বৰ্ষাসিক্ত সেই আবেলিটো – নীলাক্ষি দেৱী ডেকা
ল’ৰাক স্কুলৰ পৰা আনিবলৈ ৰাস্তাৰ কাষত বাছ নাইবা ট্ৰেকাৰৰ বাবে পৰ দি আছোঁ। বতৰটোও বৰ সুন্দৰ। কিনকিনীয়া বৰষুণ৷ বেগৰ ভিতৰত ছাতিটো আছে যদিও ৰোমাণ্টিকতাৰ আতিশয্যত ছাতিটো মেলিবলৈ মন যোৱা নাই। অলপ দেৰি ৰৈ থকাৰ পাছত মোৰ সন্মুখত সজোৰে ব্ৰেক মাৰি এখন বাইক আহি ৰ’ল। আৰোহী হেলমেট পৰিহিত,মুখত ধূলিৰ পৰা বাচিবলৈ ‘মাস্ক’ লগাই লৈছে৷ মোৰ চকুৰ চেলাউৰি কোঁচ খালে,মুখত বিৰক্তিৰ চিন৷ মোৰ ৰূপ দেখিয়েই বাইক আৰোহীয়ে ততাতৈয়াকৈ মুখৰ মাস্ক আৰু হেলমেট গুচালে,“বাইদেউ মোক চিনি পোৱা নাই? মই অমুক৷” নিজৰে লাজ লাগিল,সেইটো মোৰ প্ৰিয় বান্ধৱীৰ সৰু ভায়েকটো৷ মোকো বাইদেউ বুলি বহুত খাতিৰ কৰে৷ ময়ো লাজ সামৰি, “অ’ তইহে, ক’ত যাৱনো?” বুলি মাত দিলোঁ৷ সি ওলোটাই মোক সুধিলে, “মই অফিচলৈ যাওঁ, আপুনি ক’ত যায়? ব’লক,আপোনাক মই ‘ড্ৰপ’ কৰি দিম৷”
নিজৰ সৌভাগ্যৰ ওপৰতেই সন্দেহ হ’ল মোৰ৷ এনেহেন বতৰত বাইকত ঘূৰাৰ প্ৰস্তাৱ,তাতে ট্ৰেকাৰৰ বাবে ৰৈ থকাৰ পৰাও মুক্তি! ইয়াতকৈ আৰু সুখ লাগেনে! এই বিৰল সুখকণ দিয়াৰ বাবে ভগৱানক ধন্যবাদ এটা জনাই বাইকৰ পিলিয়নত জঁপিয়াই উঠিলোঁ৷ বৰষুণৰ কাৰণে মহানগৰীৰ ধূলিহীন পথ,ৰিমঝিম ব’হাগৰ বৰষুণ,চাৰিওফালৰ সেউজ-সেউজ ভাৱ,বাইকখন ভায়েকে চলাইছেনে,মোৰ সপোন-কোঁৱৰে চলাইছে তাত কি আহে যায়! মনৰ মাজত হিন্দী চিনেমাৰ গীত বাজিবলৈ আৰম্ভ কৰিছেই ইতিমধ্যে, “শাৱন বৰছে তৰছে দিল…” ৷ মেলি দিয়া হাতত বৰষুণৰ টোপালৰ মৃদু আঘাত,মুখত বৰ্ষাৰ চিটিকনি! মোৰ দুৰ্বাৰ ৰোমাণ্টিকতাত বাস্তৱৰ কঠোৰ আঘাত হানি মোৰ ভাইৰ উপৰ্যুপৰি সকীয়নি-
“বাইদেউ! বৰষুণ বেছি হৈছে, ছাতিটো মেলি লওক!”
মোৰ তাক ক’বলৈ মন গৈছিল,-“হেৰৌ,নিজে মূৰৰ পৰা ভৰিলৈকে হেলমেট,ৰেইনকোটেদি ঢাকি তমস্কাৰ হৈ আহিছ! ব’হাগৰ বৰষুণৰ মাধুৰ্য্য কি বুজি পাবি হা!” পিছে তাক বুজাই লাভ নাই বুলি ভাবি “ছাতি আনিবলৈ পাহৰিলোঁ অ’” বুলি কৈয়েই কোনোমতে হাত সাৰিলোঁ৷
স্কুল গৈ পালোঁ। ল’ৰাক লৈ স্কুলৰ পৰা উভতিবলৈ লওঁ মানে বৰষুণজাক টানকৈ আহিল। একমাত্ৰ ছাতিটো পুত্ৰক দি মই বৰষুণৰ ৰোমাণ্টিকতাত ভিজি ভিজা মেকুৰীটোৰ দৰে হ’লোঁ৷ মূৰৰ ইতিমধ্যে তেল সানি থোৱা চুলিখিনি আৰু জেপজেপীয়া হ’ল। ইস্ত্ৰি মৰা কাপোৰ শোটোৰা-শোটৰ! ভাগ্য ভাল,সেইসময়ত মহানগৰীৰ লোকেল নিউজ চেনেলকেইটাৰ গাড়ী সেই পথেদি যোৱা নাছিল। নহ’লে “এজাক বৰষুণত মহানাগৰিকৰ বিলৈ”জাতীয় শিৰোনামেৰে বাতৰি পৰিৱেশন হ’বলৈ সময় নালাগিলহেঁতেন। পুত্ৰৰ স্কুল-বেগ সাবটি লৈ জুৰুলি-জুপুৰি হৈ কিবাকৈ ঘৰ সোমালোঁহি। মনত এটাই ভাব-“সুখ দিলা বুলি ইমানো বেছিকৈ নিদিবা প্ৰভু! সহ্য নহয়৷”
☆★☆★☆