ফটাঢোল

“ডাঙৰ হ’লে মই….” – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাবছৰ বৰুৱাহঁত মুম্বাইলৈ আহিছিল ফুৰিবলৈ ৷ দুদিনৰ কাৰণে৷ এদিন বাছত উঠি মুম্বাই দৰ্শনো কৰিলে ৷ গাইডজনে মেৰিন ড্ৰাইভৰ পৰা আৰম্ভ কৰি অমিতাভ-শ্বাহৰূখ খানৰ ঘৰো দেখুৱালে ৷ মুকেশ আম্বানীৰ ঘৰটো দেখি চকু থৰ হৈ ৰৈছিল আটাইৰে। শেষত শচীন তেণ্ডুলকাৰে পঢ়া স্কুলখনো দেখুৱালে ৷

“এইখন হ’ল শাৰদাশ্ৰম বিদ্যামন্দিৰৰ খেলপথাৰ..! তোমাৰ বয়সত এদিন তেণ্ডুলকাৰে এইখন পথাৰতে ক্ৰিকেট আৰম্ভ কৰিছিল..তাৰ পিছত শিৱাজী পাৰ্ক…তাৰ পিছত ৱানখেড়ে ষ্টেডিয়াম…আৰু লাহে লাহে গোটেই বিশ্বৰে ফিল্ড কঁপাইছিল তেওঁ….৷” – বৰুৱাই সাতবছৰীয়া পুতেক বুবুৰ মুখলৈ চালে। খেলপথাৰখন আগুৰি থকা ৱালখনৰ কিছু অংশ ভাগি সৰু ফুটা এটা হৈছে। কুকুৰ এটাই সেইফালেৰে ওলাবলৈ চেষ্টা কৰিছে। হয়তো গেট খোলা থাকোতে সি ভুলবশতঃ সোমাইছিল,এতিয়া সন্ধিয়া গেট বন্ধ হোৱাৰ পিছত ওলাবলৈ আন বাট বিচাৰি পোৱা নাই। কুকুৰটো এটা সময়ত বাহিৰ ওলাল। ওলায়েই দৌৰিলে সি। বুবুৱে হাঁহিলে।
“সৰুৰেপৰা ভালদৰে চেষ্টা কৰিলেহে এদিন তেণ্ডুলকাৰৰ দৰে হ’ব পাৰিবা।..এইবাৰ ঘৰলৈ গৈয়ে প্ৰেকটিছ ক্লাছত খুব ভালদৰে খেলিবা দেই৷ কোচ্চ ছাৰে যি শিকায়,মনোযোগেৰে শুনিবা..৷’
বৰুৱাৰ আশা বুবু ডাঙৰ হ’লে ক্ৰিকেটাৰ হওঁক৷ ক্ৰিকেট কোচ্চিং চেণ্টাৰ এটাত নাম লগাই দিছে ৷ ৰাতিপুৱা ছয় বজাত যাব লাগে। তাৰপৰা বাহিৰে বাহিৰে স্কুল ৷ পিঠিত বুবুতকৈও দীঘল ক্ৰিকেট কিটটো।
“বাদ দিয়া হে, বেচেৰাৰ ইমান কষ্ট হয়! সকলো জানো কোচ্চিং ল’লে বুলিয়েই তেণ্ডুলকাৰ হ’ব পাৰিব?” – বৰুৱাপত্নীৰ খং উঠে কেতিয়াবা।

“শিকি থাকিলে, হাৰ্ড ৱৰ্ক কৰি থাকিলে তেণ্ডুলকাৰ নহ’লেও ‘পাৰ্থিৱ পেটেল’তো হ’ব পাৰিব।”- বৰুৱাৰ যুক্তি!

কিছুমাহৰ আগতে এদিন ৰাতি বৰুৱাপত্নীয়ে বৰুৱাক ক’লে, “হেৰা, কথা এটা ভাবিছোঁ। ইয়াক নাচৰ স্কুল এখনতে নাম লগাই দিম। মই আজি ঠিক-ঠাক কৰি আহিছোঁ। দেখা নাই বিশাল শৰ্মা নামৰ শিশুটোক! অসমৰ পৰা গৈ মুম্বাইত ছুপাৰ ডেন্সাৰ হৈ আহিছে। কম সৌভাগ্য নে মাক-দেউতাকৰ! টিভিত উঠিব পাৰিছে, ফেমাচ হৈ গৈছে!”

“কি ফাল্টু কথা কোৱাহে? নাচ তেনেকৈ শিকিব পৰা বস্তু নেকি? এইবোৰ জন্মগত..তেজত থাকিব লাগিব…৷ নাচৰ স্কুলত নাম লগাই দিলেই প্ৰভূদেৱা হৈ যাব নোৱাৰে নহয়।”

“কিয়? মানুহে শিকি, কষ্ট কৰি ক্ৰিকেট খেলিব পাৰিলে, নাচিব কিয় নোৱাৰিব? আৰু শিকি থাকিলে প্ৰভূদেৱা নহ’লেও ‘ধৰ্মেন্দ্ৰ’তো হ’ব পাৰিব।” -বৰুৱানীৰো যুক্তি অকাট্য।

“ধৰ্মেন্দ্ৰ? তেওঁ দেখোন এক্টৰ!” – বৰুৱাই ভুল ধৰে৷

“এইজন বেলেগ ধৰ্মেন্দ্ৰ। নাচ শিকায়। কৰিঅ’গ্ৰাফাৰ বুলি কয়। ক্ৰিকেটৰ দুনীয়াৰ বাহিৰেও বেলেগ দুনীয়া আছেতো। খালী তেণ্ডুলকাৰ, গাভাস্কাৰ!”

দুদিন পিছৰেপৰা বুবুৰ নাচৰ স্কুল আৰম্ভ হ’ল। এতিয়া সি ঘৰ পাওঁতে আঠটা বাজে। তাৰ পাছত কিছুসময় টিভি চায় সি। বৰুৱানীয়েও তাক গানৰ চেনেলকেইটা চাবলৈ কয়, অলপ শুনি শিকক বুলি। বৰুৱাৰ আকৌ এই নতুন গানৰ ভিডিঅ’বোৰৰ প্ৰতি অলপ ভয়। আগতে ভাল আছিল। নায়ক-নায়িকাৰ মুখ দুখন ওচৰলৈ নিয়াৰ পাছত, দুটা ফুল দেখুৱাই দি খেল শেষ কৰিছিল। এতিয়া মুখে-ওঁঠে সকলো পুংখানুপুংখকৈ দেখুৱাইহে ডাইৰেক্টৰে সকাহ পায়, কিজানিবা দৰ্শকে বুজাত ভুলেই কৰে! শাহু-খুলশালীক লৈ সপৰিয়ালে ‘মাৰ্ডাৰ’ চাবলৈ যোৱাৰ অভিজ্ঞতা পাহৰিব নোৱাৰে তেওঁ। টিভিত ‘আশিক বনায়া আপনে’ৰ গান বাজি উঠিছে। বৰুৱাই লগে লগে চেনেলটো বদলাই দিলে। বুবুৰ আকৌ প্ৰিয় গান সেইটো। তাৰ মুখখন ফুলে। নাই, বৰুৱাই ৰিস্ক ল’ব নোখোজে। আহিন মাহৰ বানপানীৰ নিচিনাকৈ এই ইমৰান হাছমীয়ে কৰা প্ৰেম নিবেদনবোৰো কোনো আগজাননী নিদিয়াকৈ আৰম্ভ হৈ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। “ইহ..বেয়া গান চাবলৈ মুখ ফুলাইছে..ডাঙৰ হ’লে চাবি..”- বৰুৱাই ভোৰভোৰালে।

সিদিনা দেওবাৰে বৰুৱাহঁত চিনেমা চাবলৈ গ’ল গ’ল্ড চিনেমাত। অজয় দেৱগনৰ ছবি ‘বাদশ্বাহো’। চিনেমাৰ পোষ্টাৰ দেখি বৰুৱাৰ টেনশ্যন হ’ল। ছবিখনত ইমৰান হাছমী আছে বুলি বৰুৱাই জনা নাছিল।
“হেৰা, এইডাল আছে দেখো…নাচাওঁ ব’লা।” বৰুৱাই পত্নীক ক’লে।

“কিনো হ’ল..ইমান দিনৰ মূৰত চিনেমা এখন চাবলৈ আহিছোঁ..একো নহয় দিয়া।”
“নোৱাৰা চাব, কৈছোঁ নহয়। মনত নাই, ‘মাৰ্ডাৰ’ চাই কি হৈছিল?…তাতকৈ পাণবজাৰলৈ গৈ তাত অলপ দেৰি ঘূৰি-ফুৰি।” বুবুৰ চকু দুটা চলচলীয়া হ’ল..মুখখনো ফুলিছে অলপ বেছিকৈয়ে।

বৰুৱাই ধমক এটা মাৰিলে-“ইস! মুখ ফুলাইছে!! সৰু ল’ৰাই এইবোৰ চিনেমা চাব নাপায়। বেয়া চিনেমা। ডাঙৰ হ’লে চাবি।”

বৰুৱাহঁত নেহৰু পাৰ্কৰ কাষৰ ফুটপাথেৰে খোজ কাঢ়ি গৈ বহিল। বৰুৱাই আইচক্ৰীম কিনি আনি বুবুক দিলে। বুবুৱে হাতেৰে নুচুলেই। মুখেৰেও একো মতা নাই। হঠাতে বৰুৱাই দেখিলে তেওঁৰ কলেজীয়া বন্ধু জয়ন্ত দত্ত আহি আছে তেওঁলোকৰ ফালে হাত দাঙি। লগত দত্তৰ পত্নী। জয়ন্তহঁত গুৱাহাটীলৈ এবছৰ আগতে অহা বুলি শুনিছিল,কিন্তু লগ কৰিব পৰা নাছিল। হঠাতে এনকৈ বন্ধুক পাই বৰুৱা আপোনপাহৰা হ’ল কিছুদেৰি৷ দত্তই বুবুলৈ চাই “ৱাহ..ই ইম্মান ডাঙৰ হ’ল..” বুলি কোলাত লৈ চুমা এটি খালে।

কিছুসময় পাৰ হ’ল। হঠাতে দত্তই বুবুক সুধিলে মিচিকিয়াই, “বাবা, তুমি ডাঙৰ হ’লে কি হ’বানো?..কি কৰিবা?..চাওঁ দেউতাৰাই কি ক’বলৈ শিকাইছে..!”
বুবুৱে ক্ৰিকেটাৰ হ’ম বুলি ক’লে বৰুৱাই শ্ৰীমতীৰ ফালে চাই বেঁকা হাঁহি এটা মাৰিবলৈ সাজু হৈছে। ছুপাৰ ডান্সাৰ হ’ম বুলি ক’লে সকলোৱে বৰুৱাপত্নীৰ মুখলৈ চাব বাবে তেওঁ আগতীয়াকৈ আগফালৰ চুলিকেইডাল ঠিকঠাক কৰি লৈছে।

অলপ পৰ ৰৈ বুবুৱে আমন-জিমনকৈ ক’লে, “ডাঙৰ হ’লে মই…ডাঙৰ হ’লে মই বেয়া বেয়া গান আৰু চিনেমা চাম….।”
দুখন চিটিবাছ ঘেৰঘেৰকৈ শব্দ কৰি পাৰ হৈ গ’ল। বুবুৰ দৃষ্টি তেতিয়া সেই দুখনৰ ওপৰত!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *