ভেদেলতা পুৰাণ – চিকু শৰ্মা
আগষ্ট মাহ ৷ বাৰটো আছিল শুক্ৰবাৰ । মই তেতিয়া নৱম শ্ৰেণীত । শুক্ৰবাৰে তৃতীয় পিৰিয়দৰ পিছতে এঘণ্টা জিৰণি দিয়ে। মোৰ ঘৰটো বিদ্যালয়ৰ ওচৰতে, সেইকাৰণে মই জিৰণিৰ সময়ত ঘৰলৈকে আহি কিবা অলপ খাই যাওঁ। সেইদিনাও খাবলৈ ঘৰলৈ আহিলোঁ। মোৰ লগৰ দুজনীমান ছোৱালীয়ে তামোল খাই বহুত ভাল পায়। সেইকাৰণে সিহঁতৰ কাৰণে দুখনমান তামোলো লৈ ল’লোঁ৷ লগতে ময়ো মুখত এখন ভৰাই ল’লোঁ৷
মই চিধাই আমাৰ শ্ৰেণীকোঠাৰ ভিতৰলৈ গ’লোঁ আৰু সিহঁতকেইজনীক তামোল এখন-এখন খাবলৈ দিলোঁ৷ তাৰপিছত সিহঁতৰ লগত বিয়নি-মেলত বহি গ’লোঁ। জিৰণি শেষ হ’বলৈ আৰু ৪০ মিনিটমান বাকী আছে । যিহেতু জিৰণি এঘণ্টীয়া, সেয়েহে ল’ৰাবোৰে বাহিৰত অলপ ঘূৰা-ফুৰা কৰিবলৈ গৈছে। মই হ’লে ফুৰিবলৈ যোৱা নাছিলোঁ জিৰণিৰ সময়ত৷ তাৰ পৰিৱৰ্তে ছোৱালীবোৰৰ লগতে ২০ মিনিটমান মেল মাৰিলোঁ ৷
তেনেতে দুজন ল’ৰাই ক’ৰবাৰ পৰা ভেদেলতাৰ পাত কেইটামান লৈ আহি মোৰ কাষতে বহিল। এই ভেদেলতাৰ পাতকেইটা দেখি মোৰ মনত এটা দুষ্ট বুদ্ধিৰ জন্ম হ’ল৷ পাত লৈ অহা এটাক ক’লোঁ-“পাত দুটামান মোহাৰি পেলাই ছোৱালীকেইজনীৰ কাষত থৈ আহচোন৷”
মোৰ কথামতে বেচেৰাই ছোৱালীকেইজনীৰ কাষতে ভেদেলতাৰ পাত মোহাৰি থৈ আহিলে৷ কিন্তু মোহাৰি অহাৰ পাছত তাৰ যে এনে দশা হ’ব সি সপোনতো ভবা নাছিল।
এজনীয়ে ক’লে, “ঐ, কোনোবাই বেয়াকৈ গেছ এৰিছে ঔ!”
মই লাহেকৈ ইংগিতেৰে ছোৱালী এজনীক কৈ দিলোঁ-‘ভেদেলতা মোহাৰি দিয়া’ বুলি।
বেচেৰা লʼৰাজনৰ ওপৰত লগে লগে ‘এটেক’ কৰি দিলে মহিলা সমিতিয়ে৷
“ছাৰৰ আগত বিচাৰ দিম আজি ফাইনেল, ক্লাছত যি এইবোৰ পাগলামি কৰি থাক!”
সি বেচেৰা ৰঙা-চিঙা পৰি গʼল। মই বোলোঁ-মই নফচিলেহে ৰক্ষা। মই তাক লাহেকৈ ক’লোঁ, “ঐ মোৰ কথা নক’বি দেই৷ ৰাজুৰ দোকানত পৰঠা খুৱাম যা কালি!”
সি মোৰ কথাত মান্তি হৈ গʼল। আকৌ তাক লাহেকৈ ক’লোঁ, “ঐ, তইতো মাৰ খাবিয়ে৷ এনেও এটা মাৰ্ডাৰৰ শাস্তিও ফাঁচী, দহটা মাৰ্ডাৰৰ শাস্তিও ফাঁচী! গতিকে এটা কাম কৰ, তই ভেদেলতাৰ পাতকেইটা মোহাৰি ছাৰৰ টেবুলৰ তলত থৈ আহ।”
মোৰ কথা মতে এইবাৰ ছাৰৰ টেবুলত সি ভেদেলতা থৈ আহিল।
চতুৰ্থ পিৰিয়দ আছিল শুকণ্ঠ ছাৰৰ বিজ্ঞান। ছাৰ আহিল আৰু ধুনীয়াকৈ চকীত বহি ল’লে। কিন্তু বহাৰ পাছতেই ছাৰে নাকটো কোঁচাব ধৰিলেচোন৷ এবাৰ-দুবাৰ নাকটোত আঙুলিকেইটা লগাবলৈ ধৰিলে । ছোৱালীকেইজনীক উদ্দেশ্যি কʼলে, “কিবা এটা বেয়া গোন্ধ পাই আছোঁ ঔ !! তহঁতে চিপচ্বিলাক খাবি আৰু ইয়াত…. ধেই!”
এজনীয়েতো একেবাৰে খঙত ক’লে, “ছাৰ আমাক মিছা-মিছি দোষ নিদিব দিয়ক৷ সি ভেদেলতা আনি মোহাৰি থৈ দিছে, সেইকাৰণে গোন্ধ পাইছে!”
ছাৰে ভেদেলতা অনা লʼৰাজনক কʼলে, “ঐ কʼত ভেদেলতা মোহাৰি থৈছ ৷ উলিয়াই আন আৰু পেলাই থৈ আহ।”
বেচেৰাই ছাৰৰ টেবুলৰ তলৰপৰা ভেদেলতাৰ মোহৰা পাতটো আনি বাহিৰত পেলাই থৈ আহিল।
– “ঐ অভিজিৎ, বেতৰ চেকা এডাল লৈ আহ!”
ছাৰৰ কথামতে মই চেকা আনিব গʼলোঁ আৰু সকলোতকৈ ডাঙৰ চেকাডাল লৈ আহিলোঁ৷ পৰঠাটোৰ মূল উঠাব লাগিবয়ে দিয়কচোন৷ দহটকাতো এনে নাহে৷ দুইকোব মাফ হোৱাৰ বাবেই দহটকা দিব নোৱাৰিতো, দুইকোব তাক বেছিকৈ খুৱাবও লাগিব৷
বেচেৰাক ছাৰে উধাই-মুধাই কোৱালে,লগতে ‘বাই ওৱান গেট ওৱান ফ্ৰি’ও দি দিলে। মানে কোবৰ লগতে তাক ৰʼদত কাণত ধৰাইও থ’লে!
মই বোলোঁ- “১০ টকাৰ মূল উঠিল দে!”
(এটা সত্য ঘটনাৰ আধাৰত)
☆★☆★☆