তোমাৰ নাম বাইদো – দীপিকা ডেকা
আজিকালি ল’ছালিবোৰ আগতকৈ সিয়ান হ’ল। মুখত মাত ফুটিলেই আগতে A,B,C,Dহে শিকে। সেয়েহে থিয়দঙা দিব পৰা হোৱাৰ পৰাই অভিভাৱকৰ স্কুল বিচৰা আৰম্ভ হয়েই। আমাৰ বিদ্যালয়লৈও এইবাৰ অকণমানি কেইজনমান আহিছে। কেইদিনমানৰ আগতে তাৰে এজনক মই নাম ক’বলৈ শিকাইছোঁ এইদৰে- “কোনোবাই তোমাৰ নাম সুধিলে নমস্কাৰ দি নামটো ক’ব লাগে-“নমস্কাৰ, মোৰ নাম অমুক (তাৰ নামটো)৷” দুবাৰমান এনেকৈ বুজাই দিলোঁ ৷ সি হ’ব বুলি ক’লে। মই ক’লোঁ –“ঠিক আছে ৷ এইবাৰ তেনেহ’লে তুমি কোৱাচোন “নমস্কাৰ মোৰ নাম……” ৷ সি একো নকৈ বহুপৰ মনে মনে মোৰ মুখলৈ চাই থাকিল। ময়ো এনেয়ে এৰা ভকত নহয়, যি-কোনো প্ৰকাৰেই তাক নাম ক’বলৈ শিকামেই! অকণমানি ল’ৰা,গতিকে ভালদৰে বুজা নাই বুলি ভাবি বাৰে বাৰে প্ৰথমখিনি (নমস্কাৰ, মোৰ নাম…) কৈ কৈ তাৰ নামটো তাক ক’বলৈ এৰি দিওঁ,সি মুখেৰে নামাতে।
অৱশেষত পাঁচ-ছয়বাৰ নেৰানেপেৰা চেষ্টাত সি মই কোৱা বাক্যফাঁকি সম্পূৰ্ণ কৰিলে। ক’লে- “নমস্কাৰ, তোমাৰ নাম বাইদো৷”
☆★☆★☆