ফটাঢোল

ভুত ভৱিষ্যত – বৈদুৰ্য্য বৰুৱা

পুৱা শুই উঠিছিলোহে! চাহকাপ হাতত লৈ আগফালৰ বাৰাণ্ডাতে বাতৰি কাগজখন লৈ বহি আছিলো৷
“গুড মৰ্ণিং…দাদা..”
এনেতে দেখিলো সন্মুখৰ ৰাস্তাটোৱেদি কোনোবা এটাই মোৰ ফালে চাই চিঞৰি কোবাকোবিকৈ আগবাঢ়িছে৷ ভালকৈ চাই দেখো সেইটো বাসু৷
“ঐ…বাসু কেনি যাৱ? ..ৰ..ৰ…ৰ..”
মই চিঞৰি উঠিলো তাক দেখি৷ বাসুক সতকাই লগেই পোৱা নাযায়,…আজি হঠাতে পাইছো…গতিকে চাঞ্চতো এৰিব নোৱাৰি….।
মোৰ চিঞৰ শুনি বাসু ৰৈ গ’ল৷ ময়ো গেটৰ ফালে আগবাঢ়ি গলোঁ…
“কেনি যাৱ ঐ বাসু….ইমান লৰালৰিকৈ?”
“ এ..দাদা কি ক’ব?….মানে…মহা সমস্যা এটাত পৰিলো…।”
বাসুৱে কিছু উচপিচ কৰিলে৷
“ক চোন ক…কি সমস্যা…?”
“মানে…অলপ মহেন দাইতীৰ ওচৰৰ পৰা আহোঁ…”
“…মানে সেই মহেন্দ্ৰ জ্যোতিষী….?”
“ হয় দাদা…অলপ ঘৰখনৰ বৰ্ষচক্ৰখন দেখুৱাই আহোঁগৈ…।”
“সেইবুলি ইমান পুৱাই…!”
“ নক’ব দাদা….যোৱা নিশা বৰ বেয়া সপোন এটা দেখিলো…মনটো বৰ বেয়া লাগি আছে…মহেন দাইতীৰ পৰা কিবা প্ৰতিকাৰ এটা লওঁগৈ…।”
“ধেইট…তয়ো যে…সপোনৰ কথাও বিশ্বাস কৰে নে…!”
“নহয় দাদা বৰ বেয়া সপোন…এই সপোন ফলিয়াবলৈ হ’লে…”
বাসুৱে হুমুনিয়াহ এটা এৰি গম্ভীৰ হৈ পৰিল৷ মই দেখিলো সি বেচ চিৰিয়াচ হৈ আছে। মানুহৰ বিশ্বাসক হাঁহি উৰুৱাই দিয়াটো ভাল কথা নহয়।
“নহয় বাসু…মনত কিবা খুদুৱনি থাকিলে দেখুৱাই অহা ভাল…ময়ো বিশ্বাস কৰোঁ এইবোৰ….।”
মই অলপ কথাটো পাতল কৰি দিলোঁ..
“ তাকেতো দাদা…”
“ আচ্ছা..বাসু কিনো বেয়া সপোন দেখিলি অ’…ক চোন…”
“ …নক ’ব দাদা…সপোনটোৰ কথা মনত পৰিলে বুকুখন ঢপঢপাই উঠে…!”
”মই দেখিলো আমাৰ মৰমৰ ঘৰখন হঠাত দপদপকৈ জ্বলিবলৈ আৰম্ভ কৰিছে। ঘৰখনত মই অকলশৰীয়া। ঘৰখন ৰক্ষা কৰাৰ বাবে, সহায়ৰ বাবে টেঁটু ফালি চিঞৰিছোঁ। নাই কোনো নাই…দুই-এজন আহি সৰু সৰু বাল্টিৰে পানী মাৰিছে, কিন্তু কোনো লাভ হোৱা নাই! ভম ভমকৈ জুইকুৰা ক্ৰমাত বাঢ়ি আহিছে….।
হঠাতে মনত পৰিল…পদুম পুখুৰীৰ পাৰত আমাৰ ডাঙৰ ককাইদেউ কেইজনে খেলি আছে। সিহঁতকে মাতোগৈ! মই পোনচাতেই পদুম পুখুৰীৰ পাৰ পালোগৈ! দেখিলো পদুম পুখুৰীৰ পাৰৰ আমগছজোপাত ককাইদেউহঁত উঠি আম খাই আছে। আমজোপাৰ তলত আকৌ এটা হাতীত উঠি আনকেইজনমান ককাইদেৱে আম খাই আছে। হাতীৰ তলত আকৌ আৰু কেইজনমান চিঞৰ-বাখৰ কৰি থকা ককাইদেৱে আম চুপি থকাত ব্যস্ত….।”
“ তাৰপাছত…?”
“ তাৰপাছত মই গছত উঠি থকা ডাঙৰজন ককাইদেউক চিঞৰিলো,- …বোলো ককাইদেউ ঐ…সোনকালে নামি আহ…ঘৰত জুই লাগিছে ঐ…! ভেটি উচন হ’ব এতিয়া! এতিয়া আৰু আম খোৱা বাদ দে! আমি ভাই-ভনীকেইটাই তোৰ ওপৰতে আশা কৰি আছো…।”
মোৰ চিঞৰত গছৰ ওপৰত থকা ভনী এজনীয়েও ককাইদেউক চিঞৰি উঠিল,-”বোলে ঐ..ককাইদেউ,…বল..বল..বল..ময়ো ছোৱালীজনী হৈ আম খোৱা বাদ দি নামি আহিছো। তই নেনামিলে কেনেকৈ হ’ব…বল..বল..ঘৰখন বচাওগৈ ব’ল…।”
কিন্তু ডাঙৰ ককাইদেৱে একো নামাতিলে। আম খাই খাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে,-…”যা..যা..একো নহয়…যা…মই আছো নহয়…!”
“কিন্তু ককাইদেউ…..!”-মই চিঞৰি উঠিলো…
ককাইদেৱে এইবাৰো একো নামাতিলে। আকৌ আম খোৱাত লাগিল….
“ তাৰপাছত…?”
“ …তাৰপাছত আমাৰ আটাইতকৈ চিঞৰ-বাখৰ কৰি থকা ককাইদেউ কেইটাক চিঞৰিলো,-ককাইদেউ ঐ…ঘৰত জুই লাগিছে…কিবা এটা কৰ ঐ….ভেটি উচন যাব এতিয়া…তহঁতৰ ওপৰতে আমি ভাই ভনীকেইটাই আশা কৰি আছো…।”
ককাইদেউৱে ক’লে,-”আমি জানো নহয় কি কৰিব লাগে! …হ ’ব যা…মই চিঞৰি দিম…জুই নুমাই যাব….।”
“এইবাৰ মই হাতীত উঠি থকা ককাইদেউ কেইজনলৈ চাই চিঞৰিলো,-..বোলো ককাইদেউ ঐ…এতিয়া আম খোৱাৰ সময় নহয়…আহ..আহ…নামি আহ…ঘৰখন জ্বলি শেষ হ’ব এতিয়া…আমি ঘৰখনে তহঁতৰ ওপৰতে আশা কৰি ৰৈ আছে…।”
ককাইদেউহঁতে আমৰ গুটি চুপি চুপি ক’লে,-…”হ’ব যা..গৈ আছো…আমাৰ বহুত শক্তি আছে…এবাৰ মাত্ৰ আমি চিঞৰি দিলেই সকলো ওলাই আহি জুই নুমুৱাই দিবহি….।”
“ কিন্তু ককাইদেউহঁত….এনেকৈ বহি বহি চিঞৰিলেই নহব। তহঁতে হাতে-কামে লাগি জুই নুমুৱাব লাগিব। ককাইদেউহঁতে কি ক’লে জানে…?”
বাসুৱে মোলৈ চালে৷
“ কি ক’লে?”
“ বোলে বাসু, কেলেই ইমানকৈ কামুৰি আছ…? ?  আমি নামিম নহয়..আমৰ গুটিটো ভালকৈ চুপি শেষ কৰিবলৈ দে। তাৰ পাছত চোবাই চাম, যদি তিতা পাওঁ…তোক কথা দিছো …আমি লগে লগে নামি যাম….! !”
…..এই বাসুটোৱেযে কি কি সপোন নেদেখে….! ! !

☆★☆★☆

One comment

  • অবিনাশ

    সুন্দৰ ব্যঙ্গ ৷আম খাবলৈ পালে তিতা নোপোৱালৈ নানামে কোনেও ৷ঘৰখন আমৰ তললৈ নোযোৱা কেইজনে বচালেহে ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *