুন্দৰী মহিলাক না কোৱাৰ অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু যেতিয়া সা‍ক্ষাৎকাৰ ল’ব লগা মানুহজনৰ নাম ক’লে, মোৰ ফাঁটমেলা বসুমতী পাতালে লুকাওঁ অৱস্থা হ’ল। সেইজন মানুহৰ সা‍ক্ষাৎকাৰ ল’ম আৰু মই? হে ভগৱান!মোৰ মাতেই নোলাব দেখোন মুখৰ পৰা! এনে বিশাল ব্যক্তিত্বৰ আগত মোৰ পেণ্ট গিলা হৈ গ’লে ৰিস্ক কোনে ল’ব? পিছে পৰীয়ে নেৰে, “নাই আপুনি পাৰিব, পাৰিবই লাগিব। আলোচনীৰ ইজ্জতৰ কথা আছে।

উপায় নেপাই মৰণত শৰণ দি কেনেবাকৈ ইণ্টাৰভিউটো ল’লোগৈ। সঁচা কৈছো, মোৰ সকলো সপোন যেনেই লাগি আছে, মই যে সেইজন মানুহৰ আগত ঠিয় হৈ কথা পাতিব পাৰিলো, সেয়াই মোৰ বাবে বহুত।

তো, মিত্ৰৌঁ, ভায়োঁ ঔৰ ওনকী বেহেনো- এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছো অসমৰ কিংম্বদন্তী লিখক, সাংবাদিক, কবি, গীতিকাৰ, সুৰকাৰ, ঠিকাদাৰ, কম্পিউটাৰ এক্সপাৰ্ট, সুদক্ষ ভাৱৰীয়া, বিপ্লৱী, প্ৰেমিক, চিত্ৰকাৰ, অহহ… সমাজসেৱকটো থাকি গৈছিল………আৰু ধেৰ কিবা কিবি ……………… …………….

শ্ৰীনগেন!!

পৰীৰ হৈ মই- পোন প্ৰথমতে আমি আপোনাক আলোচনীৰ তৰফৰ পৰা সাষ্টাংগে প্ৰণিপাত জনাইছো। আমি অতি সৌভাগ্যৱান যে আপুনি অতি ব্যস্ততাৰ মাজতো আমাৰ আলোচনীৰ বাবে সাক্ষ্যাৎকাৰ দিবলৈ সন্মত হ’ল। পোন প্ৰথমতে আমি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপ জানিব বিছাৰিম।

শ্ৰীনগেন:- না না না, মোৰ পাৰ্চেনেল কথা মই নকওঁ। আগতেই কৈছো, কোনো পাৰ্চনেল প্ৰশ্ন সুধিব নোৱাৰিব। মোৰ সামাজিক আৰু অসামাজিক, মানে ব্যক্তিগত জীৱন সম্পূৰ্ণ পৃথক বস্তু। আন কিবা প্ৰশ্ন সোধক।

মই: ঠিক আছে ক্ষমা কৰিব। আপোনাৰ লেখনিৰ কথাৰেই আৰম্ভ কৰোঁ। আপুনি কেতিয়াৰ পৰা আৰু কিয় লিখিবলৈ ল’লে?

শ্ৰীনগেন:- সেয়া বহুত পুৰণা কথা, মোৰ বয়স তেতিয়া সাত কি আঠ। মই তেতিয়াৰ পৰাই লিখিবলৈ আৰম্ভ কৰিছো। ঘটনাটো অলপ দীঘলীয়া। আচলতে বহুত বছৰলৈকে মই স্কুললৈ নেযাওঁ বুলি জেদ কৰি নানান সামাজিক কামত নিজকে ব্যস্ত ৰাখিছিলো। কিন্তু এদিন দেখাক দেখি আই বোপায়ে ইচকুলত নাম লগাই দিলে, কিতাপ বহীও এজাপ কিনি দিলে। কিতাপ জাপ দেখিয়েই মই বুজি পাই গ’লো যে এই সোপাই মোক নুখুৱায়। মই যি কৰো নিজেই কৰিব লাগিব, মই নিজৰ ভৰিত নিজে ঠিয় দিব লাগিব। গতিকে মই স্কুললৈ গৈয়ো লিখা পঢ়া নকৰোঁ বুলি আকোৰগোঁজ কৈ লাগি আছিলো। কিন্তু তাৰ পাছত এদিন স্কুলৰ হেডপণ্ডিতে হালোৱা এচাৰি এডাল লৈ এনে গৰু পিটন দিলে যে সেইদিনাৰ পৰাই মই ভয়তে স্কুলৰ বহীত অ আ ক খ আৰু A B C D লিখিবলৈ ধৰিলো। পিছলৈ পৰীক্ষাৰ বহীতো লিখিলো-ছমহীয়া, বছৰেকীয়া, সকলোতে। তেনেকৈয়ে মই লিখিবলৈ আৰম্ভ কৰিলো বুলি চমুকৈ ক’ব পাৰি।

মই: শুনিছো আপুনি ২য় মান শ্ৰেণীতে পঢ়া বাদ দিলে, আনুস্থানিক শিক্ষা অকালতে এৰাৰ কাৰণ কি জানিব পাৰিমনে?

শ্ৰীনগেন:- এৰা নাই, প্ৰয়োজন নাইকীয়া হ’ল বাবে বাদ দিলো। বুজা নাই? ৰবা, অলপ বহলাই কওঁ।

সেই সময়ত আমাক সদায় কোৱা হৈছিল “পঢ়ে পঢ়াই ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন”। মইয়ো প্ৰথমতে আন সকলো বুৰ্বকৰ দৰে ইয়াৰ প্ৰথম দুটাই কৰিব লাগিব বুলি ভাৱি আছিলো- মানে পঢ়া আৰু পঢ়ুৱা। কিন্তু এই যোজনাটো গভীৰ ভাৱে অনুধাৱন কৰাৰ পাছত দেখিলো তাত থাৰ্ড অপচন এটাও আছে, মানে ‘পাণ ৰোৱা’ৰ কথাটো কৈছো। আৰু পাণ ৰোৱাতো সেই জীৱন ভৰ ক’লা আখৰ কেইটা ঘেকেটি থকাতকৈ বহুত সহজ আৰু সোনকালে কৰিব পৰা কাম। সেই জ্ঞান প্ৰাপ্ত হোৱাৰ দিনাই মই ঘৰলৈ আহি তিনিজোপা পাণ ৰুই দিলো। গতিকে পঢ়া আৰু পঢ়ুৱা কামদুটা অপ্ৰাসংগিক হৈ পৰিল। গতিকেই মই স্কুললৈ যোৱা বাদ দিলো।

আৰু এটা কথা- হেড পণ্ডিতে আমাক নিজমুখে কৈছিল বোলে – ছাত্ৰানাং অধ্যয়নং তপঃ, মানে অধ্যয়ন কৰিলে ছাত্ৰ তপা হৈ যায়। মানুহে তাকে নুবুজে। মই সঠিক সময়তে অধ্যয়ন কৰা বাদ দিলো বাবেই মোৰ চুলি আজিও সৰা নাই ।একদম মূৰ ভৰি আছে। বিশ্বাস হোৱা নাই যদি মোৰ চুলি জোকাৰি চাব পাৰা, একদম ৰিয়েল চুলি।

মই:- নেলাগে বাৰু বিশ্বাস কৰিছোঁ। সঁচাকৈয়ে আপোনাৰ দুৰদৰ্শিতা আৰু বুদ্ধিমত্তা সকলোৰে বাবে অনুকৰণীয়। বাৰু কওকচোন, মানৱ জাতিৰ প্ৰতি আপোনাৰ মহত্বম অৱদান কি বুলি ভাৱে?

শ্ৰীনগেন:- এটা কথা সকলোৱে জানে যে গছ নেথাকিলে মানুহ নেথাকে। গছে আমাক খাদ্য দিয়ে, গৰমত ছাঁ দিয়ে, পৰিবেশ সংৰক্ষণ কৰে। সকলো ঠিক আছে। কিন্তু আমি ভাৱিছোনে গছে কি খাই জীয়াই থাকে?

মই কৈছো শুনা। কাৰ্বন-ডাই-অক্সাইড! গছে কাৰ্বন-ডাই-অক্সাইড খাই জীয়াই থাকে। এই সত্যটো সকলোৱে জানে যদিও অনুভৱ নকৰে। কিন্তু মই তেনে মানুহ নহয়। সেয়ে মই সদায়েই উশাহত অক্সিজেন গ্ৰহণ কৰি নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিওঁ।সেই কাৰ্বন-ডাই- অক্সাইডকে গছে খায়। মোৰ এই মহৎ কাৰ্যৰ বাবেই গছবোৰ জীয়াই থাকে। নহলে সকলো গছ মৰি থাকিলহেঁতেন আৰু মানৱ জাতিও বিলুপ্ত হ’লহেঁতেন। গতিকে মোৰ মতে সেয়াই মানৱ জাতিৰ বাবে মোৰ শ্ৰেষ্ঠ অৱদান!

মই:- আপোনাৰ প্ৰিয় গ্ৰন্থ?

শ্ৰীনগেন:- কুঁহিপাঠ প্ৰথম আৰু ২য় ভাগ। তাতকৈ বেছি নপঢ়িলোৱেই নহয়। পাণ ৰুলো যে।

মই:- হয় বুজিছো। এটা কথা কওকচোন ৰাকুদাৰ পাছত অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লোক বুলিলে পোনতে আপোনাৰ নামটোকে মনলৈ আহে। আপুনি এই বিষয়ে কি কয়?

শ্ৰীনগেন:- চাওক, মই ভাল কাম কৰিছো, তাৰ ফলাফলো পাইছো। অসমৰ ৰাইজে দিয়া এইখিনি সন্মানৰ বাবে মই গৌৰৱান্বিত। মই আজীৱন ফেচবুক আপডেটৰ দ্বাৰা অসমীয়া জাতিক ৰক্ষা কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ।

মই- শুনিছো আপুনি কেইবাটাও কম্পিউটাৰ ছফটৱেৰ বিকাশ কৰিছে, সেই বিষয়ে অলপ জনাবনে?

শ্ৰীনগেন:- হয় বৰ্তমান কম্পিউটাৰৰ যুগ। গতিকে নতুন প্ৰজন্মৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি মই ইনবক্স নেভিগেটৰ এণ্ড ৰেকৰ্ডাৰ, গুপুত স্ক্ৰীণশ্বট মেনেজাৰ, ফে’ক একাউণ্ট ক্ৰিয়েটৰ, খাল কাটি ঘৰিয়াল চপাওটাৰ, ৰেনডম বকৱাচ আপডেট মেকাৰ, ইউনিফাইড বিতৰ্ক লোকেটৰ, আদি নানা ছফটৱেৰ বিকাশ কৰিছো।

মই:- আমাৰ আলোচনীৰ বাবে কিবা উপদেশ দিবনেকি?

শ্ৰীনগেন:- আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ প্ৰথম লেখাটো পঢ়ি আছো, জোঁটাই জোঁটাই পঢ়িব লগা বাবে বেছি সময় লাগিছে। এটা কথাই ক’ম, আপোনালোকে আলোচনীখন বিষ্ময়, ত্ৰিশূলৰ শেষ পৃষ্ঠাৰ দৰে অলপ আমোদজনক বস্তুৰে ভৰাই পেলাওক, তেহে আমাৰ দৰে লোক উপকৃত হব।

মই:- আপুনি ফেচবুক আৰু হোৱাটচ-এপৰ পৰা মূৰ ডাঙি এইখিনি বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ। আমাৰ সকলোৰে ফালৰ পৰা আপোনাৰ সুদীৰ্ঘ জীৱন আৰু উপৰ্যুপৰি উন্নতি কামনা কৰিলো। ভগৱানে আপোনাক মাহে তিনিটাকৈ ডেকেৰুৱা হাঁহ প্ৰদান কৰক।

শ্ৰীনগেন:- ধন্যবাদ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *