ফটাঢোল

ড° লীলা গগৈৰ ৰম্য-ৰচনা পুথি “কপলিং ছিগা ৰেল”ৰ বিষয়ে এটি চমু আলোচনা – চবিনা ইয়াচমিন

লেখকৰ পৰিচয়মূলক টোকাঃ

অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০তম অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌ পাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷

ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ ১৯৫০ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আই.এ. আৰু ১৯৫৮ চনত বি.এ. পৰীক্ষাত উৰ্ত্তীণ হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ ১৯৬২ চনত এম.এ.পাছ কৰে৷ ১৯৮২ চনত বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. উপাধি লাভ কৰে৷

১৯৫৬ চনত ড° লীলা গগৈয়ে ‘নতুন অসমীয়া’ কাকতৰ উপ-সম্পাদক নিযুক্ত হয়৷ ইয়াৰ পিছত তেওঁ ১৯৬৩ চনত গড়গাঁও কলেজ আৰু ১৯৬৪ চনত শিৱসাগৰ কলেজৰ অধ্যাপক হয়৷ ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, সহকাৰী প্ৰাধ্যাপক আৰু প্ৰাধ্যাপক হিচাপে কাৰ্য-নিৰ্বাহ কৰিছিল৷ উক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ পদ পোৱাৰ পাছত বছেৰেকমান শিক্ষাদান কৰি অৱসৰ লয়৷ ড° লীলা গগৈয়ে ১৯৮৬ চনৰ পৰা ১৯৯৩ চনলৈকে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সঞ্চালকৰ দায়িত্বতো আছিল৷

ড° লীলা গগৈয়ে বহুতো উল্লেখযোগ্য গ্ৰন্থ-ৰচনা কৰি অসমীয়া সাহিত্যক জাকত-জিলিকা কৰি থৈ গ’ল৷ তেওঁৰ বুৰঞ্জী বিষয়ক গ্ৰন্থসমূহ হ’ল-বুৰঞ্জীয়ে পৰশা নগৰ,হেৰুৱা দিনৰ কথা,শৰাইঘাটৰ যুদ্ধৰ কথা,বেলি মাৰ গ’ল, বুৰঞ্জীয়ে কথা কয়,বুৰঞ্জী সাহিত্য,বুৰঞ্জীৰ ৰূপৰেখা শিৱসাগৰ৷ তেওঁৰ সংস্কৃতি বিষয়ক গ্ৰন্থসমূহ হ’ল-টাই সংস্কৃতিৰ ৰূপৰেখা,আহোম জাতি আৰু অসমীয়া সংস্কৃতি, অসমৰ সংস্কৃতি, সাহিত্য-সংস্কৃতি-বুৰঞ্জী, বিহুঃ এটি সমীক্ষা৷ তেওঁৰ লোক-সাহিত্য বিষয়ক গ্ৰন্থসমূহ হ’ল- অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, মণিৰাম দেৱানৰ গীত, অসমীয়া লোকগীত, বিহুগীত আৰু বনঘোষা, জোনবাই এ এটি তৰা দিয়া৷ তেওঁৰ লঘু ৰচনাসমূহ হ’ল- কপলিং ছিগা ৰেল, বৃকোদৰ বৰুৱাৰ বিয়া (প্ৰথম খণ্ড), বৃকোদৰ বৰুৱাৰ বিয়া (দ্বিতীয় খণ্ড), বিশেষ কি লিখিম, বিয়েৰিং চিঠি, ঘেৰঘেৰী বাছ, মুকলি চিঠি৷ তেওঁ শিশু সাহিত্যসমূহ হ’ল- জয়মতী কুঁৱৰী আৰু মূলাগাভৰু, লাচিত বৰফুকন, ৰংমনৰ কথা, সোণতৰা, খৰা শিয়ালৰ বিয়া, পোনাকণৰ সপোন, অনুপম কোঁৱৰৰ সাধু, ভাৰতৰ কথা৷ তেওঁৰ গীত আৰু গীতি-কবিতাসমূহ হ’ল- গীতি-মালঞ্চ, জোনাকৰ গীত, সোণালী৷ তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহ হ’ল- আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, যতীন্দ্ৰনাথ দুৱৰা: কবি আৰু কবিৰ প্ৰতিভা, অসমীয়া সংস্কৃতি (যুটীয়া সম্পাদনা), অসমীয়া গ্ৰন্থপঞ্জী (যুটীয়া সম্পাদনা)৷ তেওঁৰ উপন্যাসিকা আৰু উপন্যাসসমূহ হ’ল – নৈ বৈ যায়, সৰগৰ মুকুতা, নীলা খাম চিঠি, ডকাইত কোন৷ তেওঁৰ অনুবাদ-গ্ৰন্থ হ’ল-বংগৰ লোক-সংস্কৃতি৷ তেওঁ কিছুমান পুৰণি পুথিও সম্পাদনা কৰিছিল৷ সেইবোৰ হ’ল- কুমাৰ হৰণ, কালিয় দমন, চোৰধৰা৷ ড° লীলা গগৈৰ ৰচনা সংকলনসমূহ হ’ল- সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী, সাহিত্যঃদুটিমান আলোচনা, চিন্তাৰ স্বাক্ষৰ৷ তেওঁৰ ইংৰাজী গ্ৰন্থসমূহ হ’ল- The Tai Khamtis of North-East India, The Buranji Historical Literature of Assam,The History of the System of Ahom Administration. তেওঁ বিবিধ ৰচনা হ’ল- সীমান্তৰ মাটি আৰ মানুহ৷ এইজনা মহান পুৰুষৰ অমস সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি থকাৰ কাৰ্যকালতে ১৯৯৪ চনৰ ২৩ জুলাই তাৰিখে দেহাৱসান ঘটে৷

গ্ৰন্থ আলোচনাঃ

ড° লীলা গগৈৰ “কপ্‌লিং ছিগা ৰেল” ৰম্য-ৰচনাখন সমাজৰ বাবে বাৰ্তাবাহক এখনি ৰচনা৷ এই ৰম্য-ৰচনাখনিৰ সমাজলৈ পৰিৱৰ্তনৰ বীজ কঢ়িয়াই আনিব পৰা ক্ষমতা আছে৷ “কপ্‌লিং ছিগা ৰেল” ৰম্য-ৰচনাখনিয়ে পৰম্পৰাগতভাৱে চলি  অহা ব্যংগ সাহিত্যৰ ধাৰাটোত কিছু সুকীয়া বৈশিষ্ট্য সংযোজন কৰিছে৷ বৰ্তমান অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ ওপৰত ভিত্তি কৰি ড° লীলা গগৈয়ে এই পুথি ৰচনা কৰিছিল৷ লেখকে ৰচনাখনিত মানুহে জীৱনৰ বিভিন্ন সময়ত সন্মুখীন হোৱা কিছুমান সমস্যাৰ কথা বৰ্ণনা কৰিছে৷ ৰচনাখনত উল্লেখ থকা বিভিন্ন কাহিনীবোৰত মাজে মাজে লেখকে চেতনা প্ৰবাহৰ ৰীতি অনুসৰণ কৰা দেখা যায়৷ ভাৰত তথা অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ পুতৌ লগা অৱস্থাৰ কথা ব্যংগ কৰি লিখাৰ উপৰিও ৰস লগাকৈ প্ৰতিটো ৰচনা লেখকে পাঠকৰ আগত ডাঙি ধৰিবলৈ সক্ষম হৈছে৷ ৰচনাখনিত ব্যৱহৃত ফকৰা-যোজনা আৰু বাছকবনীয়া শব্দ সম্ভাৰে অসমীয়া সাহিত্যৰ ভঁৰাল যে অতি চহকী-তাকো প্ৰমাণ কৰিছে৷

“কপ্লিং ছিগা ৰেল” ৰম্য-ৰচনাখনিৰ “পত্নী বিভ্ৰাট নে একচেঞ্জ” শীৰ্ষক লেখাটিত লেখকৰ জীৱনৰ এটি অভিজ্ঞতাৰ সংক্ষিপ্ত বিৱৰণ পোৱা যায়৷ ৰেল-যাত্ৰাত অসমৰ মানুহে পালন কৰিবলগীয়া নিয়মবোৰ অৱজ্ঞা কৰাৰ বাবে কেতিয়াবা কিমান বিপদত পৰিব লগা হয় তাকে দুই দম্পতীৰ কাহিনীৰে বৰ্ণনা কৰিছে৷ কাহিনীটোৰ যোগেদি লেখকে পাঠকৰ মনত সজাগতাৰ বীজ ৰোপণ কৰিব খুজিছে৷ সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিশেষ সফলতা লাভ কৰাৰ স্বত্বেও অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ কোনো উন্নতি হোৱা নাই৷ কৌটিকলীয়া আওপুৰণি ইঞ্জিনবোৰৰ গতিবেগ মেৰামতিৰ অভাৱত হ্ৰাস পাইছে৷ পুথিখনৰ এটি ৰচনাত এই কথা লেখকে সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ উদাহৰণস্বৰূপে- “এইখন ‘স্পুটনিক’ৰ যুগৰ গাড়ী৷ ঘণ্টাত ১৩০০ মাইল যাব পৰা যান-বাহন ওলোৱাৰ দিনত আমাৰ গাড়ী ঘণ্টাত ওঠৰ মাইল যায়৷ এইটো চৰকাৰে বান্ধি দিয়া নিৰিখ৷ কিন্তু ঘণ্টাত ওঠৰ মাইল চলিলেই গাড়ী বেয়া হ’ব নোৱাৰে৷ কাছ আৰু শহাৰ প্ৰতিযোগিতাৰ কথাটো মনত পৰা নাই নে? পিচে এটা কথা, – ঘণ্টাত ওঠৰ মাইল যোৱাৰ এটা কাহিনী আছে৷ এইখন গাড়ীত চলা ইঞ্জিন কেইটা হেনো ‘বৰতি’ চাহাবৰ দিনৰে৷ কোনো কোনোৱে কয় – ‘ইঞ্জিন কেইটাই হেনো মহাৰাণীৰ দিনতো একঠা চাউল খাবলৈ পাইছিল৷ তেতিয়াৰ দিনত হেনো ইঞ্জিন দেখিলেই মানুহে তাৰ দৌৰৰ কোব দেখি ছিটিকি পলাইছিল আৰু এতিয়া ইঞ্জিনৰ গতি দেখি আটায়ে মুখেপতি একাষাৰ কয়৷’ ভালেহে কয়- ‘আগতে আছিলোঁ দুৱেনী-মোৱেনী আটায়ে বুলিছিল গাই, এতিয়া হলোঁ নেজ-গুবৰী পালতো নিদিয়ে ঠাই৷” পিচে কথাটো সঁচা -ইঞ্জিন কেইটাত স্বয়ং বিশ্বকৰ্ম্মা থিত হৈ নথকা হলে কাহানিবাই জগা-কাঠ পৰাদি পৰি থাকিব লাগিলহেঁতেন৷”

ঘনাই ৰেলৰ কপলিং ছিগি পৰাৰ ফলত সাধাৰণ জনতাৰ জীৱনত ঘটা পয়মালৰ কথা লেখকে অতি ৰসাল ভাষাৰে কিছুমান ৰচনাত বৰ্ণনা কৰাৰ লগতে আওপকীয়াকৈ পাঠকৰ মনত সজাগতা সৃষ্টি কৰিব খুজিছে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে৷ উদাহৰণস্বৰূপে- “এদিনৰ কথা৷ গাড়ী আহি শিৱসাগৰ ষ্টেশ্যন পাবলৈ তিনি মাইলমান আছে৷ এনেতে গাড়ীৰ কপ্‌লিং ছিগি গ’ল৷ গোটাচেৰেক ডবা ইঞ্জিনে লৈ গুছি গ’ল- বাকী কেইটা ডবা চলি অহা গতিৰ কোবতে এনেয়ে চলি গৈ আছে৷ ৰেল আলিৰ খাৱৈত কিছুমান মাইকী মানুহে জাকৈ বাই আছিল৷ তেওঁলোকে দেখি অবাক৷ অগা-পিছাকৈ দুখন গাড়ী চলিছে৷ এখনৰ ইঞ্জিন আছে আৰু ইখনৰ নাই৷ দেখা মাত্ৰকে মাছৈয়া জুমটোত আলোচনা হ’ল৷ ইজনী-সিজনীকৈ হাঁহিবলৈ ধৰিলে৷ গাৰ্ডবাবুৱে কথাটো দেখিছিল, কাণ নিদিলে৷ কিছুদূৰ আহি দেখিলে গাড়ী ৰৈ গ’ল৷ তেতিয়াহে বুজিলে যে গাড়ীৰ কপ্‌লিং ছিগিল৷”

“কপ্লিং ছিগা ৰেল” লেখকৰ জীৱনৰ এনে কিছুমান কাহিনীৰ সমাহাৰ য’ত তেওঁ নিতৌ নৈমিত্তিক সন্মুখীন হোৱা কিছুমান ঘটনাৰ কথা লিখিছে৷ পুথিখনৰ কিছুমান ৰচনাত লেখকে অসমৰ ৰেলবোৰ যে অত্যন্ত পলমকৈ চলে আৰু তাৰ ফলত যে বিভিন্ন সমস্যাৰ সৃষ্টি হয়-তাৰ কথা বৰ্ণনা কৰিছে৷ উদাহৰণস্বৰূপে- “সেইদিনা ৰাতি মহখুটি ষ্টেশ্যনত প্ৰায় ন বাজিছে৷ গাড়ীখন প্ৰায় এঘণ্টা পলম৷ তাত গাড়ী দুই মিনিট ৰ’ব লাগে৷ মহখুটি ষ্টেশ্যনটো এটা কেঁকুৰিত অৱস্থিত৷ ভাটীমুৱা গাড়ীখনৰ পৰা সোঁ- হাতে গাৰ্ড নামিব লাগে৷ চেপ্চেপীয়া বৰষুণ দিছিল৷ গাড়ীৰ পৰা গাৰ্ড নামি গ’ল৷ ষ্টেশ্যন-মাষ্টৰৰ লগত কিবা কথা কটাকটি আৰম্ভ হ’ল৷ ড্ৰাইভাৰৰ চিন্তা কেনেকৈ খৰধৰকৈ গৈ এঘণ্টা পলমৰ কিছু সময় অন্ততঃ আগুৱাব পাৰি৷ গাৰ্ডৰ পৰা চিগ্নেল নোপোৱাকৈয়ে ড্ৰাইভাৰে গাড়ী এৰি দিলে৷ গাড়ীৰ ‘স্পিড্’ দিবৰ সময়ত গাৰ্ডে ‘অলৰাইট চিগ্নেল’ দিব লাগে৷ ড্ৰাইভাৰে সেই চিগ্নেল পালেনে নেপালে ক’ব নোৱাৰোঁ ; খৰগতিৰে গাড়ী চলি গ’ল৷ কুৰি মিনিটমানৰ পিছত আহি গাড়ী খৰাহাট ষ্টেশ্যন পালেহি৷ ইঞ্জিনে পানী খালে৷ তাতে গাড়ীয়ে চান্টিং কৰিব৷ পানী খাই ইঞ্জিন আজৰি হ’ল৷ তেতিয়াও ব্ৰেক্ভানৰ পৰা গাৰ্ড নামি নহা দেখি ষ্টেশ্যন-মাষ্টৰ নিজেই আগবাঢ়ি গ’ল৷ গাৰ্ডৰ কোঠা দেখি ষ্টেশ্যন-মাষ্টৰ অবাক৷ গাৰ্ডো নাই, লাইটো নাই৷ এটা হুৱা-দুৱা লাগি গ’ল৷ তাৰ পিছত এটা সিদ্ধান্তলৈ অহা হ’ল যে গাৰ্ড নিশ্চয় মহখুটি ষ্টেশ্যনত থাকি আহিল৷ উপায় কি? গাৰ্ডৰ বাতৰি পোৱাৰ বা অনাৰ উপায় কি? মহখুটিৰ লগত টেলিগ্ৰাম সংযোগো নাই৷ অৱশেষত গাড়ীখন এৰি ইঞ্জিনটো পিছ হুহঁকি গ’ল৷ গৈ দেখে মহখুটি ষ্টেশ্যনত বোন্দাপৰ দি গাৰ্ড ৰৈ আছে৷ এইটো পুৰণি কাহিনী নহয়, ৰুচিয়াৰ তৃতীয় স্পুট্নিকটো আকাশত উৰাৰ কেইদিনমানৰ পিছৰ কথাহে৷ ঘণ্টাত ওঠৰ মাইল গতিত চলা এই গাড়ীখনক আপুনি এলাপেচা বুলি নেভাবিব, ই গাৰ্ডকো পিছ পেলাই থৈ আহিব পাৰে৷”

সংকটকালীন বা জৰুৰীকালীন সমস্যাৰ সন্মুখীন হ’লে তাৰ পৰা ৰেহাই পাবলৈ ৰেলৰ প্ৰতিটো ডবাতে এডাল চেইন থাকে, যিডাল টানিলে ৰেলখন ঠাইতে ৰয়৷ কিন্তু সৰ্বসাধাৰণতে মানুহে এই ব্যৱস্থাৰ অপব্যৱহাৰ কৰে৷ তদুপৰি কোনো কোনো মানুহে আচলতে চেইনডাল ক’ত থাকে তাকো নাজানে৷ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এই সকলো কথা সামৰি লেখকে পুথিখনৰ এটি ৰচনা সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে৷ উদাহৰণস্বৰূপে- “চেইন টনাৰ কথা৷ এজন বাগিছাৰ বৰমহৰী বছেৰেকীয়া দীঘলীয়া ছুটীত ফুৰিবলৈ ওলাইছিল৷  তেওঁ গাড়ীত উঠিল৷ গাড়ী এৰিলে৷ বৰমহৰীয়ে দুৱাৰ মুখত থিয় হৈ, হাতৰ ঘড়ীটো খুলি, এৰি থৈ অহা নিজৰ বাগিছাখনলৈ চাই আহোঁতে হঠাতে ঘড়ীটো হাতৰ পৰা মাটিত পৰি গ’ল৷ তেওঁ একো উপায় নেপাই ইস্‌ আস্‌ কৰোতে মনত পৰিল- চেইন্‌ টানিলে ৰেল ৰয়৷ ততাতয়াকৈ গৈ চেইন্‌ টানিবলৈ ধৰিলে৷ চেইন্‌ টানিলে হয়, গাড়ী কিন্তু নৰ’ল৷ আশাৰ মূৰত চেঁচা পানী লৈ ওলাই আহিল৷ ইস্‌ আস্‌ কৰি পিছৰ ষ্টেশ্যনত গাড়ী ৰ’লত চিনাকি মানুহ এজনক তেওঁ ক’লে- ‘বুজিছেনে মোৰ ঘড়ীটো হাতৰ পৰা পৰি গ’ল৷’ সিজনে ক’লে- ‘আপুনি চেইন্‌ টানি গাড়ী নৰখালে কিয়?’ বৰমহৰীয়ে উত্তৰ দিলে, ‘চেইন্‌ টানিছিলো, গাড়ী ৰওক চাৰি পানীহে ওলাল৷’ সিজনে পায়খানাৰহে চেইন্‌ টানিলে বুলি মুখখন ঘূৰাই হাঁহিলে ৷ আমাৰ এই গাড়ীখনত আকৌ চেইন্‌ টানিলে- পানীও নুলিয়, গাড়ীও নৰয়৷ কাৰণ সৰহভাগ গাড়ীতে ‘ভেকুৱাম্‌’ নেথাকে৷”

মুঠতে পুথিখনত সন্নিবিষ্ট বিভিন্ন প্ৰবন্ধবোৰে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ শোচনীয় ৰূপটো দাঙি ধৰিছে৷ ৰেল পৰিবহণ ব্যৱস্থাৰ এনে শোচনীয় অৱস্থাৰ এটি মূল কাৰণ হৈছে যাত্ৰীসকলৰ দায়িত্বহীনতা৷ তেওঁলোকে ৰেলেৰে যাত্ৰা কৰোঁতে প্ৰায়ে টিকট ক্ৰয় নকৰে৷ এনে দায়িত্বহীনতাই যে ৰেল পৰিবহণ ব্যৱস্থাৰ হানি-বিঘিনি ঘটাইছে তাকে তেওঁ ‘কোৰে কাটি গ্ৰহণী’ শীৰ্ষক প্ৰবন্ধটিত কৈছে৷ উদাহৰণস্বৰূপে- “আমাৰ এই গাড়ীখনত এমখা মানুহে নিয়মীয়াকৈ অহা যোৱা কৰে কিন্তু অনিয়মীয়াকৈও টিকট নলয়৷ বোপা-ককাকৰ দিনৰ বটুৱা ঘোঁৰাটোত লাফ মাৰি উঠিহে যেনিবা চেকুৰ মেলিছে৷ গেটৰ মুখত টিকট বাবুৱে টিকট বিচাৰোঁতে এদিন এজন যাত্ৰীয়ে উত্তৰ দিছে- ‘ঘৰৰ পৰা ঘূৰি আহি টিকট দিম, চাওঁ বাটটো এৰি দিয়কচোন৷’ দিনচেৰেক আগৰ কথা৷ তেতিয়া কুজিবালিত এটা চাইডিং আছিল৷ তাত বুকিং অফিছ নাই৷ গাড়ী ৰখাই গাৰ্ড বাবুৱে টিকট দিয়ে আৰু লয়৷ এদিন আবেলি শিমলুগুৰিমুৱা গাড়ীখনত এজাক স্কুলীয়া ল’ৰা আৰু পি-ডব্লিউ-ডিৰ আলিত কামকৰা জনচেৰেক মানুহ কোৰে-কটাৰিয়ে উঠিছিল৷ কুজিবালিত গাড়ী ৰ’ল৷ স্কুলীয়া ল’ৰাবোৰ গাড়ীৰ পৰা নামি ৰিঙিয়াই ৰিঙিয়াই দিহা-দিহি দৌৰ দিলে৷ কোৰ-কটাৰি লৈ বাকীকেইজন লোকেও নিজৰ বাট ল’লে৷ এনেতে গাৰ্ডবাবু আহি টিকট বিচাৰিলেহি৷ গাৰ্ডক টিকট দিয়া দূৰৰ কথা, কথাহে কটাকটি হ’ল৷ কথাত উষ্মা বেছি হ’লত এজনে কোৰখন দাঙি গাৰ্ডলৈ খেদি আহিল৷ গাৰ্ডেও সেও হৈ মনে মনে আঁতৰি আহি নিজৰ ডবাত উঠিলেহি৷ মাটিৰ মোহত পৰি কেতিয়াবা দ্বন্দ্ব লাগিলেও সাধাৰণতে পথাৰৰ মাজত কোৰেৰেই পৰাচিত কৰাটো নিয়ম৷ গাৰ্ডবাবুৱে টিকট বিচাৰি বে-দখল নকৰিলেও অনাধিকাৰ চৰ্চা কৰিছিল, সেই বাবেহে টিকটবিহীন যাত্ৰীয়ে কোৰ দাঙি খেদি আহিছিল৷ সেইদিন ধৰি কুজিবালিত চাইডিং উঠি গ’ল, কোৰে কাটি গ্ৰহণী চপাই ল’বলৈ কোনেও ইচ্ছা নকৰিলে৷”

ইয়াৰ উপৰিও পুথিখনৰ কিছুমান প্ৰবন্ধত ৰেল গাড়ীক লৈ সহজ সৰল অসমীয়া মানুহৰ কিছুমান সহজ সৰল ধাৰণা সুন্দৰভাৱে প্ৰকাশিত হৈছে৷ উদাহৰণস্বৰূপে- “কুৰি বছৰমানৰ আগৰ কথা৷ কলীয়াপানী উত্তৰপাৰৰ পৰা কলীয়া নামেৰে মানুহ এজন হেনো ৰেলগাড়ী চাবলৈ আহিছিল৷ বিৰচতিবাৰে দিচাংমুখেদি নাৱেৰে পাৰ হৈ শুকুৰবাৰে ৰংপুৰ পালেহি৷ শনিবাৰে বৰদ’লত সেৱা-সৎকাৰ কৰি কাণত বেলপাত-ফুল লৈ শিৱসাগৰ ষ্টেশ্যনত ৰেলগাড়ী চাবলৈ গ’ল৷

ৰাতিপুৱা সাত বজাৰপৰা তেওঁ ৰৈ আছে, ৰেল আহিব, চাব, বহুদিনীয়া হেঁপাহ পূৰ হ’ব৷ বেলা পৰি আবেলি ৰেল আহিল৷ এমখা মানুহ নামিল, এমখা উঠিল৷ কলীয়াই আগৰপৰা গুৰিলৈকে ডিঙি মেলি মেলি চালে৷ তাৰ পিছত টিকট ঘৰটোৰ সমুখত থিয় হৈছেহি মাথোন, ইঞ্জিনে উকি দিলে৷ কলীয়া উচপ খাই উঠি ক’লে, আই ঐ, কাণ ফাটিলেহেঁতেন আজি৷ তাৰ পিছত ৰেলগাড়ী চলি গ’ল- ঘচ্‌ ঘচ্‌ ঘচ্‌ ঘচ্‌৷ ষ্টেশ্যন এৰি যোৱাৰ পিছত কলীয়াই দীঘলকৈ উশাহ এটা সলাই ক’লে, “উস, ৰেলখন দীঘে দীঘে চলি গ’ল বুলিহে৷ আজি পথালিকৈ আহিবলৈ হোৱা হ’লে তেনেই সাং হ’লহেঁতেন ; মহটিয়াই টহিলং কৰিলেহেঁতেন!”

দেশৰ শোচনীয় পৰিবহণ ব্যৱস্থাৰ বিষয়ে পুথিখনৰ প্ৰবন্ধবোৰৰ দ্বাৰা পাঠকক অৱগত কৰাৰ উপৰিও লেখকে কিছুমান ৰসাল কাহিনীৰ সোৱাদো মাজে মাজে পাঠকক দিছে৷ উদাহৰণস্বৰূপে- “পঞ্জাৱী মানুহবোৰ দাঢ়িয়ে পাগুৰীয়ে দেখিবলৈ আটাইবোৰ একে৷ শিমলুগুৰিৰ পৰা শিৱসাগৰলৈ যোৱা এজন পঞ্জাৱী যাত্ৰীয়ে এদিন ৰাতি শিমলুগুৰি জংশ্যনত গাৰ্ডক ক’লে, মই অলপ শোওঁ৷ এই টকা দহোটা দিছোঁ৷ মোক অনুগ্ৰহ কৰি শিৱসাগৰ ষ্টেশ্যনত জগাই নমাই দিব৷ মই বৰ টোপনিগধুৰ মানুহ৷ টোপনিৰ উখামুখাত নামিব নুখুজিলে জোৰকৈ নমাই দিব৷ মোৰ বহুত জৰুৰী কাম আছে৷ গাৰ্ডে টকা দহোটা লৈ সন্মতি জনালে৷ ৰাতি পুৱাল৷ গাড়ী গৈ চেপন পালেগৈ৷ চেপনত পাঞ্জাৱী যাত্ৰীজনে গাড়ীৰপৰা নামি গৈ গাৰ্ডক গালি পাৰি পাৰি কৈছে, “টকা দহোটাও খালা৷ শিৱসাগৰত নমাই দিম বুলি নমায়ো নিদিলা৷ তুমি জগাই দিম বুলি গাত নোলোৱাহ’লে, মই নোশোৱাকৈ বহি থাকিলোঁহেঁতেন৷ মোৰ কিমান লোকচান হ’ল জানানে?” কোৱা কথাকে কৈ ইংৰাজী-হিন্দী মিহলি গালি পাৰি পাৰি মানুহজনে গাৰ্ডক আগচি ধৰি আছে৷ ৰেল এৰাৰ সময় পাৰ হৈ গ’ল৷ ইঞ্জিনে উকিয়াই আছে কিন্তু গাৰ্ডে ছিগনেল নিদিয়ে৷ গাৰ্ড আৰু মানুহজনক বেৰি লৈ কুৰিজনমান মানুহ থিয় দি আছে৷

গাড়ী এৰাৰ লক্ষণ-পাক্ষণ নেদেখি ময়ো ওচৰ চাপি গৈ ঘটনাটোৰ বুজ ল’লোঁ৷ তাৰ পিছত এটা পৰামৰ্শ আগবঢ়াই গাৰ্ডক ক’লোঁ, “কি ভাবিছে? তেওঁক টকা দহোটা ঘূৰাই দিয়ক আৰু শিৱসাগৰত নমাই দিব নোৱাৰাৰ বাবে ক্ষমা খোজক৷ আৰু কি কৰিব?” মোৰ কথা শুনি গাৰ্ডজনে দাৰ্শনিক গহীনালীৰে ক’লে, “মই সেইবোৰ একো ভবা নাই৷ আন এটা কথাহে ভাবিছোঁ৷” তেতিয়া মই ক’লো, “কি ভাবিছে?” গাৰ্ডে ক’লে, “যিটোক নমাই থৈ আহিলোঁ, সেইটোৰ বা কি হৈছে!” মই তেতিয়াহে বুজিলোঁ দাঢ়ীৰ জঞ্জালে গাড়ীৰ গতিও ৰোধ কৰিব পাৰে৷”

লেখকৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা সম্বলিত ৰম্য-ৰচনা “কপ্‌লিং ছিগা ৰেল” এখন জনপ্ৰিয় পুথি৷ প্ৰবন্ধবোৰত ব্যৱহৃত জতুৱা ঠাঁচ-খণ্ডবাক্য, ঘৰুৱা কথিত শব্দবোৰে পুথিখন পাঠকৰ বেছি প্ৰিয় কৰি তুলিছে৷ লেখকৰ ৰেল পৰিবহণ ব্যৱস্থা সম্পৰ্কীয় আৰু ৰেল যাত্ৰা সম্পৰ্কীয় বিভিন্ন অভিজ্ঞতা পুথিখনত প্ৰকাশ পোৱাৰ উপৰিও জীৱনৰ কিছুমান অন্যান্য কথাও সুন্দৰভাৱে প্ৰকাশ পাইছে৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *