ফটাঢোল

অন্য এক তেজীমলাৰ সাধু – মাধুৰিমা ঘৰফলীয়া

[বহুদিন হ’ল সাধু নিলিখা । আচলতে সাধুৱে বিচাৰি পোৱা নাছিলোঁ । কিন্তু অলপতে এগৰাকীয়ে ইনাই-বিনাই যেনেকৈহে সাধু এটা ক’লে মই লগালগ তাকে লিখিবলৈ ল’লোঁ । সাধুটো তেওঁ ক’ত শুনিছিল নাজানো । (নিজৰে আগৰ জনমৰ কথা হ’ব চাগে!)মাথোঁ সাধুটো সঁচা হেনো ৷ সাধুটো-তেজীমলাৰ সাধুটো; সকলোৱে পঢ়া সেই সাধুটো হেনো এনেকুৱাহে আছিল৷]

তেজীমলাৰ নাম তেজীমলা নাছিল৷ তাই জোনালীহে৷ ঘৰৰ একমাত্ৰ সন্তান৷ হওঁতে সাধুত লিখাৰ দৰে বাপেক সদাগৰেই হয়,মাথোঁ এই সদাগৰৰ ঘৰৰ কাষৰ নদীখনৰ সিপাৰে থকা চহৰখনত গেলামালৰ দোকান এখন আছে ৷ আনফালে মাকো মাহীমাক নহয় নিজৰেই; কিন্তু জোনালীৰ মতে তাইৰ মাক মাহীমাকতকৈ কোনোগুণে কম নহয় ৷ লোকৰ মাকবোৰে নিজৰ জীয়েকহঁতক ইমান মৰম কৰে,কিন্তু তাইৰ মাকে…!! তাকে ক’লে আক’ মাকে কয়
-“আনৰ কথা নক’বি৷ আনৰ ঘৰৰ ছোৱালীয়ে তোৰ দৰে দিনৰ দিনটো লোকৰ ঘৰৰ মেখেলা ধুই নুফুৰে । হেৰৌ, গাভৰু হ’লি ৷ এতিয়া অন্তত মাৰক কেতিয়াবা কাম-বন এখনত সহায় কৰি দে৷ নাই,তাইৰ সেইবোৰৰ প্ৰতি কাণসাৰেই নাই৷ খোৱাৰ সময়ত আক’ চাঙে-চাঙে খহাব !”-মাকৰ কথাবোৰ জোনালীৰ একাণে সোমাই আনকাণে ওলাই যায়৷ লগতে তায়ো সদাগৰ বাপেকে দোকানৰ পৰা আনি দিয়া জ্বলা চানা এটোপোলা লৈ নৈৰ পাৰত লগৰবোৰৰ সৈতে আড্ডা মাৰিবলৈ ওলাই যায়৷

ৰঙালী বিহুলৈ এমাহমান থাকোঁতে মাকে ক’লে-“আহচোন গামোচা দুখনমান লগাওঁ৷  আজিকালি ফুল বাছিলে চকুৰে জলক-তবক দেখোঁ । তই মাত্ৰ ফুল বাছি দিলেই হ’ব । বাকীখিনি ময়ে ব’ম বাৰু৷”
জোনালীয়ে ক’ত সেইবোৰ শুনে! তাইৰ মন নৈৰ পাৰত । কেইবাখনো গাঁৱৰ ডেকা-গাভৰুৱে লগ লাগি চহৰত বিহু মাৰিবলৈ বিহুৰ আখৰা কৰিছে । তাইৰ ধান্দাটো আক’ বেলেগ । আখৰা চাবলৈ বুলি অহা কাৰোবাৰ ঘৰৰ আলহী ডেকা এজনৰ সৈতে মনটো মিলিছে । মিলিছে মানে সখীয়েক তৰাৰ বুধিৰ সহায়ত প্ৰায় কথাবোৰ খাটাং হৈছেগৈ । তেনে এক হিয়া-দিয়া-নিয়াৰ পৰিৱেশ এৰি তাই তাঁত বৈ থাকিবনে !

বিহু কাষ চাপিল । মাকেও গামোচা বৈ শেষ কৰিলে । তাঁতৰ পৰা কাটি ওলোৱা গামোচাকেইখন অলপ ৰ’দাই দিওঁ বুলি পাছফালৰ কাপোৰ মেলা দাংডালত মেলি দিলেগৈ । চপাবৰ সময় হিচাপ কৰি দেখিছে-ভালৰো ভাল গামোচাখন নাই ৷ কস্মিনকালেও নঘটা ঘটনা দেখি মাকে বাঁহফলা চিঞৰেৰে গোৱাল-গালি পাৰিবলৈ ধৰিলে । জোনালীয়ে মাকৰ খং দেখি ইফালে-সিফালে গামোচাখন বিচাৰি চালে । নাপালে । সেইদিনা গ’ল । পিছদিনা বিহুৰ আখৰালৈ বুলি লচ্‌পচ্‌কৈ যাবলৈ সাজু হোৱা জোনালীৰ কাষত মাক থিয় হ’লগৈ । হাতত নতুন জেওৰা খুঁটি এটা ।
-তোৰ হাতত সেইটো কিহৰ টোপোলা চাওঁ ?
-একো নহয় আই । সেই তৰাৰ চোলা এটা আছিল ৷
জোনালীৰ কথা শেষ নহ’লেই,মাকৰ হাতৰ জেওৰা খুঁটিটোৱে তাইৰ পিঠিত ফুল বাছিবলৈ লাগিল৷
“মাকতিয়েকে বোৱাৰ সময়ত ডাংকাটি ঘূৰি ফুৰিব পাছত, আক’ তাইকে লাগে ! মাকজনীৰ আগত মিছা মাতিবলৈ আহিছ ? এইজনী মাৰেই তাইক পেটত ৰাখি জনম দিয়ালোঁ ৷ তাই আক’ মোক মিছা মাতি কোনোবা নঙলা ভাঙি ফুৰা ডঙুৱাক গামোচা দিয়েগৈ ! খবৰদাৰ আজিৰ পৰা ঘৰৰ সীমাৰ বাহিৰলৈ নাযাবি । ঠেং ভাঙি ডিঙিত ওলোমাই দিম !”

মাকৰ বাঁহফলা গালি,ওচৰ চুবুৰীয়াৰ ফিচিঙা-ফিচিং চাৱনিয়ে জোনালীৰ প্ৰথম প্ৰেম তাতে শেষ কৰি পেলালে । বহুদিনলৈকে তাই ঘৰৰ পৰা নোলাল । অ’ এই লাজ অপমানৰ পোতক কিন্তু বাৰুকৈয়ে ল’লে৷ যিখন গামোচাৰ বাবে মাকে তাইক ইমান বেদনা দিলে,মাক নথকাৰ সুযোগ লৈ এদিন সেইখন গামোচা গোবৰেৰে লেটি-পেটি কৰি পেলালে৷ সিমানতে ক্ষান্ত নহৈ বাৰীৰ চুকত গামোচাখন পুতি পেলালেগৈ !

সময় বাগৰিল ৷ আকৌ চ’ত মাহ সোমালহি৷ সেইদিনা জোনালীয়ে মাকৰ সৈতে পাকঘৰত কিবা এটা কৰি আছিল৷ তেনেতে অচিনাকী মানুহ এগৰাকী সোমালহি৷

“ইমান মতাপৰীয়া ৰ’দ দিছে অ’ মতা গোঁসাই ! এফালে যাবলৈ বুলি আহিছিলোঁ,ডিঙিটো শুকাই কৰ্কৰীয়া মাৰিলে৷  পানী অকণ খুৱাবনে?”

“উৱা! কিয় নুখুৱাম !! দুপৰীয়াৰ অতিথি সাক্ষাৎ নাৰায়ণ৷ জোনালী,যাচোন বাৰী-চুকৰ নেমুজোপাৰ পৰা নেমু এটা ছিঙি আন!”

মাকৰ কথা শুনি জোনালী অকণমান সময় দৰক লাগি ৰ’ল৷ বাৰীৰ চুকত আকৌ ক’ৰ পৰা নেমু গছ হ’ল ? অৱশ্যে তাহানি গামোচাখন পুতি থৈ অহাৰ পাছৰে পৰা তাই সেইমুৱা হোৱা নাই । তাতে মাকে কৈছে যেতিয়া গ’ল৷ অ’ আই ! তাহানি গামোচা পোতা ঠাইডোখৰৰ একেবাৰে কাষতে নেমু এজোপা ৰমক-জমক হৈ লাগি আছে ৷ তাইৰ পুৰণি দুখটো আকৌ এবাৰ উজাই আহিল৷ নেমু দুটা ছিঙি আনি নীৰৱেই অচিনাকী মানুহগৰাকীক নেমু-পানী দিলেগৈ৷

জোনালীয়ে নিজৰ দুখটো পাহৰিছিলহে,তেনেতে এদিন ক’ৰবাৰ পৰা মাক উধাতু খাই আহিল৷ দেওবাৰে দোকান বন্ধ কৰি ৰাখে বাবে জোনালীৰ দেউতাক ঘৰতে আছিল । মাক গৈ তেওঁৰ কাষ পালেগৈ৷
-হেৰি,শুনিছে নে ? আমাৰ জোনালীৰ বাবে বৰ ভাল মানুহ এঘৰৰ পৰা খবৰ আহিছে ! সিদিনা যে কৈছিলোঁ,আমাৰ ঘৰত পানী খাবলৈ মানুহ এজনী সোমাইছিল; তেওঁৰে সৰু-পুতেকৰ বাবে৷ আমাৰ সেই সিখন গাঁৱৰ মনেশ্বৰহঁতৰ কিবা হয়৷ সিহঁতৰ ঘৰৰপৰাই আজি খবৰ পঠাইছে বোলে-আমাৰ ইচ্ছা থাকিলে কথা-বতৰা আগবঢ়াব হেনো ৷ মানুহগৰাকীয়ে হেনো কৈছে-মাকজনী ইমান সাদৰী,জীয়েকো নিশ্চয় তেনেকুৱাই হ’ব ! আপুনি কি কয় হয়নে ?

ইমানপৰে মাকৰ বকলা শুনি থকা জোনালীয়ে মাত লগালে-
“পিতায়ে আক’ কি ক’ব? যিজনী মানুহে তোক সাদৰী দেখিলে সেইজনীৰ দৰে চকু নোহোৱা মানুহৰ পুতেকলৈ মই বিয়া হ’বলৈ নাই৷”
মাকে জোনালীলৈ পোন্দোৱাকৈ চালে । কিন্তু এনেকুৱা সময়ত তেওঁৰ কাজিয়া কৰিবলৈ মন নগ’ল৷ বৰ আশাৰে জোনালীৰ বাপেকলৈ চাই থাকিল৷ পিছে আশাটো বাস্তৱায়িত কৰিবলৈ কেইবাদিনো সময় ল’লে৷ জোনালীয়ে যেনেকৈহে ‘বিয়া নহওঁ, নহওঁ’ বুলি ৰাউচি জুৰিছিল;মাকে কথাবোৰ নহ’বগৈ বুলিয়ে ভাবিছিল৷ ভাগ্য বাপেকৰ বুজনিত যেনিবা তাই মান্তি হ’ল৷ তথাপি এটা চৰ্ত ৰাখিলে ৷ তাইৰ যদি কেনেবাকৈ ল’ৰা পছন্দ নহয়,তেতিয়া কোনোৱে তাইক জোৰ কৰিব নোৱাৰিব ৷
হওক তেও,তাই মানি ল’লে যে৷ পাছৰখিনি তেনেকৈয়ে কিবা কৰি চম্ভালিব বুলি ভাবি মাকে ল’ৰাৰ ঘৰলৈ খবৰ পঠালে । দুদিনমানৰ পাছত লগত বন্ধু এজন লৈ ল’ৰা জোনালীহঁতৰ ঘৰ ওলালহি । গোটেই ঘৰখন ওখল-মাখল লাগি গ’ল কেৱল জোনালীৰ বাহিৰে । তাই মনে মনে ভাবিয়েই থৈছে-‘ল’ৰা পছন্দ নহ’ল’ বুলি ক’ব । মাকে বাকচৰ পৰা উলিয়াই কাপোৰজোৰ পিন্ধি আইনাখনৰ আগত দুবাৰমান আগ-পাছ কৰিলে৷ পিছে যিমান পাৰে নিজকে কঠিন কৰি ৰাখিলেও ল’ৰাটো চাবলৈ মনটো উচ্‌পিচাই থাকিল ! এবাৰ সুযোগ বুজি বেৰৰ ফাঁকেৰে চ’ৰাঘৰলৈ জুমি চালে৷ উৱা !! সেইটো দেখোন ডেমফুল ! তাহানি বিহুৰ আখৰাত তাইৰ মনে খোৱা ডেকাটো ! যাৰ বাবে তাইৰ গামোচা চুৰ কৰিছিল !

জোনালীৰ মনটো ৰিমঝিম কৰি উঠিল । পিছমুহূৰ্ততে কিবা এটা ভাবি তাই ৰৈ গ’ল । ল’ৰা দেখোন দুটা আহিছে ৷ তাইক চাবলৈ কোনটো আহিছে ! মাকে চাহৰ বানবাতিকেইটা কাঁহী এখনত উঠাই তাইৰ হাতত গতাই দিয়াৰ সময়তে কৌতূহল দমাব নোৱাৰি সুধিলে-
-আই তোৰ নহ’বলগীয়া জোঁৱায়েৰ পিছে কোনটো ?
তাইৰ কথাত মাক ৰৈ গ’ল । তাৰ পাছত চ’ৰাঘৰৰ ফালে পাক এটা মাৰি আহি ক’লে
-ৰঙচুৱা চোলা পিন্ধাটো । সিটো বিয়া পতা । জীয়েক এজনীও আছে !
জোনালীয়ে মাকৰ ফালে মুখখন বেঁকা কৰি দেখুৱাই চ’ৰাঘৰ পালেগৈ৷ কঁপা-কঁপা হাতেৰে বানবাতি দুটা দুফালে আগবঢ়াই দি আঁৰ চকুৰে চোলাৰ ৰংবোৰ মন কৰিলে৷ জোনালীৰ মূৰত যেন সৰগখন ভাগি পৰিল ! ডেমফুলে পাতল গুলপীয়া ৰঙৰ চোলা এটা পিন্ধি আছে আৰু সিটো ডেকাই ৰঙা আৰু বগা মিলি থকা চোলা এটা পিন্ধি আছে৷ অলপ আগতে সুখৰে জিলিকি উঠা জোনালীৰ চকুহালত এইবাৰ জান-নিজান চকুপানী বিৰিঙি উঠিল৷ সি, মানে ডেমফুলে যোৱা বছৰেই বিয়া পাতিলে । সিমানেই নহয় তাৰ জীয়েক এজনীও আছে ! নিজৰ আগৰ সিদ্ধান্তটোৰ সৈতে তাই আৰু কঠোৰ হৈ পৰিল ।

ইয়াৰ পাছৰ সময়খিনি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈহে জোনালীয়ে ইখন-সিখন কৰি থাকিল । মাকে আলহীক ভাত খাবলৈ বুলি বৰঘৰলৈ মাতিলে । হাত ধুবলৈ বুলি ওলাই যোৱা ডেমফুলৰ টিউবেলৰ পাৰতে জোনালীৰ সৈতে ভেটাভেটি হ’ল । জোনালীয়ে মুখেৰে একো নমতাকৈ টিউবেলটো মাৰি দিলে । হাত-মুখ ধুই ডেমফুলে জোনালীলৈ চালে ।
-জোনালী
যাবলৈ লোৱা জোনালী ৰৈ গ’ল !
-তুমি একো নক’বাই নেকি ?
-কি ক’ব লাগে ?
জোনালীৰ স্পষ্ট মাতষাৰ শুনি ডেমফুল ক্ষন্তেকৰ বাবে থতমত খাই গৈছিল যদিও সি নিজকে চম্ভালি পুনৰ সুধিলে
-মানে দৰা পছন্দ হৈছে নাই ? নে তাহানিৰ…
ডেমফুলৰ কথা শেষ হ’বলৈ নাপালেই জোনালী ফেঁট তুলি উঠিল
-মই লাগিলে ঘৰতে বুঢ়ী হৈ থাকিম,তথাপি আপোনাৰ বন্ধুলৈ বিয়া হ’বলৈ নাই!
-মোৰ বন্ধুলৈ ? সি দেখোন যোৱা বছৰেই বিয়া পাতিলে !
জোনালীৰ কথাত প্ৰথমে ডেমফুল আচৰিত হৈছিল যদিও পাছমূহূৰ্ততে কিবা এটা বুজি পাই হোহোৱাই হাঁহি উঠিল৷
-তোমাৰ হ’বলগীয়া দৰাটো সি বুলিনো কোনে ক’লে ?
-নহয় মানে মায়ে…..
অ’ আই !! জোনালীৰ এতিয়াহে মনত পৰিল তাইৰ অভং মাকজনীয়ে ৰঙা,গুলপীয়াধৰণৰ সকলো ৰঙকে ৰঙচুৱা বুলি কয়৷ লাজতে ‘মই ভাত খাবলৈ নেমু আনোগৈ’ বুলি তাই বাৰীৰ চুকলৈ দৌৰ দিলে । পাছফালৰ পৰা ডেমফুলৰ হাঁহিটোৱে তাইৰ মুখখন এবাৰ ৰঙা,এবাৰ গুলপীয়া কৰি তুলিলে৷
সাধু শেষ !

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *