ফটাঢোল

খেতি (মূলঃ হৰিশংকৰ পৰছায়) – অনুবাদঃ সোণটো ৰঞ্জন বৰুৱা

চৰকাৰে ঘোষণা কৰিলে যে এইবাৰ আমি অধিক শস্য উৎপাদন কৰিম আৰু এবছৰত খাদ্যশস্যত আত্মনিৰ্ভৰশীল হ’ম। পিচদিনাই কাগজকলত দহলাখ একৰ কাগজৰ অৰ্ডাৰ দিয়া হৈ গ’ল। যেতিয়া সেই কাগজ আহিল তাৰে ফাইল বনোৱা হ’ল।
প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ পৰা নামাকৰণ কৰি ফাইল খাদ্য বিভাগলৈ প্ৰেৰণ কৰা হ’ল। খাদ্য বিভাগত সেই ফাইলত কিমান শস্য উৎপাদন হ’ব লাগিব লিখি বিত্ত বিভাগলৈ প্ৰেৰণ কৰিলে। বিত্ত বিভাগে কিমান টকা মঞ্জুৰ কৰিব তাক লিখি কৃষিবিভাগলৈ প্ৰেৰণ কৰিলে। কৃষি বিভাগে তাত বীজ আৰু সাৰ সিঁচি বিদ্যুৎ বিভাগলৈ প্ৰেৰণ কৰিলে। বিদ্যুৎ বিভাগে তাত বিদ্যুৎ সংযোগ কৰি সেই ফাইল জলসিঞ্চন বিভাগলৈ প্ৰেৰণ কৰিলে। জলসিঞ্চন বিভাগে তাত জলসিঞ্চন কৰি সেই ফাইল গৃহ বিভাগলৈ প্ৰেৰণ কৰিলে। গৃহবিভাগে সেই ফাইল ৰাজধানীৰ পৰা মহকুমা পৰ্যায়ৰ অফিছলৈকে ঘূৰাৰ সু-ব্যৱস্থা কৰিলে। সকলো অফিচতে ফাইলৰ পূজা অৰ্চনা চলি ইটোৰ পৰা সিটো অফিছলৈ গতি কৰিবলৈ ল’লে।
যেতিয়া ফাইল সকলো দপ্তৰ ঘূৰি শেষ হ’ল,  তেতিয়া ফাইল পুৰঠ হ’ল বুলি অনুমান কৰি, ইয়াৰ ফচল কাটিব লাগে বুলি টোকা এটা লিখি ফুড কৰ্পোৰেশ্যন বিভাগলৈ পঠিয়াই দিয়া হ’ল।
এইদৰে দহ আখৰ একৰ কাগজৰ ফাইলৰ ফচল পকি ফুড কৰ্পোৰেশ্যনৰ ওচৰত জমা হৈ গ’ল।
এদিন এজন কৃষকে চৰকাৰলৈ আবেদন জনালে, -” মহোদয়, আমাক বিদ্যুৎ, পানী, উন্নত বীজ যোগান ধৰক আৰু আপোনাৰ অফিচাৰসকলৰ পৰা আমাক ৰক্ষা কৰক। আমি দেশৰ প্ৰয়োজনীয় খাদ্য শস্য উৎপাদন কৰি দিম।”
চৰকাৰী প্ৰবক্তাই ইয়াৰ উত্তৰ দিলে,-“শস্য উৎপাদনৰ বাবে এতিয়া আৰু কৃষকৰ প্ৰয়োজন নাই। আমি ইতিমধ্যে দহলাখ একৰ কাগজত শস্য উৎপাদন কৰি আছো।

কিছুদিন পাছত প্ৰধানমন্ত্ৰীৰ এটা বক্তব্য আহিল,-“…… কিছু কাৰণত এইবাৰ সম্ভৱ নহ’ল। কিন্তু আগন্তুক বিত্তীয় বৰ্ষত আমি শস্য উৎপাদনত আত্মনিৰ্ভৰশীল হ’ম।” আৰু সেইদিনাই বিশলাখ একৰ কাগজৰ অৰ্ডাৰ দিয়া হৈ গ’ল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *