ফটাঢোল

লিমাৰিক – হেমেন ডেকা

(১)
তামাম উদাসীন চলন-ফুৰণ
আচৰিত দেখোঁ কথন-মথন
যান্ত্ৰিক ব্যস্ততা
আত্মিক শূন্যতা
সুখৰ পাছত দৌৰ আমৰণ৷

(২)
আকাশ-কুসুম কল্পনা
আজৱ-উদ্ভট কামনা
গৈছে উটি
জীৰ্ণ ভেটি
হেৰায় সময়-চেতনা৷

(৩)
প্ৰাণত আশাৰ অণু
উৰে হেঁপাহৰ ৰেণু
ক্ষয়িষ্ণু শৰীৰ
নিৰ্বাক-বধিৰ
তথাপি বজায় বেণু৷

(৪)
আহক কৰোঁ অদ্ভুত মতবাদৰ প্ৰচাৰ
আভুৱা ভাৰি কৰোঁ ৰাজনৈতিক কাৰবাৰ
সুবিধা পালেই লুটি-পুটি ল’ম
হজুগৰ বাবে খাপ পাতি ৰ’ম
আপদীয়ামখাক আহক দিওঁ মাধমাৰ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *