ফটাঢোল

কইনা মোৰ ধুনীয়া – তৃষ্ণা সোনোৱাল

মানুহটোৰ কাগজে পত্ৰই নাম তিলক চন্দ্ৰ বৰা কিন্তু গাঁৱত এই নামৰ মানুহজন কোন বুলি ক’লে তাক কোনেও উত্তৰে দিব নোৱাৰে। তিলৈ দাই বুলি ক’লেহে তেওঁক সকলোৱে চিনি পাব।
ভগৱানে দিয়া সকলোৱেই আছে তিলৈ দাইৰ। সাতজনী বায়েকে নুমলীয়া ভায়েকক কামে-কাজে কথাই-বতৰাই একেবাৰে ছোৱালী লেখীয়া কৈ তুলিলে। তিলৈ দাইৰ কাম-বনৰ লগত গাঁৱৰ কাজী তিৰোতায়ো লাজ পাই যাব। ইফালে আক’ চুবুৰীৰ প্ৰতিঘৰৰে সকামে-নিকামে হওক, টানে-আপদে হওক তিলৈ দাই নহলে নচলেই! মুঠতে তিলৈয়ে ঘৰ-দুৱাৰৰ লগতে গোটেই চুবুৰীটোৱে ধৰি আছে বুলিয়ে ক’ব পাৰি।
তিলৈ দাইৰ বয়স হৈছে, হওঁতে দুকুৰিৰ ঘৰ কেতিয়াবাই চুলে, কিন্তু কি বিপাকত বিয়াখন হোৱাগে নাই কোনেও ধৰিব পৰা নাই। তিলৈ দাইৰ সাহ কম লাজ বেছি। তিৰোতাবোৰৰ আগত ঘাইকৈ গাভৰুবোৰৰ সন্মুখত তেওঁৰ ক’ত যাওঁ ক’ত নাযাওঁ অৱস্থা হয়। লাজ বুলি আক’ তেওঁ ছোৱালী নোচোৱাকৈ থকা নাই। আলেঙে আলেঙে হওক বা লগ বন্ধুৰ স’তে ঘৰে ঘৰে হওক জীৱনত তিলৈ দাইৰ ছোৱালী চোৱা পৰ্ব একুৰি বাৰতকৈ অধিক হ’লেও কম নহয়। প্ৰথম পৰ্ব আৰম্ভ কৰিছিল ডেৰকুৰি পাঁচ বছৰ বয়সত।
মনত পৰে তেওঁৰ ৰিণি ৰিণি সেই দিনটোৰ কথা।
টাউনৰ দোকানৰ পৰা অনা ফুলাম টেৰিকটনৰ চাৰ্ট আৰু খাকী ৰঙৰ লংপেন্টো পিন্ধি আইনাখন চাওঁতে নিজেই চক্ খাই উঠিছিল।
আইনাখনে যেন ক’লে,- সাইলাখ মিঠুন… মিঠুন… মিঠুন..।

মিঠুন হৈ গৈয়ো পিচে সেইবাৰ তেওঁ বেয়াকৈ থেকেচা খালে। চেনেহী নে মালতী আছিল জানো ছোৱালীটিৰ নাম। আলহ-উদৰকে তাই লাৰু পিঠা আগবঢ়াই ক’লে,-“খাওকচোন ককাইদেউ।“
ছোৱালীটিৰ মৌহেন মাতষাৰে আমাৰ তিলৈদাইৰ মনত ঢৌ তুলিলে যদিও দেহত লাজে ছানি ধৰিলে।
“হ’ব হ’ব”- বুলি চাহকাপ তুলিব লওঁতে হাত থৰক-বৰক কৰিলে, কঁপা কঁপা হাতেৰে চাহকাপ তেওঁৰ মুখলৈ যোৱাৰ বাট হেৰুৱাই মিঠুনহেন চোলাটোত বাগৰি পৰিল। ইচ ৰাম, কিখন যে হ’লগৈ অ’! লাজত ৰঙা পৰা দুগালেৰে তিলৈ দাইয়ে চাওঁ নাচাওঁকৈ ছোৱালীটিলৈ চালে। এয়া কি ছোৱালীয়েও চোন অমৰাগুটীয়া চকুৰে তেওঁলৈ ট-টকৈ চাই আছে।
আশা কৰিছিল তেওঁ। কিন্তু ছোৱালীয়ে নাকচ কৰিলে।
কিয়??
বোলে কঁপনি বেমাৰিটোলৈ মই নাযাওঁ।
কঁপনি বেমাৰ আক কেতিয়া হ’ল??
কেলেই? চাহকাপ উঠাবকে নোৱাৰে দেখোন। একেবাৰে বেঙে মুতাদি থপথপাইছে। মুঠতে ল’ৰা কেনচেল।
বিয়া ঘটিল কিন্তু তিলৈ কাইৰ কপনি বেমাৰৰ উৰাবাতৰীয়ে পাছৰ কেইজনীকো প্ৰভাৱ পেলালে।কইনা পন্থীয়ে বোলে-মিছা কেলে হ’ব হয়নে। বেমাৰী নোহোৱা হ’লে এইহেন লৰাটোক বাৰু বিমুখ কৰেনে??
মুঠতে তিলৈ দাইৰ নকলি কঁপনিয়ে চাৰিখন বিয়া হওঁ হওঁকেই ভাঙিলে।
দুখতে তিলৈ দাই কেবাদিনো ডাউক বুঢ়াৰ ভাটীৰ পৰা উঠিব নোৱাৰিছিল। তিলৈৰ গেলা খাই ওলোৱা গেলা বিননিত আমনি পাই ডাউক বুঢ়াৰ ডাংকাটী জীয়েক মন্দাকিনিয়ে বাঢ়নী লৈ চিঞৰিলে-খাবলৈ নোপোৱা, কেলেহুৱা শিয়াল। সংসাৰত তয়েই অকল ছোৱালী চাই পাইছ নে?? দিনৰ দিনটো খাবি আৰু বকবক কৰি থাকিবি। তোৰ নিচিনা এটা বৰলা হৈ থকাই ভাল। কাইলৈ পৰা ইয়াত তোক যদি দেখো, গোবৰ লিপি চিনচাব নোহোৱা কৰি থম।

বাঢ়নিৰ মাৰ খাই তিলৈ দাই আয়েকৰ কাষ চাপিল।
কি হল তোৰ??
ডাউকৰ জীয়েকে মোক বুঢ়া শিয়াল কৈ অপমান কৰিছে
আয়ৌ সেই ডাংকাটী জনী মোৰ পোনাকহে পালেগৈ।তিৰোতাৰ গুন এটা নাই গাত আৰু মোৰ পোক দহষাৰ শুনাই। মতাকুকুৰা হেন কটকটাই ফুৰিব আৰু কথা শিকাব আহে মোৰ পোনাক।

বুঢ়ীয়ে বোলে এই কথাই কথা নহয়, তিলৈপোনাৰ গাত শনিয়ে লাগিছে, হয় হয়, ভালকৈ মঙল এখন চোওৱাই দোষ ভাঙিলেহে কইনা পাই যদি।
গোহাঁয়ে বিধান দিলে, শনিবাৰৰ পুৱা এটাত তিনিজন গৰখীয়াক কলা বস্তুৰে ভোগ খুৱাই কলা সাজ এযোৰ পিন্ধি সেইদিনাই ছোৱালী চাওক, ডাঠি কব পাৰো বিয়া হবই হব।

গোহাঁইৰ কথাও নালাগিল, এইবাৰ ছোৱালীৰ বাপেকে নাকচ কৰিলে।
-কিয়??
-বেজালী কৰিব জানে। যাদু মন্ত্ৰ জনা মানুহক ছোৱালী নিদিওঁ।
-বেজালী? যাদু মন্ত্ৰ??
-অ’তো। দেখা নাই গোটেই কলা কাপোৰ পিন্ধি আহিছে, আনকি তাৰ ফোঁটটোও কলা।
-হে হৰি, সেয়া তাক মাকেহে চৰুৰ ছাই ঘঁহি পঠিয়াইছিল। দেৱতাৰ কোপদৃষ্টি নপৰক বুলি।
-আৰু যে আং বাং মন্ত্ৰ বিৰবিৰাই আছিল, সেয়া একা?
-সেয়া গোহাঁয়েহে জানিব, কি বন্দনা কৰিব দিছিল।
-লাগিলে যিয়ে নহওঁক কিয় মুঠতে এই বিয়া নেচেল।

এইবাৰ তিলৈ দাই খুৰাম হাটৰ সন্মুখৰ মন্দিৰৰ দেৱী সাধকৰ চৰনত পৰিল। সাধু বাবাৰ উপদেশ মতে তিলৈ দাইয়ে ষোল্ল সোমবাৰৰ ব্ৰত পালিলে, কনাই হওক খোৰাই হওক এজনী পাবলৈ। ভগৱানৰ কি চমৎকাৰ। এইবাৰ তিলৈ দাইলৈ উপযাচিয়ে ছোৱালী যাচিলেহি ভাবী শশুৰেকে। হবলগীয়া জোঁৱাইৰ আগত কন্যাৰ গুণগাণ শুনি তিলৈ দাইৰো মন গ’ল এখন্তেক চাবলৈ। চালেগৈয়ে নহয় পিছদিনাখনতে। বৰ লনী অ ছোৱালিটি, কঁকাল খামুচীয়া, গাল ৰঙা বগা। আহিবৰ পৰত কন্যাই তিলৈ দাইক গামোচা ৰুমালেৰে মানো ধৰিলে।
মুঠতে তিলৈ দাইৰ লগতে গোটেই মানুহমখাৰ গাত তত নাইকিয়া। হওক দেউ, লৰাটোৰ যে গতি লাগিল। হাঁহে মাহে খোৱাৰ হে কথা।
আমডালি গুঠিছো, দুৱাৰডলিত আৰিছো
দৰাৰে খুৰীয়েকক সমাজলৈ মাতিছো
সমাজলৈ আহিলে শুদা হাতে নাহিবা
হাতত এখন শৰাই লৈ নাচি নাচি আহিবা
জাউৰিয জাউৰি উৰুলিৰে তিলৈ দাইৰ ঘৰ ভৰি পৰিল। ৰভাতলী উদুলি মুদুলি হল।
বিয়াৰ দহদিনৰ আগৰ কথা, চেন্টাৰৰ লালু প্ৰসাদৰ চেলুনত দাঢ়ি চুলি চিকুনাই, কলা চিকচিক কৰি আহি ঘৰ অহাৰ বাটতে জগতে তিলৈ দাইক খবৰটো দিলে।
-ককাই অ, কি বুলিনো তোক কথাষাৰ কওঁ। কবলৈকে দেখোন শোকে খুন্দা মাৰি ধৰিছে।
-কি হল জগত, নকৱ কিয়??
-বৰ বেয়া খবৰ অ ককাইটি।
-কচোন ক?
-তোৰ আই……
-আই অ মোৰ কইনা নেদেখাকৈ তই কেলৈ গুচি গ’লি ঔ, তোৰ বোৱাৰীয়ে এতিয়া কাক শাহু বুলি মাতিব ঔ…. তিলৈ দাইয়ে হুৱাদুৱা লগালে।
-হেই এইটো, একো হোৱা নাই তোৰ আইৰ।
-তেতিয়া হলে….
-তোৰ আয়ে পঠিয়াইছে মোক, বোলে কৈ দেগৈ কপালফুটা টোক, তোৰ কইনা পলাই লংকা পালেগৈ
কি???? কি???? বজ্ৰপাত পৰিল তিলৈ দাইৰ মূৰত। কইনাৰ বোলে আগৰে ভালপোৱা আছিল গাওঁবুঢ়াৰ পুতেকৰ লগত। তিলৈৰ লগত বিয়া ঠিক হৈয়ো প্ৰেমিকৰ লগত পলোৱাৰ সুযোগ বিচাৰি আছিল।
-উহ: কি শূল মাৰিলি ঐ মৰতী, এটাক যদি মন দি থৈছিলিয়ে মোক নো কেলেই জীয়াই জীয়াই জলালি ঔ” তিলৈয়ে মাজৰাস্তাতে ৰাউচি জুৰিলে।
-উঠ উঠ ককাই, এই বয়সত এনেকৈ কান্দিব নাপায়, মানুহে হাঁহিব তোক
-হাঁহক কিমান হাঁহে, ইমান দিনে মোক নহঁহাকৈ আছিল জানো কোনোবা। বল ডাউকৰ ভাটীত লৈ নে মোক। আজি মনৰ দুখ পলুৱাই খায়ে থাকিম।
দুপৰৰ বেলি মাৰ গ’ল, গৰু-গাই ঘৰলৈ ঘূৰিল। তেও তিলৈ দাইৰ গা লৰা নাই। ডাউকৰ পেৰা আজি তিলৈৰ ধনেৰে গধুৰ। বুঢ়াও সমানে মাৰিছে তাৰ লগত, তাতে জীয়েক মন্দাকিনীও ঘৰত নাই। যোৱাটো সপ্তাহতে কাছমাৰীৰ ভনীয়েকৰ ঘৰলৈ গল তাই। ভনীয়েকৰ জীয়েকৰ তোলনী বিয়া।তিলৈৰ বিননি আৰু মদৰ গোন্ধই পৰিৱেশটো গধুৰ কৰি তুলিছে। তিৰোতাৰ দৰে ফেকুঁৰি ফেকুঁৰি কন্দা তিলৈক দেখি গোটেই কেইজনৰে নিজা নিজা দুখবোৰ সাৰ পাই উঠিল। আবিয়ৈ মন্দাকিনীৰ ভৱিষ্যতৰ কথা ভাবি ডাউকবুঢ়াৰ শোকে খুন্দা মাৰি ধৰে। আজিও তাৰ ব্যতিক্ৰম নহ’ল। মনৰ দুখ বেজাৰ এফালৰ পৰা গ্ৰাহকৰ আগত বাই গ’ল।
হঠাতে জগতৰ শনি মূৰত এটা সাংঘাতিক আইডিয়া আহি গ’ল। সি মানুহটো গজং, বুঢ়াক চিধাই সুধিলে
-ঐ বুঢ়া, তোৰ জীয়েৰক বিয়া দিবি?
-ঐ গজমুৰা তোৰ লৱাছলি হাইস্কুল পালেগৈ, লাজ নাই বিয়া কথা ক’ব
-উৱা ইয়াত কি লাজৰ কথা দেখিলি?
-কি লাজ কি লাজ, এইবাৰ মোৰ নহয় তোৰ কাৰণে কইনা বিচাৰিম জগত, তইতো মোৰ ভাই হয় ৰে। পাত তই বিয়া, কোনে কি কৰে চাই লম, মৰতীহঁত তহঁতৰ চোতালত বমি কৰিম আজি চাই থাক। চিনি পোৱা নাই তিলক চন্দ্ৰ বৰাক। ” তিলৈ দাই নিচাত আংবাং বকিবলৈ আৰম্ভ কৰি দিছে ইতিমধ্যে।
-ধু…. ই ককাই মন্দাকিনীক তোৰ লগতহে বিয়াৰ কথা কৈছো। মই আকৌ এবাৰ বিয়া পাতি সিজনীৰ কোব খাওঁ বুলিলেহে হ’ব।”
তিলৈ জাপ মাৰি উঠিল ‘- সেই মতা কুকুৰাজনীৰ লগত কৈছ তই, ৰাম ৰাম সেইজনীক পতাতকৈ বৰলা ভাত খাই মৰি যোৱাই ভাল হ’ব। ”
-উৱা… ভালহে, তাই ভীম তুমি দ্ৰৌপদী। আৰু চা ককাই, তোৰ যিটো বয়স হৈছে ৰূপে গুণে ভৰা এজনী যে পাবি মোৰ মনে নধৰে। মন্দাকিনী বাইটী নো কিহত বেয়া দেখিলি তই। অ বয়স হৈছে অলপ, স্বভাৱটো অলপ পুৰুষৰ নিচিনাই বাৰু, কিন্ত তোৰ কাৰনে বৰ উপযুক্ত ককাই। তাইক সুধি চাওঁ নেকি কথাষাৰ।
-ধেই তহঁতে কি কৰ কৰি থাক, মোক আৰু নুসুধিবি।”
ঢলং পলং কৈ তিলৈ ঘৰ সোমালহি। মনত তেতিয়া তাৰ মন্দাকিনি, হয়তো জগতে মিছা কোৱা নাই। ইমান দূৰ-দূৰণিৰ তৰাবোৰ বিচৰাতকৈ ওচৰৰ জোনাকী পৰুৱা জনীয়ে ভাল। হুটা মাত-কথাৰে তাৰ আপডাল ল’ব,  সিয়োতো কম সেৱা-শুশ্ৰূষা কৰিব জানো! গামোচা এখন মূৰত মেৰিয়াই খৰি ফালি থকা মানুহজনীক মনত পৰি তাৰ বৰ ভাল লাগি গ’ল ।
তাৰ ভাগৰ ভাত কাহীঁ ঢাকি ইতিমধ্যে আয়েক শুলেই।
-আই ঐ, ফুটগধূলীতে শুলিয়েনে? নুশুই কিনো কৰিবি ন আই, পোনা মাকৰ দৰে এপৰলৈ মেল মাৰি মাৰি পিঠা পুৰিব, সূতা কাটিব তোৰনো ক’ত বোৱায়ী এজনী আছে।’ -তিলৈৰ জিভা দোৰোল খাই উঠিছে। বুঢ়ীও সাৰ পালে। ছোৱালী নোপোৱাৰ দুখেৰে জৰ্জৰিত পুতেকৰ মুখখনলৈ চাই মাকজনীৰ মমতা জাগি উঠিল।
-কি অ আই, ইমান শুদাই-নিকাই ভাত ৰান্ধিলি। একো সোৱাদে নোপোৱা হ’লো।
-খা বোপাই এতিয়া, কাইলৈ ঘৰৰ হাহঁ এজনীকে মাৰিবি। মই কোমোৰা দি সোৱাদ লগাকৈ সিজাম।
-নাখাওঁ হাঁহ-চাঁহ। কাইলৈ মই মতা কুকুৰা এজনীহে আনিম।
-কি??? গ’ল গ’ল এইটো। মতা কুকুৰা এজনী নহয় এটা বুলিহে কয় বুজিছ।
“হে হে আই, তই কি বুজিবি বৰলাৰ মেথা আৰু মৰমৰ বেথা!
তিলৈ দাইৰ সেইৰাতি সপোনত দুপাহ ফুলে খিলখিলাই উঠিল।
পাছদিনা দুপৰীয়াৰ কথা, টিংটিঙাই থকা মূৰটো কোনোমতে দাঙি তিলৈদাই নৈৰ ঘাটত পালেগৈ।
গাটো ধুই মেলি পাৰলৈ উঠিয়েই পৰিলে নহয় বাঘিনীৰ আগতে! তিলৈ দাইৰ তাইক দেখিয়েই মুখৰ পানী শুকাল। মৰতীজনীয়ে এতিয়া নোকোবালেই ৰক্ষা।
-ঐ বুঢ়া, কালি পিতাইৰ আগত কি কৈছিলি কচোন এবাৰ।
-বুঢ়া নুবুলিবি দেই, বিয়া পতাই নাই মই…
-খিক খিক, বুঢ়াক বুঢ়া নুবুলি ডেকা বুলিমনে কিবা। চাচোন চা তাৰ লগৰ কেইটাৰ পুতেক জীয়েকৰে বিয়াৰ বয়স হ’ল আৰু ই এতিয়াও বোলে বুঢ়াৰ শাৰীত পৰাই নাই।
– চাবি দেই মতাকুকুৰা, জোকাই নলবি কৈ দিছো। কিবা খং উঠিলে ঘৰলৈ লৈ গৈ আইৰ বোৱাৰী কৰি পেলাম।
-কি??? কি বুলি ক’লি মোক তই…
-হে হে কি বুলি ক’লোনো, মন্দাকিনী বুলিয়ে কৈছো। তই বা কি শুনিলি?
-নহয় পাছৰ ছোৱা কি বুলিলি..
-এ… এ.. একো কোৱা নাই, কিনো পিচত লাগি ফুৰিছ মোৰ।
-আউ, এতিয়া মইহে তোৰ পিচত লাগিলো। কালি পিতাইৰ আগত কি বকিছিলিগৈ, মনত নাই…
-কিনো বকিলো, চব জগতৰ কাম। মইনো সংসাৰৰ ইমান ভাল ভাল গাভৰু থাকোঁতে তোৰ নিচিনা ডংডঙীয়া মতা কালু এজনীক কেলে বিয়া পাতিম…
-কি ক’লি বুঢ়া শিয়াল। মই মতা কালু, মই ডংডঙীয়া। নিজে ইমান দৈৱপুৰুষ হৈয়ো এজনী চপাব পৰা নাইনে। থুই কটা, তোৰ নিচিনা অহংকাৰী এটা বৰলা হৈ মৰাই ভাল।
মন্দাকিনীৰ গুলীতকৈয়ো মাৰাত্মক বাক্যবানত তিলৈ দাইৰ অন্দৰ কা মৰ্দ জাগি উঠিল…
-মতাকুকুৰা মতাকুকুৰা, মই যদি বুঢ়া শিয়াল, তয়ো মতা কুকুৰা, মই যদি বৰলা হৈ মৰো তয়ো ঘৰতে বুঢ়ী হৈ পচিবি। মই যদি তিলক চন্দ্ৰ বৰা হওঁ আজি তোক মন্দাকিনী বৰানী কৰিহে এৰিম বুজিলিনে?
-হুহ, তই কিমানৰ মানুহ জানো দে, মুখত বৰ বৰ কথা, ইপিনি সাহৰ নামত সেই নিগনি কলিজা।
-সাহ নাই বুলি ভাবিছ? আহ মোৰ লগত তেনে….
মন্দাকিনিৰ হাতত ধৰি তিলৈয়ে টানি নিয়াদি ঘৰলৈ লৈ গ’ল। চোতালত আয়েকে মাটিমাহ এসেৰ বাচি আছিল। মনতে ভাবি পুতেক আহিব, হাঁহ মাৰিব, মাহৰ লগত টকালি পাৰি খাম। নঙলা খুলি সোমাই অহা পুতেকৰ লগত এজনীক দেখি বুঢ়ীৰ গা-চেবালে। চৰহা পৰা চকু, দূৰৈৰ মানুহ জলক তবক দেখি। চকু দুটা মোহাৰি লৈ চাই দেখে এইজনী আন কোনো নহয়, ডাউক বুঢ়াৰ বিয়াৰ বয়স পাৰ হওঁ হওঁ হোৱা জীয়েক মন্দাকিনি।
তিলৈয়ে মন্দাকিনিক আগবঢ়াই মাকক সেৱা কৰিলে-হু আই, এইজনী তোৰ বোৱাৰী গটালো।
বুঢ়ীয়ে ৰাউচি জুৰিলে – কনা গোসাঁই অ, মোৰ কানাইটোৰ কাৰনে এইজনীহে স্ৰজিলা নে। মই কি ক’ৰোঁ অ, কি হ’ব মোৰ পোনাটোৰ।
ইতিমধ্যে বুঢ়ীৰ চিঞৰ শুনি ওচৰৰৰ মানুহ দুনুহ গোট খালেই। থুলুকৰ মাকে বোলে- হ’ব বাইটি, কিনো অথন্তৰ লগাইছ। বোৱাৰীক আদৰিব জা-যোগাৰ কৰ।
বুঢ়ীয়ে হেহো নেহো কৰিয়ে আছে – এই ডাংকাটি মতাসজীয়া জনীক কেনেকৈনো বোৱাৰী বোলো অ, এইজনীকে পালিগৈনে তিলৈ মৰাটো।
-কনাটোৰ কাৰনে কানী, কলাৰ কাৰনে কালৰী ভগৱানে স্ৰজিয়ে থয়। মন্দাকিনি টো ভালেই আৰু আমাৰ তিলৈনো কি ফুলকুমলীয়া লাট চাহেব। দুই-চাৰিবছৰৰ পাছতে সি পঞ্চাশত ভৰি নিদিব জানো। হ’ব দৌক নবৌ, বোৱাৰীক দুৱাৰডলি গৰকোৱা এতিয়া। ”
সকলোৰে অনুৰোধত আয়েকে মন্দাকিনীক নতুন ৰিহা-মেখেলাৰে সজাই, কেৰু আঙুঠি পিন্ধোৱাই ভৰাল গোঁহালি সেৱা কৰাই বোৱাৰী আদৰিলে।
গোটেই মানুহখিনিয়ে উৰুলি দি ঘৰৰ মুধচ উৰুৱাই নিওঁ যেন কৰিলে। পিলিঙা মখাই তিলৈ দাইক কানতে কিবা এষাৰ কৈ জোকাই ল’লে,  আমাৰ তিলৈ দাই লাজতে ৰঙা-চিঙা পৰিল।
বৌৱেকহঁতে জোকালে – বোলো তিলৈ অ’ কেনে দেখিছা আজি মন্দাকিনিক?
জেওৰা খুটি হেন মন্দাকিনিক মুগাৰ কাপোৰজোৰৰ লগত সেন্দুৰকনেৰে নতুন ৰূপত জিলিকি উঠা দেখি তিলৈ আপ্লুত হ’ল- নবৌহঁত অ, মিছা নকওঁ কইনা মোৰ ধুনীয়া।
কোনোবা এটাই চিঞৰি উঠিল” আজ্জৈ কলিজা। “

☆★☆★☆

2 Comments

  • অবিনাশ

    বৰ ভাল লাগিল দেই তিলৈ দাক

    Reply
    • লক্ষী ভূঞা

      সুন্দৰ, এনে লেখা আগলৈও আশা কৰিলো…..

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *