খটাসুৰ নাতিনীয়েক আৰু আজলী বুঢ়ীমাক – ৰিমঝিম বৰঠাকুৰ
(১)
আইতা: আইজেনি,আইজেনি অ’ এইটে আহচোন ৷
(আইতাই নাতিনীয়েক আইজনীক মাতিছে। আইতাকৰ মুখত আইজনীটো আইজেনি হৈ যায়।) পিৰাখন পাৰি ৰ’দতে বহি থকা ৮৮ বছৰীয়া আইতাকে নাতিনীয়েকক মাতি আছে। আজি কেইদিনমানৰপৰা ৰাতি টোপনি নহা বুঢ়ীমাকক নাতিনীয়েকে কালি কিনো দৰৱ দিলে জানো, কালি ৰাতি ধুনীয়াকৈ শুব পাৰিলে।
আইতাকৰ চিঞৰ শুনি বাহিৰত খেলি থকা নাতিনীয়েক দুপ্দুপকৈ দৌৰি আইতাকৰ ওচৰ পালেহি।
আইজনী: কোৱা, আইতা কি হ’ল ?
আইতা: হেৰি নহয় আইজেনি, কালি যে ৰাতি তই হোমিঅ’ দৰৱটো খাবলৈ দিছিলি আছে নেকি আৰু? সেইপালি খাই মই কালি ভালকৈ শুব পাৰিলোঁ অ’৷ আজিও এপালি খুড়াৰৰ পৰা আনি থ’বিচোন৷
আইতাকৰ কথা শুনি আইজনী তভক মাৰিলে। মানে তাই দিয়া দৰৱে কামত দিছে। এনেকৈ দেখোন আইতাকক দৰৱ দি থাকিলে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই তাই ডাক্তৰণী হৈ যাব। এহ,নহয় আইতাকে সেইয়া হোমিঅ’ ডাক্তৰ খুড়াকে দিয়া দৰৱ বুলিহে খাই আছে ৷ তাই বনাই দিয়া বুলি গম পালেচোন দেউতাকক লগাই ভালকৈ এসিকনি দিয়াব৷ হ’লেওতো আইতাই এইখিনি খাইয়ে ভাল পাইছে; গতিকে আজিৰ ৰাতিৰ কাৰণেও এপালি বনাই থৈ দিয়া যাওঁক বুলি আইজনী পাকঘৰ পালেগৈ।
মাকে খুন্দি আনি ডলাখনতে মেলি থোৱা কেঁচা পিঠাগুৰি অলপ হাতৰ মুঠিতে লৈ চেনি বটলটো খুলিলে। চেনিৰ বটলৰপৰা চেনি দুচামুচ বাটি এটাতে লৈ পটাখনৰ ওচৰলৈ গ’ল। পটাখনত চেনিখিনি গুৰি কৰি পিঠাগুৰিখিনিৰ লগত মিলাই লৈ আইজনী পঢ়া টেবুলখনত বহি দৰৱ বনোৱাত লাগিল।
বগা কাগজ এখিলা ধুনীয়াকৈ এটা জোখত আয়তাকাৰত কাটি লৈ চেনি আৰু পিঠাগুৰিৰ মিশ্ৰণখিনি কাগজখনত থৈ ল’লে। তাৰপিছত কাগজখন চাৰিওফালে ভাঁজ কৰি পিঠাগুৰিখিনি এনেকুৱাকৈ বান্ধি ল’লে যেন সেইয়া তাইৰ হোমিঅ’পেথিকৰ খুড়াকে বন্ধাৰ দৰে হয়। বান্ধি আকৌ এবাৰ তাই পুৰিয়াটো চাই ল’লে। হয়,একদম একেই হৈছে ৷ তাইৰ খুড়াকে এনেকৈয়ে বন্ধা দেখিছে। খুড়াকে পিঠাগুৰিৰ নিচিনা কিবা এটাইয়েতো বান্ধি দিয়ে,আৰু সেইটো খাইয়েতো তাইৰ জ্বৰ-কাঁহ ভাল পায়।
তাই আকৌ এবাৰ ভালকৈ পুৰিয়াপালি নিৰীক্ষণ কৰি আইতাকৰ হাতত দি ক’লে-“আজি ৰাতিও কালিৰ নিচিনাকৈ ভাত খোৱাৰ একঘণ্টাৰ পিছত এই পালি খাই শুই থাকিবা।”
(২)
আজিকালি বুঢ়ীমাকে কিবা দৰকাৰ হ’লে নাতিনীয়েককহে কয়। আইজনীয়েহে বোলে দুখবোৰ বুজি পায়। পুতেক-বোৱাৰীয়েকক কওঁতে ডাক্তৰ মতাই আনোতে ডাক্তৰে ক’লে-“এইটো বয়সত এনেকুৱা সৰু-সুৰা দুই-এটা হৈয়ে থাকিব ৷ চিন্তা কৰিব লগা নাই।” ডাক্তৰৰ কথা শুনি বুঢ়ীমাকৰ বিৰাট খং। বয়স হোৱাৰ কাৰণে বোলে তেঁওক কোনোৱে গুৰুত্ব নিদিয়া হৈছে৷ অকল বোলে আইজেনিয়েহে বুজি পায়। কিবা দৰকাৰ হ’লে আইজনীক কয়, আইজনীয়ে খুৰাকৰ পৰা আনি দিয়ে। খুৰাকৰপৰা আনি দিয়ে মানে বুজিছেই নহয়। যিমান দূৰলৈকে পাৰে তাইয়ে কামটো চলায় দিয়ে।
এদিন পুৱা মাকে দাঁত ঘঁহিবলৈ কলগেটটো বিচাৰি নাপাই আইজনীক সুধিলে৷ তাইও ঘপককৈ মাকক নাজানো বুলি কৈ দিলে। পিছতহে মনত পৰিল,সেইটো আগদিনা ৰাতি তাই আইতাকৰ বিছনাতে এৰিলে।
আইতাকৰ বোলে পিঠিখন কিবা বিষোৱা যেন লাগি আছিল৷ সেয়ে আইজেনিক বিষত লগোৱা মলম অকণমান লগাই দিবলৈ ক’লে। তাই আইতাকৰ কথামতে বিষৰ মলম মানে ‘ভলিনী’টো বিচৰাত লাগিল,কিন্তু নাপালে। ইফালে আইতাকক বিষত লগোৱা কিবা এটা লাগেই ন’হলে বোলে টোপনিয়ে নাহিব। আইজনীয়েও কি কৰিম বুলি ভাবি থাকোঁতেই বুদ্ধিটো খেলালে। কলগেটৰ গোন্ধ আৰু ভলিনীৰ গোন্ধটো অলপ মিলে দেখোন! আইজনীয়ে অলপো দেৰি নকৰি কলগেটটোকে লৈ আনি হাততে অলপ-অলপকৈ লৈ আইতাকক ওপৰলৈ মুখ কৰি শুবলৈ দি পিঠিখন ধুনীয়াকৈ মালিছ কৰি দিলে। মালিছ কৰি কলগেটটো বিছনাতে এৰি তাই শুবলৈ গ’ল। পিছদিনা মাকৰ মুখত কলগেটৰ কথা শুনিহে তাইৰ মনত পৰিল। খপ্জপকৈ উঠি তাই কলগেটটো আনিবলৈ যাওঁতে দেখিলে- আগদিনা ৰাতি বিষত চি়ঞৰি থকা আইতাকে নিজৰ লেপখন ৰ’দত দিবলৈ গৈছে ৷ মানে তাইৰ দৰৱে কামত দিলে।
☆★☆★☆