ফটাঢোল

অৱনী মেধিৰ চাং বঙলা – বৈদুৰ্য্য বৰুৱা

এই যে বাসুটো,সঁচাকৈয়ে এক ৰহস্যময় প্ৰাণী৷ একোটাহঁত কথা সি সঁচাকৈয়ে কয় নে মিছাকৈয়ে কয় ভগৱানে জানে৷ কিছুসময়ৰ কাৰণে এক ৰহস্যময় পৰিস্থিতি সৃষ্টি কৰি মূৰটো গধুৰ কৰি থৈ গুচি যায়।
অলপ দেৰিৰ আগতে বাসুৱে আহি মোক যিটো ঘটনা শুনাই থৈ গ’ল সেই ঘটনাটো আপোনালোকক ক’লে আপোনালোকৰ মাজৰ কোনোবাই হয়তো খন্তেকৰ বাবে কিবা বেবেৰিবাং চিন্তাৰ মাজত সোমাই পৰিব আৰু হয়তো কাৰোবাৰ মনৰ মাজত এটা প্ৰশ্নৰো উদয় হ’ব যে-আচলতে সঁচা কোন? মই নে বাসু?? কিন্তু মই এইটোও সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে বাসুৰ কথা আপোনালোকে কেতিয়াও বিশ্বাস নকৰে৷

আলহী এহাল আহিছিল। সন্ধিয়াৰ আলহী । পিছে গপচপ মাৰি থাকোঁতে ৰাতিয়েই হ’লগৈ। মানে আলহীৰ লগত লেকচাৰ মাৰি মাৰি বহি নিশা ন বাজি পাৰেই হ’ল। তেওঁলোকে ভাতো নাখায় । বেলেগ এদিন খাব বোলে। অৱশেষত আলহীক বিদায় দিওঁ মানে চাৰে ন মান বাজিল। তেওঁলোকক বিদায় দিবলৈ পদূলিলৈকে আহোঁতেই মন কৰিলোঁ-গেটৰ বাহিৰত কোনোবা এটা ৰ’ব খুজিও যেন আকৌ উভতি গৈছে।
— কোন?
মই লাহেকৈ মাত দি উঠিলোঁ।
— মইহে দাদা,বাসু৷
—বাসু তই৷ কিবা কথা আছিল?
—এনেয়েই এইফালেদি পাৰ হওঁতে আপোনাক দেখি ৰৈ গৈছিলোঁ৷ হ’ব দাদা৷ কাইলৈকে এবাৰ আহিম…ৰাতিও বহুত হ’ল৷
বাসুৱে আলহীহাললৈ আঁৰ চকুৰে এবাৰ চাই মোক কৈ উঠিল। তাক দেখি এনে লাগিল যেন সি মোক কিবা এটা ক’বলৈ উচ্‌পিচাই আছে৷ অচিনাকী মানুহ দেখিহে সি একো ক’ব পৰা নাই৷
— ৰ..ৰ…ক’ত যাৱ…!
— হ’ব দাদা৷ আপোনাৰো আলহী আছে৷
সি আলহীয়ে শুনাকৈয়ে যেনেকৈ ক’লে আলহীয়েও বুজি উঠিল যে সোনকালে যোৱাই ভাল৷
—তই ৰ’চোন বাৰু৷
মোৰ কথাত বাসু উচ্‌পিচকৈ আলহী যোৱালৈ ৰৈ থাকিল। এসময়ত আলহীয়েও ধাপ্-ধাপকৈ গাড়ীৰ দুৱাৰ দুখন বন্ধ কৰি ভিতৰৰ পৰা মূৰ হাওঁলাই হাঁহি হাত জোকাৰি শেষ বিদায় ল’লে।
— আহ বাসু…ভিতৰলৈকে আহ৷
— নাই নাই,হ’ব দিয়ক৷ এতিয়া ৰাতিখন আৰু ভিতৰলৈ নাযাওঁ৷ মোৰো ঘৰ পাবগৈ লাগে৷
মই তাক সৌজন্যতা দেখুৱাই ভিতৰলৈ মাতিলোঁ যদিও সি নাহিল। ময়ো জোৰ নিদিলোঁ ।
— ক’চোন বাসু কি কথা…
বাসু এইবাৰ মোৰ কাষলৈ আহিল।
— মানে কথা তেনেকৈ একো নাই৷ তথাপিও ভাবিলোঁ-দাদাক এবাৰ সুধি চোৱাত কি আপত্তি৷
— কি কথা অ’ বাসু?
— আপুনি বাৰু কেতিয়াবা ৰাণীগড়লৈ গৈছেনে?-হঠাতে সুধিলে বাসুৱে।
— ৰাণীগড়! ওঁহো৷
—অ’হ! তাৰমানে আপুনি অৱনী মেধিৰ চাং বঙলাটো দেখা নাই৷
— অৱনী মেধিৰ চাং বঙলা !…ওঁহো৷ কিয়? কিয় সুধিলি?
বাসুৱে নিজৰ মাজতে কিবা ভোৰভোৰাই উঠি মোলৈ চালে।
— কথাতো কি অ’ বাসু?
—মানে তেনেকুৱা কথা একো নাই৷ হ’ব দিয়ক৷
সি যেন মোৰ পৰা কিবা এটা লুকুৱাবলৈ বিচাৰিছে৷
— এই বাসু !! ক’না৷
—ক’লে আপুনি বিশ্বাস কৰিব জানো !
— এই বাসু,তোৰ কোনটো কথা মই আজিলৈকে বিশ্বাস নকৰাকৈ আছোঁ কচোন৷
—কথাটো হয়৷ কিন্তু..কিন্তু,তথাপিও৷
— তই কৈ যাচোন আগতে বাৰু…
— ঠিক আছে…কৈছোঁ বাৰু৷ কিন্তু আপুনি আকৌ কথাটো বেলেগধৰণে নল’ব৷
-সেইদিনা দৈনিক মাতৃভূমিখন মেলি চাওঁতে ছেকেণ্ড পে’জত এডভেৰটাইজ এটা চকুত পৰিল৷
বাসুৱে আৰম্ভ কৰিলে…
— আচ্ছা….
—এটা পুৰণি চাং বঙলা বিক্ৰী কৰাৰ বিষয়ে বিজ্ঞাপন৷ বৃহৎ এলেকা এটাৰে সৈতে ৰাণীগড়ত এটা পুৰণি চাং বঙলা বিক্ৰী কৰা হ’ব৷ তলত এটা ম’বাইল নম্বৰ দিয়া আছে। আচ্ছা…
— মোৰ আক’ এডভেৰটাইজটো দেখি চিধা আমাৰ ক্ষীৰোদ দালৈ মনত পৰিল৷

—কোন ক্ষীৰোদ?
—এই যে ক্ষীৰোদ হাতীমূৰীয়া…বাগান চাগান আছে যে….৷
— ওঁ…বুজিলোঁ…
আচলতে মই এনেয়েই ক’লোঁ তাক৷ মোৰ উদ্দেশ্য হ’ল আচল কাহিনীটো বাসুৰ মুখেৰে সোনকালে শুনা৷
— ক্ষীৰোদ দাই আকৌ মোক লগ পালে মাজে-মাজে কৈ থাকে৷ বোলে বাসু….ক’ৰবাত যদি মাটিৰে সৈতে পুৰণি চাং বঙলা এটা কোনোবাই বিক্ৰী কৰে,মোক খবৰ দিবিচোন…৷ মোৰ বৰ ইচ্ছা এটা আছে পুৰণি চাং বঙলা এটাত থকাৰ৷ তয়ো কিবা এটা বক্সিচ পাবি দে৷
কথাটো মনত পৰি মই লগে লগে ক্ষীৰোদ দালৈ ফোন কৰিলোঁ৷ মই বোলোঁ-
“দাদা,পুৰণি চাং বঙলা এটাৰ খবৰ পাইছোঁ ৰাণীগড়ত৷ ল’ব নেকি?”
দাদা একেবাৰে জঁপিয়াই উঠিল৷
বোলে-“বাসু তই এতিয়াই যা৷ বাংল’টোৰ দাম কিমান কি কথা ডিটেইলচ লৈ আন৷ খালী এটা কথাই মন কৰিবি বাংল’টো যাতে বদনামী নহয়৷ এই মানে..ভূত..চুত থকাধৰণৰ হ’ব নালাগে।”
মই বোলোঁ-“হ’ব দাদা৷ চিন্তা নকৰিব৷ মই আজিয়েই যাম।” কালি মই সেই চাং বঙলাৰ মালিকৰ ম’বাইললৈ ফোন মাৰিলোঁ। মালিকৰ নাম অৱনী মেধি।
মেধিয়ে ক’লে বোলে-“আগতে বাংল’টো চাই আহক৷ দামৰ কথা বাৰু পিছতো হ’ব৷” মইও ৰাণীগড়লৈ বাছত উঠি দিলোঁ৷
— আচ্ছা৷
—পাছবেলা ৰাণীগড়ত নামিয়েই মই সেই চাং বঙলাৰ ঠিকনাৰ ফালে আগবাঢ়িলোঁ। মানুহক সুধি মেলি এসময়ত সেই চাং বঙলাৰ ঠাইখিনি পালোঁগৈ। এটা নিৰ্জন এৰিয়া। ৰাষ্টাৰ কাষতে পাণ-দোকান এখন আছে। তাতে তামোল এখন চোবাই দোকানীজনক সুধিলোঁ বঙলাটোৰ বিষয়ে। বঙলাটো তাৰপৰাই তেওঁ আঙুলিয়াই দেখুৱালে৷
—বঙলাটো কিনিবলৈ আহিছে যেন লাগিছে৷-এনেতে দোকানীজনে কৈ উঠিল।
— তেনেকুৱাই আৰু৷
— হেঃহেঃ
দোকানীজনৰ অকাৰণতে হাঁহি উঠিল।
— দাদা…কিবা অসুবিধা নাইতো !
— হেঃহেঃ৷ যাওক চাই আহক। গম পাবই নহয় ৷
— মানে?
— অৱনী মেধিৰ চাং বঙলা পানীৰ দামত দিলেও কোনেও নিকিনে৷
— মানে…??
—ভগৱানে জানে! এইবাৰ অৱনী বুঢ়াই পেপাৰতো এডভেৰটাইজ দি আছে৷ কিন্তু কি লাভ…! কিমান মানুহ সেই বঙলাটো চাবলৈ আহি আছে আৰু গৈ আছে…কিন্তু বঙলাটো কোনেও নিকিনে৷
—ইয়াৰটো কিবা কাৰণ নিশ্চয় থাকিব লাগিব৷
—তাকেইতো৷ কিবা বোলে ৰহস্য আছে চাং বঙলাটোত৷ আহিলেই যেতিয়া আপুনিও চাই আহক যাওক৷ হেঃহেঃহেঃ…
মই দোকানীজনৰ পৰা বিদায় লৈ চাং বঙলাটোৰ ফালে আগবাঢ়িলোঁ৷
বৃহৎ মাটিকালিৰে আগুৰি আছে চাং বঙলাটো৷ চাৰিওফালে কেৱল জংঘল আৰু জংঘল৷ চাং বঙলাটো চালোঁ। একেবাৰে অৱস্থা নাই৷ জৰাজীৰ্ণ ৰূপ৷ বঙলাটোৰ ওপৰলৈ পচি যোৱা কাঠৰ খট্‌খটি এটা উঠি গৈছে৷ বঙলাটোৰ সোঁমাজেদি আঁহত গছ এজোপা মূধচ ফালি আকাশৰ ফালে ওলাই গৈছে৷ বঙলাটো কিবা বনৰীয়া লতাই এফালৰ পৰা মেৰিয়াই ঢাকি আনিছে৷ মই লাহে লাহে গছ লতাবোৰ হাতেৰে আঁতৰাই লাহে-লাহে খট্‌খটিটোৰে ওপৰলৈ উঠি গ’লোঁ৷ পঁচা কাঠৰ মজিয়া৷ খোজ দিবলৈকে ভয়৷ কেতিয়া পচা তক্তা ভাগি তলত পৰোঁগৈ ঠিক নাই৷ সেইকাৰণে লাহে লাহে আগবাঢ়িছোঁ৷ কেইবাটাও ডাঙৰ ডাঙৰ কোঠা চকুত পৰিল৷ বাহিৰৰ খিৰিকিৰ ভগা গ্লাচৰ মাজেৰে কোঠাকেইটাত ভুমুকি মাৰি গ’লোঁ৷ কোঠাকেইটাও বনৰীয়া গছ-লতাই আৱৰি ধৰিছে৷ চিলিংবোৰ জহি-খহি তললৈ নামি আহিছে৷ ডাঙৰ ডাঙৰ মকৰা-জাল৷ বেৰবোৰত শেলুৱৈ আৰু কাঠফুলা গজি উঠিছে৷ পচা-পচা গোন্ধ৷ কোঠাকেইটাৰ ভিতৰত একোৱেই নাই৷ আছিল যদিও ছাগে চোৰে নিলে৷
…খচ্..খচ্..খচ্৷
এনেতে কিবা শব্দ এটা শুনিলোঁ৷ মোৰ এনেকুৱা লাগিল মোক যেন কোনোবাই মনে মনে অনুসৰণ কৰি আছে৷ লগে লগে মই পিছফালে ঘূৰি চালোঁ৷ কিন্তু কাকো নেদেখিলোঁ৷ আকৌ লাহে লাহে আগবাঢ়িলোঁ৷
….গৰপ….গৰপ…
আকৌ কিহবাৰ শব্দ৷ দীঘল কৰিডৰটোৱেদি গধুৰ গধুৰ খোজ দি যেন কোনোবা মোৰ ফালে আগবাঢ়ি আহিছে৷
এইবাৰ মোৰ মনটোৱে কিবা এটা চেবালে৷ সেই দোকানীজনৰ কথা মনত পৰিল৷ মই ঠাইতে ৰৈ দিলোঁ৷ মোৰ এনেকুৱা লাগিল মই যেন এতিয়াই ইয়াৰ পৰা দৌৰি পলাম৷ কিন্তু দৌৰিবও নোৱাৰোঁ৷ দৌৰিলেই মজিয়াৰ তক্তা ভাঙি তলত পৰিমগৈ৷
…গৰপ…গৰপ…গৰপ…
….সেই গধুৰ খোজটো লাহে লাহে মোৰ ফালে আহি আছে….এই ওচৰ পালেহিয়েই…
মই যেনেতেনে য’ত-ত’ত ভৰি দি কোনোমতে চিৰিটোৰ কাষ পালোঁহি৷ চিৰিটোৰ পৰা খোজেৰে পুৰা নমা নহ’লেই, আধা পাওঁতেই তললৈ জঁপিয়াই দিলোঁ৷ মোৰ এনেকুৱা লাগিল মোক এতিয়া কোনোবাই পিছফালৰ পৰা গবা মাৰি ধৰিব৷ মই চিধা আগলৈ দৌৰিবলৈ ধৰিলোঁ৷ ঠিক তেনেতে মই ভাবিলোঁ ক্ষীৰোদ হাতীমূৰীয়াক মই বঙলাটোৰ বিষয়ে সবিশেষ জনোৱাৰ উপৰিও অন্ততঃ দুখনমান ফটো দেখুউৱা উচিত হ’ব৷ মই লগে লগে আকৌ উভতি আহি বাহিৰৰ পৰা ম’বাইলটোৰে বঙলাটোৰ দুখনমান ফটো তুলিলোঁ৷

…..বা…সু…বা….সু…..আহ…আহ…
ফটো তুলি থাকোঁতেই মই শুনা পালোঁ বঙলাটোৰ ওপৰৰ পৰা কোনোবাই ফিচ্‌ফিচিয়া মাতেৰে মোক মাতিছে৷ তেজ গোট মাৰি যোৱা কণ্ঠস্বৰ৷
মই এইবাৰ আৰু নৰলোঁ ৷ চি..ই..ই..ধা…পলাইছোঁ আৰু পলাইছোঁ৷
বাসু এইবাৰ ৰ’ল। মই তালৈ চাই থাকিলোঁ আৰু কিবা কয় নেকি বুলি..
তাৰপাছত….
তাৰপাছত আৰু একো নাই৷
—এইটো আকৌ কি কাহিনী ক’লি বাসু ?
— তাকেইতো…!! কিন্তু এটা কথা দাদা,আপোনাক নিজৰ দাদা বুলি ভাবি কৈছোঁ৷
— কি কথা অ’….
—আপোনাক পানী দামত দিব বিচাৰিলেও অৱনী মেধিৰ চাং বঙলাটো কেতিয়াও নিকিনে যেন…
সি অলপ থেৰোঁ-গেৰোকৈ ক’লে।
—তই..বাসু কথাবোৰ…ইমান ৰহস্যৰ মাজলৈ কিয় লৈ যাৱ? চিধাকৈ কিয় নকৱ ? মোৰ কি দৰকাৰ! মোক কোনোবাই এনেয়েও দিলেও কোনো চাং বঙলা নালাগে…!
—অ’হ..দাদা !! আপোনাকতো ক’লোৱেই কথাবোৰ বেলেগধৰণে নলয় যেন….
বাসু অলপ দেৰি তললৈ মূৰ কৰি ৰৈ থাকিল। তাৰপাছত হঠাতে কৈ উঠিল…
—দাদা,গৈ থাকোঁ বুজিছে৷ বহুত দেৰি হ’ল৷
বাসু মোক এৰি আগেই বাঢ়িল৷
—ঐ বাসু….কাহিনীটো কমপ্লিট নকৰাকৈ গ’লি যে৷
—দাদা…কাহিনী সেইটোৱেই৷ বাকী আপোনাৰ হোৱাটচ্এপত বঙলাটোৰ ফটো দুখন পঠিয়াই দিছোঁ৷ তাৰে এখন ভালদৰে জুম কৰি চাবচোন৷ সকলো বুজি পাব৷
বাসুৱে মোলৈ এবাৰ ঘূৰি চাই কৈ দীঘল খোজ ল’লে৷
বাসুৰ কথামতেই হোৱাটচ্এপটো খুলি চালোঁ৷ এখন ফটো ‘জুম’ কৰিলোঁ৷ দেখিলোঁ-বঙলাটোৰ ওপৰ মহলাত মানুহ এজন ৰৈ আছে ৷ মানুহজনৰ মুখখন ভালকৈ চাবলৈ ফটোখন আৰু অলপ জুম কৰিলোঁ৷ পিছে,এইয়া কি ! সেইটো দেখোন ময়েই….!!!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *