ফটাঢোল

পুৰণি কেনভাছ – নিমিষা ফুকন সোণোৱাল

:অ’ আইতা?
:হেঁ ৷
:ল’ৰাটো ক’ত ?
:সৌটো ৷
:কি কৰিছে সি তাত? মহে খাই ডবৰা পাতিব পাই পিঠিত ৷
:অকল সেইবোৰেই কৰি থাকে ৷ কাচিন তেল ( কেৰাচিন তেল সানি দিবলৈ ক’বই নহয় ফুট গধূলিতে মোক ৷ মোৰ আৰু কাম নাই নহয় ! মহে খায়, চামচেলুকাই চেলেকে , সৌ আলষণীয়ে পাই, পাই থাকক ৷ নাজানো,মাছ কেইটা পালে ! ক’ৰ লোকৰ ভেন্দিবাৰীত সোমায়, গোহালিৰ কিনাৰত কোৰখন মাৰি বৰশীৰ টোপ গোটাই পিটাই লৈ ওলাই গৈছে আৰু ৷ মোৰ হেৰৌ, এটা বাল্টি ; তাকে হোৱাই নোহোৱাই আজি আমাৰ টিউৱেলৰ পাৰত, কালি কেৰপাই ঘৰত ৷ বাল্টিটোৰ ফুটা ওলালেগৈ ৷ সি তাকে কিবা এলেপা দি ফুটা মাৰি লৈ খালে খালে বৰশী বাই ফুৰি ভোক লাগিলেহে আহিব ৷ তাকো, ডাঙৰো ডাঙৰ মাছটো খৰিকাত দি ভাতকাঁহী গিলি থ’ব কোন টলকত গমেই নাপাও ঔ মই ! এইদৰে সি গোঁফ গজালেগৈ ৷ লাহেকে এজনী গোটাই বাপেকীও হ’লগৈ ৷
পিছে বোপাই,তাক কেলৈ বিচাৰি আহিছিলি হয়? দৰৱলৈও পাবলৈ নাই তাক ৷ ক’ৰ চৰাই বাহৰ পৰা পখৰা পখৰী কণীসোপাকে হাবিৰ পৰা বুটলি আনি পিতলৰ হেতা খনতে ফঁচকৈ ভাজিব আৰু খালে ভাতগাল, নাই নাই নাই নাই ….নাই !
:আইতা,তাৰ ল’ৰাৰ দশম মানৰ পৰীক্ষাৰ ফলাফল ওলাল নহয় ৷ মই সুখৰ খবৰটো দিবলৈ আহিলোঁ ৷
:ইয়ে! ভাল হ’ল নে বাৰু ? হুঁ ল ৷ মূঢ়াটোতে বহ ৷ মই চাহ তপতাওঁগৈ ৷ মনটো এতিয়াহে ভাল লাগিছে বুজিছ হ’ব পায় ৷ কিবা কথা কিছুমান মনত পৰিছে ৷ তাহানিতে ইয়াৰ পিতাকে চালিখনৰ তলতে ৰৈ থাকে ৷ বিদ্যালয়ৰ পৰা পৰীক্ষা দি ঘূৰি অহালৈ ৰৈ থাকে ৷ হাতত কিবা নহয়, কিবা এখন কিতাপ লৈয়ে থাকে নহয় ! এদিন আছিল সাধাৰণ বিজ্ঞান নে কিবা বোলাটো ৷ দি আহিলে আৰু সি ৷ পিতাকে ওচৰলৈ মাতি আনি সুধিলে “– অ’ পোনা, আহ, কি সুধিলে চাওঁ, প্ৰশ্নখন লৈ আহ ৷ ”  ইয়াৰ পিতাকে বোলে, “এইখন পিতাই” ৷”- পোহনীয়া জন্তু? কি কি ক’লি?” ওচৰতে কুকুৰজনী ৰ’দ লৈ শুই থকা দেখি তাইৰ নাম ল’লে ৷ গৰুটোৱে আমন জিমনকৈ গোহালiত ঘাঁহ পাগুলি আছে, চালে তালৈ , চাই ক’লে ৷ এটা ৰঙা মতা কুকুৰাই কোনোবা এটাক এনে খেদন দি কাণৰ কাষতে “কেংকুকুঔ” বুলি দিলে ডাক ৷ সি মুখস্থ মাতিব পাৰে ৷ পাহৰি গণি গণি দিলে উত্তৰ ৷”– সিংহই কি খাই আহিছিল ৷ কি ক’লি?”– ভাত খায় ৷ শাক খায় ৷”– হুমম ! বিচনীৰ নালটোৰে দিলে কটং কটং ৷ তেনেকেই সি দশম মান শ্ৰেণীৰ পৰীক্ষাত বহিল ৷ প্ৰথমবাৰে সি মিলটেৰীত পালে ৷ মই শুনিয়ে যাব নালাগে বুলি কন্দা কটা কৰিলোঁ ৷ ভাল হওক, বেয়া হওক, আবনুৱাই হওক, নিদিলো যাবলৈ ৷ মই নহ’লে আইধাই পৰিলোহেঁতেন বোপাই ঔ! লগৰ কেইটা ফেইল বালে ৷ আমাৰটোৱে আকৌ মিলটেৰীত পালে ৷ স্কুলৰ শিক্ষকে চকু পকাই সুধিলে এইটোহে পালি বুলি ৷ সেমেনা সেমেনি কৰি কৈছেহি বোলে “ছাপ্ প্লিমেন্টাৰী পালে ৷” মই শুনি বিচূৰ্তি ৷ ক’লোঁ,– থ নালাগে যাব মিলটেৰীত ৷ মই নাখাই খোৱাম ৷ যাব নালাগে ৷ তাত গৈ যুঁজ দি মৰিব নালাগে ৷ সেইটো এতিয়া ঘৰতে আমাৰ লগত যুঁজ দি দিনটোলৈ ওলাই গ’ল ৷ সঁচাই ‘আবনুৱাটো’ ৷ পিঠিটোৰ তাৰ তেনে জাতীয়ই ৷ নলুৱা কটাৰীখনো তাৰ পিঠি ঘামচি ফুটুৱাই ফুটুৱাই আগটো তেনেই আবনুৱা কৰি পেলালে ৷ কি ক’বি কচোন! ”
:ইশুনক আইতা,নাতিটোৱে সেইবোৰ একো মিলটেৰীত নাই পোৱা ৷ সি সকলো বিষয়তে লেটাৰ পাইছে ৷
:এইটো এখোপ চৰাচোন তেনেহ’লে ৷ সি লেটাৰ লিখিবলৈহে অতদিনে বিদ্যালয়লৈ ফোঁ ফোঁৱাই গৈছিল? তপত ভাত খুৱাই খুৱাই মই তাক চিঠি লিখিবলৈহে পঠিয়ালো ৷ পৰীক্ষাত তেনে প্ৰতিদিনাই ‘ লেটাৰ নে ফেটাৰ খন ‘ লিখিলে নি সি ? কালৈ লিখে সি সেইবোৰ ? আজি তাক মই! দেখিলে ধৰিবই নোৱাৰি তাক ৷ ওঁঠ চেপিলে গাখীৰ ওলায়হে যেন ! সেমেকা জুইশলা বাকচটো ! মিছা মিছি !!
:অ’ আইতা ৰ’বচোন !
:হেই, নৰওঁ মই ৷ বেয়া মাত ওলাব মোৰ ৷ সাউৎকে চাহটোপা গিলৱ যদি গিল ৷ যাগৈ যা ৷ মোৰ কিবা ৰকম উঠিছে নি বহি কথা চোবাবলৈ! যাগৈ যা বোপাই ! কেৰাহী তলৰ উতলি থকা ঔটেঙা দিয়া ঢেকীয়া শাকখন ফুঁ মাৰি নুমুৱাই দি বুঢ়ি দুৱাৰৰ শলখা লগাই তামোল এখন মুখত ভৰাই খৰ কৈ খোজ দিলে ৷ যাওঁতে শিলিখাজোপাতে আঙুলিত লাগি থকা চূণকণ সানি থৈ গ’ল ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *