কলকাতাত লটিঘটি – প্ৰাঞ্জল বল্লভ গোস্বামী
বোধহয় ১৯৯৮ চন। জীৱনত প্ৰথমবাৰৰ বাবে কলকাতালৈ গৈছিলোঁ। ইতিমধ্যে চাকৰি আৰম্ভ হৈছে।মই হিন্দী আৰু ইংৰাজী অলপ-অচৰপ ক’ব পাৰিছিলোঁ যদিও বাংলা আগতে একেবাৰে নাজনিছিলোঁ। কিন্তু ১৯৯৩ চন মানৰপৰা চখতে বাংলা ক’বলৈ আৰু পঢ়িবলৈ অভ্যাস কৰিছিলোঁ। সেয়ে য’তে সুবিধা পাওঁ বাংলা কোৱা আৰম্ভ কৰিছিলোঁ। এনেকৈ কওঁতে মোৰ সকলো চিনাকী মানুহে বাংলা ক’ব পাৰিছোঁ বুলি শলাগিবলৈ ধৰাত অচিনাকি মানুহৰ আগতো বাংলা ক’বলৈ আৰম্ভ কৰিছিলোঁ । প্ৰায়ে কথা পতাৰ পিছত মই বাংলা ঠিকেই ক’ব পাৰিছোঁনে নাই -সোধাটো অভ্যাসত পৰিণত হৈছিল। সকলোৱে মোক বাংলা ক’ব পৰা বুলি শলাগে; মই ওফন্দি গৈ থাকোঁ। দুজনমানেতো মই বঙালী নহয় বুলি মানিবলৈও অমান্তি। পিছে…… কলকাতাত…
ইয়াৰ পৰা যাওঁতে সকলোৱে কিবাকিবি ফৰমাছ দিলে। অভিজ্ঞখিনিয়ে ফুটপাথত বজাৰ কৰাৰ ফৰ্মূলা শিকাই দিলে৷ ‘যিমান কয় তাৰ আধা দামহে আচল দাম।’ আমি অফিচৰ প্ৰশিক্ষণ এটাত গৈছিলোঁ৷ দুদিনৰ প্ৰশিক্ষণ। আমি এদিন বেছিকৈ থকাৰ পৰিকল্পনা লৈ গৈছিলোঁ। গৈ পায়েই হোষ্টেলত বেগটো থৈ চিধা নিউ মাৰ্কেট পালোঁগৈ। সন্ধিয়া আঠমান বাজিছিল ।এঠাইত চকুত লগা লেডিজ বেগ চকুত পৰিলত মা আৰু ভণ্টীহঁতৰ কথা ভাবি তাক চাবলৈ গ’লোঁ।
এজন আদবয়সীয়া মানুহ৷ ‘কাকু’ বুলি সম্বোধন কৰি বেগটো চালোঁ। তেখেতেও নিজৰ ‘চেলেৰ মত চেলে’ বুলি দেখুৱালে। শেষত এটা বেগৰ দাম সুধিলোঁ৷ কাকুৱে নিজৰ ল’ৰাকনো কি দাম ক’ব৷ সেয়ে একদাম এটাত ৬০০ টকা ক’লে। মই বৰ আৱেগেৰে ক’লোঁ-“৫০০টকাত দুটা দিলে ল’ম।” অলপ সময় কেৰ-জেৰ কৰি কাকুৱে আমাক ঘৰৰে ল’ৰা কাৰণেহে ৫২০ টকাতে দুটা বেগ দিবলৈ ৰাজী হ’ল।আমাৰ লংকা জয় কৰা যেন লাগিল,কোৱা দামৰ আধাতকৈও কম দামত ক্ৰয় ।
পাছদিনা৷ কলেজ ষ্ট্ৰীট৷ নাটকৰ কিতাপ দুখনমান কিনি ঘূৰি আহিছোঁ৷ ফুটপাথত দেখিলোঁ-আগদিনা মই কিনা বেগটোৰ দৰে বেগ৷ লিৰিকি-বিদাৰি চাই বুজিলোঁ সম্পূৰ্ণ একে। মই শিকি যোৱা বুদ্ধিটো খটুৱাই ক’লোঁ-
“ল’ব নোৱাৰিম,দামটো ক’বনে?”
যিটো দাম ক’লে, মই পৰিয়েই যাব খুজিছিলোঁ৷ লগৰজনে ধৰিলে বুলিহে।বেগটোৰ দাম–“এটাত ১০০ টকা।”
প্ৰশিক্ষণত এদিন বাঙালী বন্ধুক সুধোতে ক’লে-“তোক অসমৰ বুলি গম পালে বুঢ়াই৷”
মই বৰ আচৰিত হ’লোঁ। কেনেকৈ জানিলে৷ মইতো শুদ্ধ বাংলা কওঁ বুলি ইতিমধ্যে ওফন্দি আছিলোঁ।
তাৰ পিছদিনা হোটেলত ৰেজিষ্টাৰত নাম লিখাবলৈ যাওঁতেহে মোৰ দৰ্পচূৰ্ণ হ’ল-যেতিয়া মেনেজাৰক ‘পাচপৰ্ট নাই’ বুলি কওঁতে মোক তেওঁ সুধিলে –“আপনাৰা কি বংলাদেশী ন?!!!!!!”
☆★☆★☆