ৱেষ্টাৰ্ণ – মণ্টু কুমাৰ ডেকা
এই যে “ৱেষ্টাৰ্ণ” বিধ, ১৯৯৬ চনতেই গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত প্ৰথম দেখিছিলো৷ ব্যৱহাৰো কৰিছিলো৷ মোৰ চকুৰ অস্ত্ৰোপচাৰৰ পাছত প্ৰায় দুদিনলৈ বেণ্ডেজ লগাই থোৱাৰ বাবে কেনেকৈ সেইবিধ ব্যৱহাৰ কৰিছিলো এতিয়াও নুবুজিলো। প্ৰথম দিনা দেউতাই সহায় কৰিছিল, দ্বিতীয় দিনা ৱাৰ্ডবয়জনে, গমেই পোৱা নাছিলো সেই বগা চকীখনৰ ওপৰত ভৰি তুলি আৰামত বহিছিলো নে চকীত বহাৰ দৰে বহিছিলো? মনত নাই৷ থাকিবওনো কিয়? নিজৰ কাম সম্পূৰ্ণ হোৱাতহে বেছি গুৰুত্ব দিছিলো। কেনেকৈ কৰিলো, কেনেকৈ বহিলো ইমানবোৰ অদৰকাৰী কথাত তেতিয়া গুৰুত্ব দিয়া নাছিলো।
দহ বছৰ পাছত প্ৰথমবাৰ দিল্লীলৈ আহি দ্বিতীয়বাৰৰ বাৰে ৱেষ্টাৰ্ণৰ মুখামুখি হওঁ৷ প্ৰথম এদিন নে দুদিন ভাবিয়েই কটালো, কেনেকৈ বহে? কেনেকৈ কামবিধ কৰে? ওপৰত ভৰি তুলি বহি লয় নে, নে ভৰি কেইখন মাটিতেই থৈ চকীত বহাৰ দৰে বহে? কামবিধ কৰাৰ পাছত পানীৰ ব্যৱস্থাটো কেনেকৈ কৰে? পানী “অ’ট’মেটিক” ওলাই আহি ধুই দিয়ে নে, নে নিজেই ক’ৰবাত কিবা বুটাম চুটাম টিপিব লাগিব? মনত পেলাবলৈ চেষ্টা কৰিলো দহ বছৰ আগতে কেনেকৈ কৰিছিলো সেই কথা৷ নাই নাই অলপো মনত নাই৷ হস্পিটেলৰ পৰা অহা দিনাখনহে দেউতাৰ মুখৰ পৰা গম পালো সেই বগা চকী যেন লগা বস্তুবিধ “টয়লেট” বুলি৷ পিছে দেউতায়ো কেনেকৈ কৰিলে সেইটোও সোধা নহ’ল৷ ফোন কৰি সুধিবলৈও এতিয়া ইমান বছৰৰ পাছত দেউতাৰ জানো মনত থাকিব? ফোন কৰি সুধিলে দেউতাই বাৰু কি বুলি ভাবিব? বুলিব, মোৰ ল’ৰা ইমান বেঙা নে?
লগৰ এজনে ৰাতিপুৱাই শিখৰ এপেকেট মুখত ভৰাই চিগাৰেটডাল জ্বলাই নিউজপেপাৰখন হাতত লৈ বাথৰুমত সোমায়৷ প্ৰায় আধা ঘণ্টাৰ পাছত মুখত এক অনামী সন্তুষ্টিৰে গুণগুণাই ওলাই আহে৷ বেলেগ এজনে বিছনাতে পাৰি থোৱা সৰু পঢ়া টেবুলৰ পৰাই চিধাই মোজা নোখোলাকৈয়ে বাথৰুমত সোমায়৷ আধা ঘণ্টাৰ পাছত ওলাই আহি আকৌ বিছনালৈ জপিয়ায়৷ হাত ভৰি ধোৱাৰ কোনো নিয়ম কানুন নাই৷ ভাবিলে আচৰিত লাগে৷ ঘৰত সিদিনা বেমাৰ হওঁতেও কামফেৰা কৰাৰ পাছত মায়ে নিজেই গৰম পানী কৰি গাটো ধোৱাত সহায় কৰি দিহে বিছনাত উঠিবলৈ দিছিল৷ গা-নোধোৱাকৈ ৰান্ধনি ঘৰলৈ যোৱাটো দূৰৰে কথা৷ নিখিল বিহাৰীৰ মাকে সিদিনা কামফেৰা কৰি কেৱল হাতখনহে ধুই ভাজি থকা আলুখিনিত কৰচপাত লৰাই দিছিলহি৷ গা-ধোৱাটো দূৰৰে কথা৷
মনত নানা চিন্তা৷ এক প্ৰকাৰৰ অশান্তিও৷ কেনেকৈ বেলেগে বহা সেইটোত বিন্দাচ বহি কামফেৰা কৰিম? পিছে বহে বা কেনেকৈ? ভৰি কেইখন ক’ত ৰাখে? নে ভৰি তুলিহে বহে? দ্বিতীয় দিনা বাথৰুমলৈ গৈ সেইটোৰ চাৰিওফালে ভালদৰে এপাক ঘূৰি চালো৷ “হাও টু ইউজ” নামৰ “ইষ্টাক্টচন” এখন থকা হ’লে মোৰ দৰে গাঁৱলীয়া হোজাবোৰৰ কিমান যে সুবিধা হ’ল হয়৷ নাই ক’তো নেপালো৷ সেইদিনাও কামফেৰা নকৰি নিজকে কণ্ট্ৰ’ল কৰিলো৷ ভাবিলো বেছি “ইমাৰ্জেঞ্চি“ হ’লে নিখিল বিহাৰীৰ ৰুমলৈ যাম৷ সি সৰু পানী চুই পানী নেঢালে যদিও নিজে এবাল্টী পানী ঢালি তাৰ সেই “ইণ্ডিয়ান“টোতেই ভালদৰে একেবাৰে কেইবাদিনৰ বাবে কামফেৰা কৰি আহিম৷
আজি আঠ বছৰৰ পাছত “ৱেষ্টাৰ্ণ” ব্যৱহাৰ কৰিবলৈ নজনা হোজাজন “ৱেষ্টাৰ্ণ”ত বহি নিউজপেপাৰ চোৱা হ’ল৷ আজিকালি ক’ৰবালৈ গ’লে পানীৰ ব্যৱস্থা নেথাকিলেও টয়লেট পেপাৰ ব্যৱহাৰ কৰি ভাল পোৱা হ’ল৷ আগৰ সেই পুৰণি ভকতজন সলনি হ’ল। এইজনে কেতিয়াবা টয়লেট পেপাৰ ব্যৱহাৰ কৰি আহিও গা-নোধোৱাকৈ নিচিন্তে থাকিব পৰা হ’ল৷
সিদিনা ঘৰলৈ গৈ এঠাইলৈ আলহী খাবলৈ গ’লো৷ ডিঙিলৈকে পেট ভৰাই মাছে মাংসয়ে একাঁহী খাই পাছত ভৰি থকা পেটত গৰম-গৰম গাখীৰ চাহ পৰাত পেটৰ যিটোহে দশা হৈছিল৷ আলহীৰ ঘৰত টয়লেট নাই৷ অচিনাকি নদীৰ পাৰলৈ বুলি সৰু ল’ৰাজনক মোৰ ‘গাইড’ কৰি পঠিয়াই দিলে৷ ল’ৰাজনক মানুহ চাবলৈ দি নদীৰ পাৰতে এঠাইত বহিলো। গৈ থকা পৰুৱাবোৰ হিচাপ কৰি কামফেৰা কৰি থাকোঁতে কেতিয়া একে ঠাইতে এঘণ্টা বহিলো ধৰিবই নোৱাৰিলো। সৰু ল’ৰাজনে আমনি পাই মানুহ চোৱা বাদ দি লগৰবোৰৰ লগত ক্ৰিকেট খেলিবলৈ গুচি গ’ল৷
কামফেৰা কৰি ঘূৰি আহোঁতে পশ্চিমত বেলিটো মোৰ চকুত লাগিছিল৷ লগৰজনৰ খঙে চুলিৰ আগ পাইছিলগৈ৷ একো নাই কিমান বছৰৰ মূৰত পৰুৱা গণি গণি কামফেৰা কৰাৰ সুযোগ পালো৷ একদমেই সৰুকালৰ দিনবোৰলৈ মনত পৰি গ’ল৷
আজিকালি অসমৰ বহুতৰে ঘৰত “ৱেষ্টাৰ্ণ” দেখিছো৷ দিনবোৰ সলনি হোৱাৰ লগে লগে মানুহবোৰো ‘এডভাঞ্চ’ হ’ল৷ তথাপিও কোনোবাই “ৱেষ্টাৰ্ণ” ব্যৱহাৰ কৰা নাই যদি শিকি লওক৷ মোৰ দৰে বিপদত নপৰিব৷ পিছে “ৱেষ্টাৰ্ণ” ব্যৱহাৰ কৰি মোৰ দৰে গা-পা নোধোৱাকৈ নেথাকিব৷ আমি অসমীয়া ধনত দুখীয়া হ’ব পাৰো কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা, সভ্যতা সংস্কৃতিত কোনো গুণেই দুখীয়া নহওঁ৷ মোৰ দৰে দুই এজনহে লেতেৰা হ’ব পাৰে, কিন্তু সকলো তেনেকুৱা নহয়৷
☆★☆★☆