ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – পৰী পাৰবীন

বছৰেকৰ বিহুটি বুলি জোনবিৰি, মুগাৰ সাজেৰে ৰং-ৰহইচ অকণ কৰোঁ বুলি লৈছিলোহে মাথোঁ, পদূলিত দেখোঁ স্বৰ্গদেওৰ কটকী হাজিৰ! মখমলী ফুলাম পত্ৰ দি ক’লে, বোলে, “ৰজাঘৰে মনত পেলাইছে”। হাঁহিৰ ৰাজ্যৰ ৰজাৰ পত্ৰ। নিজকে কিবা ৰজাৰ পাটমাদৈগৰাকীৰ দৰে লাগিল। নালাগিবইবা কিয়?  ৰঙেৰে ভৰা বসন্তোৎসৱত খোদ স্বৰ্গদেৱে মনত পেলাই কটকীৰ হাতত মখমলী পত্ৰ পঠিয়াইছে, গতিকে বিহুটি চাবলৈ চেনাইধনলৈ ৰ’বলৈকে নহ’ল। পোনচাটেই ৰজাৰ কাৰেং পালোহি। ৰজাঘৰে কিন্তু হুকুমহে দিলে, বোলে, “এইবাৰৰ ৰংবোৰ বুটলাৰ দায়িত্ব তোমাৰ”।এনেয়েও ৰঙতে বুৰি থাকোঁ, পিচে ৰজাঘৰীয়া ৰং বুটলা জানো সহজ?  পচন্দ নহ’লে বা কি আদেশ দিয়ে! নচঁচা শূলত পৰাৰো ভয়। কিঞ্চিত শংকা, কিঞ্চিত উত্তেজনাৰে দায়িত্ব হাতত ল’লোঁ। ল’লোঁ যেতিয়াতো এমাহলৈ বন্দী হ’বই লাগিব! ৰং বুটলাৰ নামত কতৰ দুৱাৰত যে টুকুৰিয়াব লগা নহ’ল! প্ৰতিখন দুৱাৰ মেলি গৃহস্থই মন খুলি ৰঙৰ টোপোলা আগবঢ়াই দিলে। দুই এজনে অৱশ্যে দুৱাৰ মেলি সঁহাৰি জনালে যদিও ব্যস্ততাৰ বাবে টোপোলা বান্ধিবলৈ আহৰি নাপালে। হ’লেও ‘শেষ ভালেই সকলো ভাল’- আপ্তবাক্যটি সুঁৱৰি শেষ হাঁহিটো মাৰি ৰজাঘৰক সমূহ ৰঙৰ টোপোলা চমজি আহিলো।

এইখিনিতে কিন্তু সাধুটো শেষ নহ’ল। আৰু থাকি গ’ল কিবাকিবি-কিছু অভিজ্ঞতা, কিছু স্মৃতি আৰু আখৰৰ মোহত বন্দী হৈ থকা এখিনি নিস্বাৰ্থ মানুহ। তেওঁলোক মোৰ পথৰ সংগী।

অভাগিনীক এই কামটো কৰিবলৈ দিয়াৰ বাবে উপযুক্ত বিবেচিত কৰিবলৈ ৰিন্টুমনি দত্ত ডাঙৰীয়াৰ বৰঘৰত কোনে বাৰ্তা দিছিল সেয়া জনাৰ অৱকাশ নাথাকিল। যিয়েই নহওক, দায়িত্ব হাতত ল’লো যেতিয়া নিজৰ ওপৰত বিশ্বাস নাথাকিলেও ৰজাঘৰৰ বিশ্বাস হেৰাবলৈ দিব নোৱাৰি বুলি বাকী সকলো কামত তলা লগাই ‘ফটাঢোল’ আলোচনীৰ কামত লাগি গ’লোঁ।

দ্বাদশ সংখ্যাৰ ‘ফটাঢোল’আলোচনী। ক্ৰমান্বয়ে উচ্চতৰ বিন্দুত অৱস্থান লোৱা এখন হাস্যব্যংগৰ আলোচনীৰ দায়িত্ব লোৱাটো যিদৰে কষ্টসাধ্য, সেইদৰে এক গৌৰৱৰ কথাও। এই গৌৰৱৰ ভাগ দিয়াৰ লগতে হাতত হাত ধৰি আগুৱাই লৈ গ’ল আলোচনীৰ প্ৰাক্তন সম্পাদক গীতিকা শইকীয়া বাইদেউ,  চবিনা ইয়াছমিন বাইদেউ,  ঋতুপৰ্ণা মহন্ত আৰু জিমণি গগৈয়ে । সময়ে সময়ে সহায়ৰ হাত আগবঢ়ালে অভিজিতদা (অভিজিত কলিতা),  জ্যোতিদা(জ্যোতিৰূপম দত্ত), দেবুদা(দেৱজিত শইকীয়া), বিজয় মহন্ত,  সঞ্জীৱ ভট্টাচাৰ্য,  বিকাশ শইকীয়া,  ঈশানজ্যোতি বৰা,  মনীষা কাকতিকে ধৰি সম্পাদনা গোষ্ঠীৰ সমূহ কৰ্তাই।

সম্পাদনা গোষ্ঠীৰ বাহিৰৰ যি কেইজনক হকে-বিহকে আমনি কৰিছিলো, “এইটো এতিয়াই লাগে” বুলি মৰম মিহলি জেদ ধৰিছিলো, তেওঁলোক দুজন হৈছে মৰাণৰ ধ্ৰুৱজ্যোতি অৰ্জুন আৰু গোগামুখৰ বিনয়কৃষ্ণ তামুলী ফুকন। তেওঁলোকক ধন্যবাদ দিয়াৰ ধৃষ্টতা মোৰ নাই। ডিব্ৰুগড়ৰ কৃষ্ণচূড়াকেইজোপাও আক’ নতুন ফেশ্বনত ফুলিছে এইবাৰ। সেই ফেশ্বনটো কেমেৰাত তুলি আনিবলৈ কুতুৰি আছিলো বিশ্বজিৎ গগৈক। ‘ফটাঢোল’ৰ নহ’লেও মোৰ এই পথত তেওঁৰ অৱদানো কম নাছিল। তেওঁলৈ অযুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

কামৰ সময়ত গান শুনি থকাটো মোৰ পুৰণি অভ্যাস। সেইফেৰা সৌভাগ্যৰো সংযোগ ঘটিছিল দিম্পল কলিতা আৰু বিকাশ নাথৰ জৰিয়তে। মৰম দিলো দুয়োলৈ এই আপাহতে।

শৈশৱৰ লগৰী তথা শিক্ষাজীৱনৰ অগ্ৰজ মৌচুমী বৰিৰ লগত কৰা ঠেনঠেননিবোৰ আছেই। মোৰ টেনচন হৈছে,  ঔষধ এটাই, মৌবাৰ মৌসনা মাত। মোৰ আনন্দ লাগিছে,  ভাগ দিবলৈ আছে নহয় মৌবা। মোৰ দুখ হৈছে,  সেয়াচোন ওচৰতে ৰৈ আছে মৌবা। শেষত সম্পাদকীয় লিখি উঠি মৌবাক ফোন কৰিলো,- “সম্পাদকীয় লিখিলো, কিন্তু তোমাক দেখুৱাই লাভ নাই কাৰণ তুমিতো মোৰ বেয়াবোৰ দেখাই নোপোৱা।”

মঙলদৈৰ জয়ন্ত শৰ্মা। “একো ভাল লিখা নাই, আৰু ভাল কৰক” বুলি মুখতে কৈ দিব পৰাকৈ সেই এজনেই মানুহ আছিল। মোৰ সকলোবোৰ লিখনিৰ নিৰ্মোহ বিশ্লেষকজনৰ দিহা-পৰামৰ্শ সততে মানি চলোঁ। এই চেগতে তেওঁৰ ওচৰতো কৃতজ্ঞ হৈ ৰ’লোঁ।

সঞ্জীৱ মজুমদাৰ দাদা আৰু ৰাজদ্বীপ বৰা ভিনদেউৱে তথ্য আৰু হাঁহিৰ টুকুৰা ছটিয়াই মনটো জীপাল কৰি ৰাখিছিল । দুয়োজনলৈ মোৰ শ্ৰদ্ধামিহলি কৃতজ্ঞতা জ্ঞাপন কৰিলো ।

আলোচনীখনৰ বাবে লিখনি গোটাওঁতে ড°ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এষাৰি কথা মানি চলিছিলো। অসমৰ চুকে-কোণে থকা লিখকসকলক উলিয়াই অনাৰ প্ৰচেষ্টাত আছিল তেওঁ। সেই আদৰ্শৰ বাটেদিয়েই গৈ ময়ো ‘ফটাঢোল’ আৰু অন্যান্য গোটসমূহত লিখি থকা লেখকৰ সন্ধানত আছিলো। সেয়েহে ‘ফটাঢোল’গোটলৈ অহা সৰহসংখ্যক হাস্য-ব্যংগৰ লিখনিয়েই আছিল মোৰ সংখ্যাৰ আলোচনীৰ প্ৰধান সমল। ‘অকব’ৰ দৰে আন গোটতো দুজনমানৰ ভাল লিখনিত চকু পৰিছিল। যোগাযোগ কৰি সঁহাৰি পাইছিলো। কোনোদিনে নজনা মানুহকো ভাষাৰ টানে তথা আখৰৰ টানে কিদৰে একলগ কৰিছিল, সেই কথা ভাবি বৰকৈ আপ্লুত হৈছো।প্ৰবন্ধ লিখিবলৈ ইতস্ততবোধ কৰিছিল কেইগৰাকীমান নিবন্ধকাৰে,“প্ৰবন্ধ নামৰ নিৰস কথাবোৰ এই আলোচনীত কোনে পঢ়িবলৈ আহিব” বুলি! মই তেওঁলোকৰ মন্তব্যৰ বিৰোধিতা কৰি কৈছিলো, “প্ৰবন্ধ নামৰ তথ্যসম্বলিত লেখনি এটা আমাৰ মাজত মজুত থকাটোৱেই ডাঙৰ কথা। গৱেষণাৰ কামত নতুবা নতুন চামৰ প্ৰয়োজনীয় তথ্যৰ বাবে চাৰ্চ ইঞ্জিনে আমাৰ আলোচনীখন যেতিয়া উলিয়াই আনিব, তাতকৈ আমাৰ বাবে গৌৰৱৰ কথা কি হ’ব পাৰে?  এই ছেগতে এই আলোচনীলৈ লিখনি প্ৰদান কৰা সমূহ লিখকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

হাস্যৰসেৰে ভৰপূৰ মানুহবোৰলৈ আগতে হিংসা হৈছিল, তেওঁলোকে কিদৰে মুহূৰ্ততে একোখনি গোমোঠা মুখ ৰঙীন কৰি তোলে, সেই ভাবি আচৰিত হৈছিলো। এই গোটলৈ আহি সেই হাস্যৰস সৃষ্টিৰ সোৱাদ পালোঁ। একোখনি গোমোঠা মুখ ৰঙীন কৰি তুলিবলৈ সক্ষম হ’লোঁ। আনহে নালাগে, হাঁহিবোৰক গতি দিবলৈ সক্ষম হ’লোঁ। মোৰ সাফল্যও সিমানখিনিতেই। ‘ফটাঢোল’ গোটলৈ পুনৰবাৰৰ বাবে অলেখ প্ৰণাম যাঁচিলোঁ।

হাঁহি পৃথিৱীৰ প্ৰাচীনতম ভাষা। হাঁহি পৃথিৱীৰ সাৰ্বজনীন ভাষা। ‘ফটাঢোল’য়ে সৃষ্টিৰ নৈখন নিৰ্মল কৰি ৰাখক। হাঁহিবোৰ কুলুকুলু সুৰেৰে বৈ থাকক।

জয়তু ‘ফটাঢোল’ ।

ধন্যবাদেৰে,
পৰী পাৰবীন
সম্পাদক, দ্বাদশ সংখ্যাৰ ‘ফটাঢোল’ আলোচনী।
১ জুন, ২০১৮

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *