ফটা প্ৰশ্ন
১৷ পৰীস্মিতা গগৈ: প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ মানুহে মাছ-মাংস ভক্ষণ কৰে বুলি অকাট্য যুক্তি দিয়ে৷ এতিয়া জনসংখ্যাৰ বিষ্ফোৰণে প্ৰকৃতি জগতৰ ভাৰসাম্যৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিছে৷ জনসংখ্যাৰ বৃদ্ধিৰ বাবে পৃথিৱীত হোৱা অসুবিধাবোৰৰ কথা নক’লোৱেইবা৷ ফটহু কাই আপুনি নাভাবে নে জন্তৰ জন্ম নিয়ন্ত্ৰণৰ বাবে যিসকলে মাংস খোৱাৰ যুক্তি দিয়ে তেওঁলোকে ইয়াকো মানি লোৱা উচিত হ’ব যে মাংসাহাৰী সমস্ত জন্তুবোৰে মানুহৰ জনসংখ্যা ৰোধৰ বাবে মানুহ ভক্ষণ কৰা যুক্তিসংগত হ’ব?
ফটহুঃ- হয়তো হব! তেনেধৰণৰ চিন্তা চৰ্চা চলিছেই হ’বলা৷ কাৰণ-
“একেখন গাড়ীয়ে সাতটা মানুহ মাৰিলে, ফুং ফাং হ’ল কে’ছ; একেটা মানুহেই হৰিণা মাৰিলে, জেলত সোমাই লাইফ চেছ! ”
২৷ সমীৰণ গগৈ: – প্ৰেম মানে কি?
ফটহুঃ- পাছ! ফটহুৱে নজনা কেইটামান কথাৰ ভিতৰত এইটোও এটা৷
৩৷ অনিমা দাস: – লৰা-ছোৱালীৰ পৰীক্ষাৰ ফলাফল ভাল হ’লে মানুহে পুৰুষজনক প্ৰশংসাৰে ওপচাই পেলায় এইদৰে, ‘দেউতাকজন বৰ জনা মানুহ, চোকা মানুহ সেইবাবে লৰাটোৰ ৰিজাল্ট ভাল হৈছে’৷ ফটহু ডাঙৰীয়া মোৰ প্ৰশ্নটো হ’ল – যদি লৰা-ছোৱালীৰ পৰীক্ষাৰ ফলাফল ভাল নহয় তেতিয়া মানুহে মাক জনীৰ কাৰণে ৰিজাল্ট বেয়া হ’ল বুলি কিয় কয়?
ফটহুঃ- সংসাৰৰ সকলো পাপৰ ভাৰ আই বসুমতীয়েই ল’ব লগা হয়, আৰু মাকবোৰেই ঘৰখনৰ আই বসুমতী৷
৪৷ ৰাস্না বৰা:- সকলোৱে ছাত্ৰ ছাত্ৰীক ডাক্তৰ বা ইঞ্জিনীয়াৰ হবলৈ আশীৰ্বাদ দিয়ে যদি সেইমতে সকলো ডাক্তৰ বা ইঞ্জিনীয়াৰ হয় তেওঁলোকক পঢ়াব কোনে, খাদ্য দিব কোনে আৰু বাসস্থান সাজি দিব কোনে?
ফটহুঃ- সেই ডাক্তৰ ইঞ্জিনিয়াৰ বোৰেই কৰিব আকৌ, কিমান ডাক্তৰ ইঞ্জিনিয়াৰক ভাত ৰন্ধা, বাচন ধোৱা, ঘৰ সৰা দেখিলো জীৱনত৷ পিছে চিৰিয়াচলি কওঁ- এয়া উদ্বেগৰ কথা৷ এই মানসিকতাৰ পৰা ওলাবৰ হ’ল৷
৫৷ মৃদুল শইকীয়া: -টোপনিত সপোন দেখি তাক সাকাৰ ৰূপ দিয়াজন যদি স্বপ্নদ্ৰষ্টা হয়, তেন্তে মোৰদৰে সপোনৰ মাজতে টোপনি যোৱা মানুহক কি বুলি ক’ব?
ফটহুঃ- টোপনিস্ৰষ্টা৷
৬৷ দীপ্তি বীণা হাজৰিকা: -ভাত যদি গছত লাগিলহেঁতেন আমাৰ কি কি সুবিধা আৰু কি কি অসুবিধা হ’ল হেঁতেন?
ফটহু: – সুবিধা – গৃহিণীৰ কাম কমিলেহেঁতেন। অসুবিধা: – গৃহিণীৰ কাম বাঢ়িলহেঁতেন, কানীয়া গৃহস্থই ভাতৰ গছ দুডালমান ৰুইয়েই কাম সামৰিলেহেঁতেন, বাকী গছত পানী দিয়া, সাৰ দিয়া, ভাত চিঙা, ধুই পখালি বাঢ়ি দিয়া, সকলো কাম গৃহিণীয়ে কৰিব লাগিলেহেঁতেন৷
৭৷ পদ্মজা বৰুৱা : – আঁঠু মূৰত গেষ্ট্ৰিক হ’লে কি ঘঁহিব লাগে?
ফটহু: – এইটো প্ৰশ্নৰ উত্তৰ ফটহুৱে জানিলেও নিদিয়ে, বেমাৰৰ কথা ডাক্তৰে ক’ব৷ ফটহু পাঠকাচাৰ্য নহয় যে ডিগ্ৰী থকা ডাক্তৰসকলৰ কামত বিধি পথালি দিব৷
৮৷ অনুৰাগ হাজৰিকা:- নিৰীহ জন্তুবোৰক হত্যা কৰি ভগৱানক পূজা দিয়া কথাটো কিমান যুক্তিসংগত? বলি দিলে পাপ খণ্ডন হয়নে পাপ দুগুনে বাঢ়ে?
ফটহু: – উত্তৰটো নিৰ্ভৰ কৰিব এই মুহূৰ্তত আপুনি কোনটো ৰাজনৈতিক দলৰ সমৰ্থক তাৰ ওপৰত৷ যদি বি পাৰ্টিৰ তেনে, বলি বিধান মহাপুণ্যৰ কাম- আৰু আপুনি মাংস খায় যদি বলি দিয়াত কি আপত্তি? কিন্তু যদি চি পাৰ্টিৰ তেনে – বলি মহাপাপ, জন্তুৰো মানৱাধিকাৰ আছে, সকলো ভগৱানৰ সন্তান আদি, ইত্যাদি৷
৯৷ ধৰিত্ৰী শৰণীয়া:- দেখিলেই মানুহ চিনিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰ হ’লে কি হ’লহেতেন বাৰু?
ফটহু: – আছেই তেনে যন্ত্ৰ এটা, যন্ত্ৰটোৰ নাম চকু৷ যন্ত্ৰটো চালু ৰাখিব৷
১০৷ অখিল বৰুৱা:-ফটা ঢোলৰ শব্দটো নফটা ঢোলৰ দৰে কিয়?
ফটহু: – ফটা বা নফটা বুলি কোনো বস্তু নাই, ই মনৰ ভ্ৰম মাথোঁ৷ আৰু আপেক্ষিক; আপোনাৰ বাবে নফটা বস্তুটো আন এজনৰ বাবে ফটাও হব পাৰে৷
১১৷ অনিমা দাস:- ফটহু ডাঙৰীয়া -লাও ডাঙৰ হলেও পাতৰ তল বুলি কিয় কোৱা হয়? চালতচোন কোমোৰাবোৰ হে জিলিকি থাকে; পাতবোৰ মৰহি শুকাই যায়৷
ফটহু: – লাওহে পাতৰ তল, কোমোৰা পাতৰ তল নহয়তো।
১২৷ গীতুমণি শইকীয়া: – যদি মানুহে নিজৰ অতীতলৈ গৈ তেতিয়া কৰা ভুলবোৰ শুধৰাব পাৰিলেহেঁতেন কি হ’ল হয়?
ফটহু: – জীৱনৰ আনন্দ আধাখিনি নাইকীয়া হ’লহেঁতেন৷ ভুল কৰা, তাৰ ফলাফল ভোগা, ধ্বংস হোৱা, আকৌ তাৰ পাছত নতুনকৈ গজালি মেলা, এইয়াইতো জীৱনৰ আচল খেল৷
১৩৷ বিনয় গোগামুখ:- ফটহু কাই৷ মই কেতিয়াবা মানুহজনীলৈ ফোন কৰিলে ফোনটোত থকা ছোৱালী এজনীয়ে “আপুনি বিচৰা গ্ৰাহক জন আন এজন গ্ৰাহকৰ লগত ব্যস্ত আছে বুলি কয়৷ “ মোৰ মানুহজনীক তাই কি বুলি ভাৱে? ? , তাই আমাৰ মাজত কাজিয়া লগাবলৈ বিচাৰিছে নে সঁচাকৈ কয় বাৰু?
ফটহু: – এয়া দুৰ্ঘোৰ ষড়যন্ত্ৰ, আপোনাৰ সুখৰ সংসাৰত জুই দিয়াৰ পৰিকল্পনা৷ আপুনি ভোল নাযাব, ফোনটোত থকা পাখৰীজনীক টানকৈ দুষাৰ শুনাই দিব৷
১৪৷ মিৰাজুল ৰছিদ:- পেট্ৰ’ল-ডিজেলৰ দাম বঢ়া বিষয়টোত এচাম অভিজ্ঞ ব্যক্তিয়ে “ মানুহৰ ক্ৰয় ক্ষমতাহে কমিছে৷“ বুলি ক’ব খোজে আনহাতে এচামে আকৌ “এয়া পৃথিৱীত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত হৈছে৷ “ …বুলি ক’ব খোজে৷ মই ব্যক্তিগত ভাৱে আমাৰ মাৰ বগা পাটৰ চাদৰখন যোৱা এমাহে ধোৱা নাই বাবেহে পেট্ৰ’লৰ দাম বাঢ়িছে বুলি ভাৱোঁ৷ ফটহু কাই আপুনি এই বিষয়ে কি ভাৱে?
ফটহু কাই: – ভাল ভাবিছে, অতি সুন্দৰ ভাবিব পাৰিছে৷ আপোনাৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল৷
১৫৷ জয়শ্ৰী কলিতা:-আলাদিনৰ চাকিটো ক’ত পাম বাৰু?
ফটহুঃ- পালেও কি লাভ, বিশ্বস্ত সূত্ৰৰ পৰা গম পোৱা মতে সেইটোৰ এক্সপায়েৰী ডেট কেতিয়াবাই পাৰ হ’ল৷ তথাপিও চাব খোজে যদি নীতা আম্বানি বাইদেউৰ এণ্টিক কালেকচনত গৈ চাই আহিব পাৰে৷
১৬৷ হেমন্ত চুতীয়া সত্য যেনেকৈ লুকাই থাকে অসত্যৰ আঁৰত; তেনেকৈ নগ্নতা লুকাই থাকে পোছাকৰ আঁৰত৷ ঠিক সেইদৰে উত্তৰ লুকাই থাকে প্ৰশ্নৰ আঁৰত; বাৰু কি লুকাই থাকে তিৰস্কাৰৰ আঁৰত?
ফটহুঃ- ছন্দ মিলাই কোৱাৰ বাবে পুৰস্কাৰ দিম ভাৱিছে নেকি? নহয় দেই৷ তিৰস্কাৰ আৰু পুৰস্কাৰ দুইটাৰে আঁৰত ৰাজনৈতিক উদ্দেশ্য লুকাই থাকে৷
১৭৷ হেমন্ত কুমাৰ বৰা:-যদি কৰ্ণ অ’ইল কৰ্ণৰ পৰা, অলিভ অ’ইল অলিভৰ পৰা আৰু ভেজিটেবল অ’ইল ভেজিটেবলৰ পৰা বনোৱা হয়, তেনেহলে বেবী অ’ইল ক’ৰ পৰা বনোৱা হয়?
ফটহুঃ- ৰ’বহে, আজি বহুদিন ধৰি ফটহুৱে হেয়াৰ অইল ক’ৰপৰা তৈয়াৰ হয় সেইটোকে ভাবি পোৱা নাই, প্ৰথমতে সেইটোকে ভাবি লবলৈ দিয়কচোন৷
১৮৷ ধনজিত বৰুৱা:- মহাভাৰতৰ ভীমৰ পৰাক্ৰম আৰু আকাৰেৰে বাৰু কলজোপা আৰু কলথোকাৰ নাম ভীমকল বুলি কওঁ, ৰামায়ণৰ সময়ত ইয়াৰ নাম কি আছিল?
ফটহুঃ- হনুমান কল৷ নেক্সট প্লীজ!
১৯৷ ভাস্কৰ জ্যোতি বৰুৱা:-মুখ চাই আমি ইজনে সিজনক চিনি পাওঁ, মনত ৰাখো৷ মাছবোৰে কি কৰে? মানে একে বেটছৰ এটা ৰৌ মাছে অন্য এটা ৰৌ মাছক কেনেকৈ চিন ৰাখিব? আপুনি কিবা পাৰ্থক্য দেখে নেকি একে প্ৰজাতিৰ দুটা মাছৰ মুখ মণ্ডলত?
ফটহুঃ- নেদেখো৷ কিন্তু একেটা কথাকে মাছবোৰেও বিৰাট জমনি পায়, নিজৰ মাজতে কথা পাতি হাঁহে বোলে- আৰে চাচোন মানুহবোৰলৈ! চব দেখিবলৈ একজেক্ট একেই! মানুহে বাৰু কেনেকে ইটোৱে সিটোক চিনি পায়? হা হা হা হা! ! !
২০৷ উৎপলা কৌৰ:- আজিকালি ৰিজাল্টৰ দিন৷ কোনোবাই বৰ ভাল নম্বৰ পাই পাছ কৰিছে৷ কোনোবাৰ ৰিজাল্ট ভবামতে নহ’ল৷ কোনোবাই ভবাতকৈ ভালকৈ পাছ কৰিছে৷ এনেকৈ পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে পৰিয়ালৰ বা ওচৰ চুবুৰীয়াৰ অইন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিপদ নমাই আনে৷ মুঠতে ৰিজাল্ট যিয়েই নহওক, পৰীক্ষা নিদিয়া লৰা ছোৱালীবোৰে গালি খাবই৷ এইয়া অন্যায় হয় নে নহয়?
ফটহুঃ- ভাগ্য ভাল যে পৰীক্ষাবোৰত এনে প্ৰশ্ন নাহে৷ আহিলে ল’ৰা ছোৱালী কি, মাক দেউতাক, শিক্ষক, ওচৰ চুবুৰীয়া, ছাত্ৰ-ছাত্ৰীৰ ককা আইতা, মাহীয়েক, পেহীয়েক, খুৰা- মামা সকলোৱে গালি খালেহেঁতেন৷
২১৷ বিউটি হালৈ : – দুপৰীয়া মাকে শুব খুজিলে পোৱালিৰ উৎপাত বেছি হৈ পোৱালিৰ চকু মুখত নৱৰত্ন তেল সানিব বাধ্য কৰে কিয়?
ফটহু: – কাৰণ মাকৰ খং ঠাণ্ডা কৰিবলৈ পৃথিৱীত এটাই বস্তু আছে- নৱৰত্ন কুল অইল ৱিথ এক্সট্ৰা কুলিং এফেক্ট৷
২২৷ প্ৰণীতা গোস্বামী বৰঠাকুৰ: – জলকীয়াৰ জ্বলা গুণটো নথকা হ’লে কি নাম হ’লহেঁতেন?
ফটহুঃ- নজলকীয়া৷
২৩৷ ববিতা কোঁৱৰ:- আমাৰ সৃষ্টিৰ মূলতেই হৈছে “মা আৰু দেউতা” এতিয়া কথা হ’ল যে আমি শাৰীৰিক বা মানসিক ভাবে যেতিয়া আঘাত পাওঁ তেতিয়া কেৱল “মা”ক বিচাৰো অথবা আমি নজনাকৈয়ে “মা” শব্দটি মুখেৰে ওলাই যায়৷ কিন্তু দেউতাক কিয় নিবিচাৰো? অথবা “দেউতা” শব্দটি কিয় সহজতে নোলায়৷
ফটহুঃ- দুখ পালে ‘মা’ৰ নাম ওলায়, আৰু স্কুটি-বাইক কিনিব লগা হ’লে দেউতাৰ নাম ওলায়৷ এয়া চিৰন্তন সত্য, উপায় নাই৷
২৪৷ নাজিয়া হাছান:-বাৰে বাৰে পোষ্ট লিখি আপডেটালে, কোনেও যদি লাইক কমেন্ট এটাও নকৰে, তেতিয়া লিখোঁতাজনে নাকান্দি হাঁহিব নেকি? কিবা!
ফটহুঃ- কান্দি লাভ নাই, তেওঁক প্ৰশিক্ষণৰ আৱশ্যক৷ প্ৰথম অৱস্থাত তেওঁ দিনে ৰাতিয়ে অনলাইন থাকি – আপ্লুত হ’লো, চিন্তাকৰ্ষক, সময়োপযোগী, তামাম, এই চাৰিটা শব্দ ইয়াৰ পৰা কপি কৰি হকে বিহকে যাৰে তাৰে পোষ্টত কমেণ্ট হিচাপে দি চাব পাৰে৷ নিশ্চিত ভাৱে সুফল পাব৷
২৫৷ প্ৰসেনজিৎ গোস্বামী:-বিশ্বাসে মিলয় হৰি৷ এই বাক্য শাৰীত বিশ্বাস আৰু হৰিক দুজন লোকে লগ ধৰাটোহে প্ৰকৃততে বুজাইছে নেকি? কাৰণ বিশ্বাস আৰু হৰি দুইটাই অদৃশ্যমান নিৰাকাৰ৷ অদৃশ্যৰ মিলন সম্ভৱ জানো?
ফটহু: -হ’ব পাৰে – কালিৰাম “বিশ্বাস” আৰু “হৰি”দাস পালে ইজনে সিজনক সদায় গধূলি লগ কৰি অলপ বহেই আৰু৷ আৰু তাৰ পিছত বহু দেৰিলৈকে তৰ্ক কৰে৷
২৩৷ নীলাঞ্জনা মহন্ত:-মানুহৰ যে উপাধি থাকে জন্তুৰো যদি থাকিলহেঁতেন কি হ’লহেঁতেন?
ফটহুঃ- বৰ বেয়া কথা হ’লহেঁতেন৷ তেতিয়া জন্তুবোৰে ‘লগুণ ল’ব লাগেনে নেলাগে, সংৰক্ষণ পাব নে নেপায়, বলি কোৰবানি দিব লাগে নে নেলাগে- এইবোৰ বিষয় লৈ ইটো সিটোৰ ওপৰত জপিয়াই পৰিলেহেঁতেন, আৰু হয়তো এদিন জীৱকূলেই লোপ পালেহেঁতেন৷
২৪৷ ৰশ্মি শইকীযা:-ফটহু কাইৰ বয়স কিমান হৈছে?
ফটহুঃ- সঠিক হিচাপ কোনেও নেজানে, কেৱল এটা কথা মনত আছে- চক্ৰবেহুত সোমোৱাই অভিমন্যুক হত্যা কৰাৰ দিনা, ফটহুৱে আটাইকেইজন সপ্তৰথীক আজি চাফাই কৰি দিওঁ বুলি মানুহকটা দা-খন লৈ ঘৰৰ পৰা ওলাই গৈছিল৷ ঘৰৰ মানুহজনীয়ে হাতে ভৰিয়ে ধৰি ৰাখিলে বুলিহে৷
২৫) মৌচুমী গগৈ:- মহিলা সকলে যদি বিবাহৰ পিছত সেন্দুৰ লৈ বিবাহিত হোৱাৰ প্ৰমাণ দিব পাৰে তেন্তে পুৰুষসকলৰ ক্ষেত্ৰত কিয় একো প্ৰমাণপত্ৰ নাথাকে? আশা কৰো ফটহু কায়ে ইয়াৰ উপযুক্ত উত্তৰ জনাব৷
ফটহুঃ- কি কয়হে? বিবাহিত পুৰুষক দূৰৰ পৰা দেখিলেই চিনি পায়৷ সৰিবলৈ ধৰা চুলি, ভীতিবিহ্বল চকু, জীয়া নে মৰা একো ধৰিব নোৱাৰা মুখাবয়ৱ, হাতত বজাৰৰ মোনা, এইবোৰেই পুৰুষ বিবাহিত হোৱাৰ প্ৰমাণপত্ৰ৷
☆★☆★☆