ফটাঢোল

কিড্‌নেপ – তৃপ্তি বৰা

সৰুতে মই খুব দুষ্ট আছিলোঁ ৷ য’লৈকে মন যায় গুচি যাওঁ,যি মন যায় কৰোঁ৷ লগত এজাক সৈন্য-সামন্ত৷ মই সকলোৰে দলপতি৷ বাহিৰত দলপতি হৈ থাকি মনৰ ইচ্ছামতে যিহকে পায় তাকে কৰি ঘৰত আহি লাগিলে দেউতাৰ পিটনেই খাম,তথাপিও আপত্তি নাই৷ পিটিব হে আৰু..তাতেনো কি হ’ল ৷ সেইবুলি ভাললগা কামটো নকৰিম নেকি? আইতাৰ ভাষাত মই আছিলো “বাঘৰ আগতেল খাইতী”৷
এতিয়া আহিছোঁ মূল ঘটনালৈ৷ ১৯৯৮ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা কালিকা লগা শনিবাৰৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰী৷ গাঁৱৰ স্কুলৰ পৰা নতুনকৈ চহৰৰ হাইস্কুলত পঢ়িবলৈ গৈছোঁ৷ পুৱা দেউতা অফিচলৈ যাওঁতে দেউতাৰ লগতে যাওঁ আৰু আহোঁতে খুৰাই চাইকেলত লৈ আহে ৷ সেইদিনা দেউতাই মোক স্কুলত থৈ আহিল৷ স্কুল ছুটিৰ সময়ত খুৰা গ’ল আনিবলৈ,পিছে গোটেইখন বিচাৰিও মোক নাপালে৷ সকলোকে সুধিলে যদিও কোনেও ক’ব নোৱাৰে৷ তাতে নতুন স্কুললৈ যোৱা মাত্ৰ পাঁচদিন হৈছেহে৷ লগৰীয়াবোৰৰ লগত চিনাকী হোৱাই নাই৷ ৰাস্তা-ঘাটো একোৱেই চিনি নাপাওঁ,ঘৰলৈ অকলে যাবলৈ৷ গোটেইখন খবৰ-খাতি কৰি একো উৱাদিহ নাপাই খুৰা গৈ দেউতাৰ অফিচ ওলাল৷ দুয়ো বিচাৰ-খোচাৰ কৰি উপায়ন্তৰ হৈ অৱশেষত সন্ধিয়া সময়ত থানাত খবৰটো জনালেগৈ৷ ঘৰত মা-আইতাহঁতৰ কন্দা-কটা৷ ছোৱালী অপহৰণ হ’ল৷
অৱশেষত ৰাতি নমান বজাত মোৰ সন্ধান পালে ৷ খুৰাই চাইকেলত তুলি মোক ঘৰলৈ লৈ আহিল৷ তাৰ পিছত..? কৈ আছোঁ ৰ’ব,আগতে প্ৰকৃততে কি হৈছিল কৈ লওঁ৷ স্কুললৈ নতুনকৈ গৈছিলোঁ যদিও তাৰ আগতে সেইখন স্কুলতে আৰ্ট স্কুলৰ ক্লাছ হৈছিল৷ তাতেই লগ পাইছিলোঁ এতিয়াও মোৰ নলেগলে লগা বান্ধৱীজনীক৷ নতুনকৈ স্কুললৈ গৈ আন কাকো চিনি নাপাওঁ,যিহেতু তাইৰ লগতেই বহিলোঁ৷ তাই আগতেও আৰ্টস্কুলত লগ পালে মোক সদায় সিহঁতৰ ঘৰলৈ লগ ধৰে৷ তাতে সেইদিনা আছিল শনিবাৰ৷ স্কুল সোনকালে ছুটি হয়৷ তাই লগ ধৰিলে,ক’লে-‘দাদাই আবেলিকৈ থৈ আহিব৷’ গতিকে নোযোৱাৰ প্ৰশ্নই নাহে ৷ গুচি গ’লোঁ তাইৰ লগত সিহঁতৰ ঘৰলৈ৷ সিহঁতৰ ঘৰত চা-চিনাকি হোৱাৰ পাছত গম পালোঁ তাইৰ ডাঙৰ ককায়েকজন আমাৰ মাজু খুৰাৰ লগৰ৷ তেওঁ কৈ উঠিল, “ঐ,তই দেখোন আমাৰ ঘৰৰে ছোৱালী ৷ আজি যাব নালাগে দে থাক৷ কাইলৈ ৰবিবাৰ,মই থৈ আহিমগৈ৷” মই তেওঁক ঘৰলৈ ফোন এটা কৰি জনাই দিবলৈ ক’লোঁ ৷ তেতিয়া লেণ্ডফোনৰ দিন৷ তেওঁ পিচিঅ’ৰ পৰা আমাৰ ঘৰলৈ ফোন কৰে,ৰিচিভ নকৰে৷ মা আৰু আইতা নামঘৰলৈ গ’ল৷ ভাইটি খেলাত ব্যস্ত৷ কেইবাবাৰো ফোন কৰি নাপাই তেওঁ ঘৰলৈ উভতি আহিল৷ পাছত ফোন লগাইছে যদিও লাইন বিজি বুলি কয়৷ ইফালে ৰাতি হৈ অহাত মোৰ অকণ চিন্তাও সোমাল ৷ দাদাক আকৌ এবাৰ চেষ্টা কৰিবলৈ ক’লোঁ৷ ৰাতি নমান বজাত যেনিবা ফোনটো লাগিল৷ খুৰাই আহি মোক লৈ গ’লহি৷ ঘৰৰ ওচৰ চাপিছোঁ৷ গোটেইখন আন্ধাৰ,কাৰেণ্ট নাই কিজানি৷ আঁতৰৰ পৰাই দেখিলোঁ মায়ে হাততে লেম্প এটা লৈ আমাৰ পদূলিমুখত ৰৈ আছে ৷ আৰু অকণ ওচৰ চপাতহে দেখিলোঁ আমাৰ চুবুৰীৰ গোটেইজাক মানুহ আমাৰ পদূলিমুখত ৰৈ আছে আৰু হাতত প্ৰকাণ্ড লাঠি এডাল লৈ মোৰ পিতাইয়ে তৰ্জন-গৰ্জন কৰি আছে৷ মই চাইকেলৰ পৰা নামিবলৈ পালোঁ কি নাই,তেওঁ মোলৈ যিটো চোঁচা লৈ আহিলে,ওচৰৰ খুৰা বৰতা দুজনে জপটিয়াই ধৰিও ৰখাব নোৱাৰিলে৷ তাৰপিছত কিমানপৰলৈ চোতালত আঁঠু কাঢ়ি আছিলোঁ মনত নাই৷ পিঠিত তোলা স্পীড্‌ব্ৰেকাৰ দুডাললৈ মনত পৰিলে আজিও মোৰ পিঠিখন চেক্‌চেকাই যায়৷ এতিয়াও কলিজা ধপ‌্ধপাই কঁপে৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *