ফটাঢোল

দুটা ‘ছ’ছিয়েল’ জীৱন-চিত্ৰ – মৌচুমী বৰি

(১)
“টানিষ্কাৰ দিনপঞ্জী”

টানিষ্কাই হোৱাটচাপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে–
-আই লাভ ইউ….শুই যোৱা জান ৷
-আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷

কলেজ বন্ধ৷ ৰাতি দেৰিলৈকে পঢ়ি থকা বুলি ভবা টানিষ্কাৰ মাকে টানিষ্কাক ৰাতিপুৱা সোনকালে নজগালে আৰু তাই এঙামুৰি এটা দি এঘাৰ বজাতহে বিচনাৰ পৰা উঠিল৷ উঠিয়েই গাৰুৰ তলত থোৱা স্মাৰ্ট ফোনটো হাতত তুলি লৈ হোৱাটচ্এপ খুলিলে আৰু পাৰ্থিৱলৈ মেচেজ দিলে –
:জান,উঠিলানে?
নাই,পাৰ্থিৱে ম’বাইল ডাটা অনেই কৰা নাই৷ তাৰমানে সি উঠাই নাই ! তাৰপিছত টানিষ্কাই ইনা,মীনা,টিনা,অংশু সকলোলৈ হোৱাটচ্এপত গুড মৰ্ণিং দিবলৈ লাগি গ’ল৷ বিশজন বন্ধু-বান্ধৱী আৰু দহটা গোটলৈ দিনটো শুভ হোৱাৰ শুভ-বাৰ্তা পঠিয়াই উঠি থাওকতে ফেচবুকটোও চাই ল’লে৷ আগদিনা আপল’ড কৰা “ৰসে চৌ চৌ” ৰেষ্টুৰেণ্টত পাৰ্থিৱৰ স’তে চেল্‌ফি তুলা ফটোখনৰ লাইক কিমানটা পালে আৰু কোনে কোনে লাইক দিলে সকলোবোৰ চাই মেলি স্মাৰ্ট ফোনটো চাৰ্জত দি তাই শোৱা কোঠাৰ পৰা ওলাই গৈ মুখত ব্ৰাছ ভৰালে৷ ঘপাঘপ দাঁত ব্ৰাছ কৰি ঘুট্ ঘুটকৈ পানী এগিলাছ খাই পুনৰ চাৰ্জত দিয়া ফোনটোৰ ওচৰ পালেহি৷ পাৰ্থিৱে মেচেজ পঢ়িলেনে নাই চালে৷ নীলা ৰঙৰ ৰাইট চিন দুটা দেখি তাইৰ মুখখন উজলি উঠিল৷
:মাজনী,গাখীৰ গিলাচ খাই লোৱা – মাকে চিঞৰিলে৷
:অঁ গৈছোঁ মা….এইবুলি কৈ ফোন টিপি টিপি তাই ডাইনিং টেবুলত বহিল৷
পাৰ্থিৱেচোন ৰিপ্লাই দিয়ায়েই নাই! কপাল থূপ খালে তাইৰ! হুঁহ! আজি দিম মজা!—ভাবিলে তাই৷
ফোনটোত চকু থৈ থৈয়েই তাই গাখীৰ গিলাচ খাই শেষ কৰিলে৷ তাৰপিছত ফোনটো পুনৰ চাৰ্জত দি গা ধুবৰ বাবে বাথৰূমত সোমাল৷ গা ধুই উঠি কাপোৰকেইটা চাদত মেলি পুনৰ আহি ফোনটো টিপিলেহি—পাৰ্থিৱৰ ফোন-মেচেজ আহিছে নেকি চালে৷
:দেহা,দুই বজাত ওলাই আহিবা… ‘ৰসে চৌ চৌ’ত বহি কথা পাতিম৷ আই লাভ ইউ দেহা …মই ৰৈ থাকিম দেই৷
পাৰ্থিৱৰ মেচেজৰ উত্তৰ লিখিলে তাই—
:k
:খং কৰিছা নেকি দেহা..কে বুলি লিখিলা যে? তুমি খং উঠিলেই বেয়া মাতষাৰ মাতা নহয়!! খং নকৰিবা প্লীজ… —- পাৰ্থিৱৰ পৰা মেচেজ আহিল৷
:কে মানে অ’কে — গাঁৱলীয়া ভূত মিষ্টাৰ পাৰ্থিৱ বৰুৱা…তুমি যে এতিয়াও মডাৰ্ণ হ’বই পৰা নাই৷— টানিষ্কাই পাৰ্থিৱৰ মেচেজৰ উত্তৰ দিলে৷
:হাই, তোমাৰ ডিপিখন যে ইম্মান ধুনীয়া লাগিছে! –টিনাৰ মেচেজ আহিল টানিষ্কালৈ৷
:Tysm –টানিষ্কাই লিখিলে৷
তাৰপিছত ভাত-পানী খাই স্কুটিখন লৈ দুই বজাত টানিষ্কা ওলাই গ’ল৷ ওলাই যাওঁতে মাকে তাইক গধূলি বিয়া এখন খাবলৈ যাব লাগিব বাবে সোনকালে আহিবলৈ তাগিদা দিলে৷
“অক্কে মাম্মী” বুলি কৈ টানিষ্কাই স্কুটি লৈ মাকৰ চকুৰ পৰা নেদেখা হ’ল৷
গধূলি মাকৰ স’তে টানিষ্কা বিয়া ঘৰ পালেগৈ৷ কইনাই লগৰ বান্ধৱীবোৰৰ স’তে,পৰিয়ালৰ লোকৰ স’তে চেল্‌ফি তোলাত ব্যস্ত৷ টানিষ্কাৰো মনটো উচ্‌পিচাই থাকিল কেতিয়াকৈ কইনাৰ স’তে চেল্‌ফি এখন তুলি ফেচবুকত আৰু হোৱাটচ্এপত পঠাব পাৰে!! অৱশেষত কোনোবা এপাকত মাকৰ কাষৰ পৰা উঠি গৈ মুখখন জোঙা কৰি কইনাৰ স’তে চেল্‌ফি এখন তুলি ল’লে তাই৷ চেল্‌ফিখন তুলি আহিয়েই মাকৰ কাষত বহি পাৰ্থিৱলৈ ফটোখন পঠালে আৰু মেচেজ লিখিলে –
:মোক কেনে দেখিছা জান?
:ৱাও! মোৰ বিশ্বসুন্দৰীজনী! তামাম লাগিছে তোমাক !!
টানিষ্কাই পাৰ্থিৱক চুমা ইম’জি কেইটামান দি স্মাৰ্টফোনটো সামৰি থ’লে৷
বিয়াঘৰৰ পৰা উভতি আহি থাকোঁতে টানিষ্কা বিয়াঘৰত তোলা ফটোবোৰ ফেচবুকত আপল’ড কৰাত ব্যস্ত হৈ পৰিল৷
:থ’চোন তোৰ ফোনডাল৷ কেতিয়াবা মন যাব থেকেচি ভাঙি পেলাম – মাকে বিৰক্তিৰে কৈ উঠিল৷
মাকৰ বিৰক্তিভৰা মুখখন দেখি তাই ফোনটো বেগৰ ভিতৰত ভৰাই থ’লে আৰু মাকক সাবটি ধৰি চুমা এটা খাই দিলে যাতে মাকৰ খং নিমিষতে অন্তৰ্ধান হয়৷
ৰাতি শুবলৈ লৈ টানিষ্কাই হোৱাটচ্ এপৰ ৰেকৰ্ডিং অপচনত বুঢ়া আঙুলিৰে হেঁচি ধৰি পাৰ্থিৱক ফুচফুচাই ক’লে–
:আই লাভ ইউ….শুই যোৱা জান
:আই লাভ ইউ টু দেহা ….শুই যোৱা –সিফালৰ পৰা পাৰ্থিৱৰ মেচেজ আহিল৷
টানিষ্কাই সেউজীয়া ঘাঁহ-বন,নদীৰ পাৰ,পাহাৰ আদিত পাৰ্থিৱৰ স’তে নাচি থকা সপোন দেখি দেখি টোপনিত ঢলি পৰিল৷

(২)
বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ

“টুং” শব্দ কৰি বৰুৱাৰ হোৱাটচ্এপত মেচেজ আহিল৷ বৰুৱাই দেখিলে এটা অচিনাকী নম্বৰৰ পৰা অহা মেচেজ৷ বৰুৱাই প্ৰফাইল পিকচাৰখন চালে—কোন হ’ব পাৰে! কিন্তু এইয়া কি?প্ৰফাইল ফটোখনৰ মানুহজন ইতিমধ্যে স্বৰ্গগামী হৈছে ৷ মানে প্ৰফাইল ফটোখনৰ মানুহজনৰ ডিঙিত এধাৰি মালা পিন্ধাই থোৱা আছে৷ বৰুৱাই অচিনাকী নম্বৰত মেচেজ লিখিলে—
:কোন হয় বাৰু আপুনি? অনুগ্ৰহ কৰি পৰিচয়টো দিবচোন৷
ক্ষন্তেক পিছতে মেচেজৰ উত্তৰ আহিল–
:ওৱা,মই মোহন আকৌ! হেৰৌ,মোহনক পাহৰিলি?
:অ’ মোহন৷ হেৰৌ,প্ৰফাইল ফটোখনত মৃতব্যক্তিৰ ফটো এখন দি থ’লে মই বাৰু কেনেকৈ চিনি পাম তই মোহন বুলি?
:অ’,সেইয়া মোৰ দদাইদেউ…আজি দদাইদেউৰ মৃত্যুবাৰ্ষিকী৷ সেয়ে ফটোখন দি থৈছোঁ৷
:আচ্ছা!!

“ফেচবুক,হোৱাটচ্এপত ভিন ভিন ব্যক্তিত্বৰ মানুহ দেখা যায়৷ কিছুমান মানুহে এবাৰ প্ৰফাইল ফটো লগোৱাৰ পিছত কস্মিনকালেও ফটোখন আঁতৰাই নেপেলায়৷ শিলৰ ৰেখা হৈ বহি ৰয় ফটোখন৷ আৰু কিছুমান মানুহে ঘনে ঘনে প্ৰফাইল ফটো সলাই থাকে৷ কিছুলোকে যদি এসপ্তাহৰ মূৰে মূৰে সলায়,কিছুলোকে আকৌ দিনতে দহবাৰমান সলায়৷ চখ!! এইয়াটোচখেই আৰু৷”—বৰুৱাই ভাবে৷

বৰুৱাৰ পৰিবাৰেও আকৌ দুদিনৰ মূৰে মূৰে প্ৰফাইল ফটো সলাই ভাল পায়৷ ভেলেণ্টাইন ডে আৰু বিবাহ-বাৰ্ষিকীৰ দিনা তেওঁলোকৰ যুগ্মজীৱনৰ ফটোখন প্ৰফাইল ফটো হিচাপে লগাই থয়৷ নিজৰ সন্তানৰ জন্মদিনত সন্তানৰ ফটোখন লগাই থয়৷ বৰুৱাই পিছে হোৱাটচ্এপৰ জন্মতে যিখন ফটো লগালে সেইখন আৰু আজিলৈকে সলোৱাই নাই৷ প্ৰফাইল ফটো ঘনে ঘনে সলোৱাটো সৰু ল’ৰা-ছোৱালীৰ কাম যেন লাগে বৰুৱাৰ!

ফেচবুকতো একেই৷ বৰুৱা আৰু বৰুৱাৰ পৰিবাৰৰ আকাশ-পাতাল পাৰ্থক্য৷ ফেচবুকৰ প্ৰফাইল ফটোখনো বৰুৱাই ফেচবুক খোলা দিনাই যি লগালে তাৰপিছত আৰু সলোৱাই নাই;কিন্তু বৰুৱাৰ পৰিবাৰে আজিৰ তাৰিখলৈকে এহাজাৰতকৈও বেছি প্ৰফাইল ফটো সলালে৷ বৰুৱাই ৰাতি এবাৰেই ফেচবুক চায়৷ অকল চাইহে!! ক’তো লাইক-কমেণ্ট দিয়াৰ নাম-গোন্ধ নাই৷ পিছে বৰুৱাৰ পত্নীয়ে দিনে দহবাৰতকৈ ওপৰৰ আপডেট দিয়ে৷ নিজৰ ফেচবুক ফ্ৰেণ্ডৰ সকলোৰে আপডেটত লাইক-কমেণ্ট দিবলৈ নাপাহৰে৷ নিজৰ আপডেটটো কিমানজনে লাইক দিলে,কোনে কোনে লাইক দিলে সকলোবোৰ পৰীক্ষা-নিৰীক্ষা কৰে৷ প্ৰথম-প্ৰথম ফেচবুক খুলোঁতে বৰুৱাৰ পৰিবাৰৰ মনটো লাইক-কমেণ্টৰ হিচাপেৰে উঠা-নমা কৰিছিল৷ যদি ফটো এখনত লাইক তেনেই কম আৰু কমেণ্ট নাথাকে তেন্তে পাকঘৰত চাহ বনাই থাকোঁতেও পৰিবাৰৰ মুখখন ওন্দোলা মেঘৰ দৰে হৈ থাকিছিল৷ তাৰোপৰি বেষ্টফ্ৰেণ্ডকেইগৰাকীয়ে কমেণ্ট নিদিলেতো ৰাতিও ট-ট কৈ চকু মেলি চিন্তা কৰি ৰৈছিল – “আজি আৰতি,প্ৰবীনাহঁতে মোৰ ফটোখনত কেলেইনো কমেণ্ট নিদিলে বাউ??আজিকালি বিজুৱে যে মোৰ কোনো আপডেটতেই লাইক নিদিয়া হ’ল!!”

বৰুৱাৰ পৰিবাৰে মাজতে বিয়াগোম বিয়াগোম সাহিত্যিক কেইগৰাকীমানকো নিজৰ ফেচবুক ফ্ৰেণ্ডলিষ্টলৈ আনিছিল আৰু তেওঁলোকৰ আপডেট দেখাৰ লগে লগেই লাইক-কমেণ্ট দিবলৈ তৎপৰ হৈ পৰিছিল৷ কিন্তু নিজৰ লাইক-কমেণ্টৰ গণ্ডাই গণ্ডাই হিচাপ ৰখা মানুহজনীয়ে যেতিয়া দেখিলে যে সেই বিয়াগোম সাহিত্যিক কেইগৰাকীয়ে ভুলতো তেওঁৰ আপডেটত লাইক এটা নিদিয়ে; সেয়ে এদিন বৰুৱাৰ পৰিবাৰ প্ৰচণ্ড অভিমানত ফাটি পৰিল আৰু একেকোবতে তেওঁলোকক ব্লক কৰি দিলে৷ পিছে আজিকালি বৰুৱাৰ পৰিবাৰ বৰ সংযমী হৈ পৰিছে৷ বহুবছৰীয়া ফেচবুকৰ ধুমুহা-বৰষুণৰ অভিজ্ঞতাৰ অন্তত লাইক-কমেণ্টে টলাব নোৱাৰাকৈ ব্যক্তিত্ব গঢ়ি তুলিছে তেওঁ৷ পৰিবাৰৰ পৰিৱৰ্তন দেখি বৰুৱাই আজিকালি গোঁফৰ তলতে মিচিকিয়াই হাঁহে৷

এদিন বৰুৱাই নিজৰ ফেচবুক পেজ খুলি পৰিবাৰক নিজৰ বন্ধুৰ পৰিয়ালৰ ফটো দেখাই আছিল৷ হঠাতে বৰুৱাৰ পৰিবাৰ ফেঁটীসাপৰ দৰে ফচ্‌ফচাই উঠিল৷
:বন্ধুৰ পৰিয়ালৰ ফটো যে দেখুৱাইছা!! নিজৰ পৰিয়ালৰ ফটো কেতিয়াবা ফেচবুকত আপল’ড কৰি পাইছা?? আমাৰ যুগ্ম ফটো এখন কেতিয়াবা প্ৰফাইল পিকচাৰ কৰি পাইছা??? হুঁহ!! মইহে গোটেই জগতখনকে দেখুৱাই থাকোঁ!!

বৰুৱাই গম পালে মানুহজনীয়ে ইমানদিনে তেওঁৰ ওপৰত অভিমানৰ পাহাৰ গঢ়াই থৈছে৷ ফটো আপল’ড কৰিবলৈ এলাহ কৰা বৰুৱাই পৰিবাৰৰ অভিমান ভাঙিবলৈকে লেপটপটো খুচৰি থাকিল –তেওঁলোকৰ যুগ্ম ফটো এখন বিচাৰি৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *