ফটাঢোল

ফটা লিমাৰিক – হেমেন ডেকা

১)
নিমাখিত হাঁহজাকৰ হ"ব নেকি বিলাই
নিশ্চিত আপদ সৌবোৰ পৰিভ্ৰমী চৰাই
সিহঁতৰ আছে চোকা ঠোঁট
সঞ্চিত শক্তিও মজবুত
নিউ নিউ কৰি ফেঁচাই দেখোঁ কুৰুলীয়ায়৷

২)
হাতেৰে নামাৰি মাৰিব দেশ কূট-বুদ্ধিৰে
হাজাৰজনে দেখোঁ সোঁৱৰাই বাৰে বাৰে
ৰজাৰহে সঁহাৰি নাই
ৰাইজে কৰে হায় হায়
হাদৈ আজিয়ে খাই ল বুলি কোনেনো সিঁয়াৰে৷

৩)
বৰ্তমান আশাহত
ভৱিষ্যত অনিশ্চিত
সপোন খাস্তাং
বকে লাং পাং
ভাং টানি অভিভূত৷

৪)
খায় বহু গৰিহণা
নাই ক’তো অৰিহণা
বুদ্ধি নৰম
মাথা গৰম
নিচাত লুপ্ত চেতনা৷

৫)

কৰ্মত শিথিল হাত
মুখত সুৰীয়া মাত
ভোজন বিলাসী
অতি অভিলাষী
ভাল পায় ভোজ-ভাত

৬)
কাগজৰ গদা ঘূৰাই ইমান ভাল লাগে
কথাৰে আগলৈ একঠা খাব পাৰিম চাগে
ক’ত পাওঁ বগা ভাত
কা-কাকৈ লগাওঁ মাত
কেপকেপাই এৰেহাবোৰ খাওঁ লগেভাগে৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *