ফটাঢোল

ননচেন্স! – জ্যোতিৰূপম দত্ত

আই ঐ! মূৰতে পৰিল ঔ! উস! মৰিলো! …

দৌতাসকল! আমি হেবাংবোৰক আপোনালোকে বাৰুকৈয়ে কোব কেইটামান সোধাইছে৷ কোব খায়েই আছো লগতে সৌ সিদিনাৰ কথাবোৰো পাগুলি আছো৷ আপোনালোকৰ মুখনিসৃত বেদবাক্য শুনি আমি অজগৌবোৰে গড্ডলিকা প্ৰবাহত উটি গৈ দলে বলে ভোট দি আপোনালোকৰ বাবে অমৰাৱতীৰ যাত্ৰা সুগম কৰি তুলিছিলো৷ আপোনালোকে ৰাজধানীৰ স্বৰ্গপুৰীত দিব্যসুখ লাভ কৰা খবৰ পাই আমি মুৰুখমতিবোৰে পৰম হৰিষত মত্ত হৈছিলো৷ ৰাজধানীৰ দিব্যসুখ প্ৰাপ্ত হৈ আপোনালোকৰ উলাহ দেখি পৰম আহ্লাদত আমাৰ চকু জাপ খাই আহিছিল৷

আমি গজমূৰ্খ এপালে কিমান যে সপোন দেখিছিলো! আমাৰ দৰে ৰাজ্যৰ শত-সহস্ৰ অকিঞ্চন, কপৰ্দকশূন্য, সৰ্বস্বান্ত লোকে হিয়া উজাৰি দিয়া আশীৰ্বাদেৰে বিভূষিত হৈ আপোনালোকে অমৰ্ত্যভুৱনৰ পৰা আমাৰ বাবেও সুখৰ নিজৰা বোৱাই আনিব বুলি আশাৰে ৰৈ আছিলো৷ আমাৰ দৰে সাধাৰণ নিৰ্বোধ প্ৰজাসকলে আপোনালোকৰ বাক-চাতুৰ্য্যত মুগ্ধ হৈ জীৱনৰ সমগ্ৰ বিষাদ, ক্ষোভ, যাতনাৰ অতি সোনকালেই অন্ত পৰিব বুলি নিশ্চিত হৈ আছিলো৷

আপোনালোকৰ দৰে ৰাজন্যবৰ্গই ৰাজ্যখনৰ সমস্যাবোৰ টিলিকিতে সমাধা কৰিব পৰা ঐশ্বৰিক শক্তিৰ অধিকাৰী বুলি আমি অজমূৰ্খবোৰে বিশ্বাস কৰিছিলো৷ আনকি আপোনালোকৰ সোঁৱে-বাৱে বিৰাজমান হৈ থকা এচাম পদলেহনকাৰী, টটাটিঙাই অনবৰতে আপোনালোকৰ গুণ-গান কৰিয়েই অৰ্বুদসম সা-সম্পত্তিৰ অধিকাৰী হ’ল৷ সেই উচ্ছিষ্টভোজীসকলৰ লেলাৱতিৰে চিকুণ হোৱা আপোনাসৱৰ পাদুকাযুগলৰ চিকমিকনিও দিনে দিনে বাঢ়ি গ’ল৷ ৰাজকাৰ্য্যত মনকাণ নিদি নানা ৰঙ-ৰহইচলৈহে আপোনালোকৰ ধাউতি বাঢ়িল৷ পিছে এইবোৰ দেখি-শুনিও আমাৰ মনত অকণো বেজাৰ নাছিল, তেতিয়াও আমি আশা এৰি দিয়া নাছিলো৷

আমি ভাবিছিলো, আপোনালোকে মথাউৰিবোৰ মেৰামতি কৰিব, বানপানী ৰোধ কৰাৰ বাবে ব্যৱস্থা লব৷ পিছে ৰাজ্যৰ বাহিৰৰ পৰা পুৰোহিত আনি পূজা-পাতল কৰিয়েই সেইফালে সামৰিলে৷ আমি হেবাংবোৰে মাত মাতিবই নোৱাৰিলো৷ নদীৰ পাৰ জিলিকাই তোলা জকমকীয়া লাইটৰ পোহৰত হোৱা নাচ-গান, ফূৰ্তি-তামাচাবোৰ আমি ভেবেলাৰ দৰে তভক মাৰি ৰৈ চাই থাকোতেই গ’ল৷ পিছে সকলো একেই থাকিল৷ বাৰিষা ফেনে-ফোটোকাৰে নদীৰ পানী বাঢ়ি আহি মথাউৰি ভাঙিলে, পথ-দলং ভাঙিলে, মানুহ-দুনুহ-গৰু-ছাগলী সোপাকে উটুৱাই নিলে, খেতি-বাতিও উছন হ’ল৷ বানপানীয়ে আমাৰ মূৰতে বাৰুকৈয়ে একোব সোধাই গ’ল৷ আপোনাসৱেও সুৰক্ষিত অমৃতলোকৰ পৰা ঘৰিয়ালৰ চকুপানী টুকি আমাক দেখুৱালে, আমি আকৌ এবাৰ ভোল গলো৷

খৰালি কালত আকৌ পানীৰ অভাৱত আমাৰ খেতিপথাৰবোৰত চিৰাল ফাট মেলিলে৷ আমাৰ ল’ছালিৰ মুখত এটোপাল পানী দিবলৈও হামৰাও কাঢ়ি থাকোতেই গ’ল৷ সেই সময়তো আপোনাসৱে ৰম্যপুৰীত স্ফটিকেৰে সজোৱা সৰোবৰত কেলি কৰি শীতল পানীয়ৰে ডিঙি তিয়ায়েই থাকিল৷ আমাৰ দৰে কেলেহুৱাবোৰে আকৌ এটা কোব খালো৷

আপোনালোকৰ অমৰাৱতীহেন প্ৰাসাদত দিনটোৰ একদণ্ড সময়ো বিদ্যুতৰ অবিহনে কটাবলগীয়া নহয়৷ পিছে আমাৰ এইফালে তিনিদিন ধৰি বিদ্যুত নাথাকিলেও আমি অকণো কেটকুটেই নকৰো৷ কিয় ক’ম? এনেদৰে থকাৰ অভ্যাসেই হৈ গৈছে নহয়৷ এই গেলা-গৰমখনত বিদ্যুতৰ অভাৱত ছাটি-ফুটি কৰি ডেও পাৰি থাকিলেও আমাৰ মুখেৰে মাত এষাৰ ওলোৱাৰ লক্ষণ নাই৷ সৰু-সুৰা ব্যৱসায়ীসকলেও বিদ্যুতৰ অভাৱত নিজৰ বণিজত লোকচান ভৰি সৰ্বস্বান্ত হলেও একো কথা নাই৷ আপোনাসৱে এসময়ত কোৱা চৌবিশ ঘণ্টা বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতিবোৰ কেতিয়াবা মনলৈ আহিলে এতিয়া চক খাইহে উঠো!

আপোনাসৱৰ অক্ষয়ধামৰ অক্ষয়ভাণ্ডাৰত হেনো নানা প্ৰকাৰৰ দেশী-বিদেশী উৎকৃষ্টতম খাদ্যসম্ভাৰ অনবৰতে সঞ্চিত থাকে৷ পিছে আমাৰ দৰে ততৰীয়া, কঙালবোৰে গাঁঠিৰ ধন ভাঙি ল’ৰা-ছোৱালীৰ মুখত দিবলৈ সামান্য খাদ্য যোগাৰ কৰোতেই সৰ্বস্বান্ত হবলগীয়া হয়৷ বজাৰত জুই-ছাই দাম৷ বেপাৰীৰ মুখৰ কথাই আইন৷ ভেজাল বস্তু বেচিলেও, জোখ-মাখত হেৰফেৰ কৰিলেও ধৰোতা কোনো নাই৷ সকলো জানি শুনিও ৰঙ সনা, বিহ মিহলোৱা চাউল, দাইল, আলু, মিঠাতেল, শাক-পাচলি, ফলমূল আদিকেই আমি নিতৌ খাও, ল’ৰা-ছোৱালীৰ মুখতো তাকেই দিও৷ সাধাৰণ কৃষকে এটকা, দুটকা দৰতো বেচিব নোৱাৰা শাক-পাচলিয়েই আপোনাসৱৰ নাকৰ তলেৰে আহি বজাৰত মহাৰ্ঘ ৰূপ লয়৷ আমি অকৰাগালে আপোনালোকৰেই কৃপাত হোৱা এই ভেল্কীবাজি চাই থাকোতেই যায়৷ বেপাৰীয়ে কোব সোধাবলৈ খুজিলে আমি মূৰটো পাতি দিয়াৰ বাহিৰে উপায় কি?

আপোনালোকে অমৰাৱতীত প্ৰৱেশ কৰিয়েই কিছুদিনলৈ বৰ কষ্টেৰে আমাক নাটক এখন কৰি আভুৱা ভাৰিলে৷ এজন ৰাজন্যৰ বাবেই নিৰ্ধাৰিত একুৰিমান ৰঙা-প্ৰদীপযুক্ত, শক্তিশালী ধ্বনিযুক্ত বাহনৰ ব্যৱহাৰ পৰিহাৰ কৰি দিনচেৰেকলৈ পথৰ নিয়ম-কানুন মানি, শামুকীয়া গতিৰে সাধাৰণ লোকৰ সৈতে বাট বুলি সকলোৰে বাহ বাহ ল’লে৷ ৰাইজক ভেৰাকুটি দেখুৱাই দুদিনমান ৰে’লতো ভ্ৰমি দেখুৱালে৷ পিছে বছৰচেৰেক নৌ ঘুৰোতেই পূজা-সবাহ খাবলৈকো আপোনাসৱক আকাশী ৰথখন নহলেই নোহোৱা হ’ল৷ ইফালে আমাৰ দৰে ছাল-ছিগা ভিকহুমখাই লেলাই ধেন্দাই ৰাজ্যখনৰ ভঙা-ছিঙা পথেৰেই অহা যোৱা কৰি দেহা মাৰি থাকিব লগা হয়৷ ৰুগীয়া, বৃদ্ধ, সৰু ল’ৰা-ছোৱালীবোৰে ওখোৰা মোখোৰা পথত হামখুৰি খাই পৰা সময়ত এসময়ৰ আপোনাসৱৰ শ্ৰীমুখনিসৃত মিঠা মিঠা কথাবোৰলৈ মনত নপৰা নহয়৷ কিন্তু সেই সময়তে আমাৰ দৰে নিছলাবোৰৰ টেঙা উগাৰ আহে, মুখখন তিতিকি লাগে৷ আপোনাসৱৰ কথা ভাবিয়েই সশব্দে থুই পেলাই দিলেহে অলপ শান্তি পাও৷ ইফালে বনজুইৰ দৰে বাঢ়ি অহা ইন্ধনৰ দামৰ অগনিয়ে আমাক প্ৰতিনিয়ত দহি থকাৰ সময়তে আমাক ভেঙুচালি কৰি আপোনাসৱৰ শব্দভেদী, দ্ৰুতগামী আকাশীযানবোৰে আকাশী পথেৰে গৰ্জন কৰি উৰি যায়৷

ধনৰ নাটনিত সংসাৰ চলাব নোৱাৰা হৈ আমি টোকোনাবোৰে পেটত গামোছা বান্ধো৷ পিছে আপোনাসৱে নিজৰ ইচ্ছামতেই নিজৰ দা-দৰমহা, ভাট্টা বঢ়াই লয়৷ আনকালে ৰাইজৰ দুখত চকুপানী টোকা বিৰোধীপক্ষৰ ৰাজন্যবৰ্গইয়ো আপোনাসৱৰ দা-দৰমহা বঢ়োৱাৰ সময়ত মুখত পিঠা ভৰাই নিবোকা-চামোন হৈ থাকে৷ এইবোৰ দেখিলে আকৌ একোব খোৱা যেনেই লাগে৷

আমাৰ সমুখত বৰ বৰ কথাৰে কৈ ৰাজপাটত উঠি আপোনাসৱ বৰলোক হ’ল৷ পিছে নিজৰ বিবেক-বুদ্ধি বিসৰ্জন দি নেগুৰ পেলাই সুৰসুৰকৈ দিল্লীৱালা প্ৰভুসকলৰ চৰণত ধাচকৈ পৰি দিয়াও আমি দেখিলো৷ আপোনাসৱে ৰঘুমলাসদৃশ বিদেশীবোৰক খেদিম বুলি ইন্দ্ৰলোক পালেগৈ, পিছে সাধাৰণ জনতাৰ মনৰ ক্ষোভ নুবুজি আকৌ এগাল বিদেশীক আনি বৰপীৰাত বহুৱাবলৈহে কচৰৎ আৰম্ভ কৰি দিলে৷ আমি আপোনাসৱৰ সিংহগৰ্জন শুনিম বুলি আশাৰে ৰৈ থাকিলো, পিছে শেষলৈ নাসিকাগৰ্জনহে শুনিবলৈ পালো!

পিছে নাও বুৰিলেও টিঙৰ পৰা ননমাৰ দৰে আপোনাসৱে এতিয়াও প্ৰতিদিনেই নানা চলাহী কথাৰে আমাৰ দৰে টোকোনা এগালক আভুৱা ভাৰিয়েই আছে৷ বাতৰি কাকতবোৰ মেলিবই নোৱাৰি, সদায়েই প্ৰকাণ্ড হৰফেৰে তিলটোকে তালটো কৰি প্ৰকাশ কৰা আপোনাসৱৰ জয়ঢোল বাদন৷ তাৰ উপৰিও ভঙা-চিঙা পথৰ কাষবোৰত আপোনাসৱৰ হাঁহিমুখীয়া ছবিসম্বলিত বিজ্ঞাপনৰ সমাহাৰ৷ আনকি দূৰদৰ্শন-আকাশবাণীতো অনবৰতে চিঞৰি বাখৰি আমাসৱৰ কাণৰ কণামকৰি সৰুৱাই দিয়া আপোনাসৱৰেই ওফাইডাং মৰা কথাৰ বাহাৰ৷ ভিতৰত ঢকুৱাৰ বেৰেৰে প্ৰজাগণৰ দুখ-দুৰ্দশা ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিলেও বাহিৰত পিছে আপোনালোকৰেই বৰ-চুৰীয়াৰ ফেৰ! নিছলা প্ৰজাক সামান্য সুখ দিবলৈ অপাৰগ হলেও এবেলাৰ মেল-মিটিঙৰ বাবেই কোটিটকীয়া ৰভা-পৰলা দি প্ৰজাগণক উদ্দেশ্যি মিঠা মিঠা পাকলগা কথা কবলৈ আপোনালোকে এতিয়াও এৰা নাই৷ কোবটো পিছে কাৰ মূৰত পৰিছে সেয়া আমিহে বুজিছো৷

আমাৰ অৱস্থা এতিয়া ন যযৌ ন তস্থৌ! কাকনো বুলিম ককা? দাঢ়ি-চুলি বাদেই, আটাইবোৰৰেই মনবোৰো ক’লা! ইমান দিনে অময়াপুৰীৰ দৌতাসৱৰ কৰ্মকাণ্ডই অনবৰতে আমাৰ দৰে ভেবেলাবোৰৰ মূৰত পদাঘাত কৰি থাকিলেও বেছি দুখ পোৱা নাছিলো৷ পিছে এনে সময়তে সিদিনা আপোনালোকৰ মাজৰে যমদূত মানে হেৰি কি বোলেনে দেৱদূতসদৃশ পাৰিষদ এজনাৰ মুখনিসৃত বেদবাক্যস্বৰূপ কথা এষাৰেই আমি মূঢ়মতিসৱক দিব্যজ্ঞান প্ৰাপ্তি কৰিলে! চকুচৰহা এচামে তেৰাক শাল-চকুৱা, ধুৰন্ধৰ বুলি কলেও তেৰাই সেই অমৃতবাণী এফাকিৰেই আমাৰ জ্ঞানচক্ষু মুকলি কৰিহে এৰিলে৷

সৌ সিদিনাখনৰ কথা৷ এসময়ত আমিয়েই ভোট দি জিকাই পঠিওৱাৰ পাছত দিল্লীৰ লাড়ু চোবাবলৈ পাই গপতে ওফোন্দা কেন্দ্ৰীয় পাৰিষদজনাই আমাৰ দৰেই ভেড়াসদৃশ এপাল ৰাইজ গোটাই লৈ ৰভা-পৰলা দি মাইকৰ আগত ডিঙিৰ সিৰ ফুলাই নিজৰ গুণ নিজেই বখানিবলৈ যো-জা কৰিছিল হেনো৷ হেন সময়তে হৰিষত বিষাদ ঢালিবলৈ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু এজনাই ভুলতে সেই এলেকাৰ পংকিল বাটপথৰ কথা এষাৰ কবলৈ আৰম্ভ কৰিছিলহে মাথোঁন৷ সেই কথাতেই ৰুষ্ট হৈ মহামান্য পাৰিষদজনাই তেখেতৰ লগতে সমগ্ৰ ৰাজ্যৰ সমগ্ৰ ৰাইজলৈ এক অমোঘ বাক্যবাণ এৰি দিলে!

ননচেন্স!

এৰা, ননচেন্স! হয়! পৰভু, দৌতা! আপুনি ঠিকেই কৈছে৷ হয়েই! নহমনো কিয়? আপুনি একেবাৰে সঁচা কথাটোকে ক’লে৷ আমি হলো নিতৌ মূৰত কোব খাই খাই জ্ঞান বা ‘চেন্স’ নোহোৱা এপাল গণ্ডমূৰ্খ!

মানে নন-চেন্স!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *