ফটা প্ৰেম – পাৰ্থ প্ৰদীপ বৰা
এতিয়া বয়স হ’ল৷
আমি ৰেডিও যুগৰ মানুহ৷ প্ৰেমপত্ৰ যুগৰ মনিষী৷ আৰু প্ৰেমপত্ৰ নদীত উটুৱাই চকুপানীৰ নৈ বোঁৱাই দিয়া দেৱদাস!
…..এনে কাহিনী এটা৷ মোৰে কাহিনী৷ হাতুৰী বটালী কলেজত কবিতা লিখোঁ৷ এবছৰ জুনিয়ৰ এগৰাকীয়ে গান গায়৷ মই গীতিকাৰৰ ভাও দিলোঁ৷ ফাংচনত অমুকাই লেখা গান গাই দিয়ে তাই৷ ফটাপ্ৰেম! ! ডেৰশ চিঠি৷ দহ এঘাৰ বাৰহে মুখামুখি কৈ কথা পাতিলোঁ! !
পাছ কৰি দক্ষিণাত্য পালোঁগৈ৷ ছোৱালীয়ে তালৈকে চিঠি দিয়ে ‘প্ৰিয়তম’ বুলি৷ ময়ো দিওঁ৷ তাই অসম চৰকাৰৰ ইঞ্জিনিয়াৰ হল৷ এবাৰ লেণ্ডফোনত ফোন কৰিলে ৷ আগ নাই গুৰি নাই, ক’লে,“প্ৰিয়তম, মোৰ বিয়া পাৰিলে আহিব৷“
মোৰ মূৰত ব্ৰজপাত পৰিল৷ বিষাদৰ কবিতা লেখাতকৈনো বেলেগ কি জুবিনৰ ঘেণ্টা কৰিব পাৰো আমি সেইটো যুগত!মোৰ বিয়াৰ আগে আগে লগৰ শুভাকাংক্ষী কেইজনমানে উপযাচি উপদেশ দিবলৈ ধৰিলে৷ বিছনাৰ তলৰ মামৰে খোৱা ট্ৰাংক টোৰ তলা ভাঙি প্ৰাচীন চিঠিবোৰৰ শেষকৃত্য কৰিব লাগে৷ সেইমতে চিঠিবোৰ কঁপা হাতেৰে ফালি বন্ধু এজনৰ সতে গৈ দিখৌত উটাই দিলোঁ৷ বন্ধুৱে কিবা মন্ত্ৰও পঢ়িলে বিৰবিৰাই…
কেইদিনমানৰ পিছত অসমৰ দুখন বিখ্যাত কাকতত এটা গল্প, এটা কবিতা ওলাল৷ ডঃ জ্যোতিপ্ৰসাদ শইকীয়াৰ(DU ৰ প্ৰফেছৰ) বিসৰ্জন, কবি বিজয় ৰবি দাসৰ ‘তোমাৰ বিয়াত এজাক বৰষুণ হ’ব’৷ নক’লেও হ’ব এই দুজন মোৰ প্ৰেম-শ্ৰাদ্ধৰ সেইদিনাৰ লগৰী আছিল! ! গোপনে ৰাখিম বুলি দুয়ো গড্ডাৰী মাৰিছিল!
এই প্ৰাচীন, নিৰস, অদৰকাৰী ফটাকাহিনী কোৱাৰ এক যুক্তি আছে৷ আজিকালি ইমান সুবিধা৷ অথচ বৰলা বৰলীৰ হা প্ৰেম হা হুতাহ কিয় থাকে! ! অন্ততঃ ফটাবৰলা, বৰলীৰ৷ পৰিব লাগে৷ পৰাব লাগে৷
আৰু পৰিলে বিসৰ্জন দিবলৈ সাজু হৈও থাকিব লাগে!
(বিধিসন্মত সতৰ্কীকৰণ: এই উপদেশ বিয়া পাতি কেজিয়ে, কুইণ্টলে চেনি লৈ ফুৰা সকলৰ বাবে বিপদজনক৷)
☆★☆★☆