ফটাঢোল

মোৰ অসফলতাবোৰ (মূল হিন্দীঃ যশোবন্ত কোঠাৰী) – ভাবানুবাদঃ ধ্ৰুৱ কাশ্যপ

লিখা-মেলা কৰা মানুহৰ এতিয়া বেয়া দিন৷ হাস্য-ব্যঙ্গত বিষয়বস্তুৰ আকাল পৰিছে৷ সংবাদ বেচোঁতাসকলে সংবাদৰ অভাৱত ইণ্টাৰনেটত পোৱা Hoaxবোৰকে ‘সংবাদ’ হিচাপে বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে৷ একেবোৰ ব্যঙ্গ লিখকেই একেবোৰ বিষয়বস্তুকেই একেবোৰ জেগাতে প্ৰকাশ কৰি একেবোৰ চেককে লৈ আছে৷ কিছুমান লেখকক Ghost writing ৰ ভূতটোৱে পাইছে৷ সকলো মানুহে নিজকে সফল বুলি ভাবে আৰু বাকী সকলোকে অসফল, ভুল, বেকাৰ, কামচোৰ বুলি সাব্যস্ত কৰিবলৈ লাগি থাকে৷ পিছে মই নিজকে চূড়ান্তই অসফল হিচাপে গণ্য কৰোঁ৷

আপোনালোকে জানে যে সকলো সফল পুৰুষৰ পিছত এগৰাকী নাৰীৰ হাত থাকে আৰু সেই নাৰীগৰাকীৰ পিছত সফল ব্যক্তিগৰাকীৰ পত্নীৰ চোকা নজৰ থাকে৷ কিন্তু মই মোৰ সমস্ত অসফলতাৰ দায়িত্ব নিজেই গ্ৰহণ কৰিছোঁ,কিয়নো মই নিবিচাৰোঁ যে মোৰ চিকিৎসাৰ খৰচ এই লেখাটোৰ পিছত আচৰিতধৰণেৰে বাঢ়ি যায়৷

সি যি কি নহওঁক,মই মোৰ অসফলতাৰ কাহিনীবোৰ লিখিবলৈ আগবাঢ়িছোঁ৷ প্ৰথমতে মই ক্ৰীড়াজগতত নিজৰ নাম বনাবলৈ যত্ন কৰিলোঁ৷ অসফল হ’লোঁ৷ মই অভিনয়ৰ জগতখনৰ ভিতৰত সোমাই চাবলৈও চেষ্টা কৰিলোঁ৷ তাতো অসফল হ’লোঁ৷ মই নাটকত অভিনয় কৰিবলৈ চেষ্টা কৰিলোঁ৷ মঞ্চৰপৰা বাহিৰ কৰি দিলে৷ কবিতা লিখিলোঁ, কোনেও নপঢ়িলে৷ মই আলোচনা-চক্ৰবোৰত ভাগ ল’বলৈ মন মেলিলোঁ, আলু আৰু চানাবোৰ মগজুত চক্ৰাকাৰে ঘূৰিবলৈ আৰম্ভ কৰিলে৷ মই বিজ্ঞাপন জগতখনত নিজৰ চিন ৰাখিবলৈ যত্ন কৰিলোঁ, প্ৰডাক্টবোৰৰ বিক্ৰী কমি গ’ল৷  শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীক গভীৰতাৰে পঢ়াবলৈ আৰম্ভ কৰিলোঁ,ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠালৈ অহাটো বন্ধ কৰি দিলে৷ তথাপিও হাৰ নামানি অফিচাৰসকলৰ চামচাগিৰি কৰিবলৈ আৰম্ভ কৰিলোঁ,তাতো অসফল হ’লোঁ৷ সম্পাদক, প্ৰকাশকসকলক তেল মাৰিবলৈ চেষ্টা কৰিলোঁ, তেওঁলোকে তেল খাবলৈ বন্ধ কৰি দিলে৷

মই বুদ্ধিজীৱী হ’বলৈ চেষ্টা কৰিলোঁ, মোৰ বুদ্ধিবোৰে কাকো চুব নোৱাৰিলে৷ মই ভণ্ড বাবা হৈ ৰাইজক বেমাৰ-আজাৰৰপৰা সুস্থ কৰিব পাৰোঁ বুলি দাবী কৰিলোঁ, প্লেচিব’ ইফেক্টৰ দ্বাৰাও কোনো সুস্থ হৈ নুঠিল৷ মই মঞ্চত ষ্টেণ্ডআপ কমেডিয়ান হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, মোক গেলা বিলাহী আৰু পঁচা আলুৰে স্বাগতম জনোৱা হ’ল৷ মাজতে জনপ্ৰিয় গায়ক এজনৰ স্বয়ম্ভু ফেন হিচাপে গৈ তেওঁৰ শ্ব’ এটাত তেওঁৰ সমালোচকসকলৰ লগত কাজিয়া কৰিবলৈ গৈছিলোঁ,তেওঁৰ চকুত পৰাৰ আশাত৷ পাব্লিক ধুলাই খালোঁ আৰু জনপ্ৰিয় গায়কজনে মোক চিনি নাপাওঁ বুলিও ক’লে৷ ফেচবুকত বিতৰ্কিত প’ষ্ট দি মাজতে জনপ্ৰিয় হ’বলৈও চেষ্টা কৰিছিলোঁ; মোৰ বিৰুদ্ধে ‘ৱাৰেণ্ট’ জাৰী হ’ল আৰু মই ভালেকেইদিন পলাই ফুৰিলোঁ৷ তথাপিও হাৰ নামানি মই আলোচনী এখন সম্পাদনা কৰিবলৈ মন মেলিলোঁ,কেইটামান সংখ্যাৰ পিছত আলোচনীখনে মৃত্যুবৰণ কৰিলে৷ সফলতাৰ আশা এৰি নিদি এইবাৰ চুবুৰীত সামাজিক কাম কাজ কৰিবলৈ মন মেলিলোঁ৷ চুবুৰীয়াই ডিঙি কাটি হাতত দিম বুলি সাৱধানবাণী শুনালে৷
ৰ’ব মোৰ বিফলতাৰ কাহিনীৰ ইমানতে অন্ত পৰা নাই৷ জীৱনত বহুকেইবাৰ প্ৰেমত পৰিলোঁ৷ প্ৰতিবাৰেই অসফল হ’লোঁ৷ কোনোবাই বয়স কম বুলি না কৰিলে, কোনোবাই বেছি বুলি৷ কোনোবাই শিশুসুলভ,কোনোবাই প্ৰেক্টিকেল বুলি৷ কোনোবাই বেছি ভদ্ৰ আৰু কোনোবাই লম্পট বুলি৷ শ্বেয়াৰ-মাৰ্কেটত ‘ইনভেষ্ট’ কৰিবলৈ চেষ্টা কৰিলোঁ, কোম্পানীয়েই ডুবিল৷
মই ডাক্তৰ,ইঞ্জিনিয়াৰ,উকীল,ৰাজনীতিবিদ,অফিচাৰ একোৱেই হ’ব নোৱাৰিলোঁ৷ কিছুমান প্ৰাকৃতিক কাৰণত ‘চাৰোগেট মাডাৰ’ হৈ গৰ্ভও ভাৰালৈ দিব নোৱাৰিলোঁ৷ গোটেই জীৱন মোৰ বিফলতাৰ অন্ধকাৰেই ভৰা,মাত্ৰ ব্যঙ্গৰ চাকিটোহে জ্বলোঁ-নজ্বলোঁকৈ জ্বলি জীৱনটো অলপ হ’লেও পোহৰাই ৰাখিছে৷
আপুনি কি ভাবে? জীৱনত কোন সফল হয়? আৰু কিয়? সফল হ’বলৈ নিজৰ স্বাভিমানক বিক্ৰী কৰিব লাগে৷ গতিকে বন্ধুগণ; নিজৰ স্বাভিমানক নিজৰ ঘৰত থৈ আহক আৰু সফল হৈ উঠক, নহ’লে মোৰ দৰে অসফলতাৰ গীত গাওঁক৷ শেষত কবিয়ে ক’বলৈ বিচাৰে যে-
“মই ধ্যানত বহি থকা নাছিলোঁ,বোধহয় আপুনি বিভ্ৰান্ত হৈছে৷
যন্ত্ৰণাত বোধহয় সৰ্বশৰীৰ পিষ্ট হৈ গৈছে৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *