ফটাঢোল

ৰোল নম্বৰ ১ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

ছোৱালীৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ফোন কৰা বাবেহে কথাটো গম পালোঁ ৷ আজি সিহঁতৰ হৈ যোৱা বছৰেকীয়া পৰীক্ষাটোৰ বোলে ৰিজাল্ট দিব । অলপ অনুশোচনাও হ’ল মনত যে-মোৰ দৰে ইমান দায়িত্ববোধ নোহোৱা বাপেকো আছে যিয়ে এইখন দুনীয়াত নিজৰ ছোৱালীৰ পৰীক্ষা,নামভৰ্তি,ৰিজাল্টৰ দৰে কথাবোৰত সম্পূৰ্ণ উদাসীন।

অৱশ্যে বেছি গুৰুত্ব দিবলগীয়া বয়সো হোৱা নাই তাইৰ,যদিহে মোৰ পঢ়া-শুনা আৰম্ভ কৰা বয়সৰ লগত তাইক তুলনা কৰোঁ।মই নিজে ছবছৰ বয়সতহে প্ৰথম স্কুললৈ গৈছিলোঁ৷ অকল মই বুলিয়েই নহয়, আমাৰ বয়সৰ প্ৰায়বোৰৰেই স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ বয়স ছয় বছৰ।আমিবোৰ “তুমি চিত্ত বিত্তি মোৰ”গোৱাহে, মোৰ ছোৱালীজনীৰ দৰে তিনিবছৰ বয়সতেই “জেক এণ্ড জিল” গোৱা নহয়।

হ’লেও বাপেক হিচাপে তাইৰ জীৱনৰ প্ৰথম স্কুলীয়া পৰীক্ষাটোৰ ৰিজাল্ট ল’বলৈ যোৱাটো দৰকাৰ বুলি ভাবিয়েই তাইক সাজু হ’বলৈ ক’লোঁ। অফিচলৈ ফোন এটা কৰি ছুটীও মঞ্জুৰ কৰালোঁ। মাৰ্চ মাহ শেষ হ’ল যেতিয়া দুদিনমান  এনেও আৰামত থাকিব পাৰিম।

ছোৱালীৰ মনত আনন্দৰ সীমা নাই আজি৷ প্ৰথমবাৰৰ কাৰণে তাইৰ লগত বাপেক স্কুললৈ যাব।সদায় লগৰবোৰৰ বাপেকবোৰক দেখি আহি ৰাতি শোৱাৰ সময়ত তাই কৰা আব্দাৰটো আজি পূৰণ হ’ব।

যথাসময়ত স্কুল পালোঁগৈ৷ এগৰাকী শিক্ষয়িত্ৰীয়ে আথে-বেথে দুৱাৰমুখৰ পৰাই আমাক আদৰি নিয়াৰ দৰে কৰিলে৷ ছোৱালীজনীকো নিজৰ কোলাত উঠাই ল’লে। বুজিলোঁ,স্কুলৰ পৰা আহি ঘৰত অনবৰতে নাম লৈ থকা কৰবী মিছেই হ’ব এইজনী। তাইৰ মুখত দিনটোত কমেও দহবাৰ কৰবী মিছৰ নাম শুনো । আজি কৰবী মিছে অমুক কৰিছে,অমুক পঢ়াইছে,অমুক পিন্ধিছে-কিমান কি কথা তাই কৈ থাকে !

প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ কোঠাটোত সোমালোঁ৷ কেইজনমান অভিভাৱকে কথা পাতি আছে অলপ উচ্চস্বৰত। কৰবী বোলা মিছগৰাকীয়ে মোক তেখেতৰ লগত চিনাকী কৰাই তাতে বহিবলৈ দি মোৰ ছোৱালীজনীক লৈ বাহিৰলৈ ওলাই আহিল।

“অভিনন্দন,আপোনাৰ ছোৱালীয়ে ৯৯.২২ শতাংশ নম্বৰ পাইছে পৰীক্ষাত৷ নতুন এডমিছনটো ল’ব নহয় আপুনি আজিয়েই৷”-মাৰ্কশ্বিটখন মোলৈ আগবঢ়াই তেখেতে সুধিলে।

“ইমান নম্বৰ কেনেকৈ দিয়ে হে আপোনালোকে? এইবোৰ কি ফ্ৰিতে পোৱা বস্তু কাৰণে জধে-মধে বিলাই নেকি বাৰু? আমাৰ দিনত ইমান নম্বৰ দুই-তিনিজনে লগ লাগিহে পাইছিলোঁ৷”-মোৰ কথাখিনিত অলপ গৌৰৱবোধো মিহলি হৈ আছিল,যিহেতু ছোৱালীয়ে ভাল নম্বৰ পাইছে।

“নহয় মানে,ইহঁতবোৰৰ ক’ৰ্চটোৱেই তেনেকুৱা৷ আৰু যথেষ্ঠ চোকা হয় ইহঁতকেইটা৷”

“ইহঁতকেইটা মানে !! আমাৰ এইৰ বাহিৰেও অইন কোনোবাই পাইছে নেকি ইমান নম্বৰ ?”

“হয় হয়৷ এখেতসকলৰ ল’ৰা দুজনেও পাইছে সমান নম্বৰ৷ তাকে আলোচনা কৰিবৰ বাবেই আপোনাকো মাতিলোঁ৷ ৰোল নম্বৰ ১ কোন হ’ব-আপোনালোক তিনিজন মিলিয়েই থিৰাং কৰক৷”

“চাওক বাইদেউ৷ মোৰ ল’ৰাৰ নাম আকাশ৷ এলফাবেট হিচাপে দিলেও তাৰেই ৰোল নম্বৰ ১ হ’ব। তাক ইতিমধ্যে মই নতুন শ্ৰেণীৰ ৰেফাৰেন্স বুক কিছুমান আনি ঘৰত পঢ়ুৱাবলৈ দিছোঁৱেই৷”-বাওঁফালে বহি থকাজনে সমাধান-সূত্ৰ এটা আৱিষ্কাৰ কৰিলেই।

“এইবোৰ এল্‌ফাবেট-চেল্‌ফাবেট প্ৰথম বছৰটোত প্ৰযোজ্য হ’ব পাৰে৷ বাৰে বাৰে নহ’ব এইবোৰ৷ মোৰ ল’ৰায়ো ৯৯.২২ পাইছে৷ সি কিয় ৰোল নম্বৰ ২ হ’বহে! তাতে নতুন এডমিছন মোৰ ল’ৰাৰে প্ৰথম লৈছোঁ।”-সোঁফালে বহি থকাজনেও নিজৰ হিচাপত সমাধান-সূত্ৰ এটা উলিয়ালে।

বাইদেউগৰাকীৰ চাৱনিতে গম পালোঁ যে-এইবাৰ মোৰ সমাধান-সূত্ৰ প্ৰতিষ্ঠা কৰাৰ পাল।

“ৰ’বচোন! আইন কানুন বুলিও কথা এটা আছে নহয় !!”

“কিহৰ আইন-কানুনৰ কথা ক’ব আহিছেহে !!”-মোৰ কথা শেষ নৌহওঁতেই দুয়োজনে ফেপেৰি পাতি ধৰিলে মোক ৷

“মানে,লেডিজ ফাৰ্ষ্ট বুলি কথা এটা আছে নহয় ৷ সেইটো হিচাপত আমাৰ ছোৱালীজনী ৰোল নম্বৰ ১ হ’ব লাগে।”

“এইবোৰ লেডিজ-ফেডিজ নহ’ব দেই!”-আকৌ দুয়োজনৰে যুদ্ধংদেহি ৰূপ।

বাইদেউগৰাকীয়ে অসহায়ভাৱে মোৰ ফালে চালে।

“এটা কাম কৰক বাইদেউ৷ মোৰ ছোৱালীজনীক ৰোল নম্বৰ ৩ কৰি দিয়ক আৰু এখেতসকলক সিদ্ধান্ত ল’বলৈ দিয়ক কোন ১ আৰু কোন ২ হ’ব। মই এইখন যুদ্ধৰ পৰা সদায় আঁতৰত থাকিবলৈকে ভাল পাম। নাৰ্চাৰী ক্লাছতেই ৰেফাৰেন্স বুক বিচাৰি অনা মানুহৰ লগত মই পাত্তা নাপাওঁ দিয়ক। ছোৱালীয়ে ৰোল নম্বৰ কি বস্তু বুজি পোৱাৰ আগতেই এইবোৰৰ আত্মতৃপ্তি তাইক দিয়াৰ ইচ্ছা মোৰ নাই।”

“পাপা,মই আকাশহঁতৰ লগত জাম্পিং কম্পিটিচন কৰিব যাওঁনে ফিল্ডত?”-মোৰ ছোৱালীজনীয়ে ভিতৰলৈ আহি মোক সুধিলে।

“নালাগে মাজনী৷ সোনকালে ঘৰলৈ যাব লাগে আজি৷ কাইলৈৰ পৰা খেলিবা তুমি সিহঁতৰ লগত।”

কথাখিনি ছোৱালীজনীক ক’লোঁ যদিও মনতে ভাবিলোঁ-বাপেকহঁতৰে কম্পিটিচনখনৰ ৰিজাল্ট ওলোৱা নাই ইমান সময়ে৷ এইজনীয়ে আকৌ পুতেকহঁতৰ লগতো কম্পিটিচনত লাগিছে।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *