ফটাঢোল

দুটিমান অণু গল্প – মৃদুস্মিতা অংকুৰ ৰাজ

(১)ওলট-পালট

মিঃ দৰবধৰা আৰু মিচেছ দৰবধৰানি এদিন ডাক্তৰৰ ওচৰলৈ গ’ল৷ মিঃ দৰবধৰাই গৈ পায়ে তেওঁৰ খুলশালিয়েও যে ডাক্তৰৰ ওচৰতে চিকিত্সা লৈ আছে, তাকে বুজাই থাকোঁতে ডাক্তৰে হঠাতে সুধিলে-“পত্নীৰ নামটো কি?” সেইসময়ত খুলশালিৰ ইতিবৃত্ত কোৱাত বিভোৰ হৈ থকা দৰবধৰাই পত্নীৰ নাম বুলি খুলশালিৰ নামটোকে কৈ দিলে ৷ মিচেছ দৰবধৰানিৰ উঠিল নহয় খংটো টিঙিচকৈ ৷ ডাক্তৰৰ ওচৰৰ পৰা যাবলৈ ওলাই হঠাতে মিচেছ দৰবধৰানিয়ে ডাক্তৰক ক’লে,“ছাৰ মোৰ স্বামীদেৱৰ নামটো সোধক আকৌ৷” ডাক্তৰে কিবা বুজি পোৱাৰ আগতেই তেওঁ আকৌ ক’লে, “দিগন্ত দৰবধৰা দেই, যাওঁ এতিয়া”৷ পত্নী ওলাই অহাৰ পিছতে হতভম্ব হৈ থকা ডাক্তৰক মিঃ দৰবধৰাই ক’লে, “ছাৰ ৷ অথনি খুলশালিৰ কথা কৈ থাকোঁতেই এওঁৰ নামটো সুধিলে৷ ময়ো ভুলতে খুলশালিৰ নামটোকে কৈ দিলোঁ৷ এতিয়া সেইকাৰণে এওঁ বৰজনাকৰ নামটোকে মোৰ নাম বুলি কৈ থৈ গ’ল,আপোনাৰ আগত৷” বিবাহিত ডাক্তৰে মিঃ দৰবধৰাক নুখুজাকৈয়ে মূৰৰ বিষৰ পিল এটাৰ নাম লিখি দিলে৷

(২)তীখৰ-পুৰাণ

পুৰীৰ হোটেলত কাষতে শুই থকা বায়েকক তীখৰে মাজৰাতি জোকাৰি জোকাৰি উঠালে৷ সহজতে সাৰ নোপোৱা দেখি গাত ধৰি ঘটালি দিলে৷ গভীৰ নিদ্ৰাত থকা বায়েকে যেতিয়া উপায়ন্তৰ হৈ তাক ‘কি হ’ল’ বুলি গেঙেৰি মাৰি সুধিলে৷ সি ভগ্নীস্নেহত ব্যাকুল হৈ সুধিলে-“তোৰ টোপনি আহিছে নে বা? তোৰ বিছনা সলনি হ’লে টোপনি নাহে যে..৷” তাৰপাছত তীখৰে নাক বজাই শুলে আৰু বায়েকে ইকাতি-সিকাতি কৰি পাছৰাতিটো কটাই দিলে৷

(৩) বিহুৰ বজাৰ

ৰাতিপুৱা দহ বজাতে ভাত দুটামান খাই মিঃ আৰু মিচেছ দৰবধৰানি দুইজন বিহুৰ বজাৰ কৰিবলৈ ওচৰৰে শ্বপিং মলটোলৈ গ’ল৷ দুই ঘণ্টামানত পত্নীৰ পাহাৰসদৃশ কাপোৰ চোৱাৰ ধং আৰু একো পছন্দ নোহোৱা দেখি মিঃ দৰবধৰাৰ চেল্ মেনকেইটালৈ দুখ লাগিল৷ পত্নীলৈ খং উঠি তেওঁ পত্নীক তাতে এৰি একো নোকোৱাকৈ ঘৰ পালেহি৷ ভালকৈ শুই লৈ চাহ একাপৰ অভাৱ অনুভৱ কৰোঁতেই পত্নীলৈ মনত পৰিল৷ ইমান সময়ে ক’ত গ’লবা !!  এইবুলি ভাবি ভাবি যেতিয়া সন্ধ্যা লাগিল তেতিয়া তেওঁ আকৌ মলটোলৈ গ’ল৷ পত্নী তেতিয়াও কাপোৰ চোৱাত ব্যস্ত৷ তেওঁক দেখিয়ে ক’লে, “তোমাৰো চাগে ভৰি বিষাইছে৷ মোৰো বিষাইছে৷ ব’লা পেমেণ্ট কৰি দিবা৷’ মিঃ দৰবধৰাই চেল্ মেন কেইজনলৈ চকু তুলি চাবলৈ সাহস নকৰিলে৷

(৪) অৰিয়া-অৰি

মিঃ দৰবধৰা আৰু মিচেছ দৰবধৰানিৰ বজাৰ কৰি উভতি আহোঁতে ৰাষ্টাৰ মাজতে কাজিয়া লাগিল৷ গৈ থকা বাইকৰ পৰা জাঁপ মাৰি দি মিচেছ দৰবধৰানিয়ে ক’লে-‘তোমাৰ বাইকত নাযাওঁ মই৷ খোজকাঢ়িয়ে যাম৷ তুমি কিনি দিয়া মোবাইলটোও লোৱা৷ নালাগে মোক৷’ মোবাইলটো লৈ মিঃ দৰবধৰাইও চিঞৰিলে, “মই তোমাৰ বাৰ্থদে’ত দিয়া জিন্সটো পিন্ধি আছা, সেইটোও খুলি ঘূৰাই দিয়া এতিয়াই”৷

নীতিশিক্ষা- বেলেগে দিয়া উপহাৰ পিন্ধি যাওঁতে উপহাৰ দিওঁতাৰ লগত কাজিয়া লাগিব নাপায়৷

(৫) অভাৰ ছিৰিয়াছ

মিতিৰৰ ঘৰত ফুৰিবলৈ গৈ উভতি আহিব খুজোঁতে সন্মুখত মিঃ দৰবধৰাৰ ম’বাইলটো দেখি মিচেছ দৰবধৰানিয়ে সেইটো বেগত ভৰাই ল’লে৷ “অলপ ভয় খাওঁক, ইমান কেয়াৰলেচ” ৷ কথাটো কাকো নক’লেও তেওঁ৷ ৰাতি ঘৰ আহি গিৰিহঁতে ম’বাইলত কথা পাতি থকা দেখি নিজৰ বেগ খুচৰি চাই দেখিলে যে, তেওঁ দেখোন আলহী ঘৰৰহে ম’বাইলটো লগত লৈ আনিলে৷ ৰাতিয়ে আকৌ মিঃ দৰবধৰাই স্কুটি চলাই ম’বাইল দিব গৈ লগা হ’ল৷

নীতিশিক্ষা- পত্নী ‘অতি স্মাৰ্ট’ হ’লে কেতিয়াবা স্বামীয়ে কষ্ট ভোগ কৰিবলগীয়া লাগে৷

(৬) ৰঙালাও-পুৰাণ

বিয়াৰ দুদিন পাছতে মিচেছ দৰবধৰানিয়ে পতিক মৰমতে সুধিলে-তেওঁৰ আটাইতকৈ পছন্দৰ পাচলি কি৷ পতিয়ে ‘ৰঙালাও’ বুলি যি উত্তৰ দিলে; সেইদিনাৰ পৰা তেওঁলোকৰ ঘৰত ভাজি,দাইল,মাছ,মাংস সকলোতে ৰঙালাওৱেই মুখখন উলিয়াই থাকে৷ জলা,মিঠা,নিমখীয়া সকলো সোৱাদৰে ৰঙালাও৷ শেষত ৰাতিপুৱাৰ চাহৰ লগতো ৰঙালাওৰ পকৰি দেখি দৰবধৰাই “আজিকালি মোৰ পছন্দবোৰ বেলেগ হ’ল৷ আগৰ ভালপোৱাবোৰ বেয়া পোৱা হ’লোঁ৷” বুলি ক’বলৈ বাধ্য হ’ল৷ পিছে পত্নীৰ মুখখন দেখিহে মনত পৰিল যে,তেওঁ কি কৈ পেলালে !!

নীতিশিক্ষা- বিয়াৰ পাছত অতি কথকীও নিবোকা চামোন হৈ পৰিব লাগে৷

(৭) পিঠা

কিনি অনা পিঠাকে মিচেছ দৰবধৰানিয়ে নিজে বনোৱা বুলি বিহুৰ বতৰত আলহীৰ পৰা প্ৰশংসা বুটলি আছিল৷ কথাটো মিঃ দৰবধৰাৰ সহ্য নহ’ল৷ সেয়েহে সহকৰ্মী পেগুনীক চাহ দিয়াৰ লগে লগেই ক’লে, “পিঠা ৰঙালী মেলাৰ৷ সোৱাদ আছে,খাওক”৷ প্ৰত্যুত্পন্নমতি মিছেছ দৰবধৰানিয়ে ইফালৰ পৰা মাত দিলে, “আমাৰ এওঁলোকৰ মাকহঁতে এইবোৰ বস্তু একো বনাবই নাজানে ৷ সেয়েহে মই বনোৱাকেইটাত সোৱাদ পাই এওঁ গোটেইটেমা খাইয়ে পেলালে৷” ৷ মিঃ দৰবধৰাই লাহেকৈ ক’লে, “সেয়া খাইয়ে এতিয়া অহা-যোৱা কৰি আছোঁ”৷

নীতিশিক্ষা- নোখোৱা পিঠাৰ সোৱাদ বেছি৷

(৮) গঙ্গাজল

মিছেছ দৰবধৰানি দুদিনমান থকাকৈ মাকৰ ঘৰলৈ গ’লতে মিঃ দৰবধৰাই ফূৰ্ত্তিতে ৰাতিলৈ ফূৰ্ত্তিপানী অকণ ধৰাৰ যোগাৰ কৰিলে৷ তিনিৰাতি সদায়ে মিঃ দৰবধৰা ৰঙিয়াল হৈ থাকিল৷ চতুৰ্থদিনা অফিছৰ পৰা আহি দেখিলে যে, তেওঁৰ ‘দুখৰ নিজৰা’ মানে পত্নী আহি ঘৰ পালেহি৷ মনৰ দুখতে সোনকালে শুই থকা মিঃ দৰবধৰাই পাহৰিলে যে, বেছিকৈ আনি থোৱা এক বটল ফূৰ্ত্তি পানী বিছনাৰ তলতে আছে৷ পাছদিনা ঘৰ সাৰিবলৈ পত্নী আহোঁতেই তেওঁৰ কথাটো মনত পৰিল আৰু বটলৰ ওপৰৰ লেবেলটো আঁতৰাই,সেৱা এটা কৰি গোঁসাই-ঘৰতে লুকুৱাই থ’লেগৈ৷
মাকৰ ঘৰৰ পৰা অহাৰ পাছত পত্নী দেখোন বৰ ৰঙিয়াল হৈ আছে ৷ কথাটো মিঃ দৰবধৰাৰ চকুত নপৰাকৈ নাথাকিল৷ এসপ্তাহমানৰ পাছত গাঁৱৰ ঘৰৰ পৰা মিঃ দৰবধৰাৰ নব্বৈৰ উৰ্দ্ধৰ মাক আহিল পুতেকৰ ঘৰত থকাকৈ৷ সন্ধিয়া বোৱাৰীয়েকে শাহুৱেকক তিনি চলু গঙ্গাৰ জল খাবলৈ দিলতহে মিঃ দৰবধৰাৰ চকুত পৰিল বটলটোলৈ৷ গঙ্গাজল বুলি গা ধুই আহি তিনি চলু ফূৰ্ত্তি-পানী ৰাতিপুৱা-সন্ধিয়া খাই থকাতহে পত্নী এই দুদিন ইমান ৰঙিয়ালজনী হৈ আছিল৷ স্কুটিখন উলিওৱা দেখি পতিদেৱ ‘কোনফালে যায়’ সুধোঁতে মিঃ দৰবধৰাই চিয়ঁৰিলে, “মিঃ পেগু আৰু মিচেছ পেগুনী পুৰীলৈ গৈছিল৷ গঙ্গাজল আনিম বুলি কৈছিল৷ লৈ আনোগৈ৷ ময়ো ৰাতিপুৱা-সন্ধিয়া অকণ মুখত দিম৷ মনটো বৰ পবিত্ৰ লাগে অ’৷”
নীতিশিক্ষা- কেতিয়াবা ভগৱানে “চপ্পৰ ফাড় কে” দিয়ে !!

(৯) জেং

দেউতাক অফিছৰ পৰা সোমাওঁতেই তীখৰে দেউতাকক টানি নিলে-“দেউতা,মাহঁতৰ বিহুত কিবা কাজিয়া লাগিছে৷ মা যিধৰণেৰে গৈছে,কাৰোবাক পিটিবই যেন পাইছোঁ৷”  ভয়তে দেউতাকে তীখৰক লৈ মহিলা সমিতিৰ ঘৰটো পালেগৈ৷ তাত গৈ দেখিলে-কাজিয়া বুলি একো নাই৷ সকলোৱে মিলি বিহুৰহে প্ৰেক্টিছ কৰি আছে৷ প্ৰকৃততে মাকে “জেং বিহু মাৰোঁগৈ” বুলি কৈ থৈ যোৱাত তীখৰে ভাবিলে-বিহুত কিবা জেং লাগিল আৰু মাকে সেই জেং ভাঙিবলৈ গৈছে৷  মাকে বান্ধৱীৰ আগত লাজ পাই তাক দিয়া ঢকাটোত ফৰফৰাই উঠা পিঠিখন মোহাৰি মোহাৰি তীখৰে সৰুকৈ ক’লে, “জেং বিহু নামাৰি ভাল বিহুকে মাৰিব পাৰা তোমালোকে !!”

(১০) পয়মাল

মিচেছ দৰবধৰানিয়ে বিয়া হৈ পুৰণা ঘৰতে আছিল৷ পুৰণা চহকী মিঃ দৰবধৰাৰ বিশাল বাৰীখনত প্ৰতিজোপা গছেই আছিল৷ পুখুৰীত আছিল মাছ৷ কিন্তু মিচেছ দৰবধৰানি হ’ল টাউনৰ জীয়াৰী৷ বিহুৰ পাছদিনাই পতিৰ বন্ধু এজনৰ পৰিয়াল ভাত খোৱাকৈ আহিম বুলি ক’লে৷ শাহুৱে তেওঁক নৰসিংহৰ পাত ছিঙি চাটনি বনাবলৈ ক’লে,ভেদাইলতাৰে মাছৰ জোল বনাবলৈ ক’লে আৰু পোলাওৰ দায়িত্ব দিলে৷ বাকীখিনি দায়িত্ব শাহুৱেই ল’লে৷ পিছে কেণা লাগিল পাতবোৰ বাৰীৰ পৰা ছিঙি অনাতহে৷ শেষত গৈ নৰসিংহৰ চাটনি হ’ল তিতা,কাৰণ সেয়া আছিল নিমৰ পাত৷ ভেদাইলতাৰ ঠাইত কি বনৰীয়া লতা আনিলে নক’লোঁৱেইবা;আনকি কাজু খিচমিচ দিয়া পোলাওত তেজপাতৰ ঠাইত ওলাল আগদিনা বিহুলৈ বুলি অনা নাহৰ পাত৷ নতুন বোৱাৰী বুলি কোনেও একো নকৈ ভাতসাঁজ বাকীখিনি আইটেমেৰে চলাই দিলে ৷ পিছে যাবলৈ ওলোৱা আলহীক ন- কইনাই লাজ লাজকৈ “বেয়া চেয়া নাপাব আৰু..” বুলি আগবঢ়াই দিয়া তামোলখনহে তেওঁলোকে থু-থুকৈ উলিয়াই পেলালে৷ “হ’ল বুলিনো জালুকৰ পাতেৰে কেনেকে তামোলখন খায় !!”

নীতিশিক্ষা- ইয়াকে কয়-‘জনাৰ মাছ-ভাত,নজনাৰ পয়মাল৷’

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *